দিল্লীৰ অক্ষৰধাম মন্দিৰৰ ড্ৰোন ফুটেজ অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ফেব্ৰুৱাৰী 2 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
দিল্লীৰ অক্ষৰধাম মন্দিৰৰ ড্ৰোন ফুটেজ অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

অযোধ্যাৰ ৰাম মন্দিৰৰ ভিডিঅ' বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ’টোত দিল্লীত অৱস্থিত অক্ষৰধাম মন্দিৰটো দেখুওৱা হৈছে, অযোধ্যাৰ ৰাম মন্দিৰৰ সৈতে ভিডিঅ’টোৰ সম্পৰ্ক নাই।

ক্লেইম আইডি aa53fdc7

কি দাবী কৰা হৈছে?

অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই এইটো যোৱা ২২ জানুৱাৰীত অনুষ্ঠিত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পিছত কেমেৰাত বন্দী কৰা হৈছিল বুলি দাবী কৰিছে। ইনষ্টাগ্ৰাম আৰু ফেচবুক ৰীল হিচাপে শ্বেয়াৰ কৰা  ভিডিঅ’টোত বিভিন্ন কোণৰ পৰা ড্ৰোনেৰে লোৱা এটা মন্দিৰৰ দৃশ্য দেখা গৈছে। 

ভিডিঅ’টোত দেখা মন্দিৰটো অযোধ্যাৰ ৰাম মন্দিৰ বুলি দাবী কৰি একাধিক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোৰ স্ক্ৰীণত ৰাম মন্দিৰৰ এখন ফটোও সংযোগ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এটা ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

নিউজ আছাম 24X7 নামৰ এটা অসমীয়া ফেচবুক পেজত ভিডিঅ'টো শ্বেয়াৰ কৰি এইদৰে লিখা হৈছে - ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত সুন্দৰ দৃশ্য।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেধৰণৰ দাবীৰে ইউটিউবতো মন্দিৰটোৰ এনে ফুটেজ শ্বেয়াৰ কৰা হৈছে।

কিন্তু আমাৰ অনুসন্ধানৰ পৰা ভিডিঅ’টোত দেখা মন্দিৰটো অযোধ্যাৰ ৰাম মন্দিৰ নহয়, বৰঞ্চ দিল্লীৰ অক্ষৰধাম মন্দিৰ বুলিহে জানিব পৰা গ’ল।

প্ৰকৃত তথ্য

ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৩ চনৰ ১৯ ​​জুনত ইউটিউবত আপলোড কৰা এটা একেধৰণৰ ড্ৰ’ন ভিডিঅ’ লাভ কৰোঁ য’ত উক্ত মন্দিৰটোক নতুন দিল্লীত অৱস্থিত অক্ষৰধাম মন্দিৰ বুলি কোৱা হৈছে।

ইয়াৰ উপৰিও wearedelhi.in নামৰ এটা ৱেবছাইটত "দিল্লীৰ অক্ষৰধাম মন্দিৰৰ ৭টা আকৰ্ষণীয় তথ্য" শীৰ্ষক এটা ৱেব ষ্ট’ৰীৰ এটা ভিডিঅ'ত একেটা মন্দিৰ দেখা যায়। দুয়োটা ভিডিঅ’ তুলনা কৰিলে নিশ্চিত হোৱা যায় যে দুয়োটাতে একেটা মন্দিৰ দেখুওৱা হৈছে।

ভাইৰেল ভিডিঅ'আৰু wearedelhi.in-এ শ্বেয়াৰ কৰা ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/wearedelhi.in/স্ক্ৰীণশ্বট)

ইয়াক ভিত্তি কৰি আমি ষ্টক ফটো ৱেবছাইট এড’ব ষ্টকত দিল্লীৰ অক্ষৰধাম মন্দিৰটো বিচাৰিলোঁ। আমি ভাইৰেল ভিডিঅ’টোত দেখা মন্দিৰটোৰ সৈতে মিল থকা কেইবাটাও অনুৰূপ ড্ৰোন ভিডিঅ’ লাভ কৰোঁ।

ভাইৰেল ভিডিঅ’ আৰু এড’ব ষ্টক ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ইনষ্টাগ্ৰাম/এড'ব ষ্টক/স্ক্ৰীণশ্বট)

তদুপৰি জিঅ’লকেচনৰ দ্বাৰা আমি অক্ষৰধাম মন্দিৰটো যে সঁচাকৈয়ে নতুন দিল্লীৰ পাণ্ডৱ নগৰৰ নয়ডা মোৰত অৱস্থিত সেয়া নিশ্চিত হওঁ। মন্দিৰটোৰ গুগল মেপৰ দৃশ্য ভাইৰেল ভিডিঅ’টোত দেখা মন্দিৰটোৰ সৈতে একে।

নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰৰ গুগল মেপৰ দৃশ্য। (উৎস: গুগল মেপ/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

ইৰেল ভিডিঅ’টোত দেখা মন্দিৰটো নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰ হয়। ভিডিঅ’টোত অযোধ্যাত নতুনকৈ উদ্বোধন কৰা ৰাম মন্দিৰটো দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়েহে, এই দাবীটো আমি মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।