আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা বুলি দাবী কৰি ভুৱা ছবি প্ৰচাৰিত

লেখক: উম্মে কুলচুম
ফেব্ৰুৱাৰী 27 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা বুলি দাবী কৰি ভুৱা ছবি প্ৰচাৰিত

আগন্তুক লোকসভা নিৰ্বাচনৰ সময়সূচী বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

ভাৰতৰ নিৰ্বাচন আয়োগে এক বিবৃতি যোগে এই কথা স্পষ্ট কৰিছে যে এই পৰ্যন্ত নিৰ্বাচনৰ সময়সূচী সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

ক্লেইম আইডি 8adc7a7d

কি দাবী কৰা হৈছে?

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভোটদানৰ তাৰিখ, মনোনয়ন দাখিলৰ সময়সীমা, ভোট গণনাৰ তাৰিখকলৈ বিভিন্ন দাবী প্ৰচাৰ হৈ থকা দেখা গৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিৱৰণ” শীৰ্ষক চৰকাৰে জাৰি কৰা বিজ্ঞপ্তি সদৃশ এখন ছবি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিখনত উল্লেখ কৰা মতে অহা ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২২ মে’ত ফলাফল ঘোষণা কৰা হ’ব। ইয়াৰ উপৰি ২৮ মাৰ্চ মনোনয়ন দাখিলৰ দিন হিচাপে ভাইৰেল বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।  

এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত এই ধৰণৰ দাবীয়ে যথেষ্ট চৰ্চা লাভ কৰিছে। ভাইৰেল ছবিখন শ্বেয়াৰ কৰা এটা এক্স পোষ্টে এই প্ৰতিবেদন লিখাৰ সময়লৈকে ২,৮২,০০০ৰো অধিক ভিউ লাভ কৰিছে। এনেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

আগন্তুক লোকসভা নিৰ্বাচনৰ সময়সূচী বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেখন ফটো ফেচবুকত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে অসমীয়াত লিখিছে, ‘‘লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা।’’ আন এগৰাকী অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়ে ৰীল আকাৰে ভাইৰেল ফটোখন শ্বেয়াৰ কৰিছে। এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে।

নিৰ্বাচনৰ সময়সূচী বুলি দাবী কৰি শ্বেয়াৰ কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনকলৈ নিৰ্বাচন আয়োগে এই পৰ্যন্ত কোনো সময়সূচী প্ৰকাশ কৰা নাই। 

আমি কি বিচাৰি পালোঁ?

লজিকেলী ফেক্টছে ভাৰতৰ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত গৈ চাই দেখে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়সূচী সন্দৰ্ভত আয়োগে কোনোধৰণৰ অধিসূচনা, বিবৃতি বা প্ৰেছ বিজ্ঞপ্তি পোৱা জাৰি কৰা নাই। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হ’লে সেয়া নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ হ’লহেঁতেন। উক্ত তাৰিখসমূহ সঁচা হোৱা হ’লে চৰকাৰী বিবৃতি আৰু বাৰ্তা প্ৰকাশ কৰা ভাৰত চৰকাৰৰ নোডেল এজেন্সী প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পিআইবি)-এ প্ৰকাশ কৰিলেহেঁতেন। কিন্তু নিৰ্বাচনৰ সময়সূচীৰ সবিশেষ ভাৰত চৰকাৰৰ সৈতে জড়িত কোনো চৰকাৰী ৱেবছাইটত উপলব্ধ নহয়, ইয়াৰ দ্বাৰা ভাইৰেল ছবিখন যে ভুৱা সেয়া অনুমান কৰিব পৰা যায়। 

আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত গুগলত চাৰ্চ কৰোঁ যদিও কোনো এটা বিশ্বাসযোগ্য সংবাদ মাধ্যমত এনে কোনোধৰণৰ বাতৰি পোৱা নগ’ল।

তদুপৰি নিৰ্বাচন আয়োগে তেওঁলোকৰ অফিচিয়েল এক্স একাউণ্টত এক বিবৃতি জাৰি কৰি নিৰ্বাচনৰ সময়সূচী সন্দৰ্ভত প্ৰচাৰিত উক্ত ভাইৰেল দাবীৰ সত্যতা খণ্ডন কৰিছে। উক্ত বিবৃতিত এই দাবীক স্পষ্টভাৱে নস্যাৎ কৰাৰ লগতে ছ’চিয়েল মিডিয়াত নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা হিচাপে প্ৰচাৰিত ছবিখন ভুৱা বুলি কয়। 

নিৰ্বাচন আয়োগে সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব বুলিও পোষ্টটোত লগতে কোৱা হয়।

উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহতো ছ’চিয়েল মিডিয়াত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা সন্দৰ্ভত এখন পত্ৰ ভাইৰেল হৈ পৰিছিল, উক্ত পত্ৰ শ্বেয়াৰ কৰি একাংশই অহা ১৬ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব বুলি দাবী কৰিছিল। অৱশ্যে পিছত দিল্লীস্থিত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এক স্পষ্টীকৰণ যোগে সেয়া কোনো আনুষ্ঠানিক ঘোষণা নহয় বৰঞ্চ এক সম্ভাব্য তাৰিখ হে আছিল বুলি উল্লেখ কৰিছিল। এই সন্দৰ্ভত লজিকেলী ফেক্টছে প্ৰকাশ কৰা এক প্ৰবন্ধ ইয়াত পঢ়িব পাৰে।

সিদ্ধান্ত

ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই। ইণ্টাৰনেটত প্ৰচাৰিত ছবিখন ভুৱা হয়। 

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।