মল্লিকাৰ্জুন খাৰ্গেই 'কংগ্ৰেছ খতম হৈ গ’ল' বুলি কোৱা বুলি দাবী কৰি ক্লিপড ভিডিঅ’ প্ৰচাৰ

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 24 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মল্লিকাৰ্জুন খাৰ্গেই 'কংগ্ৰেছ খতম হৈ গ’ল' বুলি কোৱা বুলি দাবী কৰি ক্লিপড ভিডিঅ’ প্ৰচাৰ

মল্লিকাৰ্জুন খাৰ্গেই 'কংগ্ৰেছ খতম হৈ গ’ল' বুলি কোৱা বুলি দাবী কৰি ভাইৰেল ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

খাৰ্গেই ‘কংগ্ৰেছ খতম হৈ গ’ল’ বুলি কোৱা নাছিল, বৰঞ্চ কংগ্ৰেছৰ সমালোচকে কৰা এনে দাবী নসাৎ কৰিবলৈ তেওঁ এই কথা উল্লেখ কৰিছিল। ভিডিঅ’টো ক্লিপ কৰা হৈছে।

ক্লেইম আইডি 884e6774

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ এখন নিৰ্বাচনী সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই “কংগ্ৰেছ খতম হৈ গ’ল” বুলি কোৱা বুলি দাবী কৰা হৈছে। ভিডিঅ'টোত খাৰ্গেই হিন্দীত কোৱা শুনা যায়, "কংগ্ৰেছ খতম হৈ গ’ল। কংগ্ৰেছ মৰি থাকিল। আৰু কংগ্ৰেছক এতিয়া আপুনি ক’তো দেখা নাপায়।"

ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টসমূহে খাৰ্গেই কংগ্ৰেছ দল ভংগ হ’ল আৰু দলটো এতিয়া কাৰ্যক্ষম হৈ থকা নাই বুলি স্বীকাৰ কৰিছে বুলি দাবী কৰিছে। এনেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। অসমীয়াতো একেধৰণৰ দাবীৰে ভিডিঅ'টো ফে'চবুকত শ্বেয়াৰ কৰা হৈছে। ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, আমাৰ অনুসন্ধানত এইটো এটা বিভ্ৰান্তিকৰ দাবী প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্বেয়াৰ কৰা এটা সম্পাদিত ভিডিঅ’ বুলি জানিব পৰা যায়। মূল ভিডিঅ’টোত খাৰ্গেই আহমেদাবাদত কংগ্ৰেছৰ সমালোচকে দিয়া বক্তব্যৰ উদ্ধৃতি দিয়াহে দেখা যায়।

আমি কি বিচাৰি পোলোঁ?

ভাইৰেল ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ২ মে’ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ ষ্ট্ৰীম কৰা এটা ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। ভিডিঅ'টোত খাৰ্গেক গুজৰাটৰ আহমেদাবাদত এখন নিৰ্বাচনী জনসভাত ভাষণ দিয়া দেখা গৈছে।

ভিডিঅ’টোৰ ১২:০৪ টাইমষ্টাম্পত খাৰ্গেই আহমেদাবাদ সন্দৰ্ভত কয়, "আহমেদাবাদ এনেকুৱা এখন ডাঙৰ আৰু বিখ্যাত চহৰ। ইয়াতেই মহাত্মা গান্ধীজী, চৰ্দাৰ পেটেলজী, দাদাভাই নাৰোজী, আৰু বহুতো মহান নেতাৰ জন্ম হৈছিল। তেওঁলোকে গুজৰাটক মহান কৰি তুলিছিল। গান্ধীজী আৰু চৰ্দাৰ পেটেল, ভূলাভাই দেশাই, বিঠালভাই পেটেল, আৰু আমাৰ লোকসভাৰ অধ্যক্ষ মাৱলংকৰজী — আটাইকেইজনে নেতাই দেশখন গঢ়ি তুলিছিল, আৰু তাৰে ভিতৰত তিনিজন সদস্য আমাৰ কংগ্ৰেছ দলৰ সভাপতি আছিল — চৰ্দাৰ পেটেল, মহাত্মা গান্ধীজী, ইউ এন ধেবৰ — আটাইকেইজনে দলটোৰ সভাপতি পদ অলংকৃত কৰিছিল আৰু ইয়াক শক্তিশালী কৰিছিল।"

তেওঁ আৰু কয়, "গতিকে, মই ক'ব বিচাৰো, আহমেদাবাদ চহৰত কংগ্ৰেছ দলৰ ভেটিটো অতি শক্তিশালী। কোনেও আঁতৰাব নোৱাৰে, আৰু আমি কংগ্ৰেছক খতম কৰি দিম বুলি ক'বলৈ কোনেও সাহস কৰিব নোৱাৰে। কিছুমানে কয়, ' কংগ্ৰেছ খতম হৈ গ’ল, কংগ্ৰেছ মৰি গ’ল, আৰু কংগ্ৰেছক এতিয়া আপুনি ক’তো দেখা নাপায়’ — এইখিনিতে মই তেওঁলোকক সুধিব বিচাৰো যে এই আহমেদাবাদ চহৰখন মহাত্মা গান্ধীজীৰ পবিত্ৰস্থান হয়।  কিন্তু আচৰিত কথা যে এইখন দেশতে এনে বিচাৰধাৰাৰ মানুহ জন্ম হৈছে যি গান্ধীজীৰ আদৰ্শ শেষ কৰাৰ কথা ভাবিছে।’’

খাৰ্গেৰ সম্পূৰ্ণ ভাষণৰ পৰা কেৱল ওপৰত উল্লেখ কৰা ধৰণেৰে গোটা আখৰত থকা সংশ্লিষ্ট অংশখিনি সম্পাদনা কৰি তেওঁ ‘কংগ্ৰেছ দল খতম হৈ গ’ল’ বুলি কোৱা বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে।

লজিকেলী ফেক্টছে নিৰ্বাচনী ৰেলীৰ এনে একাধিক ভিডিঅ’ ফেক্ট-চেক কৰিছে যিবোৰ প্ৰসংগ সংগতিহীনভাৱে শ্বেয়াৰ কৰা হৈছিল। আমাৰ এনে ফেক্ট-চেক ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷  

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত মল্লিকাৰ্জুন খাৰ্গেই আহমেদাবাদৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছ দল “খতম হৈ গ’ল” বুলি ঘোষণা কৰা বুলি মিছাকৈ দাবী কৰা হৈছে। প্ৰকৃততে খাৰ্গেই কংগ্ৰেছৰ সমালোচকে কৰা এনে মন্তব্যৰ প্ৰত্যুত্তৰতহে এই কথাখিনিৰ উদ্ধৃতি দিছিল। সেহেয় আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।