ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে পুত্ৰক সেনা বাহিনীত সেৱা আগবঢ়াবলৈ পঠোৱা পুৰণি ফটো ভাইৰেল

লেখক: ৰাহুল অধিকাৰী
অক্টোবৰ 13 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে পুত্ৰক সেনা বাহিনীত সেৱা আগবঢ়াবলৈ পঠোৱা পুৰণি ফটো ভাইৰেল

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভাইৰেল ফটোখন ২০১৪ চনত প্ৰধানমন্ত্ৰীজনৰ পুত্ৰ এভনাৰ নেতান্যাহুৱে বাধ্যতামূলক সামৰিক সেৱাৰ বাবে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীত যোগদানৰ বাবে যোৱাৰ সময়ৰ হয়।

ক্লেইম আইডি 190fe25c

কি দাবী কৰা হৈছে?

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত পুত্ৰৰ সৈতে ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰি একাংশই নেতান্য়াহুৱে তেওঁৰ পুত্ৰক দেশৰ সেৱাৰ বাবে ইজৰাইলৰ সেনা বাহিনীত যোগদান কৰিবলৈ পঠিওৱা বুলি দাবী কৰিছে। ভাইৰেল ফটোখনত ইজৰাইলৰ প্ৰধানমন্ত্ৰীজনক এগৰাকী মহিলা আৰু এজন কম বয়সীয়া যুৱকৰ সৈতে দেখা যায়।  

একাধিক ফেচবুুক ব্য়ৱহাৰকীয়ে ফটোখন শ্বেয়াৰ কৰি লিখিছে, ‘‘ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্য়াহু আৰু তেওঁৰ পত্নী, ইশ্বৰৰ ভূমি ৰক্ষা কৰিবলৈ নিজ পুত্ৰক সৈনিক হিচাপে দেশৰ সেৱা কৰিবলৈ পঠিওৱা পিতৃ-মাতৃ। বিজয় নিশ্চিত, ইশ্বৰৰ দূত তেওঁৰ লগত আছে। আমেন! মনত ৰাখিব, পিতৃ-মাতৃয়ে তেওঁলোকক পুত্ৰ হিচাপে ডাঙৰ-দীঘল কৰে, কিন্তু ঈশ্বৰে তেওঁলোকক নায়ক কৰি তোলে। ইশ্বৰে ইজৰাইলক আশীৰ্বাদ কৰক।’’ (ইংৰাজীৰ পৰা অনুবাদ কৰা হৈছে।) এক্স (X) (পূৰ্বৰ টুইটাৰত) শ্বেয়াৰ কৰা একেধৰণৰ এটা পোষ্টে ১০ লাখতকৈ অধিক ভিউ লাভ কৰিছে। পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰে।

ফেচবুক আৰু X-ত শ্বেয়াৰ কৰা ভাইৰেল ফটোখনৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমতো একাংশ ফেচবুক ব্য়ৱহাৰকাৰীয়ে উক্ত ফটোখন একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি লিখিছে, ‘‘ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে নিজৰ পুত্ৰক সৈনিক হিচাপে দেশৰ সেৱা কৰিবলৈ পঠিয়াইছে। #জয়ইজৰাইল 🇮🇱’’। ভাইৰেল ফটোখনৰ অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে, এই ফটোখন ২০১৪ চনৰ হয় আৰু ইজৰাইল আৰু হামাছৰ মাজত চলি থকা শেহতীয়া যুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। 

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি জানিব পাৰোঁ যে এই ফটোখন ২০১৪ চনত, প্ৰধানমন্ত্ৰী নেতান্য়াহুৰ কনিষ্ঠ পুত্ৰ অৱনাৰ নেতান্য়াহুৱে বাধ্যতামূলক সামৰিক সেৱাৰ বাবে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীত (আইডিএফ) যোগদান কৰাৰ সময়ত তোলা হৈছিল। ২০১৪ চনৰ ১ ডিচেম্বৰত প্ৰকাশিত দ্য টাইমছ অৱ ইজৰাইলৰ এক প্ৰতিবেদন অনুসৰি ভাইৰেল ফটোখনত থকা মহিলাগৰাকী আৰু যুৱকজন হৈছে ক্ৰমে প্ৰধানমন্ত্ৰীজনৰ পত্নী চাৰা নেতান্য়াহু আৰু পুত্ৰ এভনাৰ নেতান্য়াহু। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে এভনাৰৰ মাক-দেউতাক আৰু তেওঁৰ ককায়েক য়াইৰ নেতান্য়াহুৱে, যি ইতিমধ্যে এই সেৱা সম্পূৰ্ণ কৰিছিল, এমুনিচন হিল কালেকচন পইণ্টত তেওঁক বিদায় দিবলৈ গৈছিল। এমুনিচন হিল কালেকচন পইণ্টত হৈছে নতুন নিযুক্তিপ্ৰাপ্ত সকলে তেল আভিভৰ ওচৰৰ এটা অন্তৰ্ভুক্তি কেন্দ্ৰলৈ বাছত উঠিবলৈ গোট খোৱা মুখ্য স্থান। 

ফটোখন সন্নিৱিষ্ট ২০১৪ চনৰ ১ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: টাইমছ অৱ ইজৰাইল/স্ক্ৰীণশ্বট)

প্ৰতিবেদনটোত প্ৰধানমন্ত্ৰীজনৰ উদ্ধৃতি দি কোৱা হৈছে, "নিজৰ পুত্ৰ সেনাবাহিনীলৈ যোৱাটোক চাই আৱেগিক হোৱা সকলো মাক-দেউতাকৰ দৰে আমিও আৱেগিক হৈ উঠিছো। আমি গৌৰৱ অনুভৱ কৰাৰ লগতে স্বাভাৱিকভাৱে চিন্তিত হৈছো। এই কথা সকলোৱে জানে, ইজৰাইলৰ প্ৰতিঘৰ লোকে জানে, আৰু আমাৰ ক্ষেত্ৰটো একো বেলেগ নহয়।মই এভনাৰক ৰাষ্ট্ৰৰ লগতে নিদৰ যত্ন ল'বলৈ কৈছো।"

ইজৰাইলৰ সংবাদ মাধ্যম জেৰুজালেম পোষ্টেও ২০১৪ চনৰ ১ ডিচেম্বৰত এই ফটোখন প্ৰকাশ কৰি একেধৰণৰ সবিশেষ প্ৰকাশ কৰিছিল। প্ৰতিবেদনটোত, এভনাৰে আইডিএফৰ কম্বেট ইনটেলিজেন্স কালেকচন কৰ্পছত তিনি বছৰীয়া বাধ্যতামূলক সামৰিক সেৱা আৰম্ভ কৰিছিল বুলি কোৱা হৈছে। 

উল্লেখযোগ্য় যে, ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ)-ৰ মতে, বিশেষ কিছু ব্য়তিক্ৰমৰ বাহিৰে ১৮ বছৰ বয়সতকৈ ওপৰৰ প্ৰতিজন ইহুদী, দ্ৰুজ বা চাৰ্কাচিয়ান ইজৰাইলী নাগৰিকে সামৰিক বাহিনীত সেৱা আগবঢ়াব লাগিব। তালিকাভুক্ত পুৰুষৰ ক্ষেত্ৰত এই সেৱা প্ৰদানৰ সময় হৈছে নিম্নতম ৩২ মাহ আৰু মহিলাৰ ক্ষেত্ৰত নিম্নতম ২৪ মাহ।

এভনাৰ নেতান্য়াহুৱে ২০১৭ চনৰ ডিচেম্বৰত বাধ্যতামূলক সামৰিক সেৱা সম্পূৰ্ণ কৰিছিল। ২০১৭ চনৰ ডিচেম্বৰত ইজৰাইল নেশ্যনেল নিউজে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি তেতিয়া প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কৈছিল, "এভনাৰে সেনাবাহিনীত এক গুৰুত্বপূৰ্ণ সময় সম্পূৰ্ণ কৰিছে। তিনি বছৰ পূৰ্বে তোমাৰ বাধ্য়তামূলক সামৰিক সেৱাৰ সময়ত আমি তোমাক সাৱটি ধৰিছিলো আৰু আজি তোমাৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হোৱাত আমি উৎফুল্ল হৈছো।"

হামাছৰ সৈতে চলি থকা সংঘৰ্ষৰ সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কোনো পুত্ৰক পুনৰ ইজৰাইলৰ সেনাবাহিনীত যোগদান কৰিবলৈ পঠোৱাৰ কোনো বাতৰি আমি লাভ কৰা নাই।

ইজৰাইল-হামাছ যুদ্ধ

৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ আৰু ইজৰাইলৰ প্ৰত্য়ুত্তৰৰ পিছত গাজাত মৃত্যু হোৱা লোকৰ সংখ্যাই ২,০০০ অতিক্ৰম কৰিছে। বাতৰি অনুসৰি, ইজৰাইলে গাজা সীমান্তত প্ৰায় ৩০০,০০০ নিজৰ সৈন্য (ৰিজাৰ্ভিষ্ট) নিয়োগ কৰিছে। হামাছৰ সশস্ত্ৰ বাহিনীয়ে প্ৰায় ১৫০ গৰাকীকৈ লোকক বন্দী কৰি ৰখা গাজা ষ্ট্ৰীপত ইজৰাইলে বিদ্যুৎ, পানী আৰু ইন্ধনৰ যোগান বন্ধ কৰি ৰাখি সংঘৰ্ষগ্ৰস্ত অঞ্চলটো সম্পূৰ্ণৰূপে ঘেৰাও কৰা বুলি ঘোষণা কৰিছে।

সিদ্ধান্ত

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে তেওঁৰ সৰু পুত্ৰক ২০১৪ চনত আইডিএফত বাধ্যতামূলক সামৰিক সেৱা সম্পূৰ্ণ কৰিবলৈ পঠিওৱাৰ সময়ৰ এখন পুৰণি ফটো প্ৰসংগ-সংগতি নথকাকৈ শ্বেয়াৰ কৰি তাক বৰ্তমান চলি থকা যুদ্ধৰ সৈতে জড়িত কৰা হৈছে। ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধত নেতান্য়াহুৰ কোনো এজন পুত্ৰই পুনৰ সামৰিক বাহিনীত যোগদান কৰাৰ কোনো খবৰ প্ৰকাশ পোৱা নাই। সেয়েহে, আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।