ৰাহুল গান্ধীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনোৱা বুলি দাবী কৰি সম্পাদিত ভিডিঅ' প্ৰচাৰ

লেখক: ৰাজেশ্বৰী পৰাশা
মে’ 23 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনোৱা বুলি দাবী কৰি সম্পাদিত ভিডিঅ' প্ৰচাৰ

ৰাহুল গান্ধীয়ে বিজেপিৰ প্ৰতি সমৰ্থন জনোৱা বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

মূল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে বিজেপিক নহয়, কংগ্ৰেছকহে ভোট দিবলৈ আহ্বান জনাইছে। ক্লিপটোত তেওঁ কংগ্ৰেছক সমালোচনা কৰা নাই।

ক্লেইম আইডি 5169a655

কি দাবী কৰা হৈছে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চলিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আহ্বান জনাইছে বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে। তদপুৰি ভাইৰেল ক্লিপটোত তেওঁ এইদৰে কোৱাও শুনা যায় যে তেওঁৰ দল আৰু ইণ্ডিয়া মিত্ৰজোঁটে “গণতন্ত্ৰ তথা সংবিধানক ধ্বংস কৰাৰ চেষ্টা কৰিছে”।

ভিডিঅ'টোত গান্ধীয়ে কোৱা শুনা যায়, "নমস্কাৰ, মই ৰাহুল গান্ধী। এইটো নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ নিৰ্বাচন হয়। এফালে কংগ্ৰেছ দল আৰু ইণ্ডিয়া মিত্ৰজোঁটে গণতন্ত্ৰ আৰু সংবিধান ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। আৰু আনফালে বিজেপি আৰু আৰএছএছে সংবিধান আৰু গণতন্ত্ৰক ৰক্ষাৰ বাবে চেষ্টা কৰি আছে।"

তেওঁ লগতে কয়, "কংগ্ৰেছ দলে ২২-২৫ জন লোকক আৰৱপতি বনালে, আনহাতে নৰেন্দ্ৰ মোডীজীয়ে কোটি কোটি মহিলা আৰু যুৱক-যুৱতীক লাখপতি বনাবলৈ গৈ আছে। বিজেপি আৰু আৰএছএছক সমৰ্থন কৰক, সংবিধান ৰক্ষা কৰক, আৰু নৰেন্দ্ৰ মোডীৰ বুটামটো টিপক (ভোট দিয়ক)।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ইণ্টাৰনেটত প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যেৱ এইটো এটা সম্পাদিত ভিডিঅ’। মূল ক্লিপটোত ৰাহুল গান্ধীয়ে বিজেপিক নহয় কংগ্ৰেছ দলকহে ভোট দিবলৈ আহ্বান জনাইছিল। 

প্ৰকৃত তথ্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা  ২৫ এপ্ৰিলত তেওঁৰ ইনষ্টাগ্ৰাম (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু এক্স (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত শ্বেয়াৰ কৰা মূল ভিডিঅ’টো লাভ কৰোঁ। 

ইনষ্টাগ্ৰাম আৰু এক্স পোষ্টৰ কেপচনত লিখা আছিল, "সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ এই নিৰ্বাচনত, 'মিত্ৰ যুগ’ৰ পৰা ওলাই আহি 'ভাৰতীয়ৰ চৰকাৰ' গঠন কৰিবলৈ নিৰ্বাচনত, নিজৰ গণতান্ত্ৰিক কৰ্তব্য পালন কৰক। কংগ্ৰেছৰ লগত আহক হাতৰ বুটামটো টিপক! এই পোষ্টটো তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টতো পিন কৰা হৈছে।

ভিডিঅ'টোত গান্ধীয়ে কয়, "নমস্কাৰ, মই ৰাহুল গান্ধী। এই নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন। এফালে বিজেপি আৰু আৰএছএছে গণতন্ত্ৰ আৰু সংবিধান ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। আৰু আনফালে কংগ্ৰেছ দল আৰু ইণ্ডিয়া মিত্ৰজোঁটে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে চেষ্টা কৰি আছে।"

আমি মন কৰিলোঁ যে মিছা দাবী কৰিবলৈ ভিডিঅ’টোত কোৱা কিছুমান শব্দ সাল-সলনি কৰা হৈছে। উদাহৰণস্বৰূপে: ০:০৭-০:১৩ টাইমষ্টেম্পত "বিজেপি আৰু আৰএছএছ" আৰু "কংগ্ৰেছ দল আৰু ইণ্ডিয়া এলায়েন্স" শব্দ দুটা সাল-সলনি কৰা হৈছে যাতে গান্ধীয়ে নিজৰ দলৰ বিৰুদ্ধে কথা কোৱা যেন লাগে।

একেদৰে ০:৩৭ৰ টাইমষ্টেম্পৰ পৰা গান্ধীয়ে কোৱা কথাখিনি, য'ত তেওঁ "নৰেন্দ্ৰ মোডীয়ে ২২-২৫ জন লোকক আৰৱপতি বনাইছে, আনহাতে কংগ্ৰেছ দলে কোটি কোটি মহিলা আৰু যুৱক-যুৱতীক লাখপতি বনাবলৈ গৈ আছে" বুলি কৈছিল, সেই অংশটো সম্পাদনা কৰি গান্ধীয়ে এনেদৰে কোৱা যেন দেখুওৱা হৈছে, "কংগ্ৰেছ দলে ২২-২৫ জন লোকক আৰৱপতি বনাইছে, আনহাতে বিজেপিয়ে কোটি কোটি মহিলা আৰু যুৱক-যুৱতীক লাখপতি বনাবলৈ গৈ আছে।"

ভিডিঅ’টোত 'বিজেপি', 'আৰ এছ এছ', 'সংবিধান', 'নৰেন্দ্ৰ মোডী' আদি শব্দসমূহ এইদৰে সম্পাদনা কৰা হৈছে যিটো শুনিলে এনে লাগে যেন ৰাহুল গান্ধীয়ে শাসকীয় বিজেপি আৰু ইয়াৰ মতাদৰ্শগত অভিভাৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমৰ্থন কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

২৫ এপ্ৰিলত দ্য ইকনমিক টাইমছে প্ৰকাশ কৰা এক প্ৰতিবেদনতো মূল ভিডিঅ’টোৰ উদ্ধৃতি দিয়া হৈছে। দৈনিক কাকতখনে কয় যে গান্ধীয়ে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই ভিডিঅ’টো মুকলি কৰি ৰাইজক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনাইছিল। গান্ধীয়ে ভোটাৰসকলক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক হাতৰ চিহ্নত ভোট দিবলৈও কৈছিল।

গান্ধীয়ে একাধিকবাৰ বিজেপি, আৰএছএছ, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মাত মাতি আহিছে।

সিদ্ধান্ত

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ কিছু অংশ সম্পাদনা কৰি এইদৰে পৰিৱেশন কৰা হৈছে যেন তেওঁ জনসাধাৰণক বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।