জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ২০১১ আৰু ২০১৬ চনৰ ফটো শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
জানুৱাৰী 3 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ২০১১ আৰু ২০১৬ চনৰ ফটো শ্বেয়াৰ কৰা হৈছে

জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুৰণি ছবি শ্বেয়াৰ কৰি আছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভাইৰেল ফটোকেইখনত ২০১১ আৰু ২০১৬ চনত জাপানত ভূমিকম্পই কৰা ক্ষয়-ক্ষতিৰ দৃশ্য দেখা গৈছে। শেহতীয়া দুৰ্যোগৰ সৈতে ফটোকেইখনৰ সম্পৰ্ক নাই।

ক্লেইম আইডি df5061d9

যোৱা ১ জানুৱাৰীত অহা ৭.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ ফলত মধ্য জাপানত কমেও ৪৮ জন লোকৰ মৃত্যু হয়। ২০১১ চনৰ মাৰ্চ মাহত সংঘটিত ভূমিকম্পৰ পিছত দেশখনত অহা অন্যতম শক্তিশালী এই ভূমিকম্পৰ পিছতে উদ্ধাৰ প্ৰচেষ্টাৰ বাবে হাজাৰ হাজাৰ সেনা জোৱান, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী বিষয়াক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।  

কি দাবী কৰা হৈছে?

এই প্ৰেক্ষাপটত একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ধ্বংসপ্ৰাপ্ত ঘৰ আৰু অট্টালিকা দেখুওৱা চাৰিখন ফটো শ্বেয়াৰ কৰি সেইসমূহত জাপানৰ শেহতীয়া ভূমিকম্পৰ পিছৰ ছবি দেখা গৈছে বুলি দাবী কৰে। ২ জানুৱাৰীত এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ফটোকেইখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱা জাপানৰ জনসাধাৰণৰ প্ৰতি মোৰ গভীৰ সমবেদনা। এই প্ৰত্যাহ্বানমূলক সময়ত শক্তি, দয়া আৰু সমৰ্থনে যাতে আপোনালোকক আৱৰি ৰাখে। গোটেই বিশ্বত থকা আমাৰ সম্প্ৰদায় আপোনালোকৰ সৈতে আছে।(ইংৰাজীৰ পৰা অনূদিত)” এই লেখা প্ৰকাশৰ সময়ত পোষ্টটোৱে ৫৭ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছিল। উক্ত ফটোকেইখন আন এজন এক্স ব্যৱহাৰকাৰীয়ে (ইয়াত আৰ্কাইভ কৰা হৈছে) একে কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে।

তদুপৰি ‘লাইফ টুডে অসম’ নামৰ অসমৰ এটা নিউজ পৰ্টেলে দিয়া এটা ফেচবুক পোষ্টত ভাইৰেল ফটোকেইখন জাপানত সংঘটিত শেহতীয়া ভূমিকম্পৰ বুলি উল্লেখ কৰা আমি দেখা পাইছো। তেওঁলোকৰ পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব ৷ 

ভাইৰেল ফটোকেইখন শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ফটোকেইখন জাপানৰ হয় যদিও দেশখনত শেহতীয়াকৈ অহা ভূমিকম্পৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

আমি কি বিচাৰি পালোঁ?

আমি প্ৰতিখন ফটোতে ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আটাইকেইখন ফটো পুৰণি বুলি জানিব পাৰিলোঁ। ভাইৰেল ফটোকেইখন ২০১১ আৰু ২০১৬ চনত জাপানত অহা ভূমিকম্পৰ সময়ত তোলা হৈছিল।

পিছফালে এখন পাহাৰৰ সৈতে একাধিক ঘৰৰ ধ্বংসস্তূপৰ এখন ফটো

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে এই ছবিখন ২০১৬ চনৰ ১৬ এপ্ৰিলত চিএনএনে প্ৰকাশ কৰা এটা প্ৰতিবেদনত বিচাৰি পোৱা গ’ল। "জাপানৰ ভূমিকম্পত নজনৰ মৃত্যু; অধিক আফটাৰশ্বকৰ আশংকা কৰা হৈছে," শীৰ্ষক এক প্ৰতিবেদনত ভূমিকম্পৰ আন ফটোৰ সৈতে এটা স্লাইডশ্ব'ত এই ফটোখন ব্যৱহাৰ কৰা হৈছে। প্ৰতিবেদনটোৰ মতে ২০১৬ চনৰ ১৪ এপ্ৰিলত দক্ষিণ-পশ্চিম জাপানৰ কিউচু দ্বীপত সংঘটিত ভূমিকম্পত কমেও ৯ জন লোকৰ মৃত্যু হৈছিল। প্ৰতিবেদনটোত উক্ত ফটোখনৰ বাবে ইউছুকে ওগাটা/কিয়ডো নিউজ/এপিক কৃতিত্ব দিয়া হৈছে। 

ফটো এজেন্সী এ পি ফটোছে শ্বেয়াৰ কৰা একেখন ফটো আমি বিচাৰি পাওঁ। ফটোখনৰ কেপচনত লিখা আছিল- “২০১৬ চনৰ ১৬ এপ্ৰিল, শনিবাৰে দক্ষিণ জাপানৰ কুমামোটো প্ৰিফেকচাৰৰ মাছিকিত ভূমিকম্পৰ পিছত ভাঙি পৰা ঘৰসমূহ। এদিনৰ ব্যৱধানত হোৱা শক্তিশালী ভূমিকম্পই দক্ষিণ-পশ্চিম জাপানক জোকাৰি গৈছিল, বতৰ বেয়া হোৱাৰ আগতেই বহুসংখ্যক আৱদ্ধ লোকক উদ্ধাৰৰ উদ্দেশ্যে শনিবাৰে হাজাৰ হাজাৰ সৈন্য আৰু অন্যান্য উদ্ধাৰকাৰী ঘটনাস্থলীলৈ ৰাওনা হয়। (এপিৰ জৰিয়তে কিয়োডো নিউজ) " 

২০১৬ চনত জাপানত অহা ভূমিকম্পৰ ক্ষয়-ক্ষতি দেখুওৱা ফটো। (উৎস: এ পি ফটো/স্ক্ৰীণশ্বট)

এটা ধ্বংসপ্ৰাপ্ত ঘৰৰ কাষেৰে কেইজনমন লোক পাৰ হৈ গৈছে

এই ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি দেখিলোঁ যে ইয়াত ২০১৬ চনৰ দক্ষিণ জাপানত সংঘটিত ভূমিকম্পৰ পিছৰ পৰিস্থিতি দেখুওৱা হৈছে। এনবিচি নিউজে “জাপান ভূমিকম্প: দিনৰ পোহৰত ৯ জনকৈ লোকৰ মৃত্যু হোৱা ক্ষতিৰ পৰিসৰ দেখা গৈছে” শীৰ্ষক এক প্ৰতিবেদনত একেখন ফটো ব্যৱহাৰ কৰা হৈছিল। এই ফটোখনৰ ক্ৰেডিট এ পি ফটোৰ ইউ নাকাজিমাক দিয়া হৈছিল আৰু ইয়াৰ কেপচনত লিখা আছিল, “শুকুৰবাৰে জাপানৰ মাছিকিত ভূমিকম্পৰ ফলত ক্ষতিসাধন হোৱা এটা ঘৰৰ কাষেৰে বাসিন্দা খোজ কাঢ়ি পাৰ হৈ গৈছে।” 

ফটোখন এপি ফটোত এই শিৰোনামৰ সৈতে শ্বেয়াৰ কৰা হৈছিল: "১৫ এপ্ৰিল, ২০১৬, শুক্ৰবাৰ, দক্ষিণ জাপানৰ কুমামোটো প্ৰিফেকচাৰৰ মাশিকিত ৬.৫ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত এটা ঘৰৰ কাষেৰে আৱাসীসকলে খোজ কাঢ়ি পাৰ হৈ গৈছে। বৃহস্পতিবাৰে নিশা অহা শক্তিশালী ভূমিকম্পই ঘৰ আৰু বাট-পথ ধ্বংস কৰে। (এপিৰ জৰিয়তে য়ু নাকাজিমা/কিয়োডো নিউজ)।

২০১৬ চনত জাপানত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত এটা ঘৰৰ কাষেৰে কেইজনমান বাসিন্দা পাৰ হৈ যোৱা ফটো।(উৎস: এনবিচি নিউজ/স্ক্ৰীণশ্বট)

ধ্বংসাৱশেষৰ মাজত এটা ক্ষতিগ্ৰস্ত ঘৰ

এই ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১১ চনৰ ১৭ মাৰ্চত এনপিআৰত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোত থকা কেপচন অনুসৰি কাজুহিৰো নোগি/এএফপি/গেট্টি ইমেজক ক্ৰেডিট দিয়া ফটোখনত জাপানৰ ইৱাটে প্ৰিফেকচাৰৰ ৰিকুজেণ্টাকাটাত ধ্বংসস্তূপৰ মাজত এটা ঘৰৰ ধ্বংসাৱশেষ দেখা গৈছে। 

তাৰ পিছত আমি ষ্টক ফটো ৱেবছাইট গেট্টি ইমেজত ছবিখন বিচাৰি পালোঁ। ফটোখনৰ কেপচনত লিখা আছিল, “টপশ্বট - এখন ছবিত দেখা গৈছে যে ১১ মাৰ্চৰ ভূমিকম্প আৰু ছুনামীৰ পিছত ২০১১ চনৰ ১৭ মাৰ্চত ইৱাটে প্ৰিফেকচাৰৰ ৰিকুজেণ্টাকাটাত ধ্বংসস্তূপৰ মাজত এটা ঘৰৰ ধ্বংসাৱশেষ। জাপানৰ উত্তৰ-পূব উপকূলক সমতল কৰি পেলোৱা ভয়াৱহ ভূমিকম্প আৰু ছুনামীৰ পিছত মৃত আৰু নিৰুদ্দেশ হোৱা লোকৰ চৰকাৰী সংখ্যা ১৪,৬৫০ জন হৈছে বুলি ১৭ মাৰ্চত আৰক্ষীয়ে জনাইছিল, মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ১০০০ জনলৈ বৃদ্ধি পাইছে।”

২০১১ চনত জাপানত অহা ভূমিকম্পৰ ক্ষয়-ক্ষতি দেখুওৱা ফটো। (উৎস: গেট্টি ইমেজ/স্ক্ৰীণশ্বট)

ধ্বংসাৱশেষেৰে আগুৰি থকা এখন জাহাজৰ ছবি

এই ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে এই ফটোখনো ২০১১ চনৰ জাপানৰ ভূমিকম্পৰ পিছত তোলা হৈছিল। নেশ্যনেল জিঅ’গ্ৰাফিকত প্ৰকাশিত “জাপান ছুনামী: ২০খন অবিস্মৰণীয় ছবি” শীৰ্ষক এক ফটো ষ্ট’ৰী অনুসৰি ২০১১ চনৰ মাৰ্চ মাহত জাপানত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ইপিএক কৃতিত্ব দিয়া এই ফটোখন তোলা হৈছিল।

২০১১ চনত জাপানত অহা ভূমিকম্পৰ পিছৰ পৰিণতি দেখুওৱা ফটো। (উৎস: নেচনেল জিঅ’গ্ৰাফিক/স্ক্ৰীণশ্বট)

২০১১ চনত জাপানৰ উত্তৰ-পূব উপকূলত ৮.৯ প্ৰাবল্যৰ আটাইতকৈ শক্তিশালী ভূমিকম্পই আঘাত কৰিছিল। জানিব পৰা মতে উক্ত ভূমিকম্পত ১৮,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।

সিদ্ধান্ত

ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে জাপানত অহা ভূমিকম্পৰ পুৰণি ছবি যোৱা ১ জানুৱাৰীত দেশখনত সংঘটিত ভূমিকম্পৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰিছে। সেয়েহে, আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।