নাগপুৰৰ সাংস্কৃতিক কেন্দ্ৰৰ ভিডিঅ’ অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য বুলি ভাইৰেল

লেখক: মহম্মদ চলমান
ছেপ্তেম্বৰ 22 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নাগপুৰৰ সাংস্কৃতিক কেন্দ্ৰৰ ভিডিঅ’ অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য বুলি ভাইৰেল

অযোধ্য়াৰ ৰাম মন্দিৰৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টো নাগপুৰৰ ভাৰতীয় বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰৰ প্ৰথম মহলাত থকা 'ৰামায়ণ দৰ্শনম হল'ৰ হয়, অযোধ্যাত নিৰ্মান হৈ থকা ৰাম মন্দিৰৰ নহয়।

ক্লেইম আইডি bd95c678

কি দাবী কৰা হৈছে?

উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। অহা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধন কৰা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য় যে ইয়াৰ নিৰ্মাণৰ বিভিন্ন দৃশ্য প্ৰায়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হয়। শেহতীয়াকৈ, নিৰ্মাণৰত অৱস্থাত থকা ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ' যথেষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ'টোত এটা প্ৰসাদৰ ভিতৰৰ এক ভব্য় দৃশ্য় দেখুওৱা হৈছে, য'ত হিন্দু দেৱ-দেৱীৰ ছবি, নক্সা অঁকা সোণালী দেৱাল আৰু ডাঙৰ ঝাৰবাতি দেখা গৈছে।

এক্স (X) (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুক ব্যৱহাৰকাৰীসকলে এই ভিডিঅ'টো অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰি শ্বেয়াৰ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে Xত ভিডিঅ'টো পোষ্ট কৰি কেপচনত লিখিছে, "শ্ৰী ৰাম মন্দিৰ অযোধ্যাৰ ভিতৰৰ দৃশ্য - অন্তিম পৰ্যায়ৰ কাম - চলি আছে।" (আৰ্কাইভড ভাৰ্ছন ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাওক)

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

একেটা ভিডিঅ’ৰ ওপৰত অসমীয়াত ‘‘ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য্য় অন্তিম পৰ্যায়ত’’ ‘‘ভাল লাগিছে যদি লিখক জয় শ্ৰী ৰাম’’ বুলি লিখি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ফেচবুকত এজন লোকে ৰীল আকাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত এইদৰে লিখিছে - ‘‘ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য্য অন্তিম পৰ্যায়ত। মন্দিৰৰ ভিতৰৰ এক মনোৰম দৃশ্য।’’ ইয়াত আৰ্কাইভড ভাৰ্ছনটো চাব পাৰে।  

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা অসমীয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে, আমাৰ অনুসন্ধানত ভাইৰেল ভিডিঅ'টো অযোধ্যাত নিৰ্মাণ কৰি কৰা ৰাম মন্দিৰৰ নহয়, বৰঞ্চ মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত ভাৰতীয় বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰৰ হে হয় বুলি পোহৰলৈ আহিছে।

প্ৰকৃত তথ্য়

ভাইৰেল ভিডিঅ'টো ভালদৰে চাওঁতে, আমি ইয়াত Nagpur Experience (নাগপুৰ এক্সপিৰিয়েঞ্চ) ইউটিউব চেনেলটো লিখি থোৱা দেখা পালোঁ। ইউটিউবত আমি এই চেনেলটো বিচাৰি চাওঁ আৰু ২০২৩ চনৰ ৪ জুলাইত চেনেলটোত এই ভিডিঅ'টো শ্বৰ্টছ হিচাপে আপলোড কৰা হৈছিল বুলি জানিব পাৰোঁ। ভিডিঅ'টোৰ শিৰোনাম অনুসৰি, এই ভিডিঅ'টো নাগপুৰৰ কোৰাডী মন্দিৰৰ হয়। 

আমি উক্ত চেনেলটোত কোৰাডী মন্দিৰৰ আন আন ভিডিঅ'ও পাইছিলো, যিবোৰৰ ভাইৰেল ভিডিঅ'টোৰ দৃশ্যৰ সৈতে মিল আছে। 

ভাইৰেল ভিডিঅ' আৰু ইউটিউব শ্বৰ্টছ ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক(বাওঁফালে)/ইউটিউব(সোঁফালে)/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও, 'নাগপুৰ ষ্টাইল ভ্লগ' নামৰ ইউটিউব চেনেলত সঠিক দৃশ্য দেখুওৱা এটা ভিডিঅ' পোৱা গৈছিল, য'ত সমগ্ৰ মন্দিৰ প্ৰাংগনৰ মাজেৰে ভিতৰৰ বিশাল দৃশ্য দেখুওৱা হৈছে। এই ভিডিঅ'টোত দিয়া তথ্য অনুসৰি, ভাৰতীয় বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰটো কোৰাডীৰ মহালক্ষ্মী জগদম্বা মন্দিৰ চৌহদত স্থাপন কৰা হৈছে। এই মন্দিৰটোক কোৰাডী মন্দিৰ বুলিও কোৱা হয়। ভিডিঅ'টোত ৭.১৪ মিনিটৰ সময়সীমাৰ পৰা, ভাইৰেল ভিডিঅ'টোত দেখুওৱাৰ দৰে ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা যায়। 

ভিডিঅ'টোৰ এটা ঠাইত দেখা গৈছে যে শ্ৰী ৰাম আৰু অন্যান্য দেৱ-দেৱীৰ চিত্ৰ অংকন কৰা ঠাইখিনিক "ৰামায়ণ দৰ্শনম" বুলি কোৱা হয়।

ভাইৰেল ভিডিঅ' আৰু ইউটিউব ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক(বাওঁফালে)/ইউটিউব(সোঁফালে)/স্ক্ৰীণশ্বট)

এই সন্দৰ্ভত অধিক অনুসন্ধানৰ কৰাত আমি কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন লাভ কৰোঁ। ২০২৩ চনৰ ৬ জুলাইত টিভি ৯ মাৰাঠীত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা মতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ উপস্থিতিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নাগপুৰৰ কৰোডীত বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰিছিল। ইয়াৰ উপৰিও কেন্দ্ৰটোৰ ভিতৰৰ একাধিক ছবিও প্ৰতিবেদনটোত প্ৰকাশ কৰা হৈছিল। 

নাগপুৰৰ ভাৰতীয় বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰৰ এখন ফটো। (উৎস: টিভি৯/স্ক্ৰীণশ্বট)

অনুসন্ধানৰ সময়ত আমি ভাৰতৰ ৰাষ্ট্ৰপতিৰ অফিচিয়েল X একাউণ্টৰ পৰা ২০২৩ চনৰ ৫ জুলাইত শ্বেয়াৰ কৰা এটা পোষ্ট লাভ কৰোঁ, পোষ্টটোৰ কেপচনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নাগপুৰৰ কোৰাডিত ভাৰতীয় বিদ্যা ভৱনৰ সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন কৰা বুলি কোৱা হৈছিল। উক্ত পোষ্টটোত, ৪ খন ছবি শ্বেয়াৰ কৰা হৈছে, ইয়াৰে এখন ফটো বহু কেইটা সংবাদ মাধ্যমৰ প্ৰতিবেদনতো ব্য়ৱহাৰ কৰাৰ লগতে ভাইৰেল ভিডিঅ'টোৰ এটা দৃশ্যৰ সৈতেও মিল আছে।

ভাইৰেল পোষ্ট আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ X পোষ্টৰ তুলনা (উৎস: ফেচবুক/ X/স্ক্ৰীণশ্বট)

আমি ভাৰতীয় বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰৰ অফিচিয়েল ৱেবছাইটোও চাইছিলো। ৱেবছাইটটোত উপলব্ধ তথ্য অনুসৰি, সাংস্কৃতিক কেন্দ্ৰটো কোৰাডী মন্দিৰ পথ পৰিসৰত অৱস্থিত, ইয়াৰ প্ৰথম মহলাত "ৰামায়ণ দৰ্শনম হল"টো আছে, এইটো এটা প্ৰদৰ্শনী কমপ্লেক্স হয় য'ত ভগৱান ৰামৰ সমগ্ৰ কাহিনী মনোৰম গ্ৰাফিটি আৰু তৈল চিত্ৰৰ জৰিয়তে বৰ্ণনা কৰা হয়। হলটোত শ্ৰী ৰামৰ জন্মৰ পৰা তেওঁৰ ৰাজ অভিষেকলৈকে ৰামায়ণৰ গুৰুত্বপূৰ্ণ ঘটনা চিত্ৰিত ১২০ খন মনোৰম চিত্ৰ প্ৰদৰ্শন কৰা হৈছে।

আনহাতে, দ্বিতীয় মহলাত "ভাৰত মাতা সদনম" আছে, যি স্বাধীনতা সংগ্ৰামী আৰু প্ৰতিৰক্ষা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াপ উপৰি ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈকে স্বাধীনতা সংগ্ৰামীসকলৰ বীৰত্বপূৰ্ণ সংগ্ৰামৰ দৃশ্য় দাঙি ধৰা ১১৫খন চিত্ৰও আছে। 

অনুসন্ধানৰ অন্তিম অংশত আমি যেতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত দৃশ্যবোৰ পৰীক্ষা কৰোঁ তেতিয়া আমি ২০২৩ চমৰ ১৪ ছেপ্টেম্বৰত ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক চম্পত ৰায়ৰ এটা X পোষ্ট লাভ কৰোঁ, য'ত গৰ্ভগৃহ, প্ৰৱেশ দ্বাৰ, প্ৰথম মহলাত চলি থকা নিৰ্মাণ আৰু খুঁটাসমূহ দেখুওৱা হৈছে, শিল্পীসকলে চালখন ঢাকি ৰখা শিলবোৰ কাটি থকা দেখা গৈছে। এই ভিডিঅ'টো চাই, এইটো সহজে অনুমান কৰিব পাৰি যে ৰাম মন্দিৰটো বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে আৰু ভাইৰেল ভিডিঅ'টো ৰাম মন্দিৰৰ নহয়।

অযোধ্য়া ৰাম মন্দিৰৰ এটা নিৰ্মিয়মান অংশ। (উৎস: X/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

আমাৰ অনুসন্ধানৰ পৰা এইটো স্পষ্ট হয় যে অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য বুলি ভাইৰেল হৈ থকা ভিডিঅ'টো প্ৰকৃততে নাগপুৰৰ ভাৰতীয় বিদ্যা ভৱন সাংস্কৃতিক কেন্দ্ৰৰ হে হয়। সেয়েহে, আমি উক্ত দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।