ৰাহুল গান্ধীৰ শেহতীয়া ৱায়ানাড ৰেলীত 'মুছলিম লীগৰ পতাকা' উৰুৱা বুলি ২০১৯ চনৰ ক্লিপ প্ৰচাৰিত

লেখক: অংকিতা কুলকাৰ্ণী
এপ্ৰিল 15 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীৰ শেহতীয়া ৱায়ানাড ৰেলীত 'মুছলিম লীগৰ পতাকা' উৰুৱা বুলি ২০১৯ চনৰ ক্লিপ প্ৰচাৰিত

ছ'চিয়েল মিডিয়াত ৱায়ানাডত উলিওৱা ৰাহুল গান্ধীৰ শেহতীয়া ৰেলীৰ দৃশ্য বুলি পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ২০১৯ চনৰ ভিডিঅ', ইয়াত কেৰেলাৰ কাচাৰাগোডত আইইউএমএলৰ পতাকা উৰুৱাই থকা দেখা গৈছে। ৱায়ানাডৰ গান্ধীৰ শেহতীয়া মনোনয়ন ৰেলীৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি 1bfdc1e0

কি দাবী কৰা হৈছে?

দেশত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত এটা ৰেলীত সেউজীয়া পতাকা লৈ সমদল উলিওৱা এটা ৪৬ ছেকেণ্ডৰ ভিডিঅ' ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ক্লিপটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত উলিওৱা ৰ’ডশ্বত "মুছলিম লীগৰ পতাকা" উৰুৱা হৈছিল বুলি দাবী কৰা হৈছে।

এক্সত এনে এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি লিখা হৈছে, "কেৰালাত ৱায়ানাডৰ প্ৰাৰ্থী ৰাহুল গান্ধীৰ মনোনয়ন ৰেলীত মুছলিম লীগৰ পতাকা উৰুৱা হৈছে। @RahulGandhi আপোনাৰ ৰেলীত কেতিয়াবা আমাৰ গেৰুৱা পতাকাখনো উত্তোলন কৰক। আপুনি হিন্দুক ইমান কিয় বেয়া পাই?"

বিজেপিৰ সৈতে জড়িত একাধিক এক্স একাউণ্টৰ একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে, এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণত ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷ 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টো ফেচবুক শ্বেয়াৰ কৰা অসমীয়া পোষ্টৰ কেপচনত লিখা হৈছে, ‘‘ৰাহুল গান্ধীয়ে উঠা কেৰালাৰ ৱাইনাদ সমষ্টি এইটো। ৰাহুল গান্ধীৰ ৰেলীৰ দৃশ্য চাওক। Assamese Jatiyotabadi media will not show you this.’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত গান্ধীয়ে ৱায়ানাদ সমষ্টিৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰন আৰু চিপিআই (এম) নেত্ৰী এনি ৰাজাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৱা ৩ এপ্ৰিলত তেওঁ ইউডিএফ (কেৰালাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত দিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট-এলায়েন্স) আৰু কংগ্ৰেছ দলৰ কৰ্মীৰ সৈতে ৰোডশ্ব’ কৰি মনোনয়ন পত্ৰ দাখিল কৰে।

অৱশ্যে এইটো ২০১৯ চনৰ ভিডিঅ’ হয়, কেৰেলাৰ কাচাৰাগোডৰ এই ভিডিঅ’টোৰ ৱায়ানাডত গান্ধীৰ সমৰ্থনত উলিওৱা শেহতীয়া ৰেলীৰ সৈতে কোনো সম্পৰ্ক নাই।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ক্লিপটোৰ এটা স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৯ চনৰ ২৪ মে’ত মূল ভিডিঅ’টো শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্ট লাভ কৰোঁ। হিন্দীত লিখা কেপচনটোত কোৱা হৈছে “ৱায়ানাডত বিজয় উদযাপন”। এইটোৱে প্ৰমাণ কৰে যে এইটো এটা পুৰণি ভিডিঅ’ আৰু ৰাহুল গান্ধীৰ সমৰ্থনত ৱায়ানাডত উলিওৱা শেহতীয়া ৰ’ডশ্বৰ পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ।

ভিডিঅ'টো ভালদৰে চোৱাত ০:৩২ ছেকেণ্ডৰ টাইমষ্টেম্পত "আৰামনা চিল্কবজাৰ" নামৰ এখন দোকান দেখা যায়। আমি দোকানখন জিঅ’ল’কেশ্যন কৰি কেৰালাৰ কাচাৰাগোড জিলাৰ এমজি ৰোডত অস্থিত বুলি জানিব পাৰোঁ। গুগল মেপত দোকানখনৰ চাৰিওফালৰ থকা বিল্ডিংবোৰ ভাইৰেল ক্লিপৰ সৈতে তুলনা কৰি ভিডিঅ'টো কাচাৰাগোডত তোলা হৈছিল আৰু ৱায়ানাডৰ নহয় বুলি আমি নিশ্চিত হওঁ।

ভাইৰেল ক্লিপ আৰু গুগল মেপৰ মাজত তুলনা। (উৎস: এক্স/গুগল মেপ/স্ক্ৰীণশ্বট)

ভাইৰেল ভিডিঅ’টোত আমি ইউডিএফ আৰু গান্ধীৰ সমৰ্থত আৰু চিপিআই(এম)ৰ বিৰুদ্ধে শ্লোগান দিয়া শুনিবলৈ পাওঁ।

অধিক অনুসন্ধান কৰাত ভাইৰেল ক্লিপটোত দেখা সেউজীয়া পতাকাবোৰ ইউডিএফ এলায়ন্সৰ অন্যতম মিত্ৰদল আইইউএমএল (ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ)ৰ হয় বুলি জানিব পাৰোঁ।

অৱশ্যে, মন কৰিব লগীয়া যে গান্ধীৰ শেহতীয়া ৰোডশ্ব'ত আইইউএমএল আৰু কংগ্ৰেছৰ পতাকা অনুপস্থিত আছিল, আৰু ইয়াক লৈ কংগ্ৰেছ চিপিআই(এম) আৰু বিজেপি দুয়োটা দলৰে সমালোচনাৰ সন্মুখীন হৈছিল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কংগ্ৰেছৰ ৰাজহুৱাভাৱে পতাকা প্ৰদৰ্শন কৰাৰ সাহস নাই বুলিও মন্তব্য কৰিছিল।

আমি ২০২৪ চনৰ ৩ এপ্ৰিলত গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ ষ্ট্ৰীম কৰা ৰোডশ্ব’টোৰ সম্পূৰ্ণ ভিডিঅ’টো বিচাৰি উলিয়ালোঁ। উক্ত ৰেলীত মানুহে গান্ধীৰ ছবি আৰু ত্ৰিৰংগা বেলুন ধৰি থকা দেখা যায় যদিও কোনো সেউজীয়া পতাকা দেখা নাযায়। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, ইণ্ডিয়া টুডে আৰু এবিপি নিউজৰ দৰে একাধিক সংবাদ মাধ্যমেও এই বিৱৰণসমূহ নিশ্চিত কৰি কয় যে এইবাৰৰ ৰেলীত কংগ্ৰেছে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত হোৱা বিতৰ্কৰ বাবে সাৱধানতা অৱলম্বন কৰিছিল, সেই সময়ত আইইউএমএলৰ পতাকা পাকিস্তানী পতাকা বুলি মিছা অভিযোগ উঠিছিল।

ইণ্ডিয়া টুডেই ইয়াৰ পূৰ্বে ২০১৯ চনত ইউডিএফৰ এখন ৰেলীত পাকিস্তানৰ পতাকা উত্তোলন কৰা হৈছিল বুলি উত্থাপিত এটা দাবীক নস্যাৎ কৰিছিল, য’ত কাচাৰাগোড জিলাৰ আইইউএমএলৰ সভাপতি এম চি কামৰুদ্দিনৰ এক বক্তব্যও আছিল। তেওঁ নিশ্চিত কৰিছিল যে ভিডিঅ’টো ২০১৯ চনত কাচাৰাগোড জিলাত ‘কোট্টিকালাছম’ নামৰ এখন নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ হয়।

কামাৰুদ্দিনে লগতে কয় যে সেই বছৰ কাচাৰাগোডৰ পৰা জয়লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী ৰাজমোহন উন্নিথানৰ ৰেলীৰ সময়ত সমদলকাৰীসকলে ইউডিএফ আৰু গান্ধীক সমৰ্থনত শ্ল'গান দিছিল।

সিদ্ধান্ত

আইইউএমএলৰ পতাকা লৈ ২০১৯ চনত উলিওৱা এটা নিৰ্বাচনী ৰেলীৰ ভিডিঅ' ৱায়ানাডত ৰাহুল গান্ধীৰ শেহতীয়া ৰোডশ্ব'ৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। ৱায়ানাড লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ বাবে উলিওৱা গান্ধীৰ শেহতীয়া শোভাযাত্ৰাত কোনো সেউজীয়া পতাকা উৰুৱা হোৱা নাছিল। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।