নিবনুৱা যুৱক-যুৱতীক বছৰি এক লাখ টকা দিয়াৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য প্ৰসংগসংগতিহীন ভাৱে শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
এপ্ৰিল 25 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নিবনুৱা যুৱক-যুৱতীক বছৰি এক লাখ টকা দিয়াৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য প্ৰসংগসংগতিহীন ভাৱে শ্বেয়াৰ কৰা হৈছে

কংগ্ৰেছে ছচিয়েল মিডিয়াত সময় কটোৱাৰ বাবে নিবনুৱা যুৱক-যুৱতীক বছৰি ১ লাখ ₹ বা মাহে প্ৰায় ৮৫০০ টকা দিয়া কথা ৰাহুল গান্ধীয়ে কৈছে বুলি দাবী কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

গান্ধীয়ে নিবনুৱা স্নাতকসকলক ১ লাখ টকাৰ বাৰ্ষিক এপ্ৰেণ্টিছশ্বিপ দিয়া কথা কৈছিল। কংগ্ৰেছ নেতাৰ মন্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে।

ক্লেইম আইডি 8451b48b

কি দাবী কৰা হৈছে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাষণৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে তেওঁৰ দলে “ৰাস্তাত ঘূৰি ফুৰা আৰু ২৪x৭ ইনষ্টাগ্ৰাম আৰু ফেচবুক স্ক্ৰ’ল” কৰা নিবনুৱা ভাৰতীয় যুৱক-যুৱতীসকলক প্ৰতিমাহে ৮৫০০ টকাৰ প্ৰতিশ্ৰুতি দিছে। অসত্য দাবী আৰু ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত ‘মেঘ আপডেটছ’ নামৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে য’ত গান্ধীয়ে হিন্দীত কোৱা শুনা যায়, “আমাৰ যুৱক-যুৱতীসকলে ৰাজপথত ঘূৰি ফুৰিছে, যিসকলে ইনষ্টাগ্ৰাম, ফেচবুক, ” স্ক্ৰ’ল কৰে। বছৰি ১ লাখ টকা...আমাৰ চৰকাৰে তেওঁলোকৰ একাউণ্টত প্ৰতিমাহে ৮৫০০ টকা জমা কৰিব (মোটামুটি অনুবাদ)।" পোষ্টটো শ্বেয়াৰ কৰা হৈছিল ' #WealthRedistributionPlan' হেচটেগৰে।

২১ এপ্ৰিলত ৰাজস্থানত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছে ক্ষমতালৈ আহিলে মুছলমান সমাজৰ মাজত জাতিটোৰ সম্পদ পুনৰ বিতৰণ কৰিব বুলি মন্তব্য কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে ‘সম্পত্তিৰ পুনৰ বিতৰণ’ৰ এই ধৰণৰ নেৰেটিভ ভাইৰেল হোৱা দেখা গৈছে।

কেইবাটাও পোষ্টে ক্লিপটো শ্বেয়াৰ কৰি ইংগিত দিছে যে কংগ্ৰেছে নিজৰ ‘সম্পত্তি পুনৰ বিতৰণ’ পৰিকল্পনাৰ অধীনত, চলি থকা লোকসভা নিৰ্বাচনত জয়ী হ’লে, কৰদাতাৰ ধনেৰে ছ’চিয়েল মিডিয়াত খৰচ কৰাৰ বাবে যুৱক-যুৱতীক ধন দিব বিচাৰে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু ভাইৰেল ক্লিপটো এক দীঘলীয়া ভিডিঅ’ৰ পৰা সম্পাদনা কৰি উলিয়াই প্ৰসংগসংগতিহীন ভাৱে শ্বেয়াৰ কৰা হৈছে।

আমি কি পাইছিলোঁ?

লজিকেলী ফেক্টছে সম্পূৰ্ণ ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা) ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত বিচাৰি পাইছিল, যিটো ২০ এপ্ৰিলত আপলোড কৰা হৈছিল। গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিহাৰৰ ভাগলপুৰত এখন সভাত ভাষণ দি আছিল, আৰু তেওঁৰ ভাষণ তেওঁৰ ইউটিউব চেনেলৰ দ্বাৰা লাইভ ষ্ট্ৰীম কৰা হৈছিল ।

গান্ধীয়ে কংগ্ৰেছৰ এটা সমীক্ষাৰ প্ৰতিশ্ৰুতি, ‘প্ৰথম নিশ্চিত চাকৰি (পেহলী ন'কৰী পক্কি)’ কাৰ্যসূচীৰ বিষয়ে কয়, আৰু যোগ্য প্ৰাৰ্থীৰ বাবে এপ্ৰেণ্টিছশ্বিপ দিয়াৰ কথা কয়, তাৰ পূৰ্বে তেওঁ এই মন্তব্য কৰে যিটো এতিয়া ভাইৰেল ভিডিঅ’টোত শ্বেয়াৰ কৰা হৈছে।

১১:০৮ টাইমষ্টেম্পৰ আশে-পাশে তেওঁ কয়: "আমি ভাৰতৰ সকলো স্নাতক আৰু ডিপ্লমাধাৰীক এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি হাত চাপৰি বজাই থাকিব। এতিয়াই স্পষ্ট কৰি দিওঁ, তেতিয়াহে বুজিব। এই এপ্ৰেণ্টিছশ্বিপ অধিকাৰৰ অৰ্থ হ’ল ভাৰতৰ প্ৰতিজন যুৱকে প্ৰথম চাকৰিৰ অধিকাৰ লাভ কৰিব, যিটো আমাৰ পৰৱৰ্তী নিৰ্বাচিত চৰকাৰে নিশ্চিত কৰিব। এমজিএনৰেগাই নিয়োগৰ অধিকাৰ কেনেকৈ নিশ্চিত কৰে, সেইদৰে আমি স্নাতকসকলক তেওঁলোকৰ প্ৰথম চাকৰিৰ বাবে অধিকাৰ প্ৰদান কৰিম।' (এমজিএনৰেগা (পূৰ্বতে এনৰেগা নামেৰে জনাজাত) আঁচনিখনে প্ৰতিখন ঘৰৰ অন্ততঃ এজন সদস্যক বছৰত কমেও ১০০ দিন মজুৰি নিয়োগ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যাৰ সদস্যসকলে স্বেচ্ছাই অদক্ষ মেনুৱেল কাম কৰে। ২০০৫ চনত কংগ্ৰেছ চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল।)

১১:৫৩ টাইমষ্টেম্পৰ আশে-পাশে তেওঁ লগতে কয়, "প্ৰথম চাকৰিৰ অধিকাৰৰ অৰ্থ হ’ল ভাৰতৰ সকলো স্নাতক আৰু ডিপ্লমাধাৰীয়ে এবছৰৰ এপ্ৰেণ্টিছশ্বিপ লাভ কৰিব, য’ত বছৰি এক লাখ টকা, মাহে প্ৰায় ৮,৫০০ টকা, তেওঁলোকৰ বেংক একাউণ্টত জমা কৰা হ’ব। তেওঁলোকে প্ৰশিক্ষণ ল’ব, আৰু যদি তেওঁলোকে প্ৰথম বছৰত ভাল প্ৰদৰ্শন কৰে তেন্তে তেওঁলোকক স্থায়ী চাকৰিৰ প্ৰস্তাৱ দিয়া হ’ব। এই এপ্ৰেণ্টিছশ্বিপৰ সুযোগ ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ডৰ ইউনিট, আৰু চৰকাৰত উপলব্ধ হ’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে অসংখ্য যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা, যাৰ ফলত এক দক্ষ কৰ্মশক্তি সৃষ্টি কৰা হয়। এতিয়া ৰাজপথত ৰাজপথত ঘূৰি ফুৰা আমাৰ যুৱক-যুৱতীসকলে ইনষ্টাগ্ৰাম, ফেচবুক, বছৰি ১ লাখ টকা স্ক্ৰ’ল কৰা...মাহে ৮৫০০ টকা, আমাৰ চৰকাৰে তেওঁলোকৰ একাউণ্টত জমা দিব (হিন্দীৰ পৰা অনুবাদ কৰা)।" 

তেওঁ সামৰণিত কয় যে এই কাৰ্যসূচীয়ে বৰ্তমান বেকাৰ বা ছ’চিয়েল মিডিয়াত সময় কটোৱা নিবনুৱা যুৱক-যুৱতীসকলক সহায় কৰিব।

তদুপৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশিত ‘যুৱক’ৰ ইস্তাহাৰত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে দলটোৱে নতুনকৈ এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিছে। 'ন্যায় পত্ৰ' নামৰ তেওঁলোকৰ ইস্তাহাৰত 'চাকৰি' শিতানৰ অধীনত প্ৰথমটো পইণ্টত কোৱা হৈছে- "কংগ্ৰেছে ২৫ বছৰৰ তলৰ প্ৰতিজন ডিপ্লমা বা কলেজৰ স্নাতক ডিগ্ৰী অধিকাৰিক ব্যক্তিগত বা ৰাজহুৱা খণ্ডৰ কোম্পানী এটাৰ সৈতে এবছৰীয়া এপ্ৰেণ্টিছশ্বিপ প্ৰদান কৰিবলৈ নতুন এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ আইনৰ নিশ্চয়তা প্ৰদান কৰিছে। এপ্ৰেণ্টিছসকলে বছৰি ১ লাখ ₹ লাভ কৰিব। এই এপ্ৰেণ্টিছশ্বিপে দক্ষতা প্ৰদান কৰিব, নিয়োগযোগ্যতা বৃদ্ধি কৰিব, আৰু লাখ লাখ যুৱক-যুৱতীৰ বাবে পূৰ্ণকালীন চাকৰিৰ সুযোগ প্ৰদান কৰিব।"

মন কৰিবলগীয়া যে কংগ্ৰেছে যুৱক-যুৱতীসকলৰ একাউণ্টত ১ লাখ টকা বিনামূলীয়াকৈ জমা দিম বুলি কোৱা নাই, কিন্তু নতুন প্ৰস্তাৱিত পেইড এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰেমৰ অধীনত সেইয়া তেওঁলোকৰ পাৰিশ্ৰমিক হ’ব ।

সিদ্ধান্ত

ৰাহুল গান্ধীৰ এটা সম্পাদিত ক্লিপ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে দলটোৱে ক্ষমতালৈ আহিলে কংগ্ৰেছে সকলো নিবনুৱা যুৱক-যুৱতীক মাহে ৮৫০০ টকা দিব বুলি কৈছে। গান্ধীয়ে আচলতে নিজৰ ভাষণত নিবনুৱা স্নাতক আৰু ডিপ্লমাধাৰীসকলক পেইড এপ্ৰেণ্টিছশ্বিপ প্ৰদানৰ কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতিৰ বিষয়ে কৈছিল, যাৰ এটা অংশ প্ৰসংগসংগতিহীন ভাৱে প্ৰচাৰ কৰা হৈছে। গতিকে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।