অসমৰ সংবাদ মাধ্যমত কানাডাই ভাৰতৰ বাবে নতুন ট্ৰেভেল এডভাইজাৰী জাৰি কৰা বুলি ভুল বাতৰি পৰিৱেশন

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
ছেপ্তেম্বৰ 21 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অসমৰ সংবাদ মাধ্যমত কানাডাই ভাৰতৰ বাবে নতুন ট্ৰেভেল এডভাইজাৰী জাৰি কৰা বুলি ভুল বাতৰি পৰিৱেশন

অসমৰ সংবাদ মাধ্যমে কানাডাই শেহতীয়াকৈ ভাৰতৰ ট্ৰেভেল এডভাইজাৰী আপডেট কৰিছে বুলি ভুলকৈ প্ৰচাৰ কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

বৰ্তমানৰ এই নিৰ্দেশনা কানাডা চৰকাৰী ৱেবছাইটৰ ভ্ৰমণ আৰু পৰ্যটন বিভাগত দুবছৰতকৈও অধিক সময় ধৰি আছে ।

ক্লেইম আইডি 0519184a

অসমৰ কেইবাটাও সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে ভাৰত আৰু কানাডাৰ শেহতীয়া কূটনৈতিক সংঘাতৰ মাজত কানাডায়ে ১৮ ছেপ্টেম্বৰত এক নতুন ভ্ৰমণ উপদেশ জাৰি কৰি ইয়াৰ নাগৰিকসকলক ভাৰত ভ্ৰমণৰ সময়ত "অতি সাৱধানতা অৱলম্বন কৰিবলৈ" কোৱাৰ লগতে অসম, মণিপুৰ, আৰু আন কিছুমান ৰাজ্য ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ১৮ ছেপ্টেম্বৰত দিয়া ভাষণৰ পিছত সংবাদ সংস্থাসমূহে এই ভুৱা দাবী প্ৰকাশ কৰিছিল। ট্ৰুডোৱে কৈছিল যে জুন মাহত ভেংকুৱাৰৰ উপকণ্ঠ অঞ্চলত গুলীবিদ্ধ হোৱা বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুত ভাৰত জড়িত থকাৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক “বিশ্বাসযোগ্য অভিযোগ”ৰ তদন্ত কৰি আছে।

ঈশান নিউজ, এনডি ২৪, এনকে টিভি, এনই টকছ আদি চেটেলাইট নিউজ চেনেল তথা পৰ্টেলকে ধৰি কেইবাটাও অসমীয়া সংবাদ সংস্থাই শেহতীয়াকৈ কানাডাই ভাৰতৰ বাবে ভ্ৰমণৰ পৰামৰ্শ আপডেট কৰা বুলি প্ৰকাশ কৰিছে। (ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত আৰ্কাইভড ভাৰ্ছন চাব পাৰেI)

কানাডাই ভাৰতৰ বাবে শেহতীয়া ট্ৰেভেল এডভাইজাৰীত অসম, মণিপুৰ, আৰু কিছু ৰাজ্য ভ্ৰমণৰ বিৰুদ্ধে সতৰ্কবাণী সংযোজন কৰা বুলি দাবী কৰা অসমৰ সংবাদ মাধ্যমৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

হিন্দুস্তান টাইমছ, ডেকান ক্ৰনিকল, দ্য ইকনমিক টাইমছ, আউটলুক, ইণ্ডিয়া টুডে, এন ডি টি ভি, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, মানি কণ্ট্ৰল, ডব্লিউ আই অ’ এন, টাইমছ নাও, আৰু ইনশ্বৰ্টছৰ দৰে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই বিষয়ে ভুলকৈ প্ৰকাশ কৰিছিল যে কানাডাই নিজৰ ভ্ৰমণ পৰামৰ্শ আপডেট কৰিছে আৰু ভাৰত ভ্ৰমণৰ সময়ত নাগৰিকসকলক সাৱধান হ’বলৈ কোৱাৰ লগতে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বিৰুদ্ধে বিশেষভাৱে সকীয়াই দিছে।

কিন্তু শেহতীয়াকৈ কানাডাই ভাৰতৰ বাবে, বা বিশেষভাৱে অসম আৰু মণিপুৰৰ বাবে ট্ৰেভেল এডভাইজাৰীৰ কোনো সংশোধন কৰা নাই। বৰ্তমানৰ এই নিৰ্দেশনা কানাডা চৰকাৰী ৱেবছাইটৰ ভ্ৰমণ আৰু পৰ্যটন বিভাগত দুবছৰতকৈও অধিক সময় ধৰি আছে।

তথ্যবোৰ কি কি?

কানাডাই নিজৰ নাগৰিকসকলক বিভিন্ন দেশ আৰু অঞ্চলৰ সুৰক্ষা আৰু সুৰক্ষাৰ অৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ ভ্ৰমণ পৰামৰ্শ জাৰি কৰে, য’ত প্ৰৱেশৰ প্ৰয়োজনীয়তা, স্বাস্থ্যৰ বিবেচনা, আৰু সুৰক্ষাৰ টিপছ আদি অন্তৰ্ভুক্ত।

কানাডাৰ ১৮ ছেপ্টেম্বৰৰ পৰামৰ্শই ভাৰত ভ্ৰমণৰ সময়ত “উচ্চ মাত্ৰাৰ সাৱধানতা” অৱলম্বন কৰাৰ পৰামৰ্শ দিছে। কিন্তু ইণ্টাৰনেটৰ আৰ্কাইভে দেখুৱাইছে যে এইটো শেহতীয়া পৰিৱৰ্তন নহয় আৰু ২০১২ চনৰ অন্ততঃ নৱেম্বৰৰ পৰা “গোটেই দেশতে সকলো সময়তে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি অব্যাহত থকাৰ বাবে” কানাডাৰ কৰ্তৃপক্ষই “উচ্চ মাত্ৰাৰ সাৱধানতা” অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

শেহতীয়া পৰামৰ্শত ভাৰতৰ উত্তৰ-পূব ভাৰতৰ কিছু অংশ - অসম আৰু মণিপুৰ (অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ), জম্মু-কাশ্মীৰ (সকলো ভ্ৰমণ পৰিহাৰ), আৰু পাকিস্তানৰ সৈতে সীমান্তৱৰ্তী অঞ্চল (সকলো ভ্ৰমণ পৰিহাৰ)ৰ বাবেও নিৰ্দিষ্ট পৰামৰ্শ সন্নিবিষ্ট কৰা হৈছে। আমি দেখিলোঁ যে “সন্ত্রাস আৰু বিদ্ৰোহৰ আশংকাৰ বাবে” অসম আৰু মণিপুৰলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰাৰ ক্ষেত্ৰত কানাডাৰ নিৰ্দেশনা ২০২১ চনৰ জুলাই মাহৰ পৰাই বাহাল আছে। তদুপৰি ইণ্টাৰনেটৰ আৰ্কাইভত দেখা গৈছে যে কানাডাৰ কৰ্তৃপক্ষই ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰাই ভাৰতৰ উত্তৰ-পূবৰ অসম, মণিপুৰ, আৰু অন্যান্য ৰাজ্যলৈ যাত্ৰা কৰা বিৰুদ্ধে পৰামৰ্শ দিছে । তাৰ পূৰ্বে ২০১২ চনৰ আৰ্কাইভত মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া দেখা গৈছে।

কানাডাৰ চৰকাৰী ৱেবছাইটত শেহতীয়াকৈ দিয়া পৰামৰ্শৰ একমাত্ৰ আপডেটটো ওপৰত উল্লেখ কৰা হৈছে - "স্বাস্থ্য অংশটো আপডেট কৰা হৈছিল - ভ্ৰমণ স্বাস্থ্যৰ তথ্য (কানাডাৰ জনস্বাস্থ্য সংস্থা)।" সেই অনুসৰি ১৮ ছেপ্টেম্বৰৰ পৰামৰ্শত স্বাস্থ্য বিভাগৰ মিজ'লছ, জিকা ভাইৰাছ, ক’ভিড আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ, আদিৰ বিষয়ে এই শেহতীয়া স্বাস্থ্য জাননীত উল্লেখ কৰা হৈছে।

দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা কূটনৈতিক সংঘাতৰ মাজতে এই সপ্তাহত কানাডা চৰকাৰে এজন জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰাৰ ফলত সংঘাত আৰু তীব্ৰতৰ হৈ পৰিছে আৰু লগতে এই বিষয়ে ছ’চিয়েল মিডিয়াত বিভিন্ন ভুৱা আৰু বিভ্ৰান্তিজনক বাৰ্তা ভাইৰেল হৈ পৰিছে । আনহাতে এই বহিষ্কাৰৰ উত্তৰত ভাৰতে ১৯ ছেপ্টেম্বৰত কানাডাৰ এজন জ্যেষ্ঠ কূটনীতিবিদক দেশ এৰি যাবলৈ কয়।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে এক বিবৃতিত কয় যে এনেধৰণৰ প্ৰমাণহীন অভিযোগে কানাডাত আশ্ৰয় গ্ৰহণ কৰা খালিস্তানী সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীৰ পৰা মনোযোগ স্থানান্তৰিত কৰিব বিচাৰিছে আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

সিদ্ধান্ত

অসমৰ লগতে দেশৰ কেইবাটাও সংবাদ মাধ্যমে ভুলকৈ প্ৰকাশ কৰিছিল যে শেহতীয়াকৈ কানাডাই ভাৰত ভ্ৰমণৰ পৰামৰ্শ আপডেট কৰিছে। কানাডাৰ ভ্ৰমণ পৰামৰ্শই ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত “উচ্চ মাত্ৰাৰ সাৱধানতা”ৰ বাবে ধাৰাবাহিকভাৱে আহ্বান জনাই আহিছে। নিৰাপত্তাজনিত কাৰণত অসম আৰু মণিপুৰ অঞ্চললৈ যাতায়তৰ বিৰুদ্ধে দিয়া পৰামৰ্শও ২০২১ চনৰ জুলাই মাহৰ পৰাই আছে ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।