মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক মৃত ঘোষণা কৰা বুলি দাবী কৰি ক্ৰপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
নৱেম্বৰ 29 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক মৃত ঘোষণা কৰা বুলি দাবী কৰি ক্ৰপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

খাৰ্গেই ৰাহুল গান্ধীক মৃত ঘোষণা কৰা বুলি দাবী কৰি ক্ৰপ কৰা ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

খাৰ্গেই ভুলতে ৰাহুল গান্ধীয়ে দেশৰ বাবে প্ৰাণ দিয়া বুলি কৈছিল আৰু তৎক্ষণাত ভুল শুধৰাই তাৰ বাবে ক্ষমাও খোজে। ভাইৰেল ভিডিঅ'টো ক্ৰপ কৰি শ্বেয়াৰ কৰা হৈছে।

ক্লেইম আইডি 88788ebd

যোৱা ২৫ নৱেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায়, অহা ৩ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক দলসমূহে ৰাজ্যখনত ২৪ ঘণ্টাই ব্যাপক প্ৰচাৰ চলাইছিল। কংগ্ৰছ দলৰ বৰ্তমানৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দলটোৰ হৈ শ্ৰীগংগানগৰ আৰু হনুমানগড়ত নিৰ্বাচনী সভাত ৰাজ্য চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি ভাষণ দিছিল।

কি দাবী কৰা হৈছে?

ৰাজস্থানত খাৰ্গেৰ নিৰ্বাচনী ৰেলীৰ পটভূমিত তেওঁ দিয়া ভাষণৰ এটা ৮ ছেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এই ক্লিপটোত খাৰ্গেই এইদৰে কোৱা শুনা যায়, "ৰাহুল গান্ধীৰ দৰে নেতাই এইখন দেশৰ ঐক্যৰ বাবে নিজৰ প্ৰাণ দিলে।" ৰাহুল গান্ধী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পুত্ৰ—যাক ১৯৯১ চনত আত্মঘাতী বোমা বিস্ফোৰণত হত্যা কৰা হৈছিল।

ভাৰতীয় জনতা দলৰ আইটি চেলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অমিত মালৱিয়াই ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখে, “আপোনাক সভাপতি বনোৱাসকলৰ বিষয়ে এনেকৈ কোৱাটো উচিত নহয়, খাৰ্গেজী।” এই পোষ্টটোৱে এই প্ৰতিবেদনটো প্ৰকাশৰ সময়লৈকে ৩০ হাজাৰৰো অধিক ভিউ লাভ কৰিছে। 

আন এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ৰাহুল গান্ধীয়ে দেশৰ ঐক্যৰ বাবে নিজৰ প্ৰাণ দিলে! এয়া কেতিয়া হ'ল?" উক্ত পোষ্টটোৰ লগতে তেনেধৰণৰ অন্য পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেটা ভিডিঅ’ ফেচবুকতো প্ৰচাৰিত হৈছে। 'মোদীৰ সৈতে অসম' নামৰ এটা অসমীয়া পেজত এটা ‘স্প্লিট-স্ক্ৰীণ’ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ বাওঁফালে খাৰ্গেৰ ৮ ছেকেণ্ডৰ ক্লিপটো, আৰু সোঁফালে ৰাহুল গান্ধীৰ এটা ক্লিপ আছে। খাৰ্গেৰ অংশটো বজাৰ পিছত ৰাহুল গান্ধীয়ে কোৱা শুনা যায়, "ৰাহুল গান্ধী আপোনাৰ মনৰ ভিতৰতহে আছে, মই তেওঁক মাৰি পেলালো। তেওঁ নাই, মোৰ মনৰ ভিতৰত নাই। তেওঁ গুচি গ’ল, গুচি গ’ল। (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)" পোষ্টটোৰ কেপচনত লিখা আছে, "জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গেৰ কথা শুনিলে সকলোৰে চকু কপালত উঠিব!"

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা অসমীয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ৰাহুল গান্ধী সম্পৰ্কে এনে মন্তব্য কৰা বুলি খাৰ্গেক উপহাস কৰিবলৈ শ্বেয়াৰ কৰা এই ভাইৰেল ভিডিঅ'টো প্ৰকৃততে কোনো প্ৰসংগ-সংগতি নথকাকৈ শ্বেয়াৰ কৰা এটা ক্ৰপ কৰা ভিডিঅ’ হয়। খাৰ্গেই যদিও এই কথাষাৰ কৈছিল, তেওঁ লগে-লগে নিজৰ ভুলৰ শুধৰণি কৰাৰ লগতে তাৰ বাবে ক্ষমাও বিচাৰে।

সত্যটো কি?

গুগলত অনুসন্ধান কৰাত আমি দেখিলোঁ যে কেইবাটাও সংবাদ মাধ্যমে খাৰ্গেৰ উক্ত মন্তব্যটোক লৈ বাতৰি প্ৰকাশ কৰিছে। ইণ্ডিয়া টুডে আৰু হিন্দুস্তান টাইমছত প্ৰকাশিত বাতৰি অনুসৰি যোৱা ২০ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত এক সমাৱেশত খাৰ্গেয়ে অনিচ্ছাকৃতভাৱে ৰাহুল গান্ধীয়ে দেশৰ বাবে প্ৰাণ দিয়া বুলি উল্লেখ কৰিছিল। অৱশ্যে কাষত থকা কোনোবাই তেওঁক ভুলটো আঙুলিয়াই দিয়াত তেওঁ লগে লগে নিজৰ ভুলটো শুধৰাই ৰাজীৱ গান্ধীৰ নাম উল্লেখ কৰে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদনটোৰ মতে কংগ্ৰেছৰ সভাপতি গৰাকীৰ এই ত্ৰুটিৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে খাৰ্গেৰ ভাষণৰ এটা ক্ৰপ কৰা ভিডিঅ’ তেওঁলোকৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰাৰ লগতে “এয়া কেতিয়া ঘটিলে?" বুলি কেপচন লেখি খাৰ্গেক ইতিকিং কৰা আৰম্ভ কৰে।

খাৰ্গেৰ ভাষণৰ এটা দীঘলীয়া সংস্কৰণ আমি কংগ্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত লাভ কৰোঁ। ২০ নৱেম্বৰত আপলোড কৰা ভিডিঅ'টোৰ শিৰোনাম হৈছে "মল্লিকাৰ্জুন খাৰ্গেৰ মঞ্চত উঠিল খং, পিএম মোদী আৰু বিজেপিক শুনালে গালি| ৰাজস্থান নিৰ্বাচন।" 

২৩ মিনিটতকৈও অধিক সময়ৰ মূল ভিডিঅ’টোত ১১:০৭ টাইমষ্টেম্পৰ আশে-পাশে খাৰ্গেয়ে কোৱা শুনা যায়, "কংগ্ৰেছ দল দেশক আগুৱাই নিয়াৰ বাবে সমৰ্পিত, আমাৰ দলত ইন্দিৰা গান্ধীৰ দৰে বিশিষ্ট নেত্ৰীয়ে দেশৰ বাবে নিজৰ প্ৰাণ আহুতি কৰিলে, ৰাহুল গান্ধীৰ দৰে নেতাই এইখন দেশৰ ঐক্যৰ বাবে নিজৰ প্ৰাণ দিলে।" এনেতে, মঞ্চত কোনোবাই তেওঁক মাজতে বাধা দি সতৰ্ক কৰি দিয়াত খাৰ্গেয়ে নিজৰ ভুলটো শুধৰাই ৰাহুল গান্ধীৰ ঠাইত ৰাজীৱ গান্ধীৰ নাম লয়। নিজৰ ভুলৰ বাবে তেওঁ ক্ষমা বিচাৰি কয়, "সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱী আৰু আন লোকসকলৰ ওচৰত মই দুঃখিত," আৰু তাৰ পিছত কয়, "ৰাজীৱ গান্ধীয়ে দেশৰ ঐক্যৰ বাবে নিজৰ প্ৰাণ দিছিল, গতিকে কংগ্ৰেছত প্ৰাণ আহুতি দিয়া মানুহ আছে...... "

বৰ্তমান ভাইৰেল হৈ থকা ভিডিঅ'টো দৰাচলতে কংগ্ৰেছ নেতাজনক উপহাস কৰিবলৈ ইচ্ছাকৃতভাৱে শ্বেয়াৰ কৰা এটা সম্পাদিত ক্লিপ হয়। ভিডিঅ'টোৰ পৰা খাৰ্গেই তাৎক্ষণিকভাৱে নিজৰ ভুলৰ শুধৰণি কৰাৰ লগতে তাৰ বাবে ক্ষমা বিচৰাৰ অংশখিনিক বাদ দিয়া হৈছে। বেছিভাগ পোষ্টতে কেৱল খাৰ্গেৰ ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে যদিও কিছুমান পোষ্টত ভিডিঅ’টোৰ সৈতে ৰাহুল গান্ধীয়ে ২০২৩ চনৰ জানুৱাৰীত ভাৰত জোড়ো যাত্ৰা সময়ত সাংবাদিকৰ আগত দিয়া মন্তব্য জোৰা দিয়া হৈছে য’ত তেওঁ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল, "ৰাহুল গান্ধী আপোনাৰ মনৰ ভিতৰতহে আছে, মই তেওঁক মাৰি পেলালো। তেওঁ নাই, মোৰ মনৰ ভিতৰত নাই। তেওঁ গুচি গ’ল, গুচি গ’ল।

সিদ্ধান্ত

কংগ্ৰেছ নেতা খাৰ্গেই অনিচ্ছাকৃতভাৱে ভাৱে ৰাহুল গান্ধীয়ে দেশৰ বাবে প্ৰাণ দিয়া বুলি কৈছিল, পিছত তেওঁ নিজৰ ভুলৰ শুধৰণি কৰি ৰাহুল গান্ধীৰ পৰিৱৰ্তে ৰাজীৱ গান্ধীৰ নাম লয়। কিন্তু ভাইৰেল ভিডিঅ’টোত পিছৰ অংশখিনি বাদ দি কেৱল ৰাহুল গান্ধীক লৈ কোৱা কথাখিনিহে ৰখা হৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।