আংশিক ভিডিঅ’ শ্বেয়াৰ কৰি মল্লিকাৰ্জুন খাৰ্গেই নিৰ্বাচনত বিজেপিৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি দাবী কৰা হৈছে

লেখক: মহম্মদ চলমান
ফেব্ৰুৱাৰী 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আংশিক ভিডিঅ’ শ্বেয়াৰ কৰি মল্লিকাৰ্জুন খাৰ্গেই নিৰ্বাচনত বিজেপিৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি দাবী কৰা হৈছে

মল্লিকাৰ্জুন খাৰ্গেই নিৰ্বাচনত বিজেপিৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণৰ এটা অংশ সম্পূৰ্ণ প্ৰসংগ অবিহনে শ্বেয়াৰ কৰা হৈছে। বিজেপিয়ে অহা নিৰ্বাচনত ১০০ খন আসনও লাভ নকৰে বুলিহে তেওঁ কৈছিল।

ক্লেইম আইডি 865b5728

কি দাবী কৰা হৈছে?

চলি থকা বাজেট অধিৱেশনৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সংসদত দিয়া ভাষণৰ এটা সৰু ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই কংগ্ৰেছ নেতাগৰকীয়ে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ পৰাজয় মানি লৈছে বুলি দাবী কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰা মতে খাৰ্গেই সংসদত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ৪০০ৰো অধিক আসন লাভ কৰিব কৈছিল। (উল্লেখযোগ্য যে ভাৰতত চৰকাৰ গঠন কৰিবলৈ এটা দলক কমেও ২৭২ খন আসনৰ প্ৰয়োজন।)

ভাইৰেল ভিডিঅ'টোত খাৰ্গেই হিন্দীত কোৱা শুনা যায়, "আপোনালোকৰ ইমান বহুমত আছে, এতিয়াটো... আগতে ৩৩০-৩৩৪ৰ ভিতৰত আছিল... এতিয়া '৪০০ৰ ওপৰত'..." উক্ত ভিডিঅ'টো বিজেপি দলৰ অফিচিয়েল এক্স একাউণ্টৰ উপৰি স্মৃতি ইৰানী, পীযুষ গোৱাল, জ্যোতিৰাদিত্য এম চিণ্ডিয়াকে ধৰি একাধিক কেবিনেট মন্ত্ৰী শ্বেয়াৰ কৰে। এই পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ।

মল্লিকাৰ্জুন খাৰ্গেই নিৰ্বাচনত বিজেপিৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসম লাইভ ২৪ নামৰ এটা অসমীয়া সংবাদ মাধ্যমৰ ফেচবুক পেজত যোৱা ৩ ফেব্ৰুৱাৰীত উক্ত ভিডিঅ’টোৰ ভিত্তিত প্ৰস্তুত কৰা এটা ভিডিঅ’ প্ৰতিবেদন শ্বেয়াৰ কৰিছিল। পোষ্টটোৰ কেপচনত লিখা আছে, ‘‘এইবাৰ বিজেপিয়ে ৪০০ ৰো অধিক আসন পাব। সদনত মল্লিকাৰ্জুন খাৰ্গে।’’

মল্লিকাৰ্জুন খাৰ্গেই নিৰ্বাচনত বিজেপিৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি দাবী কৰা অসমীয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে খাৰ্গেৰ কথাখিনি তেওঁৰ সম্পূৰ্ণ ভাষণৰ পৰা প্ৰসংগ সংগতি নথকাকৈ ক্লিপ কৰি শ্বেয়াৰ কৰা হৈছে। 

আমি কি বিচাৰি পালোঁ?

আমি সংসদত খাৰ্গেয়ে প্ৰদান কৰা সম্পূৰ্ণ ভাষণৰ ভিডিঅ’টো, য’ৰ পৰা এই ভাইৰেল অংশটো লোৱা হৈছে, ভালদৰে চাওঁ। “মল্লিকাৰ্জুন খৰ্গেৰ মন্তব্য |... ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ” শীৰ্ষক এটা ভিডিঅ’ সংসদৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা চৰকাৰী টেলিভিছন চেনেল সংসদ টিভিৰ ইউটিউব চেনেলত আপলোড কৰা হৈছিল। ২ ফেব্ৰুৱাৰীত ইউটিউবত আপলোড কৰা এই ভিডিঅ’টোত খাৰ্গেৰ সম্পূৰ্ণ ভাষণটো উপলব্ধ। তেওঁ কয় যে বিজেপিয়ে “৫০% সংৰক্ষণ”ৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে তেওঁলোকৰ চৰকাৰে মহিলা সংৰক্ষণৰ ক্ষেত্ৰত উচচতম ন্যায়ালয়ত উল্টা শপতনামা দাখিল কৰিছে।

৪৫:৫৫ত খাৰ্গে মন্তব্য কৰে, "আপোনালোকৰ ইমান সংখ্যাগৰিষ্ঠতা আছে, এতিয়া... প্ৰথমে ৩৩০-৩৩৪ৰ ভিতৰত আছিল... এতিয়া ‘৪০০ৰ ওপৰত’...(হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।" খৰ্গেয়ে বিজেপিৰ নতুন শ্লোগান, “আব কি বাৰ, ৪০০ কে পাৰ! (এইবাৰ আমি ৪০০ পাৰ কৰিম) বিষয়ে কৈ আছিল।” এই কথা কোৱাৰ লগে লগে তেওঁৰ বক্তব্যই কোষাগাৰৰ ফালৰ বেঞ্চৰ পৰা উল্লাসৰ সৃষ্টি কৰে। ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে খৰ্গে ভাষণ সম্পূর্ণ কৰিবলৈ চেষ্টা কৰে যদিও শাসকীয় মিত্রজোঁটৰ নেতাসকলে বাধা দি হাঁহিবলৈ আৰম্ভ কৰে৷ তাৰ পিছত কংগ্ৰেছ নেতাজনে কয় যে কোষাগাৰ সাংসদ (সংসদৰ সদস্য) মোডীৰ নামত নিৰ্বাচিত হৈছে, আৰু “তেওঁলোকে মাথোঁ বেঞ্চত ঠপৰিয়াই।” ইফালে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালে হস্তক্ষেপ কৰি কয়, "খাৰ্গেজীয়ে সঁচা কথা ক'লে আৰু সেইয়া সত্যৰ বাহিৰে আন একো নাছিল।" ৰাজ্যসভাৰ উপ-সভাপতি তথা অধ্যক্ষ জগদীপ ধনখেৰে মন্তব্য কৰা শুনা যায় যে "আপোনাৰ (খাৰ্গেৰ) বক্তব্যক প্ৰশংসা কৰা হৈছে...কেতিয়াও বিৰোধীৰ কোনো নেতাক হাত চাপৰি বজোৱা হোৱা নাই।"

তাৰ পিছত, খৰ্গেয়ে আৰু কয়, "...তেওঁলোকে নিজৰ নিজৰ শিঙা বজাইছে, যে তেওঁলোকে ৪০০, ৫০০ পাব... ভাই যদি আপুনি আহি আছে (শাসনত), তেন্তে আপুনি এই সকলোবোৰ কিয় কৰা নাই?” আৰু হাতত বিজেপিয়ে দিয়া বুলি কোৱা প্ৰতিশ্ৰুতিৰ তালিকা লিখা কাগজ এখনৰ ফালে ইংগিত দিয়ে। "এইবাৰ আপুনি ১০০ও পাৰ নহ'ব। আনকি ১০০ও নহয়। INDIA (বিৰোধী মিত্ৰজোঁট INDIAৰ কথা উল্লেখ কৰি) শক্তিশালী (অনুবাদিত)।"

সংসদত খাৰ্গেয়ে প্ৰদান কৰা সম্পূৰ্ণ ভাষণৰ ভিডিঅ’ I 

খাৰ্গে ইয়াৰ পাছতেই মহিলাৰ প্ৰতিনিধিত্ব আৰু সংৰক্ষণৰ বিষয়ত নিজৰ যুক্তি পুনৰ আৰম্ভ কৰে, য’ৰ পৰাই আগন্তুক নিৰ্বাচনত ৪০০খন আসন নিশ্চিত কৰাৰ কথা-বতৰা আৰম্ভ হৈছিল।

এইদৰে স্পষ্ট হৈ পৰিছে যে খৰ্গে আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ "৪০০ পাৰ" শ্লোগানৰ কথা উল্লেখ কৰাৰ সময়তে মহিলা সংৰক্ষণক লৈ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ উল্লেখ কৰে যে আগন্তুক নিৰ্বাচনত শাসকীয় দলটোৱে ১০০খন আসনও লাভ নকৰে। অৱশ্যে তেওঁৰ ভাষণৰ শেষৰ অংশ ভাইৰেল ভিডিঅ’ ক্লিপটোত অন্তৰ্ভুক্ত কৰা হোৱা নাই, আৰু ক্লিপ কৰা এক সংস্কৰণ শ্বেয়াৰ কৰি তেওঁ ইতিমধ্যে পৰাজয় মানি লৈছে বুলি দাবী কৰা হৈছে।

সিদ্ধান্ত

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ক্লিপড ভিডিঅ’ তেওঁৰ দলে পৰাজয় মানি লোৱা আৰু আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০খন আসন লাভ কৰিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰা বুলি ভুৱা দাবীৰে ভাইৰেল হৈ পৰিছে । সেয়েহে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।