বিবিচি'ৰ ২০২৪ৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন সম্পৰ্কীয় ভৱিষ্যদ্বাণী বুলি ২০১৯ চনৰ ভিডিঅ’ প্ৰচাৰ

লেখক: সোহম শ্বাহ
মে’ 31 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিবিচি'ৰ ২০২৪ৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন সম্পৰ্কীয় ভৱিষ্যদ্বাণী বুলি ২০১৯ চনৰ ভিডিঅ’ প্ৰচাৰ

বিবিচিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এনডিএয়ে ৩৪৭খন আসন পাব বুলি ভৱিষ্যদ্বাণী কৰিছে বুলি দাবী কৰা পোষ্ট। (উৎস:X)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভাইৰেল ক্লিপটোত বিবিচি’ৰ এজন এংকৰে ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ লাইভ ফলাফল ঘোষণা কৰা দেখা গৈছে।

ক্লেইম আইডি 7446571a

দাবী কি?

চলি থকা ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে ৩৪৭খন আসন, আনহাতে কংগ্ৰেছ আৰু মিত্ৰশক্তিয়ে ৮৭ খন আসন লাভ কৰিব বুলি দাবী কৰা বিবিচিৰ এটা বাতৰিৰ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । 

ভিডিঅ'টোত এংকৰজনে কয়, "কেইমিনিটমান আগৰলৈকে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰসকল বহু দূৰ আগবাঢ়ি আছে। ৩৪৭খন আসন, স্পষ্ট সংখ্যাগৰিষ্ঠতা। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে পিছ পৰি আছে, ৮৭খন আসনত।" এই ভিডিঅ’টো বিবিচিৰ নিৰ্বাচনৰ এক্সিট প’ল বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে ।

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ’ব, আৰু ৪ জুনত ফলাফল ঘোষণা কৰা হ’ব।

তেনে এটা পোষ্ট Xত প্ৰচাৰ কৰা হৈছে এই দাবীৰে, "(অনুবাদ) এতিয়া আনকি বিবিচিয়েও মোডীৰ বাবে ৩৪৭খন আসনৰ ভৱিষ্যদ্বাণী কৰিছে। অন্ততঃ ৪ জুনলৈকে তেওঁলোকক উপভোগ কৰিবলৈ দিয়া উচিত আছিল..."

ভিডিঅ'টোত আৰু লিখা আছে "আপোনাক ধ্বংস হওক বিবিচি, আমি আপোনাৰ দৰে বুটলিকাৰৰ সপোনতো ৰাহুলক পিএম হ'বলৈ নিদিওঁ। অন্ততঃ ৪ জুনলৈকে উপভোগ কৰিবলৈ দিয়া উচিত আছিল"।

এনে পোষ্টৰ আৰ্কাইভ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

বিবিচিৰ ভৱিষ্যদ্বাণী ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে জড়িত বুলি দাবী কৰা পোষ্টসমূহ। (উৎস:X)

অৱশ্যে আমি দেখিলোঁ যে এই ক্লিপটো পুৰণি হয় আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা সময়ৰ হয়।

সত্য কি?

গুগল চাৰ্চ ব্যৱহাৰ কৰি আমি বিবিচি নিউজৰ ইউটিউব চেনেলত ভিডিঅ'টোৰ এটা বৰ্ধিত সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) পাইছিলোঁ, যিটো ২০১৯ চনৰ ২৩ মে'ত পোষ্ট কৰা হৈছিল, যাৰ শিৰোনাম আছিল "ভাৰত নিৰ্বাচনৰ ফলাফল ২০১৯: নৰেন্দ্ৰ মোদীৰ বিৰাট জয় - বিবিচি নিউজ"। ভাইৰেল ক্লিপটো এই ভিডিঅ'টো ০:০৩ত চাব পাৰিব।

ভিডিঅ’টোত উপস্থাপকগৰাকীয়ে লোকসভা নিৰ্বাচনৰ লাইভ ফলাফল ঘোষণা কৰিছে, যাৰ গণনা ২০১৯ চনৰ ২৩ মে’ত হৈছিল। এই প্ৰসংগত তেওঁ কয় যে বিজেপি আৰু মিত্ৰশক্তিয়ে ৩৪৭খন আসন লাভ কৰিছে, আৰু কংগ্ৰেছ আৰু মিত্ৰশক্তিয়ে ৮৭খন আসন লাভ কৰিছে ।

২০১৯ চনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ৩৫৩খন আসন লাভ কৰাৰ বিপৰীতে দলটোৱে নিজেই ৩০৩খন আসন লাভ কৰিছিল। ইফালে কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সে ৯১খন আসন লাভ কৰাৰ বিপৰীতে দলটোৱে ৫২খন আসন লাভ কৰে।

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভিডিঅ’টোত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কোনো মতামত বা এগজিট প’ল নহয়। দৰাচলতে চলি থকা নিৰ্বাচনৰ উপলক্ষে নিৰ্বাচন আয়োগে ২০২৪ চনৰ ৬ এপ্ৰিলৰ পৰা 

১ জুনৰ সন্ধিয়া ৬.৩০ বজালৈ এক্সিট প’ল নিষিদ্ধ কৰিছে। 

সিদ্ধান্ত

আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো। বিবিচিয়ে ২০১৯ চনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। চলি থকা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই, আৰু বিবিচিয়ে এনে কোনো ভৱিষ্যদ্বাণী কৰা নাই।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।