ভগৱান ৰাম আৰু ৰাম মন্দিৰৰ ছবি সম্বলিত ৫০০ টকীয়া নোটৰ ভুৱা আৰু সম্পাদিত ছবি ভাইৰেল

লেখক: উম্মে কুলচুম
জানুৱাৰী 18 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভগৱান ৰাম আৰু ৰাম মন্দিৰৰ ছবি সম্বলিত ৫০০ টকীয়া নোটৰ ভুৱা আৰু সম্পাদিত ছবি ভাইৰেল

৫০০ টকীয়া নোটৰ ভুৱা আৰু সম্পাদিত ছবি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

ছবিকেইখনত থকা বিসংগতিৰ পৰা এয়া ডিজিটেলভাৱে সম্পাদিত বুলি ধৰিব পাৰি। ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন কাগজী মুদ্ৰা মুকলি কৰাৰ বিষয়ে কোনোধৰণৰ ঘোষণা কৰা নাই।

ক্লেইম আইডি f1200439

কি দাবী কৰা হৈছে?

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ পূৰ্বে ছ’চিয়েল মিডিয়াত একাংশ লোকে ভগৱান ৰাম আৰু নিৰ্মীয়মাণ মন্দিৰৰ ছবি সম্বলিত এখন ৫০০ টকীয়া নোটৰ ছবি শ্বেয়াৰ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা ২২ জানুৱাৰীত এই নতুন নোট মুকলি কৰিব বুলি দাবী কৰে। 

এজন এক্স ব্যৱহাৰকাৰীয়ে ছবিকেইখন শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখিছে, “এইমাত্ৰ শুনিলো যে ২২ জানুৱাৰীত নতুন ৫০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হ’ব .. যদি সেয়া সঁচা হয় তেন্তে এটা সপোন পূৰণ হ’ব .. জয়শ্ৰী ৰাম।” আন এজন ব্যৱহাৰকাৰীয়ে ছবিকেইখন শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখিছে, “‘ৰাষ্ট্ৰৰ পিতা’ৰ পৰা ‘ৰাষ্ট্ৰৰ ভগৱান’লৈ স্নাতক! ২২/০১/২০২৪-ত নতুন ৫০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হব।” 

৫০০ টকীয়া নোটত মহাত্মা গান্ধী আৰু নতুন দিল্লীত অৱস্থিত লালকিল্লাৰ ছবিৰ ঠাইত ভগৱান ৰাম আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ ছবি থাকিব বুলি কৰা এই ফেচবুকতো যথেষ্ট ভাইৰেল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত , ইয়াত, আৰু ইয়াত পোৱা যাব ৷

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একাধিক লোকে একেধৰণৰ দাবীৰে ফেচবুকত অসমীয়া কেপচন ব্যৱহাৰ কৰি ফটোখন শ্বেয়াৰ কৰা দেখা গৈছে। তেনে এটা পোষ্টৰ কেপচনত লিখা আছে, ‘‘২২/০১/২০২৪ তাৰিখৰ পৰা দেশত প্ৰচলন হ'ব প্ৰভূ ৰাম প্ৰতীক থকা ৫০০ টকীয়া নোট।’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভাৰতত বেংকনোট চপা কৰা একমাত্ৰ কৰ্তৃপক্ষ আৰ বি আয়ে ৫০০ টকীয়া নোটত থকা ছবি সলনি কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই দাবী প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা ভাইৰেল ফটোখন ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে। 

প্ৰকৃত সত্য কি?

ভাইৰেল নোটখন ভালদৰে চালে কেইবাটাও বিসংগতি দেখা যায় যাৰ দ্বাৰা এয়া ডিজিটেলভাৱে সম্পাদিত ছবি বুলি ধৰিব পাৰি। ছবি দুখনত ভগৱান ৰাম আৰু মন্দিৰটোৰ চাৰিওফালে অলপ ব্লাৰ হৈ থকা যেন লাগে, ইয়াৰ দ্বাৰা অনুমান হয় যে নোটখনত থকা সেই অংশখিনি ব্লাৰ কৰি পিছত তাত ভগৱান ৰাম আৰু মন্দিৰৰ ছবি দুখন চুপাৰইম্প’জ কৰা হৈছে। আমি এইটোও দেখিবলৈ পালোঁ যে যদিও বাকী অংশখিনি কিছু ব্লাৰ কৰা হৈছে যদিও ৰামৰ ছবিখন আৰু তাৰ তলত থকা ‘শ্ৰী ৰামচন্দ্ৰ’ শব্দ দুটো যথেষ্ট স্পষ্ট। ইয়াৰ দ্বাৰা ছবি দুখন বৰ্তমানে প্ৰচলিত এখন ৫০০ টকীয়া নোটত ডিজিটেলভাৱে যোগ কৰা হৈছিল বুলি ধৰিব পাৰি।

৫০০ টকীয়া ভাইৰেল নোটখনত দৃশ্যমান বিসংগতি। (উৎস: এক্স)

আমি কিছুমান ভাইৰেল পোষ্টত ৫০০ টকীয়া নোটৰ ছবিখনৰ তলত বাওঁফালে “X raghunmurthy07” বুলি লিখা এটা ৱাটাৰমাৰ্ক দেখা পালোঁ। আমি “@raghunmurthy07” নামৰ এক্স একাউণ্টোৱে এটা ভাইৰেল পোষ্টত তেওঁ ৫০০ টকীয়া নোটখনত ৰামৰ ছবিখন লগাইছিল বুলি কমেণ্ট কৰা দেখা পাওঁ। “মহাশয় এই ফটোখন মই সম্পাদনা কৰিছো আৰু এয়া মোৰ কল্পনাহে অনুগ্ৰহ কৰি ভুল তথ্য প্ৰচাৰ নকৰিব (sic),” তেওঁ লিখিছিল। লজিকেলী ফেক্টছে ব্যৱহাৰকাৰীজনৰ সৈতে যোগাযোগ কৰাত তেওঁ আমাক জনাই যে ভাইৰেল ছবি দুখন সৃষ্টি কৰিবলৈ তেওঁ “পিকছআৰ্ট, লাইটৰূম, আৰু পিক্সেললেব ব্যৱহাৰ কৰিছিল”। এনেদৰে সম্পাদনা কৰা একাধিক ছবিও তেওঁ আমাৰ সৈতে শ্বেয়াৰ কৰিছিল।

লজিকেলী ফেক্টছে ভগৱান ৰাম আৰু ৰাম মন্দিৰৰ ছবি থকা নতুন ৫০০ টকীয়া নোট প্ৰৱৰ্তন সম্পৰ্কে ঘোষণা কৰা কোনো বিশ্বাসযোগ্য বাতৰি লাভ কৰা নাই। তদুপৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটতো ৫০০ টকীয়া নোটৰ পৰা মহাত্মা গান্ধী আৰু লালকিল্লাৰ ছবি সলনি কৰা সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে নতুন নোট প্ৰৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সাধাৰণতে আৰবিআইৰ ৱেবছাইটত বিবৃতি প্ৰকাশ কৰা হয়, কিন্তু ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত যোৱা ১৬ জানুৱাৰীত জাৰি থকা অন্তিমটো প্ৰেছ বিবৃতিত “মনি মাৰ্কেট অপাৰেচন”ৰ বিষয়ে কোৱা হৈছিল।

আৰবিআইৰ ৱেবছাইটৰ ‘ন’ ইউৰ নোটছ’ শিতানত থকা ৫০০ টকীয়া নোটৰ নিদৰ্শ ফটোত এতিয়াও আগফালে মহাত্মা গান্ধীৰ ছবি আৰু পিছফালে লালকিল্লাৰ ছবি দেখা যায়।

ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত উপলব্ধ ৫০০ টকীয়া নোটৰ নিদৰ্শ ফটোৰ স্ক্ৰীণশ্বট। (উৎস: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া)

ইয়াৰ উপৰিও মন কৰিবলগীয়া যে আৰবিআইয়ে প্ৰকাশ কৰা বিভাগীয় ছবিত নোটত ক’ড হিচাপে “০০০০০০” নম্বৰটো আছে, আনহাতে ভাইৰেল ছবিখনত “৬চিএম ৩০২ ৩৭৯” নম্বৰ লিখা আছে, ইয়াৰ দ্বাৰা এই নোটখন যে এখন ইতিমধ্যে প্ৰচলন হৈ থকা নোট সেইয়া গম পোৱা যায়।

আমি আৰবিআইৰ সংযোগ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক যোগেশ দয়ালৰ সৈতে যোগাযোগ কৰোঁ আৰু তেওঁ কয় যে নতুন কাগজী মুদ্ৰা প্ৰৱৰ্তনৰ বিষয়ে ৰিজাৰ্ভ বেংক অৱগত নহয়। 

সিদ্ধান্ত

ভগৱান ৰাম আৰু ৰাম মন্দিৰৰ ছবি সম্বলিত ৫০০ টকীয়া নোটৰ ছবিকেইখন ভুৱা হয়। ৫০০ টকীয়া নোটত থকা ছবিৰ সালসলনি বা নতুন কাগজী মুদ্ৰা প্ৰৱৰ্তন সম্পৰ্কে আৰবিআইয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। সেয়েহে আমি এই দাবীক ভুৱা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

(এই দাবীটো এবিপি নিউজে আমাৰ দৃষ্টিগোচৰ কৰিছিল)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।