আলজেৰিয়াত ফুটবল ক্লাবৰ বিজয় উদযাপনৰ ভিডিঅ’ ইজৰাইলৰ গাজা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ

লেখক: ৰজনী কে জি
অক্টোবৰ 20 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আলজেৰিয়াত ফুটবল ক্লাবৰ বিজয় উদযাপনৰ ভিডিঅ’ ইজৰাইলৰ গাজা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ

আলজেৰিয়াৰ ভিডিঅ’ ইজৰাইলৰ গাজা আক্ৰমণৰ দৃশ্য় বুলি মিছাকৈ স্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত ২০২২-২৩ বৰ্ষৰ আলজেৰিয়ান ফুটবল টুৰ্ণামেণ্টত ফুটবল ক্লাব চি আৰ বেলুইজদাদৰ বিজয় উদযাপনত জ্বলোৱা আতচবাজীৰ দৃশ্য দেখা গৈছে।

ক্লেইম আইডি 26759d7c

পৃষ্ঠভূমি

হামাছৰ আক্ৰমণৰ প্ৰত্য়ুত্তৰত ইজৰাইলে গাজাৰ ওপৰত চলোৱা সামৰিক অভিযানৰ দৃশ্য দেখুওৱা বুলি মিছাকৈ দাবী কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰা এটা এক্স X (আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাব পাৰে) পোষ্টৰ কেপচনত লিখা আছে, ‘‘এয়া দেৱালীৰ আতচবাজী নহয়। এইয়া হৈছে হামাছৰ প্ৰতি ইজৰাইলৰ সঁহাৰি।ভাল কৰিছে....বৃহৎ প্ৰতিশোধ #IsraelUnderAttack #IndiaWithIsrael।” একাধিক ব্য়ৱহাৰকীয়ে একে দাবীৰে উক্ত ভিডিঅ’ আন ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো শ্বেয়াৰ কৰা দেখা গৈছে। ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াতো একেটা ভিডিঅ’ শ্বেয়াৰ কৰি একেধৰণৰ দাবী কৰা আমি দেখিবলৈ পাইছো। এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘‘গাজাষ্ট্ৰীপত ইজৰাইলৰ বোমাবৰ্ষণৰ এক মনোমোহা দৃশ্য।’’ একেখিনি কথা তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’টোৰ ওপৰত গ্ৰাফিক্স হিচাপেও দেখা যায়। ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা অসমীয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এইয়া সঁচা নহয়। ভিডিঅ’টোত ২০২৩ চনত আলজেৰিয়াৰ ফুটবল অনুৰাগীয়ে আলজেৰিয়াৰ ৰাজপথত আতচবাজী জ্বলাই উদযাপন কৰাহে দেখা গৈছে।

আমি কি বিচাৰি পালোঁ? 

গুগল ৰিভাৰ্চ ইমেজ চাৰ্চৰ জৰিয়তে, আমি ইউটিউবত ২০২৩ চনৰ ১৬ জুলাইত ব্যৱহাৰকাৰী @tnslm9829 দ্বাৰা এটা ‘শ্বৰ্ট’ ভিডিঅ' হিচাপে শ্বেয়াৰ কৰা একেটা ভিডিঅ' লাভ কৰোঁ। এই চুটি ক্লিপটো এতিয়া ভাইৰেল হোৱা ভিডিঅ'টোৰ সৈতে মিল আছে, আমি ভাইৰেল ভিডিঅ'টোত দেখা একেখন নীলা আৰু সেউজীয়া ৰঙৰ হৰ্ডিং দেখিবলৈ পাওঁ। এইটোৱে ইংগিত দিয়ে যে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ আগৰে পৰা এই ভিডিঅ'টো ইন্টাৰনেটত উপলব্ধ আছিল।

ভাইৰেল ভিডিঅ'টো আৰু ইউটিউব ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: X/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টোৰ বৰ্ণনাত ‘চিআৰবি’ বুলি আছিল। আমাৰ অনুসন্ধানৰ পৰা দেখা গ’ল যে চিআৰবি হৈছে আলজেৰিয়াৰ এছ’চিয়েচন ফুটবল ক্লাব যাক ‘চাবাব ৰিয়াধি ডি বেলুইজদাদ’ বা চিআৰ বেলুইজদাদ বুলিও কোৱা হয়।

আমাৰ অনুসন্ধানৰ পৰা দেখা গ’ল যে ২০২৩ চনৰ জুলাইত, চিআৰ বেলুইজদাদৰ জয়ৰ পিছত এক্সত একেধৰণৰ পোষ্ট শ্বেয়াৰ কৰা হৈছিল। একেধৰণৰ দৃশ্য় শ্বেয়াৰ কৰা এনে এটা পোষ্টত আমি এটা শংকু আকৃতিৰ গাঁথনি দেখিবলৈ পাওঁ আৰু গুগল আৰ্থ প্ৰ’ত কীৱৰ্ড চাৰ্চ আৰু ষ্ট্ৰীট ভিউ ব্যৱহাৰ কৰি আমি ইয়াক আলজিয়াৰ্ছৰ শ্বহীদ স্মৃতিসৌধ হিচাপে জিঅ'ল'কেট কৰোঁ। 

'আল্ট্ৰাচ ফেনাটিক ৰেডছ' নামৰ চিআৰ বেলুইজদাদৰ অফিচিয়েল ইউটিউব চেনেলটোৱে ২০২৩ চনৰ ১৯ জুলাইত আলজেৰিয়াৰ অনুৰাগীসকলৰ আতচবাজীৰ ৰঙা ৰঙে নিশাৰ আকাশ পোহৰাই তোলা এটা ভিডিঅ' প্ৰকাশ কৰিছিল। ভিডিঅ'টোৰ বৰ্ণনাত কোৱা হৈছে, "চিআৰ বেলুইজদাদৰ ৬১ তম বাৰ্ষিকী উদযাপন আৰু দশম আলজেৰিয়ান চেম্পিয়নশ্বিপ।" কাটাৰত অৱস্থিত এটা নিউজ ৱেবছাইট আল আৰবীৰ মতে, আলজেৰিয়াৰ দল চি আৰ বেলুইজদাদে ২০২৩ চনত ২০২২-২৩ বৰ্ষৰ আলজেৰিয়ান লিগ প্ৰফেচনেল ১ চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল। ক্লাবটোৱে একেৰাহে চতুৰ্থবাৰৰ বাবে চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল, আৰু সামগ্ৰিকভাৱে এইয়া তেওঁলোকৰ দশমটো বিজয় আছিল। 

তদুপৰি আলজেৰিয়াৰ অনুৰাগীসকলে ৰঙা ৰঙৰ আতচবাজী জ্বলোৱাটো ইয়াৰ পূৰ্বেও লক্ষ্য় কৰা গৈছিল বুলি ২০১৮ চনৰ ইয়াহু স্পৰ্টছৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনটোৰ মতে আলজেৰিয়াৰ অনুৰাগীয়ে বিজয়ৰ পিছত ষ্টেডিয়ামখন ৰঙা পোহৰ আৰু ধোঁৱাৰে ভৰাই তুলিছিল। 

এনে উদযাপনৰ একেধৰণৰ ভিডিঅ' ইউটিউবত মধ্যপ্ৰাচ্যৰ একাধিক সংবাদ মাধ্য়মে প্ৰকাশ কৰিছিল। এইসমূহৰ ভিতৰত য়াল্লাকোৰা (ইজিপ্তস্থিত এটা আৰবী ভাষাৰ ক্ৰীড়া পৰ্টেল), আলজেৰিয়া টুডে - আলজাজাইৰায়ুম (আলজেৰিয়াৰ এখন সংবাদ পত্ৰ), আৰু dzayerNewsالآنية و المصداقية (আলজেৰিয়াৰ এটা স্থানীয় সংবাদ সংস্থা) ইত্য়াদি।

ভাইৰেল ভিডিঅ’টোৰ জিঅ’লকেচন নিৰ্ণয়

আমি ভাইৰেল ভিডিঅ'টোত '@ramiguerfi41' নামৰ এগৰাকী ব্য়ৱহাৰকাৰীৰএটা টিকটক ৱাটাৰমাৰ্ক লক্ষ্য কৰিছিলো। অধিক অনুসন্ধানৰ পৰা আমি উক্ত ব্যৱহাৰকাৰীজনে ভিডিঅ'টো ডিলিট কৰা বুলি জানিব পাৰো, অৱশ্যে ৱেব কেচে দেখুৱাইছে যে এইটো এতিয়া ভাইৰেল হোৱা ভিডিঅ'টোৰ এক স্পষ্ট সংস্কৰণ আছিল। 

ভাইৰেল ভিডিঅ'টোৰ আৰম্ভণিতে, আমি এটা সৰু ঘূৰণীয়া পথ দেখিবলৈ পাওঁ যাৰ চাৰিওফালে ফুটপাথত কিছুমান গাড়ী ৰখাই থোৱা আছে। লজিকেলী ফেক্টছে এই অৱস্থানটো জিঅ’লকেট কৰিবলৈ সক্ষম হয় আৰু এইয়া আলজেৰিয়াৰ আলজিয়াৰ্ছৰ চিদি ম'হামেদ নামৰ ঠাইখিনি বুলি জানিব পাৰে। গুগল আৰ্থ প্ৰ' ব্যৱহাৰ কৰি, আমি ভাইৰেল ভিডিঅ'টোত দেখুওৱা অৱস্থানটো চিনাক্ত কৰিবলৈ সক্ষম হওঁ।

ভিডিঅ'টোত দেখা সৰু ঘূৰণীয়া পথ আৰু বিল্ডিংসমূহ গুগল আৰ্থত আলজেৰিয়াৰ বুলি জিঅ'লকেট কৰা হৈছে। (উৎস: X/গুগল আৰ্থ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এইটোৱে প্ৰমাণ কৰে যে বিজয় উদযাপনৰ দৃশ্য দেখুওৱা এই ভিডিঅ'বোৰ ইজৰাইলত নহয় বৰঞ্চ আলজেৰিয়াতহে লোৱা হৈছিল। 

সিদ্ধান্ত

ফুটবল ক্লাব চিআৰ বেলুইজদাদৰ অনুৰাগীসকলে আলজেৰিয়াত তেওঁলোকৰ দলৰ বিজয়ত আতচবাজীৰে আকাশ পোহৰাই তোলা ভিডিঅ’ ইজৰাইলে গাজা আক্ৰমণ কৰাৰ দৃশ্য বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। ইজৰাইল-হামাছৰ শেহতীয়া সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , ಕನ್ನಡ , Dansk

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।