২০১৯ চনৰ ভিডিঅ’ দক্ষিণ আমেৰিকাত দৃশ্যমান ২০২৪ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্য হিচাপে ভাইৰেল

লেখক: চন্দন বৰগোহাঁই
এপ্ৰিল 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৯ চনৰ ভিডিঅ’ দক্ষিণ আমেৰিকাত দৃশ্যমান ২০২৪ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্য হিচাপে ভাইৰেল

২০১৯ চনৰ ভিডিঅ’ দক্ষিণ আমেৰিকাত দৃশ্যমান ২০২৪ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্য হিচাপে প্ৰচাৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীনশ্বট । (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এই ভাইৰেল ক্লিপটো শেহতীয়াকৈ ২০২৪ চনৰ ৮ এপ্ৰিলত সংঘটিত হোৱা সূৰ্যগ্ৰহণৰ পূৰ্বৰ হয় আৰু ২০১৯ চনৰ ৩ জুলাইৰ পৰা অনলাইন যোগে উপলব্ধ আছিল ।

ক্লেইম আইডি 69f81a83

দাবী কি?

২০২৪ চনৰ ৮ এপ্ৰিলত ঘটা সম্পূৰ্ণ সূৰ্যগ্ৰহণ, এক বিৰল পৰিঘটনা, য’ত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে ঢাকি পেলায়। উল্লেখযোগ্য যে ইয়াৰ 'পাথ অফ ট'টেলিটি' উত্তৰ আমেৰিকায়েদি পাৰ হৈ যায় ফলত আমেৰিকা, মেক্সিকো আৰু কানাডাৰ বিভিন্ন অঞ্চলৰ লাখ লাখ লোকে ইয়াৰ দৰ্শন লাভ কৰে । ইয়াৰ পিছতে দক্ষিণ আমেৰিকাৰ পৰা দৃশ্যমান হোৱা এই শেহতীয়া সূৰ্যগ্ৰহণৰ দৃশ্য বুলি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈ পৰিছে।

৮ এপ্ৰিলত ব্ৰিটেইনৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে প্লেটফৰ্মত ভিডিঅ'টো ৰিল হিচাপে শ্বেয়াৰ কৰি লিখিছিল, "সৌৰগ্ৰহণ ৮ এপ্ৰিল ২০২৪। স্থান: দক্ষিণ আমেৰিকা।"

একে দাবীৰে এই ভিডিঅ’টো অসমীয়াতো শ্বেয়াৰ কৰা হৈছে। তেনে এটা ফেচবুক পোষ্ট ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ফেচবুক পোষ্ট এটাৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে এই ভাইৰেল ক্লিপটো শেহতীয়া সূৰ্যগ্ৰহণৰ পূৰ্বৰ হয়। ২০১৯ চনৰ ২ জুলাইৰ পৰা ই অনলাইন যোগে উপলব্ধ আছে আৰু বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা মতে ইয়াত চিলিৰ লা চেৰেনাত বন্দী হোৱা ২০১৯ চনৰ চিলিৰ সূৰ্যগ্ৰহণ দেখা গৈছে।

৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণ দক্ষিণ আমেৰিকাৰ পৰা দেখা গৈছিল নেকি?

৮ এপ্ৰিলৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ আমেৰিকাৰ মেক্সিকো, আমেৰিকা আৰু কানাডাৰ কিছু অংশৰ পৰা দেখা গৈছিল। ১৮৫ কিলোমিটাৰ বহল (১১৫ মাইল বহল) বেণ্ডটোত দক্ষিণ আমেৰিকাৰ কোনো দেশ অন্তৰ্ভুক্ত হোৱা নাছিল।

আমি আৰু কি বিচাৰি পালোঁ?

ইয়াৰ পিছত আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে ব্ৰহ্মাণ্ডবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত বিষয়বস্তু শ্বেয়াৰ কৰা ‘Space & Time’ নামৰ ফেচবুক পেজ এটাই ২০১৯ চনৰ ৩ জুলাইত একেটা ভিডিঅ’ আপলোড কৰিছিল। কেপচন অনুসৰি ভিডিঅ’টোত ২০১৯ত চিলিৰ পৰা দৃশ্যমান হোৱা সূৰ্যগ্ৰহণ দেখা গৈছে । 

ইয়াৰ পৰা এটা ইংগিত লৈ আমি চিলিৰ এটা অলাভজনক সংস্থা মাৰ্কা চিলিৰ এক্স একাউণ্টত (পূৰ্বৰ টুইটাৰ)ত এটা ভিডিঅ’ পাইছিলোঁ। ভিডিঅ'টোত ২০১৯ চনৰ জুলাই মাহত চিলিত দৃশ্যমান হোৱা সূৰ্যগ্ৰহণৰ কিছু দৃশ্য দেখা গৈছে বুলি কোৱা হৈছে । ভিডিঅ'টোৰ ০০:০০ৰ পৰা ০০:১৭ বজালৈকে ভাইৰেল ক্লিপটোত স্পেনিছ ভাষাত লিখা আছে, "২ জুলাই, মঙলবাৰে উত্তৰ চিলিয়ে এক অনন্য মুহূৰ্তৰ অভিজ্ঞতা লাভ কৰিলে।" মাৰ্কা চিলিয়ে এই ভিডিঅ’টোৰ ক্ৰেডিট ইনষ্টাগ্ৰামৰ এজন ব্যৱহাৰকাৰী ‘@brandon_gallardoo’ক দিয়ে।

২০১৯ চনৰ ৫ জুলাইত শ্বেয়াৰ কৰা মাৰ্কা চিলিৰ এই পোষ্টটোৰ কেপচনত লিখা আছে, "আপুনি এই সূৰ্যগ্ৰহণক পুনৰ অনুভৱ কৰিব বিচাৰেনে? এইবোৰ হৈছে এই পৰিঘটনাটোৰ আমাৰ অনুগামীসকলে বন্দী কৰা কিছুমান ছবি।"

আমি ৫ জুলাই, ২০১৯ৰ এক ইউটিউব ভিডিঅ’ও পাইছিলোঁ, যিটোৰ ভাইৰেল ক্লিপত দেখা পোৱা সূৰ্যগ্ৰহণৰ সৈতে মিল আছে। শিৰোনাম আৰু বৰ্ণনা অনুসৰি ইয়াত ২০১৯ চনৰ ২ জুলাইত লা চেৰেনাত হোৱা সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ পৰিঘটনা দেখুওৱা হৈছে। ইয়াৰ উপৰিও ইয়াত লগতে কোৱা হৈছে যে সম্পূৰ্ণ সূৰ্যগ্ৰহণটো ২ মিনিট ১৫ ছেকেণ্ডৰ বাবে ৪:৩৯ বজাত দেখা গৈছিল ।

 

একেধৰণৰ ভিজুৱেলৰ আন এটা ইউটিউব ভিডিঅ’ও ২০১৯ চনৰ জুলাই মাহত চিলিৰ লা চেৰেনাৰ পৰা দৃশ্যমান হোৱা সূৰ্য্যগ্ৰহনৰ দৃশ্য বুলি উপস্থাপন হোৱা দেখা গ'ল।

দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি ২০১৯ চনৰ ২ জুলাই তাৰিখে চিলিৰ লা চেৰেনাৰ পৰা আৰ্জেণ্টিনাৰ ছান জুয়ানলৈকে চহৰত বাস কৰা লাখ লাখ লোকে সূৰ্যগ্ৰহণৰ সাক্ষী হৈছিল। প্ৰতিবেদনত আৰু কোৱা হৈছে যে দক্ষিণ আমেৰিকাৰ লা চেৰেনাত সবাটোতকৈ প্ৰথমে ৪:৩৮ বজাত সম্পূৰ্ণ সূৰ্য্য গ্ৰহণ দৃশ্যমান হৈছিল আৰু এই দৃশ্য চাবলৈ ৩ লাখতকৈ অধিক লোক সমবেত হৈছিল।

আমি অনলাইন যোগে উপলব্ধ ভাইৰেল ক্লিপটোৰ আটাইতকৈ পুৰণি সংস্কৰণসমূহ ২০১৯ চনৰ ৩ জুলাইত পোষ্ট কৰা পালোঁ। ইয়াৰ আগ দিনা, ২ জুলাইত চিলিৰ লা চেৰেনা এক সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সাক্ষী হৈছিল। অৱশ্য, ভাইৰেল ক্লিপটোত এই দৃশ্য দেখা গৈছে নে নাই আমি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নাছিলো কিন্তু যিহেতু ভাইৰেল ক্লিপটো ২০২৪ চনৰ ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ আগৰ বুলি স্পষ্ট হৈ পৰিছে, ইয়াৰ সৈতে শেহতীয়া সূৰ্যগ্ৰহণৰ কোনো সম্পৰ্ক নাই বুলি আমি নিশ্চিত ভাৱে কব পাৰোঁ ।

সিদ্ধান্ত

ভাইৰেল ক্লিপটোত সঁচাকৈয়ে এক সূৰ্যগ্ৰহণ দেখা গৈছে যদিও আমি অনলাইন যোগে পোৱা ভাইৰেল ক্লিপটোৰ আটাইতকৈ পুৰণি সংস্কৰণটো স্পষ্টভাৱে শেহতীয়াকৈ ২০২৪ চনৰ ৮ এপ্ৰিলত হোৱা সূৰ্যগ্ৰহণৰ পূৰ্বৰ হয়।সেয়েহে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।