গৌতম গম্ভীৰৰ অশ্লীল ইংগিতৰ কাৰণ বুলি সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
ছেপ্তেম্বৰ 8 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গৌতম গম্ভীৰৰ অশ্লীল ইংগিতৰ কাৰণ বুলি সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

বিজেপিৰ সাংসদ গৌতম গম্ভীৰে ‘ভাৰত বিৰোধী’ শ্লোগানত নিজৰ সংযম হেৰুৱাই পেলোৱা বুলি দাবী কৰি সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/@doctorrichabjp, @narendramodi177)

ফেক্ট চেক

ৰায়দান মিছা

‘ভাৰত বিৰোধী’ শ্লোগান উত্থাপিত হৈছিল নাই বা গম্ভীৰে কিয় অশ্লীল ইংগিত দিছিল এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু নিশ্চিতভাৱে ভিডিঅ’টো সম্পাদনা কৰা হৈছে ।

ক্লেইম আইডি c985aa3c

প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা গৌতম গম্ভীৰে দৰ্শকৰ আগত মধ্য আঙুলি দেখুওৱা এটা ভিডিঅ', য'ত বেকগ্ৰাউণ্ডত "কোহলী-কোহলী" ধ্বনি শুনা গৈছে, শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ'টো যোৱা ২ ছেপ্টেম্বৰত চলি থকা এছিয়া কাপ ২০২৩ৰ অংশ হিচাপে শ্ৰীলংকাৰ কেণ্ডীত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ মেচখনৰ সময়ত ৰেকৰ্ডিং কৰা বুলি কোৱা হৈছে । এক পাকিস্তানী ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো X (পূৰ্বতে টুইটাৰ)ত ৪ ছেপ্টেম্বৰত পোষ্ট কৰিছিল আৰু ভিডিঅ'টো এতিয়ালৈকে ২৩৭,৩০০বাৰ দৰ্শন কৰা হৈছে । কংগ্ৰেছ দলৰ যুৱ শাখাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ দৰে বিৰোধী নেতাইও ভিডিঅ’টোৰ বহুল ভাৱে প্ৰচাৰ কৰিছিল।

দাবী কি?

যোৱা ৪ ছেপ্টেম্বৰত ভাৰতীয় সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গম্ভীৰে কয় যে পাকিস্তানী ক্ৰিকেট অনুৰাগীও থকা কেণ্ডীৰ দৰ্শকে ‘ভাৰত বিৰোধী’ শ্লোগান দি ভাইৰেল ভিডিঅ’টোত বন্দী হোৱা ইংগিত দিবলৈ তেওঁক প্ৰৰোচিত কৰিছিল।

কিন্তু তেওঁৰ সাক্ষাৎকাৰৰ পূৰ্বে উত্থাপিত হোৱা ভিডিঅ'টোত এই শ্লোগানবোৰ শুনা নাযায়, য'ত কেৱল "কোহলী-কোহলী"ৰ ধ্বনিহে শুনা গৈছিল।

গম্ভীৰৰ এই বক্তব্যৰ পিছত একেটা ভিডিঅ’ ক্লিপৰ আন এটা সংস্কৰণ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হ’বলৈ ধৰিলে, যি সংসদ সদস্যগৰাকীৰ এই দাবীক সমৰ্থন কৰিবলৈ প্ৰচাৰ কৰা যেন লাগিল। ভিডিঅ'টোৰ এই সংস্কৰণত দৰ্শকে "ভাৰত, তেৰে টুকদে হংগে। ইনশ্বাল্লাহ, ইনশ্বাল্লাহ" (ভাৰত, আল্লাহৰ ইচ্ছা অনুসৰি, তোৰ টুকুৰা টুকুৰ হ'ব) বুলি ধ্বনি দিয়া যেন দেখা গৈছে। ৪ ছেপ্টেম্বৰত, এজন এক্স ব্যৱহাৰকাৰীয়ে পোষ্ট কৰা এই নতুন ভিডিঅ’টোৱে ১,২৩,৯০০ৰো অধিক দৰ্শন লাভ কৰা দেখা যায় ।

'ভাৰত বিৰোধী' শ্লোগানেৰে ভিডিঅ'টো শ্বেয়াৰ কৰা এক্সৰ পোষ্টৰ স্ক্ৰীণশ্বট।

৪ লাখ ২০ হাজাৰৰো অধিক ফ’ল’ৱাৰ থকা ‘নৰেন্দ্ৰ মোডী ফেন’ নামৰ এজন এক্স ইউজাৰেও নতুন ভিডিঅ’টো ভাইৰেল হৈ পৰাত উদগনি জনাইছে । উত্তৰ প্ৰদেশৰ বিজেপিৰ যুৱ শাখাৰ ছ’চিয়েল মিডিয়া চেলৰ মুৰব্বী ৰিচা ৰাজপুটেও শ্বেয়াৰ কৰে।

নৰেন্দ্ৰ মোডী ফেন আৰু ৰিচা ৰাজপুতৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/@narendramodi177, @doctorrichabjp)

কিন্তু এতিয়া ভাইৰেল হোৱা এই ভিডিঅ’টো সম্পাদিত হয়, আৰু ২০১৬ চনত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) একাংশ ব্যক্তিয়ে কথিতভাৱে ‘ভাৰত বিৰোধী’ শ্লোগান দিয়াৰ সময়ত প্ৰকাশ হোৱা পুৰণি বাতৰি আৰু ভিডিঅ’ৰ পৰা অডিঅ’টো উঠাই লোৱা হৈছে।

আমি কি বিচাৰি পাইছিলোঁ?

আমি ২০১৬ চনৰ ১৫ ফেব্ৰুৱাৰীত হিন্দী নিউজ আউটলেট আজ টকে নিজৰ অফিচিয়েল ইউটিউব চেনেলত পোষ্ট কৰা এটা ভিডিঅ’ ৰিপ’ৰ্টৰ সন্মুখীন হ’লোঁ৷ সেই সময়ত বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জেএনইউত প্ৰতিবাদৰ সময়ত একাংশ ছাত্ৰই ‘ভাৰত বিৰোধী’ শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। আজ টকৰ ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল, “এবিভিপিয়ে এটা নতুন ভিডিঅ’ প্ৰকাশ কৰিছে য’ত জেএনইউৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে ৰাষ্ট্ৰীয় বিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপন হৈছে।” ভিডিঅ'টোৰ প্ৰায় ৩৩ ছেকেণ্ডৰ পাছত "ভাৰত, টেৰে টুকদে হংগে...," শ্লোগানটো শুনা যায়, যিটো ভাইৰেল ভিডিঅ'টোত শুনা একেটা শ্লোগান হয়।

২০১৬ চনত ভাইৰেল হোৱা আজ টকৰ এই ভিডিঅ’টোত শুনা শ্ল’গান আৰু গম্ভীৰৰ ভিডিঅ’ত শুনা শ্ল’গানৰ সৈতে একেই। ভিডিঅ’ দুটাৰ কণ্ঠ একেই, আৰু স্পষ্ট যে ২০১৬ চনৰ ভিডিঅ’টোৰ অডিঅ’ এই ভাইৰেল ভিডিঅ’টোৰ ওপৰত 'অভাৰলেই' কৰা হৈছে যি ভিডিঅ’ত গম্ভীৰে দৰ্শকক অভদ্ৰভাৱে ইংগিত দিয়াটো বন্দী কৰা হৈছে।

খেলখনত ‘ভাৰত বিৰোধী’ শ্লোগান উত্থাপন কৰা হৈছিল নেকি?

এএনআইক দিয়া বক্তব্যৰ উপৰিও গম্ভীৰে ৪ ছেপ্টেম্বৰত Xত এছিয়া কাপৰ খেলখনত ‘ভাৰত বিৰোধী’ শ্লোগান উত্থাপন হোৱা বুলিও মত প্ৰকাশ কৰে। তেওঁ লিখিছে, "সকলো দেখাৰ দৰে নহয়। যিকোনো ভাৰতীয়ই আমাৰ জাতিৰ বিৰুদ্ধে ব্যৱহাৰ কৰা তেনে ধৰণৰ শ্লোগানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।"

উল্লেখযোগ্য যে গম্ভীৰৰ আশে পাশে থকা ৰাইজে "কোহলী-কোহলী" ধ্বনি দিয়া ভিডিঅ’টোৱেই মেচৰ পিছত প্ৰথম ওলাইছিল । এই ভিডিঅ'টো প্ৰথমে Xত ৪ ছেপ্টেম্বৰত, গধূলি প্ৰায় ৬:৩০ বজাত ওলাইছিল । ৪ ছেপ্টেম্বৰত নিশা প্ৰায় ৮:৩০ বজাত গম্ভীৰে নিজৰ বক্তব্য দিয়াৰ এঘণ্টাৰ পিছত 'ভাৰত বিৰোধী' শ্লোগানেৰে  এই ভাইৰেল ভিডিঅ'টো ওলাইছিল । একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইটোৱেই এই কাণ্ডৰ "প্ৰকৃত" আৰু "মূল" ভিডিঅ' বুলি দাবী কৰিছিল।

নিব্ৰাজ ৰমজানৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/@nibraz88cricket)

এতিয়ালৈকে আচলতে সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট হোৱা নাই। লজিকেলী ফেক্টছে নিশ্চিত কৰিব পৰা নাই যে মেচখনত থকা দৰ্শকে "কোহলী-কোহলী" ধ্বনি দিছিল নেকি, বা গম্ভীৰে দৰ্শকৰ এটা অংশই 'ভাৰত বিৰোধী' শ্লোগান উত্থাপন কৰা শুনিছিল নেকি।

৫ ছেপ্টেম্বৰত Xত শ্ৰীলংকাৰ ক্ৰীড়া সাংবাদিক নিব্ৰাজ ৰমজানে মেচখনত ‘ভাৰত বিৰোধী’ শ্লোগান উত্থাপন হোৱা বুলি কৰা দাবীক খণ্ডন কৰে। তেওঁ কয় যে তেওঁৰ সম্বন্ধীয় ভাই কেইজনমানে ভিডিঅ’টো বন্দী কৰা শ্ৰীলংকাৰ অনুৰাগীৰ ওচৰত বহিছিল আৰু গম্ভীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত ভাৰতীয় অনুৰাগীয়ে “কোহলী-কোহলী” ধ্বনি দিয়া শুনিছিল।

গম্ভীৰ আৰু ভাৰতীয় ক্ৰিকেটাৰ কোহলীৰ অন-ফিল্ড কাজিয়াৰ এক ইতিহাস আছে, আৰু কোহলীৰ অনুৰাগীয়ে গম্ভীৰক জোকাৰিবলৈ "কোহলী-কোহলী" বুলি চিঞৰা প্ৰায়ে শুনা গৈছে। বিশেষকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেচৰ সময়ত দুয়োৰে মাজত একাধিক উত্তপ্ত বাদানুবাদ চলিছিল । দুইজন প্ৰথম বাৰ ২০১৩ চনত কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰচিবি)ৰ মাজত হোৱা এখন খেলৰ সময়ত কাজিয়া লাগি ইজনে সিজনক ঠেলিছিল।

সিদ্ধান্ত

মেচখনত 'ভাৰত বিৰোধী' শ্লোগান উত্থাপন হৈছিল নে নাই, বা কেনেধৰণৰ শ্লোগানৰ বাবে গম্ভীৰে নিজৰ ধৈৰ্য্য হেৰুৱাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও তেওঁৰ প্ৰতিক্ৰিয়াৰ ন্যায্যতা প্ৰদান কৰিবলৈ "ভাৰত, টেৰে টুকদে হংগে..." শ্লোগানযুক্ত বিশেষ ভিডিঅ'টো সম্পাদনা কৰি প্ৰস্তুত কৰা হৈছিল। গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ ।

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , हिंदी , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।