কংগ্ৰেছে সংখ্যালঘুৰ মাজত ‘সম্পত্তি পুনৰ বিতৰণ’ কৰিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল

লেখক: আজৰা আলী
এপ্ৰিল 24 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছে সংখ্যালঘুৰ মাজত ‘সম্পত্তি পুনৰ বিতৰণ’ কৰিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

দলিত, জনজাতীয়, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কথা বাদ দিবলৈ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে ।

ক্লেইম আইডি c4fc2725

দাবী কি?

কংগ্ৰেছৰ সংসদ সদস্য ৰাহুল গান্ধীৰ ৪২ ছেকেণ্ডৰ এক ভিডিঅ’ অনলাইন যোগে ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ক্লিপটোত গান্ধীয়ে কোৱা শুনা যায়, "আমি দেশৰ এক এক্স-ৰে কৰিম আৰু কথাবোৰ স্পষ্ট হৈ পৰিব। সংখ্যালঘুসকলে জানিব পাৰিব যে এই দেশত তেওঁলোকৰ অংশ কি। ইয়াৰ পিছত আমি আৰ্থিক আৰু প্ৰতিষ্ঠানিক জৰীপৰ জৰিয়তে দেশৰ সম্পদ কোনে ধৰিছে, কোন শ্ৰেণীৰ লোকৰ হাতত আছে সেইটো জানিবলৈ চেষ্টা কৰিম । এই ঐতিহাসিক পদক্ষেপৰ পিছত আমি আপোনাৰ অধিকাৰ যিয়েই নহওক কিয়, আমি আপোনালোকক দিয়াৰ দিশত কাম কৰিম। ৷”

এই ভাইৰেল ভিডিঅ’টো এক্সত (পূৰ্বৰ টুইটাৰ) শ্বেয়াৰ কৰিছিল অৰুণ পুদুৰ নামৰ এজন ব্যৱহাৰকাৰীয়ে, যাক প্ৰায়ে ভুল তথ্য শ্বেয়াৰ কৰাৰ বাবে জনা যায়। তেওঁ লিখিছে, "বিপদ ঘণ্টা বজাওক! যদি তেওঁলোকে সুযোগ পায়, তেন্তে তেওঁলোকৰ কূটনৈতিক এজেণ্ডাৰ পৰা কোনেও নিৰাপদ নহ'ব। বহু দেৰি হোৱাৰ আগতেই থিয় হৈ এই অত্যাচাৰী অতিমাত্ৰাক প্ৰতিহত কৰাৰ সময় আহি পৰিছে!" পোষ্টটোৰ এটা আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব। 

ভিডিঅ’টো শ্বেয়াৰ কৰিছে ঋষি বাগৰী আৰু সাংবাদিক অভিজিৎ মজুমদাৰকে ধৰি কেইবাজনো ব্যক্তিয়ে।

পোষ্টবোৰৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী ভাষণৰ কিছুদিন পিছতে এই দাবী উত্থাপন কৰা হৈছে। উক্ত ভাষণত মোদীয়ে কৈছিল যে কংগ্ৰেছে ক্ষমতালৈ আহিলে ৰাষ্ট্ৰৰ সম্পদ “অনুপ্ৰৱেশকাৰী” আৰু “যিসকলৰ অধিক সন্তান আছে”ৰ মাজত বিতৰণ কৰিব, আপাত দৃষ্টিত মুছলমান সমাজক লক্ষ্য কৰি তেওঁ এই কথা কৈছিল । 

ৰাহুল গান্ধীৰ ভাষণৰ এটা অংশ সম্পাদনা কৰি উক্ত ভুৱা দাবী কৰা হৈছে।

আমি এই কথা কেনেকৈ পৰীক্ষা কৰিলোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত ২০২৪ চনৰ ৬ এপ্ৰিলত ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেল (ইয়াত আৰ্কাইভ কৰা)ত লাইভষ্ট্ৰীম কৰা মূল ভিডিঅ’টোলৈ আমি গ'লো। ৰাহুল গান্ধীয়ে ‘ন্যায় পাত্ৰ’ নামৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰখন উন্মোচন কৰাৰ পাছত তেলেংগানাৰ হায়দৰাবাদত এক ৰেলী সম্বোধন কৰি আছিল । 

প্ৰায় ৩১:৫৫ মিনিটৰ নিৰ্দিষ্ট সময়ত আমি সেই অংশটো চাব পাৰো যিটো এতিয়া ভাইৰেল হৈ পৰিছে। মূল ভিডিঅ’টোত গান্ধীৰ বক্তব্যসমূহ হিন্দীৰ পৰা তেলেগুলৈ লাইভ অনুবাদ কৰা এজন বক্তা আছে।

গান্ধীয়ে কয়, “আমি দেশৰ এক্স-ৰে কৰিম, কথাবোৰ স্পষ্ট হৈ পৰিব। পিছপৰা শ্ৰেণী, দলিত, আদিবাসী, দুৰ্বল সাধাৰণ শ্ৰেণীৰ লোক, সংখ্যালঘু লোকে এই দেশত তেওঁলোকৰ অংশ কি সেই কথা জানিবলৈ পাৰিব। ইয়াৰ পিছত আমি বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ এটা কৰিম। আমি জানিব পাৰিম কোন আৰু কোনটো শ্ৰেণীৰ মানুহে কি পাইছে (অশ্ৰৱণীয়)। আৰু এই ঐতিহাসিক পদক্ষেপৰ পিছত আমি বিপ্লৱী ব্যৱস্থা গ্ৰহণ কৰিম। আপোনাৰ যি অধিকাৰ, আমি নিশ্চিত কৰিম যে, আমি আপোনাৰ বাবে (হিন্দীৰ পৰা অনুবাদ কৰা) আনি দিব পাৰোঁ।”

অশ্ৰৱণীয় অংশত কি কোৱা হৈছিল সেইটো পৰীক্ষা কৰিবলৈ আমি কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইটত গান্ধীৰ ভাষণৰ প্ৰতিলিপি চাইছিলো। ইয়াত উল্লেখ কৰা হৈছিল যে, "ভাৰতৰ ধন কোন শ্ৰেণীৰ লোকৰ হাতত আছে সেই কথা আমি জানিব পাৰিম।"

স্পষ্টভাৱে “পিছপৰা শ্ৰেণী, দলিত, আদিবাসী, দুৰ্বল সাধাৰণ শ্ৰেণীৰ মানুহ” এই শব্দবোৰ সম্পাদনা কৰি ভিডিঅ’টোৰ পৰা আঁতৰ কৰা হৈছে আৰু এই সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ৰাহুল গান্ধীয়ে ভাষণত কেৱল সংখ্যালঘুৰ কথাহে উল্লেখ কৰিছিল।

কংগ্ৰেছৰ ইস্তাহাৰত কি কোৱা হৈছে?

আমি দলৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা কংগ্ৰেছৰ ইস্তাহাৰ চাইছিলো। আমি “সম্পত্তি পুনৰ বিতৰণ” বা কৰদাতাৰ ধনৰ পৰা ধন আনলৈ পুনৰ নিৰ্দেশিত হোৱাৰ কোনো বিশেষ উল্লেখ পোৱা নাছিলো।

‘অৰ্থনীতি’ শিতানৰ অধীনত ইস্তাহাৰত কোৱা হৈছে, “আমি নীতিৰ উপযুক্ত পৰিৱৰ্তনৰ জৰিয়তে ধন আৰু আয়ৰ ক্ৰমবৰ্ধমান বৈষম্যৰ সমাধান কৰিম।”

ইস্তাহাৰৰ সামাজিক ন্যায় শাখাত কোৱা হৈছে যে কংগ্ৰেছে “জাতি-উপজাতি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থাৰ গণনাৰ বাবে দেশব্যাপী আৰ্থ-সামাজিক আৰু জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব। তথ্যৰ ভিত্তিত আমি সঁহাৰিমূলক ব্যৱস্থাৰ বাবে এজেণ্ডা শক্তিশালী কৰিম।”

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক সম্বোধন কৰাৰ সময়তে ইস্তাহাৰখনে তেওঁলোকক "শিক্ষা, স্বাস্থ্যসেৱা, ৰাজহুৱা নিয়োগ, ৰাজহুৱা কামৰ চুক্তি, দক্ষতা বিকাশ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্য্যকলাপত বৈষম্যহীনভাৱে" উচিত অংশৰ সুযোগ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইস্তাহাৰত লগতে কোৱা হৈছে যে, “সংখ্যালঘুসকলৰ অৰ্থনৈতিক সবলীকৰণ ভাৰতৰ বাবে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ । আমি নিশ্চিত কৰিম যে বেংকসমূহে সংখ্যালঘুসকলক বৈষম্যহীনভাৱে প্ৰতিষ্ঠানিক ঋণ প্ৰদান কৰিব।”

সিদ্ধান্ত

ৰাহুল গান্ধীৰ এটা সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে কংগ্ৰেছ নেতাগৰাকীয়ে সংখ্যালঘুসকলৰ মাজত জাতিটোৰ ধন বিতৰণৰ কথা কৈছিল। মূল ভিডিঅ’টোত তেওঁ দলিত, জনজাতীয়, সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী, সংখ্যালঘুৰ কথা কৈছে। ইয়াৰ উপৰিও তেওঁ কয় "আপোনাৰ অধিকাৰ যিয়েই নহওক কিয়, আমি আপোনাক দিয়াৰ দিশত কাম কৰিম।" সংখ্যালঘুৰ মাজত ধন-সম্পত্তিৰ পুনৰ বিতৰণৰ কোনো স্পষ্ট উল্লেখ নাই।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।