ভাইৰেল ভিডিঅ'ত হাতেৰে খোজ কাঢ়ি থকা মানুহজন অযোধ্যা ৰাম মন্দিৰলৈ গমনৰত নহয়

লেখক: চন্দন বৰগোহাঁই
জানুৱাৰী 31 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাইৰেল ভিডিঅ'ত হাতেৰে খোজ কাঢ়ি থকা মানুহজন অযোধ্যা ৰাম মন্দিৰলৈ গমনৰত নহয়

এজন লোকে হাতেৰে খোজ কাঢ়ি যোৱা এক ভিডিঅ’, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ বাবে গৈ থকা বুলি মিছাকৈ দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত থকা ব্যক্তি নিহাল কুমাৰ সিঙে লজিকেলী ফেক্টছক স্পষ্ট কৰিছে যে ক্লিপটোত তেওঁক ঝাৰখণ্ডৰ মন্দিৰ বাসুকিনাথ ধামৰ দিশে খোজ কাঢ়ি যোৱা দেখা গৈছে I

ক্লেইম আইডি 9c4371bc

দাবী কি?

ছ’চিয়েল মিডিয়াত গেৰুৱা ৰঙৰ ধুতি পিন্ধি হাতেৰে খোজ কাঢ়ি থকা এজন ব্যক্তিৰ ভিডিঅ’ 'এজন ভক্তই উত্তৰ ভাৰতৰ অযোধ্যা চহৰ অভিমুখে গৈ থকা দেখা গৈছে' বুলি প্ৰচাৰিত হৈছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে লোকজনে ২২ জানুৱাৰীত অযোধ্যা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এই অনন্য যাত্ৰাত নামি পৰিছে।

এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে হিন্দীত লিখিছে যে ভিডিঅ’টোত এজন বিশেষ ভগৱান ৰাম ভক্তক দেখা গৈছে, যিজনে নিজকে ‘বিচ্ছু’লৈ ৰূপান্তৰিত কৰি অযোধ্যাত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানলৈ যোৱাৰ পথত আগবাঢ়িছে বুলি তেওঁলোকে দাবী কৰিছে। “এয়া সনাতন ধৰ্মৰ অলৌকিকতা...,” ব্যৱহাৰকাৰীয়ে লগতে কয়। এই পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ক্লিপটো অসমীয়া নিউজ চেনেল DY365য়েও একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰিছিল। সংলগ্ন কেপচনত লিখা আছিল, “ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজ কাঢ়ি অযোধ্যালৈ যাত্ৰা এজন ভক্তৰ।”

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা DY365 ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ'টো অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নহয়।

সত্য কি?

আমি ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ইউটিউব চেনেল ‘এছপিজি ভাৰত’ত ১১ জানুৱাৰীত শ্বেয়াৰ কৰা এটা ভিডিঅ’ ৰিপ’ৰ্ট পালোঁ। ইউটিউব ভিডিঅ’টোত একেজন ব্যক্তিয়ে হাতেৰে খোজ কাঢ়ি থকা দেখা গৈছিল, যিটো ভাইৰেল ভিডিঅ’টোত দেখা গৈছে।

ভাইৰেল ক্লিপ আৰু ইউটিউব ভিডিঅ'ৰ তুলনা। (উৎস: এক্স/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’ অনুসৰি বিহাৰৰ চাহাৰছা জিলাৰ এজন নিহাল কুমাৰ সিঙে ২০২৩ চনৰ জুলাই মাহত ঝাৰখণ্ডৰ দেওঘৰ আৰু বাসুকিনাথৰ ফালে হাতেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। ভিডিঅ’টোত সাংবাদিকগৰাকীৰ সৈতে কথা পাতি থকাৰ সময়ত সিঙে উল্লেখ কৰিছিল যে তেওঁ ২০২৩ চনৰ ৪ জুলাইত বিহাৰৰ চুলতানগঞ্জৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু হিন্দু দেৱতা শিৱক প্ৰাৰ্থনা কৰিবলৈ বাসুকিনাথ ধাম (দেওঘৰ) পোৱাৰ পিছত যাত্ৰা সম্পূৰ্ণ কৰিব। তেওঁ লগতে কয় যে ভগৱান শিৱৰ আশীৰ্বাদৰ বাবেই তেওঁৰ অসুস্থ পিতৃৰ স্বাস্থ্য উন্নত হোৱাৰ পিছত এই যাত্ৰা আৰম্ভ কৰিছিল।

ইয়াৰ পৰা এটা ইংগিত লৈ আমি ২০২৩ চনৰ জুলাই মাহত সিঙৰ ‘যাত্ৰা’ আৰম্ভ হোৱাৰ সময়ত হিন্দী দৈনিক অমৰ উজালা আৰু আঞ্চলিক সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰত বিহাৰে সিঙৰ যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰা কিছু বাতৰি বিচাৰি পালোঁ। 

আমি লগতে ইউটিউব আৰু ফেচবুকত সিঙৰ যোগাযোগ নম্বৰৰ সৈতে সিঙৰ বিষয়ে এখন পোষ্টাৰ পাইছিলোঁ।

লজিকেলী ফেক্টছৰ সৈতে হোৱা কথা-বতৰাত সিঙে ভাইৰেল দাবী খণ্ডন কৰি স্পষ্ট কৰি দিয়ে যে ভাইৰেল ভিডিঅ’টো সম্ভৱতঃ ১০ৰ পৰা ১২ জানুৱাৰীৰ ভিতৰত ৰেকৰ্ড কৰা হৈছে আৰু ইয়াত দেওঘৰ চহৰ পাৰ হৈ বাসুকিনাথ ধামলৈ খোজ কাঢ়ি যোৱা দেখা গৈছে। তেওঁ লগতে কয়, ‘মই এতিয়াও বাসুকিনাথ ধামলৈ যাত্ৰাত আছো, আৰু তাত উপনীত হ’বলৈ মোৰ আৰু ২৫ৰ পৰা ৩০ দিন লাগিব পাৰে।’

সিদ্ধান্ত

ভিডিঅ’টোত এজন ভক্তই হাতেৰে খোজ কাঢ়ি অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱা এক পৰিঘটনা বন্দী হোৱা নাই। ভিডিঅ’টোত থকা ব্যক্তিজনে নিজেই স্পষ্ট কৰি দিছে যে ভিডিঅ’টোত তেওঁক খোজকাঢ়ি ঝাৰখণ্ডৰ বাসুকিনাথ ধামলৈ যোৱা দেখা গৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।