লণ্ডনত ইছলাম ধৰ্মীলোকৰ শোভাযাত্ৰাৰ পুৰণি ভিডিঅ' ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদৰ দৃশ্য বুলি প্ৰচাৰ

লেখক: প্ৰবীন কুমাৰ এইচ
ডিচেম্বৰ 7 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
লণ্ডনত ইছলাম ধৰ্মীলোকৰ শোভাযাত্ৰাৰ পুৰণি ভিডিঅ' ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদৰ দৃশ্য বুলি প্ৰচাৰ

২০২১ চনত লণ্ডনত ইছলাম ধৰ্মীলোকে উলিওৱা এক ধৰ্মীয় শোভাযাত্ৰাৰ ভিডিঅ' ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ সৈতে সাঙুৰি শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো ২০২১ চনৰ ভিডিঅ’, ইয়াত চিয়া মুছলমানসকলে পালন কৰা আশুৰা উপলক্ষে লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত উলিওৱা এক শোভাযাত্ৰাৰ দৃশ্য দেখা গৈছে।

ক্লেইম আইডি d5178304

যোৱা ২৫ নৱেম্বৰত স্কাই নিউজত প্ৰকাশিত এক বাতৰি অনুসৰি ইজৰাইল-হামাছৰ মাজত অব্যাহত যুদ্ধৰ মাজতে যুদ্ধবিৰতিৰ আহ্বান জনাই পেলেষ্টাইনৰ সমৰ্থনত লণ্ডনৰ ৰাজপথলৈ লাখ লাখ প্ৰতিবাদকাৰীয়ে ওলাই আহিছিল। ২ ডিচেম্বৰত গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে উক্ত প্ৰতিবাদে এক ব্যাপক ৰূপ লোৱাৰ লগতে মধ্য লণ্ডনতে লক্ষাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কি দাবী কৰা হৈছে?

এই প্ৰতিবাদৰ মাজতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এটা ভিডিঅ' শ্বেয়াৰ কৰি আছে য'ত ক'লা পোছাক পৰিহিত এদল মানুহে এটা ৰাস্তাত সমদল কৰি গৈ থকা দেখা গৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰা এটা ছচিয়েল মিডিয়া পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) কোৱা হৈছে যে ইয়াত লণ্ডনত ইজৰাইলৰ বিৰুদ্ধে সাব্যস্ত কৰা এক প্ৰতিবাদৰ দৃশ্য দেখা গৈছে। আন এজনে (ইয়াত আৰ্কাইভ কৰা হৈছে) এইটো লণ্ডনত শেহতীয়াকৈ উলিওৱা এক সমদলৰ ভিডিঅ' বুলি দাবী কৰিছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একাংশ অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়েও এই ভিডিঅ’টো বৰ্তমান শ্বেয়াৰ কৰি থকা দেখা গৈছে। ইয়াত আৰু ইয়াত  এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব।

অৱশ্যে, এইটো এটা পুৰণি ভিডিঅ' আৰু ইয়াত শেহতীয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ মাজত পেলেষ্টাইনৰ সমৰ্থনত সমদল উলিওৱা দেখুওৱা নাই।

আমি কি বিচাৰি পালোঁ?

ভিডিঅ'টো শ্বেয়াৰ কৰা এটা এক্স পোষ্টৰ ভিত্তিত আমি বিগত কিছু বছৰত লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত অনুষ্ঠিত সমদলৰ ফুটেজ বিচাৰিছিলো। আমি দেখিছিলো যে এক্সৰ কিছুমান একাউণ্টে ২০২১ চনৰ ছেপ্টেম্বৰত "আশুৰা শোভাযাত্ৰা ২০২১ লণ্ডন" শীৰ্ষক কেপচন লিখি একেটা ভিডিঅ' পোষ্ট কৰিছিল। অৱশ্যে আমি ভিডিঅ'টোৰ উৎস বিচাৰি উলিয়াব পৰা নাছিলো।

২০২১ চনত এক্সত শ্বেয়াৰ কৰা পোষ্টত ভাইৰেল ভিডিঅ'টো দেখা যায়। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দৃশ্যমান সংকেত

আমি সমদলটোৰ ওপৰত ওলমি থকা ট্ৰেফিক লাইট আৰু বেনাৰবোৰ লক্ষ্য কৰিছিলো। এখন-আনখনৰ কাষত থকা পাঁচখন এনে বেনাৰত ক্ৰমে "গ্ৰীনাৰ", "স্মাৰ্টাৰ", "অক্সফৰ্ড ষ্ট্ৰীট ডিষ্ট্ৰিক্ট", "ফিউচাৰ", আৰু "টুগেদাৰ" বুলি লিখি থোৱা দেখা যায়। আমি ভিডিঅ'টোত থকা ভিজুৱেলবোৰক গুগল মেপত উপলব্ধ ছবিৰ সৈতে তুলনা কৰি ভিডিঅ'টোত দেখুওৱা সঠিক স্থানটো জিঅ’লকেট কৰোঁ।

ভাইৰেল ভিডিঅ'টো আৰু ২০২১ চনৰ গুগল মেপছত থকা পথটোৰ এখন ফটোৰ তুলনা। (উৎস: এক্স/গুগল মেপছ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, উক্ত পাঁচখন বেনাৰ ২০২১ চনৰ গুগল মেপছত উপলব্ধ পথটোৰ ফটোতহে দেখিবলৈ পোৱা যায়। ২০২০, ২০২২, আৰু ২০২৩ চনৰ ফটোসমূহত এই একেখিনি স্থানত উক্ত বেনাৰসমূহ দেখা নাযায়। 

ষ্টক ইমেজ ৱেবছাইট ১২৩আৰএফ-ত আমি অক্সফৰ্ড ষ্ট্ৰীটৰ ওপৰত ওলমি থকা একে বেনাৰৰ ফটো পাইছিলোঁ য'ত লিখা আছিল "লণ্ডন, ইউ কে - ৩০ মে', ২০২১: অক্সফৰ্ড ষ্ট্ৰীট ডিষ্ট্ৰিক্ট পুনৰ উন্নয়নৰ পৰিকল্পনাৰ বিজ্ঞাপন অক্সফৰ্ড ষ্ট্ৰীটত পথৰ ওপৰত ওলমি থকা চিহ্নবোৰ - গ্ৰীনাৰ স্মাৰ্টাৰ ফিউচাৰ টুগেদাৰ।"

ভাইৰেল ভিডিঅ'টো আৰু ২০২১ চনত তোলা অক্সফৰ্ড ষ্ট্ৰীটৰ এখন ষ্টক ফটোৰ তুলনা। (উৎস: এক্স/১২৩আৰএফ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি, ২০২১ চনৰ ১৬ আগষ্টত তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত দিয়া পোষ্ট অনুসৰি দ্য হুছেইনী এছ'চিয়েশ্যনে ২০২১ চনৰ ১৯ আগষ্টত এক শোভাযাত্ৰাৰ আয়োজন কৰিছিল। পোষ্টসমূহত ২০২১ চনৰ ১৯ আগষ্টত আশুৰা দিৱসত অনুষ্ঠিত শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰস্তুত কৰা এখন নিমন্ত্ৰণী পত্ৰ আৰু অক্সফৰ্ড ষ্ট্ৰীটকে ধৰি শোভাযাত্ৰাটোৱে সামৰি ল’বলগীয়া স্থানসমূহৰ এখন পথচিত্ৰ শ্বেয়াৰ কৰা হৈছিল। 

দ্য হুছেইনী এছ'চিয়েশ্যনে ২০২১ চনৰ আগষ্টত দিয়া ইনষ্টাগ্ৰাম পোষ্ট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

চিয়া মুছলমানসকলে পালন কৰা মহৰম মাহৰ দশম দিনটোক আশুৰা বুলি কোৱা হয়। এই দিনটো তেওঁলোকৰ বাবে হজৰত মহম্মদৰ নাতি ইমাম হুছাইন ইবন আলীৰ মৃত্যুৰ স্মৃতিত শোক পালন কৰা দিন হিচাপে পৰিচিত। ভাইৰেল ভিডিঅ'টোত শোভাযাত্ৰাটোত ভাগ লোৱা লোকে লগত কঢ়িয়াই অনা এখন প্লেকাৰ্ডো দেখা যায় য'ত লিখা আছে "দ্য লিগেচি অৱ হুছেইন লিভছ অন।"

ভাইৰেল ভিডিঅ'ত আশুৰা শোভাযাত্ৰাত প্ৰদৰ্শন কৰা এখন প্লেকাৰ্ড দেখা গৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দ্য হুছেইনী এছ'চিয়েশ্যনে তেওঁলোকৰ ইনষ্টাগ্ৰামত উক্ত পদযাত্ৰাৰ ফটো আৰু ইউটিউব চেনেলত ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ২০২১ চনৰ ২৩ আগষ্টত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা মানুহে পদযাত্ৰা কৰি থকা এখন ফটোত আমি ওপৰত তুলনা কৰা পাঁচখন বেনাৰৰ একেই দৃশ্য দেখা যায়। ২০২১ চনৰ ২৭ আগষ্টত আপলোড কৰা তেওঁলোকৰ ইউটিউব ভিডিঅ'তো একে ধৰণৰ দৃশ্য দেখা যায়।

দ্য হুছেইনী এছ'চিয়েশ্যনে শ্বেয়াৰ কৰা ২০২১ চনৰ শোভাযাত্ৰাটোৰ ফটো আৰু ভিডিঅ' আৰু ভাইৰেল ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ইনষ্টাগ্ৰাম/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আৰক্ষী আৰু সাংবাদিকৰ কি মতামত?

ইয়াৰ উপৰিও এমএছএনবিচি সম্প্ৰচাৰক মেহদি হাছানে দ্য ইহুদী ক্ৰনিকলৰ সম্পাদক জেক ৱালিছ ছিমনছৰ এক্স পোষ্টটোক, যিটো এতিয়া ডিলিট কৰা হৈছে, পুনৰ পোষ্ট কৰে য’ত একেটা ভিডিঅ’ আছিল। ইয়াত ভাইৰেল ভিডিঅ’টো এতিয়াৰ নহয় বুলি উল্লেখ কৰা হৈছে। হাছানে ভিডিঅ’টোত চিয়াসকলৰ ধৰ্মীয় শোভাযাত্ৰা দেখা গৈছে বুলি স্পষ্ট কৰি দিয়াৰ লগতে ব্ৰিটেইনৰ মেট্ৰ’পলিটান আৰক্ষীয়ে ছিমনছৰ এক্স পোষ্টত দিয়া ৰিপ্লাই অন্তৰ্ভুক্ত কৰে। 

মেট্ৰ’পলিটান পুলিচৰ এক্স পোষ্টটোত লিখা আছে, "এই ভিডিঅ'টো এই সপ্তাহৰ শেষৰ ফালে যথেষ্ট শ্বেয়াৰ কৰা হৈছে। আমি একাধিক মানুহৰ এনে কমেন্ট দখিছো য’ত তেওঁলোকে এই দৃশ্য ইজৰাইল আৰু হামাছৰ মাজত চলি থকা শেহতীয়া সংঘৰ্ষৰ সময়ত লোৱা হৈছিল বুলি ধাৰণা কৰা দেখা গৈছে। আমি বিশ্বাস কৰোঁ যে এইটো প্ৰকৃততে ২০২১ চনত আশুৰা দিৱসৰ অনুষ্ঠানতহে চিত্ৰগ্ৰহণ কৰা হৈছিল। শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।"

ব্ৰিটেইনৰ মেট্ৰ’পলিটান আৰক্ষী আৰু এমএছএনবিচি সম্প্ৰচাৰক মেহদি হাছানে ভাইৰেল ভিডিঅ’টো আৰু ইয়াৰ সৈতে প্ৰচাৰিত দাবীক নস্যাৎ কৰে।'(উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’টোত পেলেষ্টাইনৰ পতাকা বা পেলেষ্টাইনৰ সমৰ্থনত আৰু ইজৰাইল বিৰোধিতাত প্ৰদৰ্শন কৰা কোনো প্লেকাৰ্ড দেখা নাযায়। এই সকলোবিলাক দিশ চোৱাৰ পিছত এই কথা নিশ্চিতভাৱে ক’ব পৰা যায় যে ভিডিঅ’টোত পেলেষ্টাইনৰ সমৰ্থনত লণ্ডনত মুছলমান লোকে শেহতীয়াকৈ প্ৰতিবাদ কৰা দেখুওৱা নাই। 

সিদ্ধান্ত

২০২১ চনৰ লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত আশুৰাৰ দিনটোত চিয়া মুছলমানে অনুষ্ঠিত কৰা ধৰ্মীয় শোভাযাত্ৰাৰ এটা ভিডিঅ’ বৰ্তমান চলি থকা ইজৰাইল-হামাছৰ যুদ্ধৰ মাজত পেলেষ্টাইনৰ সমৰ্থনত ইছলামধৰ্মী লোকে উলিওৱা প্ৰতিবাদৰ দৃশ্য বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।