ৰামায়ণৰ ওপৰত ৰাহুল গান্ধীৰ মন্তব্যৰ অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল হৈছে

লেখক: চন্দন বৰগোহাঁই
আগষ্ট 18 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰামায়ণৰ ওপৰত ৰাহুল গান্ধীৰ মন্তব্যৰ অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল হৈছে

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ৰাহুল গান্ধীয়ে লোক সভাত ৰামায়ণৰ ভূল বাখ্য়া দিয়া বুলি মিছাকৈ প্ৰতিপন্ন কৰাৰ উদ্দেশ্য়ে এই ভিডিঅ'টো প্ৰসংগ সংগতিবিহীনভাৱে শ্বেয়াৰ কৰা হৈছে।

ক্লেইম আইডি c1f98c7b

পৃষ্ঠভূমি

মণিপুৰত বৰ্তমান চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা ৯ আগষ্টত লোকসভাত ভাষণ প্ৰদান কৰে৷ ইয়াৰ পিছতে তেওঁৰ ভাষণৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই লোকসভাত ৰাহুল গান্ধীয়ে ৰামায়ণক লৈ ভুল মন্তব্য় কৰা বুলি দাবী কৰে। 

এক্স (X) (পূৰ্বতে টুইটাৰ)-ত শ্বেয়াৰ কৰা, লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দেখা পোৱা এটা ভিডিঅ’ৰ বেকগ্ৰাউণ্ডত  ৰাহুল গান্ধীয়ে "ভাই-ভনীসকল, হনুমানে লংকাত জুই লগোৱা নাছিল" (হিন্দীৰ পৰা অনুবাদ কৰা) বুলি কোৱা শুনিবলৈ পোৱা যায়। ভিডিঅ'টোৱে ১,৫৩,০০০ৰো অধিক দৰ্শন আৰু ৫০০ৰো অধিক ৰিপোষ্ট লাভ কৰিছে।

ভিডিঅ'টো Xত ব্য়াপকভাৱে শ্বেয়াৰ কৰা হৈছে (উৎস: X/@MrSinha/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবী মিছা, ভাইৰেল ভিডিঅ’টো ক্ৰপ কৰাৰ উপৰিও তাক প্ৰসংগ সংগতিবিহীনভাৱে শ্বেয়াৰ কৰা হৈছে।

প্ৰকৃত তথ্য়

আমি ইউটিউবত ৰাহুল গান্ধীয়ে সংসদত দিয়া ভাষণটো বিচাৰি চাওঁ আৰু তেওঁৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা ৩১:০৪ দৈৰ্ঘ্য়ৰ ভিডিঅ’ এটা লাভ কৰোঁ। ভিডিঅ’টোৰ শিৰোনাম -“भाजपा ने मणिपुर में भारत माता की हत्या की है | Rahul Gandhi Full Parliament Speech” (মণিপুৰত বিজেপিয়ে ভাৰত মাতৃক হত্যা কৰিলে | ৰাহুল গান্ধীৰ সম্পূৰ্ণ সংসদ ভাষণ)।" 

ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ ইউটিউবত উপলব্ধ (উৎস: ইউটিউব/ৰাহুল গান্ধী)

সম্পূৰ্ণ ভিডিঅ’টো চালে গান্ধীয়ে সংসদত প্ৰদান কৰা ভাষণত কি প্ৰসংগত ৰামায়ণৰ কথাখিনি কৈছিল সেয়া গম পোৱা যায়। ভিডিঅ’টোৰ প্ৰায় ২৯:৫৭ মিনিটত গান্ধীয়ে এইদৰে কয় - “ৰাৱণে আগতে মেঘনাদ আৰু কুম্বকৰণ নামৰ দুজন মানুহৰ কথা শুনিছিল। একেদৰে নৰেন্দ্ৰ মোদীয়ে দুজন ব্যক্তিৰ কথা শুনে অমিত শ্বাহ আৰু আদানী।” 

ইয়াৰ পাছত তেওঁ আৰু কয়, “হনুমানে লংকাত জুই লগোৱা নাছিল। ৰাৱণৰ অহংকাৰেহে লংকাত জুই লগাইছিল৷” এইখিনিতে বিৰলাই গান্ধীৰ কথাৰ মাজত বাধা দিছিলি যদিও তেওঁ নিজৰ কথাখিনি কৈ যায়, “ৰামে ৰাৱণক হত্যা কৰা নাছিল; ৰাৱণৰ অহংকাৰেহে তেওঁক হত্য়া কৰিলে।” লংকাত হনুমানে জুই লগোৱা নাছিল আৰু ৰাৱণক ৰামে হত্যা কৰা নাছিল বুলি উল্লেখ কৰি গান্ধীয়ে বহুলভাৱে স্বীকৃত এই বিশ্বাসবোৰ খণ্ডন কৰা নাছিল, বৰঞ্চ তেওঁ উপমাহে দিছিল। 

গান্ধীৰ ভাষণ সংসদ টিভিৰ অফিচিয়েল ইউটিউব চেনেলতো উপলব্ধ। "ৰাহুল গান্ধীৰ মন্তব্য | অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা | ০৯ আগষ্ট, ২০২৩" শীৰ্ষক ৩৬:৫৮ মিনিটৰ ভিডিঅ'টোত ভাইৰেল ক্লিপটো ৩৫:৩০ টাইমষ্টাম্পত দেখা যায়। ইয়াৰ দ্বাৰা পুনৰ প্ৰমাণ হয় যে ক্লিপটো প্ৰসংগ সংগতিবিহীনভাৱে শ্বেয়াৰ কৰি গান্ধীয়ে লোকসভাৰ ভাষণত ৰামায়ণ সম্পৰ্কে ভুল মন্তব্য কৰিছিল বুলি দাবী কৰা হৈছিল। 

সিদ্ধান্ত

লোকসভাত ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ দীঘলীয়া সংস্কৰণে এইটো প্ৰমাণ কৰে যে ভাইৰেল ক্লিপটো প্ৰসংগ সংগতিবিহীনভাৱে শ্বেয়াৰ কৰি ৰামায়ণ সন্দৰ্ভত ভুল মন্তব্য কৰা বুলি দাবী কৰা হৈছে। সেয়েহে, আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।