নাহৰফুটুকীৰ আক্ৰমণৰ এই ভিডিঅ’টো যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ, ডেহৰাডুনৰ নহয়

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 নাহৰফুটুকীৰ আক্ৰমণৰ এই ভিডিঅ’টো যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ, ডেহৰাডুনৰ নহয়

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এই ভিডিঅ’টো ডেহৰাডুনৰ নহয় বৰঞ্চ এইটো অসমৰ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ভিডিঅ’ হয় ।

ক্লেইম আইডি ea831acf

পৃষ্ঠভূমি

শেহতীয়াকৈ ডেহৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠান (Forest Research Institute - FRI)য়ে একাধিকবাৰ নাহৰফুটুকী বাঘ দৃশ্যমান হোৱাৰ বাবে শিৰোনাম দখল কৰিছে। 'টাইমছ অৱ ইণ্ডিয়া'ৰ ২০২২ চনৰ, ডিচেম্বৰৰ এক প্ৰতিবেদন অনুসৰি নাহৰফুটুকী বাঘৰ এটা পৰিয়াল প্ৰতিষ্ঠানটোত বহুবাৰ দেখা যোৱাৰ বাবে ২০২২ চনৰ ২৯ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১৫ জানুৱাৰীলৈকে FRIয়ে ‘বন্ধ’ ঘোষণা কৰিবলগীয়া হৈছিল । 'টাইমছ অৱ ইণ্ডিয়া'ৰ ২০২৩ চনৰ ৯ জানুৱাৰীৰ আন এক প্ৰতিবেদনত পৰিস্থিতিৰ এক আপডেট প্ৰদান কৰি উল্লেখ কৰা হয় যে প্ৰতিষ্ঠানটো এতিয়া আংশিকভাৱে মুকলি কৰা হৈছে, কিন্তু দিনৰ ভাগত আৰু মূল ট্ৰেক আৰু বিল্ডিঙতহে দৰ্শনাৰ্থীৰ অনুমতি দিয়া হৈছে ।

এই প্ৰসংগত ২০২২ চনৰ ৩০ ডিচেম্বৰত ফেচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল, য’ত ডেহৰাডুনৰ FRIত নাহৰফুটুকীৰ আক্ৰমণ দেখা গৈছে বুলি দাবী কৰা হৈছিল । ভিডিঅ’টোত নাহৰফুটুকীটোৱে বেৰৰ ওপৰেৰে জপিয়াই এখন গাড়ীক আক্ৰমণ কৰাৰ পাছত পলায়ন কৰে। পোষ্টটোত মানুহক সাৱধান হ’বলৈ সকীয়াই দিয়া হৈছে আৰু সঘনাই নাহৰফুটুকীৰ আক্ৰমণৰ বাবে ১৫ দিন ধৰি FRI বন্ধ ৰখাৰ কথা উল্লেখ কৰা হৈছে । আচলতে, এই ভিডিঅ’টো আন এক ঘটনাৰ হে হয় ।

প্ৰকৃত তথ্য

ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ ফলত আমি দেখিলোঁ যে একেটা ক্লিপকে ২০২২ চনৰ ২৭ ডিচেম্বৰত হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনৰ অংশ হিচাপে প্ৰকাশ কৰা হৈছিল । প্ৰতিবেদন অনুসৰি, ভিডিঅ’টোত অসমৰ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ( Rainforest Research Institute - RFRI)ত এক নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনা দেখা গৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে একেটা নাহৰফুটুকীৰ আক্ৰমণৰ ফলত ২৪ ঘণ্টাত তিনিজন বন বিষয়াসহ কমেও ১৩ জন লোক আহত হয় ।

ৰিভাৰ্ছ ইমেজ ছাৰ্চৰ ফলত 'ইণ্ডিয়া টুডে এন ই'ৰ আন এটা বাতৰিও বিচাৰি পোৱা গ’ল, য’ত ক্লিপটোৰ এক দীঘলীয়া সংস্কৰণ আছিল । ২০২২ চনৰ ২৬ ডিচেম্বৰত প্রকাশিত প্রতিবেদনটোত উল্লেখ কৰা হৈছে যে, যোৰহাটৰ চটাই অঞ্চলৰ এটা পৰিয়ালক পুৱা প্রথমে নাহৰফুটুকীটোৱে আক্রমণ কৰিছিল৷ পিছত পলাবলৈ চেষ্টা কৰোঁতে এখন যাত্ৰীবাহী বাহনৰ ওপৰত বাঘটো জপিয়াই পৰে যি ভাইৰেল ক্লিপত দেখা যায় । ক্লিপটোত নাহৰফুটুকীটোৱে আন এখন বাহনৰ ভিতৰৰ পৰা জপিয়াই ওলাই অহাৰ সময়তে বিষয়াসকলে গুলীচালনা কৰাও দেখা গৈছে ।

ইয়াৰ পৰা ইংগিত লৈ আমি কীৱৰ্ড চাৰ্চ কৰি গম পালোঁ যে অসমত বাস কৰা আৰু সংবাদ সংস্থা ANIত কৰ্মৰত সাংবাদিক হেমন্ত কুমাৰ নাথে ২০২২ চনৰ ২৬ ডিচেম্বৰত একেটা ভিডিঅ’ টুইটাৰত আপলোড কৰিছিল । তেওঁ কেপচনত উল্লেখ কৰিছে যে ঘটনাটো অসমৰ যোৰহাটৰ আৰু নাহৰফুটুকীটোৱে ১৩ জন লোক আহত কৰিছে । ভিডিঅ’টোত অসমীয়া ভাষাত কথা পতা মানুহৰ কথাও আমি শুনিব পাৰিলোঁ আৰু ভিডিঅ’টো অসমৰ বুলি নিশ্চিত হলো ।

এই ঘটনা সন্দৰ্ভত এটা আঞ্চলিক চেটেলাইট চেনেল ডিৱাই৩৬৫ৰ ফেচবুক পেজত প্ৰকাশিত এটা বাতৰিও আমি দেখা পালোঁ । ভিডিঅ’ ৰিপ’ৰ্টত উল্লেখ কৰা হৈছে যে নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনাটো যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সংঘটিত হৈছিল, আৰু আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।

সিদ্ধান্ত

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা নাহৰফুটুকীৰ আক্ৰমণৰ ভিডিঅ’টো অসমৰ যোৰহাটত অৱস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ হয় আৰু ডেহৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ নহয় । প্ৰায় একে সময়তে প্ৰতিষ্ঠান দুটাত নাহৰফুটুকী আক্ৰমণ সংঘটিত হৈ থকাৰ সময়তে শ্বেয়াৰ কৰা ভিডিঅ’টো অসমৰ এক ঘটনাৰ । সেয়েহে আমি দাবীটোক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।