তেলেংগানাত কংগ্ৰেছৰ বিজয়ৰ পিছত ৰাষ্ট্ৰীয় পতাকাত আৰবীত কালিমা লিখা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

লেখক: মহম্মদ চলমান
ডিচেম্বৰ 11 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
তেলেংগানাত কংগ্ৰেছৰ বিজয়ৰ পিছত ৰাষ্ট্ৰীয় পতাকাত আৰবীত কালিমা লিখা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

কংগ্ৰেছৰ বিজয়ৰ পিছত তেলেংগানাত আৰবীত কালিমা লিখা ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰা বুলি দাবী কৰি ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। ((উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত))

ফেক্ট চেক

ৰায়দান মিছা

এইটো পুৰণি ভিডিঅ’, ২০২২ চনৰ জুনত তেলেংগানাত এক প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীয়ে অশোক চক্ৰৰ ঠাইত আৰবীত কালিমা লিখা ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰিছিল।

ক্লেইম আইডি 73c82a2e

কি দাবী কৰা হৈছে?

দেশৰ পাঁচখন ৰাজ্যত সদ্য সপ্তাহত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে, তেলেংগানাত ৰেৱন্থ ৰেড্ডীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ছ’চিয়েল মিডিয়াত ত্ৰিৰংগা পতাকা প্ৰদৰ্শন কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰা সকলে কংগ্ৰেছে তেলেংগানাৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে ভাৰতৰ জাতীয় পতাকাত আৰবী ভাষাত ইছলামিক কালিমা লিখা হ’ল বুলি দাবী কৰে।

৪৮ ছেকেণ্ডৰ এই ভিডিঅ'টোত এদল প্ৰতিবাদকাৰীক দেখা গৈছে, আৰু ইয়াৰে এজন প্ৰতিবাদকাৰীয়ে প্ৰদৰ্শন কৰা জাতীয় পতাকাখনত অশোক চক্ৰৰ সলনি সেই ঠাইত আৰবী ভাষাত এটা ইছলামিক কালিমা লিখি থোৱা দেখা যায়। উক্ত ভিডিঅ’টো হিন্দী নিউজ চেনেল জি নিউজত সাংবাদিক সুধীৰ চৌধুৰীয়ে আঁত ধৰা এক ভিডিঅ’ প্ৰতিবেদনত সপ্ৰচাৰ কৰা হৈছে য’ত তেওঁ ঘটনাটোক লৈ টিপ্পনী দিয়ে। ভিডিঅ’ প্ৰতিবেদনটোত চৌধুৰীয়ে কোৱা শুনা যায়, "...আজি তেলেংগানাত এনে এটা শোভাযাত্ৰাৰ সময়ত প্ৰতিবাদকাৰীয়ে ভাৰতৰ ত্ৰিৰংগাক অপমান কৰে আৰু এই লোকসকলে ত্ৰিৰংগাৰ মাজৰ পৰা অশোক চক্ৰ আঁতৰাই তাৰ ঠাইত ইছলামিক কালিমা লিখি দিয়ে…(হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)"

এই ভিডিঅ'টো এক্সত একাধিক সোঁপন্থী ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰি এইদৰে লিখিছে, "তেলেংগানাত কংগ্ৰেছ জয়ী হোৱাৰ লগে লগে ভাৰতৰ পতাকাত কালিমা লিখা হ’ল… আপুনি এতিয়াও কংগ্ৰেছক আনিব বিচাৰিব নেকি... (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)" এই লেখা প্ৰকাশৰ সময়ত এনে এটা পোষ্টে ১,৫৬,০০০ তকৈও অধিক ভিউ লাভ কৰিছিল। এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণস্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই ভিডিঅ'টো ২০২২ চনৰ জুন মাহৰ হয়। সেই সময়ত ভাৰতীয় জনতা দলৰ তেতিয়াৰ মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা এক আপত্তিজনক মন্তব্যৰ বিৰোধিতাত দেশজুৰি চলা প্ৰতিবাদৰ অংশস্বৰূপে তেলেংগানাত একাংশ প্ৰতিবাদকাৰীয়ে এইদৰে জাতীয় পতাকাত অশোক চক্ৰৰ ঠাইত আৰবী ভাষাত কালিমা লিখি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

সত্যটো আমি কিদৰে বিচাৰি উলিয়ালো?

ভিডিঅ’টোত মন কৰিবলগীয়া প্ৰথম কথাটো হ’ল যে সুধীৰ চৌধুৰী বৰ্তমান জি নিউজত কৰ্মৰত নহয়, ২০২২ চনৰ জুলাইত আন তেওঁ হিন্দী নিউজ চেনেল আজ টকত যোগদান কৰে। 

দ্বিতীয়তে, যেতিয়া আমি কীৱৰ্ড ব্যৱহাৰ কৰি ভিডিঅ'টোৰ দীঘলীয়া সংস্কৰণটো বিচাৰিছিলো, আমি গম পালো যে ক্লিপটো জি নিউজৰ অনুষ্ঠান 'ডিএনএ'ৰ হয়, যিটো আগতে চৌধুৰীয়ে আঁত ধৰিছিল। দীঘল ক্লিপটো ২০২২ চনৰ ১০ জুনত জি নিউজৰ ইউটিউব চেনেলত আপলোড কৰা হৈছিল।

এইটোৱে নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ'টো এবছৰতকৈও বেছি পুৰণি আৰু সদ্য সমাপ্ত তেলেংগানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সৈতে সম্পৰ্কিত নহয়।

অনুষ্ঠানটোত, চৌধুৰীয়ে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰোধিতাত দেশজুৰি চলা প্ৰতিবাদৰ 'বিশ্লেষণ' কৰিছিল। ভাইৰেল ক্লিপটো জি নিউজৰ ভিডিঅ' প্ৰতিবেদনটোৰ ৩৩:১৪ টাইমষ্টাম্পৰ আশে পাশে আৰম্ভ হয়। ইয়াত, চৌধুৰীয়ে উক্ত হিংসাত আসাদুদ্দিন ওৱাইচিৰ দল এআইএমআইএমৰ ভূমিকাৰ কথা উল্লেখ কৰিছিল আৰু উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত হোৱা প্ৰতিবাদৰ কথা উল্লেখ কৰিছিল।

ইয়াৰ পিছত, চৌধুৰীয়ে যেতিয়া "আজি তেলেংগানাত এনেধৰণৰ শোভাযাত্ৰা..." বুলি কৈছিল, তেওঁ ২০২২ চনৰ ১০ জুনত তেলেংগানাৰ মহবুবনগৰত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰিছিল য'ত প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰৰ ঠাইত কালিমা লিখিছিল। 

ইণ্ডিয়া টুডে, টাইমছ নাও আৰু দ্য ইকনমিক টাইমছকে ধৰি কেইবাটাও সংবাদ মাধ্যমে ২০২২ চনৰ ১০ জুনত প্ৰকাশিত বাতৰিত ভিডিঅ’টো শ্বেয়াৰ কৰা আমি দেখিবলৈ পাওঁ য'ত কোনো লোকে ৰাষ্ট্ৰীয় প্ৰতীকৰ পৰিৱৰ্তে কালিমা লিখা ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰা দেখা গৈছিল।

টাইমছ নাওৰ এক প্ৰতিবেদন অনুসৰি তেলেংগানাৰ মহবুবনগৰত শুকুৰবাৰৰ নামাজৰ পিছত মুছলমান সম্প্ৰদায়ৰ লোকসকলে এক প্ৰতিবাদ সাব্যস্ত কৰিছিল। উক্ত প্ৰতিবাদত শতাধিক লোক উপস্থিত আছিল, য'ত এজন প্ৰতিবাদকাৰীক কালিমা লিখা ত্ৰিৰংগা উৰুৱাই থকা দেখা গৈছিল। প্ৰতিবেদনটোৰ মতে উক্ত ঘটনাৰ ভিডিঅ' পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে যিসকলে ভাৰতীয় পতাকাক অপমান কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৈছিল।

লজিকেলী ফেক্টছে এইক্ষেত্ৰত অধিক নিশ্চিত হ’বলৈ মহবুবনগৰৰ টাউন-১ আৰক্ষী থানাত যোগাযোগ কৰে, তেওঁলোকৰ পৰা মন্তব্য পালে এই প্ৰতিবেদনটো আপডেট কৰা হ'ব।

ৰাষ্ট্ৰীয় পতাকাৰ সৈতে জড়িত নীতি-নিয়মসমূহ কি কি?

ৰাষ্ট্ৰীয় পতাকা দেশৰ গৌৰৱৰ প্ৰতীক হয়। ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১-ত ৰাষ্ট্ৰীয় পতাকাকে ধৰি দেশৰ সকলো ৰাষ্ট্ৰীয় প্ৰতীকক অপমান কৰাটো নিষিদ্ধ কৰা হৈছে। যদি কোনোবাই যিকোনো ৰাজহুৱা স্থানত বা লোকচক্ষুৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকাখনক জ্বলা-পোৰা কৰে, বিকৃত কৰে, সালসলনি কৰে, অপবিত্র কৰে, নষ্ট কৰে, ভৰিৰে গচকে বা অৱমাননা কৰে ( শব্দৰে হওক, মৌখিকভাৱে বা লিখিতভাৱে হওক) তেন্তে তেওঁক তিনি বছৰলৈকে কাৰাদণ্ড, বা জৰিমনা বা দুয়োধৰণৰ শাস্তি বিহা হ'ব। 

সিদ্ধান্ত

তেলেংগানাত কংগ্ৰেছ বিজয়ী হোৱাৰ পিছত ভাৰতৰ জাতীয় পতাকাত আৰবী ভাষাত এটা কালিমা লিখা হৈছিল বুলি কৰা দাবীটো মিছা। উক্ত দাবীৰে প্ৰচাৰিত ভিডিঅ'টো ২০২২ চনৰ জুনৰ হয়। সেই সময়ত তেলেংগানাৰ মহবুবনগৰত এক প্ৰতিবাদৰ সময়ত, প্ৰতিবাদকাৰীয়ে অশোক চক্ৰৰ ঠাইত ৰাষ্ট্ৰীয় পতাকাত কালিমা লিখি প্ৰতিবাদ কৰিছিল। সেয়েহে, আমি ভাইৰেল দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।