২০২৩ চনৰ অস্কাৰৰ বাবে ‘কাশ্মীৰ ফাইলছ’ ছবিখন ‘চৰ্টলিষ্ট’ হোৱা নাই

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 ২০২৩ চনৰ অস্কাৰৰ বাবে ‘কাশ্মীৰ ফাইলছ’ ছবিখন ‘চৰ্টলিষ্ট’ হোৱা নাই

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

৯৫ সংখ্যক অকাডেমী বঁটাৰ বাবে ৰিমাইন্ডাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে 'কাশ্মীৰ ফাইলছ'। ছবিখন অস্কাৰৰ বাবে 'চৰ্টলিষ্ট' হোৱা নাই ।

ক্লেইম আইডি 4593b2a0

পৃষ্ঠভূমি

যোৱা ১০ জানুৱাৰী মঙলবাৰে চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি দাবী কৰে যে তেওঁৰ ২০২২ চনৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ' আগন্তুক অস্কাৰৰ বাবে চৰ্টলিষ্ট কৰা হৈছে । পৰিচালকে লগতে দাবী কৰে যে অভিনেতা মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, দৰ্শন কুমাৰ, আৰু পল্লৱ যোশীক একাডেমী বঁটাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত চৰ্টলিষ্ট কৰা হৈছে, আৰু মাত্ৰ পাঁচখন ভাৰতীয় ছবিহে চৰ্টলিষ্ট কৰা হৈছে । অগ্নিহোত্ৰীৰ এই টুইটৰ আধাৰত কেইবাটাও সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰে। কিন্তু এই টুইট ভাইৰেল হোৱাৰ পিছত সাংবাদিক আৰু লেখককে ধৰি কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে টুইটাৰত তেওঁৰ এই দাবী খণ্ডন কৰে ।

প্ৰকৃত তথ্য

অস্কাৰৰ বাবে ৰিমাইন্ডাৰ লিষ্ট আৰু চৰ্টলিষ্টৰ মাজৰ পাৰ্থক্যক লৈ বিভ্ৰান্তিৰ বাবেই এই দাবী উত্থাপন হৈছে । ৬ জানুৱাৰীত একাডেমীয়ে অস্কাৰত অন্তৰ্ভুক্ত হ’ব পৰা ছবিৰ তালিকা, ৰিমাইন্ডাৰ লিষ্ট প্ৰকাশ কৰে । আনহাতে চৰ্টলিষ্টত এনে ছবি সন্নিবিষ্ট কৰা হয় যিবোৰে একাডেমীৰ সদস্যসকলে ভোটদান কৰাৰ পাছত পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব পাৰে । ৯ জানুৱাৰীত একাডেমীৰ ৱেবছাইটত প্ৰকাশিত এটা বাতৰিত ব্যাখ্যা কৰা হৈছে যে ১১খন ভাৰতীয় ফিছাৰ ফিল্মকে ধৰি ৩০১খন ছবিয়ে বিবেচনাযোগ্য প্ৰডাকচনৰ তালিকাত স্থান লাভ কৰিছে। ৰিমাইন্ডাৰ লিষ্টত অভিনয়ৰ শিতানত বিবেচনাৰ বাবে যোগ্য অভিনেতাসকলো অন্তৰ্ভুক্ত কৰা হৈছে । 'দ্য কাশ্মীৰ ফাইলছ' ৰিমাইন্ডাৰ লিষ্টত আছে যদিও ই চৰ্টলিষ্টত স্থান লাভ কৰা নাই ।

একাডেমীয়ে ১০টা শিতানত চৰ্টলিষ্ট কৰা ছবিৰ তালিকা প্ৰকাশ কৰে । এই তালিকাত চাৰিখন ভাৰতীয় চিনেমা আছে - আন্তঃৰাষ্ট্ৰীয় ফিচাৰ শিতানত 'চেলো শ্ব', তথ্যচিত্ৰৰ ফিচাৰ শিতানত 'অল ডেট ব্ৰেথছ', তথ্যচিত্ৰ চুটি ছবি শিতানত 'দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ', আৰু সংগীত (অৰিজিনেল গীত) শাখাত এছ এছ ৰাজামৌলিৰ 'আৰ আৰ আৰ'ৰ 'নাটু নাটু' গীতটো । এই তালিকাত 'দ্য কাশ্মীৰ ফাইলছ' নাছিল।

গতিকে অগ্নিহোত্ৰীৰ এই দাবী বিভ্ৰান্তিকৰ । কাশ্মীৰ ফাইলছক ৯৫ সংখ্যক একাডেমী বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হোৱা নাই, লগতে ছবিখনৰ অভিনেতাসকলকো নিজ নিজ শিতানত চৰ্টলিষ্ট কৰা হোৱা নাই । তদুপৰি অগ্নিহোত্ৰীয়ে মাত্ৰ পাঁচখন ভাৰতীয় ছবিয়ে এই তালিকাত স্থান লাভ কৰিছে বুলি কৰা দাবী মিছা । মুঠ ১১খন ভাৰতীয় ফিচাৰ ছবিয়ে ৩০১খন ছবিৰ যোগ্যতা তালিকাত স্থান লাভ কৰিছে, আৰু ভাৰতৰ দুখন তথ্যচিত্ৰও একাডেমীৰ চৰ্টলিষ্টত প্ৰতিদ্বন্দ্বিতা কৰিছে । ১২ জানুৱাৰীৰ পৰা অস্কাৰৰ বাবে মনোনয়নৰ ভোটদান আৰম্ভ হ’ব, আৰু ২৪ জানুৱাৰীত ঘোষণা কৰা হ’ব মনোনয়নৰ তালিকা । ১২ মাৰ্চত হলিউডত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান ।

সিদ্ধান্ত

'দ্য কাশ্মীৰ ফাইলছ' আৰু ইয়াৰ অভিনেতাসকলে নিজ নিজ শাখাত ২০২৩ চনৰ অস্কাৰৰ বাবে চৰ্টলিষ্ট হোৱা নাই । ভাৰতীয় আন ১০ খন ফিচাৰ ছবিৰ লগত এই ছবিখনে ৯৫ সংখ্যক একাডেমী বঁটাৰ বাবে যোগ্য ছবিৰ ৰিমাইন্ডাৰ লিষ্টত স্থান লাভ কৰিছে । সেয়েহে আমি দাবীটোক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।