২০২১ৰ দিল্লীৰ কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ৰ কিছু ফটো চলিত আন্দোলনৰ বুলি প্ৰচাৰিত

লেখক: চন্দন বৰগোহাঁই
ফেব্ৰুৱাৰী 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ৰ দিল্লীৰ কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ৰ কিছু ফটো চলিত আন্দোলনৰ বুলি প্ৰচাৰিত

দিল্লীত চলি থকা কৃষক প্ৰতিবাদৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি একাংশ পুৰণি ফটো শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকলি ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভাইৰেল পোষ্টটোত ব্যৱহৃত বেছিভাগ ফটো ২০২১ চনত দিল্লীত হোৱা কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ৰ হয়।

ক্লেইম আইডি 50c6e45e

কৃষক প্ৰতিবাদক কেন্দ্ৰ কৰি নতুন দিল্লীৰ বিভিন্ন প্ৰৱেশ স্থানত স্থাপন কৰা কটকটিয়া নিৰাপত্তা বেষ্টনীৰ সত্ত্বেও পঞ্জাৱ, হাৰিয়ানা, আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকে যোৱা চাৰিদিন ধৰি ‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কৃষকসকলে উত্থাপন কৰা দাবীসমূহক লৈ বৃহস্পতিবাৰে সন্ধিয়া প্ৰতিবাদকাৰী নেতৃত্ব আৰু চৰকাৰৰ মাজত তৃতীয়লানি আলোচনা অনুষ্ঠিত হয়।

কি দাবী কৰা হৈছে?

এনে প্ৰেক্ষাপটত একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আৰক্ষীৰ বেৰিকেড, কাঁইটীয়া তাঁৰ, ৰাস্তাত পোতা গজালৰ বিভিন্ন ছবি শ্বেয়াৰ কৰি প্ৰতিবাদকাৰীক ৰোধিবলৈ চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবীছে। এনে সাতখন ছবি সন্নিবিষ্ট এটা ফেচবুক পোষ্টত দাবী কৰা হৈছে যে কৃষকসকলক দেশৰ ৰাজধানীত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

পোষ্টটোৰ কেপচনত লিখা আছে, ‘‘এফালে সাজু আৰক্ষী, আনফালে সাজু কৃষক। হাজাৰ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লীমুখে আগুৱাইছে কৃষকক। ভাত-ৰুটিৰ যোগান ধৰা কৃষকৰ বিদ্ৰোহ ভেটিবলৈ কৃষক আন্দোলন ৰোধিবলৈ চৰকাৰে লোৱা পদক্ষেপ চাওঁক 👇ৰাজপথত লোহাৰে নিৰ্মিত শূল স্থাপন কৰিছে যাতে কৃষকৰ টেক্টৰ সমুহ আগবাঢ়ি যাব নোৱাৰে ! অতিশয় নিন্দনীয় , ধিক্কাৰ ।। কৃষক সকলৰ জয় হ'ওক জয় কৃষক ✊’’ ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

ভাইৰেল ফেচবুক পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি বিচাৰি পালোঁ?

পোষ্টটোত সন্নিৱিষ্ট ফটোসমূহৰ ভিতৰত দুখন নিৰ্ণায়কভাৱে ২০২১ চনৰ দিল্লীৰ কৃষক প্ৰতিবাদৰ ফটো। ২০২১ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ আন দুখন ফটোত একেটা প্ৰতিবাদৰে হয় বুলি জানিব পৰা গৈছে যদিও আমি ফটো দুখনৰ উৎস নিজাববীয়াকৈ নিশ্চিত কৰিব পৰা নাই। আনহাতে, পোষ্টটোত থকা আন এখন ছবি ডিজিটেলভাৱে সৃষ্টি কৰা যেন অনুমান হয়।

নিৰ্মাণ শ্ৰমিকে পথত লোহাৰ গজাত পুতি থকাৰ ফটো

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি জানিব পাৰোঁ যে সংশ্লিষ্ট ফটোখন ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইণ্টাৰনেটত আছে। ২০২১ চনৰ ফেব্ৰুৱাৰীত কৃষি আইন (পিছত বাতিল কৰা হয়)ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱকে ধৰি একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে উক্ত ফটোখন শ্বেয়াৰ কৰিছিল। ফটোখনৰ উৎস আমি বিচাৰি পোৱা নাই যদিও ইয়াত ২০২১ চনৰ কৃষক প্ৰতিবাদৰ সময়ত দিল্লীৰ টিকৰি সীমান্তৰ পৰিস্থিতি দেখা যোৱা বুলি সংবাদ মাধ্যৰ বাতৰিত প্ৰকাশ পাইছিল।

২০২১ চনৰ ফেব্ৰুৱাৰীত ‘ৰেডিট’ আৰু ‘বুম’ত প্ৰকাশিত বাতৰিত এই ফটোখন দেখিবলৈ পোৱা যায়। বুমত ফটোখনৰ সৈতে থকা বৰ্ণনাত লিখা আছে, “টিকৰি  সীমান্তত প্ৰতিবাদকাৰী কৃষকক প্ৰৱেশ কৰাত বাধা দিবলৈ আৰক্ষীয়ে পথত গজাল পোতাৰ ব্যৱস্থা কৰিছে।”

ভাইৰেল ফটোখন ব্যৱহাৰ কৰা ২০২১ চনৰ বুমৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: বুম)

ৰাস্তাত পুতি ৰখা গজালৰ কাষত নিৰাপত্তাৰক্ষীৰ ফটো

এই ফটোখনৰ অনুসন্ধান কৰি আমি ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত হিন্দী সংবাদ প্ৰতিষ্ঠান জাগৰণে প্ৰকাশ কৰা এটা প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোৰ মতে ফটোখনত প্ৰতিবাদকাৰী কৃষকক দিল্লীত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে টিকৰি সীমান্তত এইদৰে লোৰ গজাল পোতা হৈছিল। 

২০২১ চনত প্ৰকাশিত জাগৰণৰ প্ৰতিবেদনত ভাইৰেল ফটোখন দেখা যায়। (উৎস: জাগৰণ)

২০২১ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰকাশিত এনডিটিভিৰ এটা ভিডিঅ’ প্ৰতিবেদনতো কৃষকসকলক দিল্লীত প্ৰৱেশ কৰাত বাধা দিবলৈ টিকৰি সীমান্তত পথৰ ওপৰত লোহাৰ গজাল স্থাপন কৰা একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায়। 

ভাইৰেল ছবিখনৰ সৈতে বহুখিনি মিল থকা ২০২১ চনৰ এনডিটিভিৰ এক ভিডিঅ’ ৰিপ’ৰ্টৰ স্ক্ৰীণশ্বট। (উৎস: এনডিটিভি)

পথত স্থাপন লোহাৰ বেৰিকেড আৰু গজালৰ ফটো

২০২১ চনৰ কৃষক প্ৰতিবাদৰ এই ফটোখন কৃষি আইন বিৰোধী আন্দোলনক লৈ দুবছৰ পূৰ্বে ডেকান হেৰাল্ডে প্ৰকাশ কৰা এক প্ৰতিবেদন প্ৰকাশ পাইছিল। ২০২১ চনৰ ২ ফেব্ৰুৱাৰীত বিজয় ভাৰ্মাই গাজিপুৰ সীমান্তত লোৱা এই ফটোখনত কৃষকসকলক দিল্লীত প্ৰৱেশ কৰাত বাধা দিয়াৰ উদ্দেশ্যে প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেয়া দেখা গৈছে। 

ভাইৰেল ফটোখন ব্যৱহৃত ২০২১ চনৰ মাৰ্চ মাহৰ ডেকান হেৰাল্ডৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: ডেকান হেৰাল্ড)

ইয়াৰ উপৰি ২০২১ চনৰ ৩ ফেব্ৰুৱাৰীত দ্য ট্ৰিবিউনে প্ৰকাশ কৰা প্ৰতিবেদনতো এই ফটোখন প্ৰকাশ পাইছিল আৰু পিটিআইক ফটোখনৰ কৃতিত্ব দিয়া হৈছিল। এই তথ্যৰ ভিত্তিত আমি পিটিআইৰ আৰ্কাইভত ফটোখন বিচাৰি উলিয়াবলৈ সক্ষম হ’লোঁ। ফটোখনৰ সৈতে শ্বেয়াৰ কৰা কেপচনটোত লিখা আছে, "নতুন কৃষি আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সময়ত কৃষকসকলক দেশৰ ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰাকৈ গাজীপুৰ সীমান্তত দিল্লী আৰক্ষীয়ে স্থাপন কৰা লোহাৰ শূল, নতুন দিল্লী, মঙলবাৰে, ২ ফেব্ৰুৱাৰী, ২০২১।"

নিৰাপত্তাৰক্ষী আৰু বেৰিকেডৰ ফটো 

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে দেখা গ’ল যে এইখন ফটোও ২০২১ চনৰ দিল্লীৰ কৃষক প্ৰতিবাদৰ সময়ত লোৱা হৈছিল। ২০২১ চনৰ ৭ ফেব্ৰুৱাৰীত দ্য ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদনত ফটোখন প্ৰকাশ পাইছিল। পিটিআইক ফটোখনৰ বাবে কৃতিত্ব দি ২০২১ চনত হোৱা কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ত দিল্লী-উত্তৰ প্ৰদেশ গাজীপুৰ সীমান্তত এইদৰে বেৰিকেড স্থাপন কৰা হৈছিল বুলি উল্লেখ কৰা হয়।

ভাইৰেল ছবিখন সন্নিৱিষ্ট ২০২১ চনৰ দ্য ট্ৰিবিউনৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: দ্য ট্ৰিবিউন)

ইয়াৰ পৰা এটা ইংগিত লৈ আমি ফটোখন পিটিআইৰ আৰ্কাইভত বিচাৰি উলিয়াবলৈ সক্ষম হ’লো। ২০২১ চনৰ ৬ ফেব্ৰুৱাৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত মনভেন্দৰ বশিষ্টে এই ফটোখন কেমেৰাত বন্দী কৰিছিল । 

গজালেৰে পথৰ ওপৰত 'COWARD' (কাপুৰুষ) লিখা ফটোখন

পথৰ ওপৰত গজালেৰে ইংৰাজীত ‘COWARD’ (কাপুৰুষ) শব্দৰ আকৃতি বনোৱা ফটোখন দেখাত ডিজিটেলভাৱে সৃষ্টি কৰা যেন লাগে। ফটোখনত অস্বাভাৱিক ছাঁ আৰু ৰঙৰ গ্ৰেডিং ইত্যাদি একাধিক বিসংগতি ধৰিব পৰা যায়। তদুপৰি ফটোখনত থকা সকলো গজাল দেখাত হুবহু একে যিটো এখন প্ৰকৃত ফটোৰ ক্ষেত্ৰত দেখা নাযায়। 

লজিকেলী ফেক্টছে দিল্লীৰ এজন ফ্ৰীলান্স গ্রাফিক ডিজাইনাৰ দিক্ষান্ত কুমাৰৰ সৈতে ছবিখন শ্বেয়াৰ কৰে, তেওঁ এই কথাত সন্মত হৈছিল যে উল্লেখিত বিসংগতিসমূহে ছবিখন ফটোশ্বপ বা তেনেধৰণৰ কোনো ফটো সম্পাদনা চফ্টৱেৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল বুলি এক ধাৰণা দিয়ে। 

উল্লেখযোগ্য যে এই ছবিখন ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত কংগ্ৰেছ দলৰ এক্স একাউণ্টত পোষ্ট কৰা হৈছিল, তাৰ পিছত এক্সত শ্ৰীনিবাস বিভিৰ দৰে কংগ্ৰেছী নেতাই ছবিখন শ্বেয়াৰ কৰিছিল, হাৰিয়ানা যুৱ কংগ্ৰেছৰ ইনষ্টাগ্ৰাম একাউণ্টতো ছবিখন পোষ্ট কৰা হৈছিল।

কংগ্ৰেছ দলৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰা ছবিখনৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

আনহাতে, পোষ্টটোত থকা বাকী দুখন বৰ্তমান  দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদৰে হয় বুলি আমি ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে নিশ্চিত হওঁ।

সিদ্ধান্ত

পোষ্টটোত ২০২১ চনত হোৱা কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ত ব্যৱহৃত আৰক্ষীৰ বেৰিকেড ৰাস্তাত পোতা গজালৰ পুৰণি ছবি সন্নিবিষ্ট কৰা হৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।