ৰাহুল গান্ধীয়ে কংগ্ৰেছক 'বিভাজনকাৰী দল' বুলি কৈছিল নেকি? নহয়, এইটো এটা সম্পাদিত ভিডিঅ’

লেখক: মহম্মদ চলমান
মাৰ্চ 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে কংগ্ৰেছক 'বিভাজনকাৰী দল' বুলি কৈছিল নেকি? নহয়, এইটো এটা সম্পাদিত ভিডিঅ’

ৰাহুল গান্ধীয়ে কংগ্ৰেছক বিভাজনকাৰী দল বুলি কোৱা বুলি সম্পাদিত ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ'টোত, ৰাহুল গান্ধীয়ে বিজেপিকহে বিভাজনকাৰী দল আৰু কংগ্ৰেছক সকলোকে একত্ৰিত কৰা দল বুলি কৈছিল।

ক্লেইম আইডি 0d42d2db

কি দাবী কৰা হৈছে?

সম্প্ৰতি কংগ্ৰেছ নেতা ৰাহুল গান্ধী 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ত ব্যস্ত হৈ আছে। ছ’চিয়েল মিডিয়াত তেওঁৰ যাত্ৰা আৰু ভাষণৰ একাধিক ভিডিঅ' ভাইৰেল হৈ পৰিছে। একাংশ লোকে শ্বেয়াৰ কৰি থকা ১৭ ছেকেণ্ডৰ এনে এটা ভিডিঅ'ত তেওঁ কংগ্ৰেছ দলক ধৰ্ম, জাতি আৰু ৰাজ্যৰ মাজত বিভাজনৰ সৃষ্টি কৰা দল বুলি উল্লেখ কৰি বিজেপিক সকলোকে একত্ৰিত কৰা এটা দল বুলি মন্তব্য কৰা দেখা গৈছে।

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "চাওক যিটো সত্য হয় সেইটো মুখৰ পৰা ওলাই আহে।" পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। একেটা ভিডিঅ' ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা হৈছে, মূল ভিডিঅ'টোত ৰাহুল গান্ধীয়ে ইয়াৰ বিপৰীত কথাহে কৈছে।

আমি কি বিচাৰি পালোঁ? 

ভাইৰেল ভিডিঅ' ক্লিপটো চালে এইটো যে এটা সম্পাদিত ভিডিঅ’ হয় সেই কথা ধৰিব পাৰি।

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৪ চনৰ ২ মাৰ্চত ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ' লাভ কৰোঁ। উক্ত ভিডিঅ'টো ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ৰাজস্থানৰ পৰা মধ্য প্ৰদেশত প্ৰৱেশ কৰাৰ সময়ত মুৰেনাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ হয়, য'ত ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰিছিল।

মুঠ ৪৪ মিনিটৰ ভিডিঅ'টোৰ ২০ মিনিটত ৰাহুল গান্ধীক দেশৰ দুটা মতাদৰ্শ, ঘৃণা আৰু প্ৰেম, হিংসা আৰু অহিংসাৰ মাজৰ যুঁজৰ কথা উল্লেখ কৰা দেখা যায়। "এফালে বিজেপিৰ মানুহে এটা ধৰ্ম আৰু আন এটা ধৰ্মৰ মাজত বিভাজন আনিছে, এটা জাতি আৰু আন এটা জাতিৰ মাজত বিভাজন আনিছে, এখন ৰাজ্য আৰু আন এখন ৰাজ্যৰ মাজত বিভাজন আনিছে। আৰু আনহাতে, কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰি আছে।"

আমি কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইটত গৈ ৰাহুল গান্ধীৰ ভাষণৰ প্ৰতিলিপি পৰীক্ষা কৰিছিলো, য'ত সম্পূৰ্ণ একেখিনি কথা লিখা হৈছে। 

কংগ্ৰেছৰ ৱেবছাইটত উপলব্ধ ৰাহুল গান্ধীৰ ভাষণৰ কিছু অংশৰ স্ক্ৰীণশ্বট। (উৎস: কংগ্ৰেছ/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

আমাৰ অনুসন্ধানত এইটো কথা স্পষ্ট হয় যে ৰাহুল গান্ধীয়ে বিজেপিক ধৰ্ম, জাতি আৰু ৰাজ্যৰ মাজত বিভাজন সৃষ্টি কৰা দল হিচাপেহে উল্লেখ কৰিছিল, আৰু কংগ্ৰেছক সকলোকে লগত লৈ আগবাঢ়ি যোৱা এটা দল বুলি অভিহিত কৰিছিল। সেয়েহে, এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।