গুজৰাটৰ এটা পুৰণি ভিডিঅ’ হাৰিয়ানাৰ শেহতীয়া অস্থিৰতাৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
আগষ্ট 17 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গুজৰাটৰ এটা পুৰণি ভিডিঅ’ হাৰিয়ানাৰ শেহতীয়া অস্থিৰতাৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এইটো গুজৰাটৰ ভিডিঅ’। ২০১৯ চনৰ এই ভিডিঅ’টোত চুৰাটত ‘মব লিঞ্চিং’ৰ বিৰুদ্ধে হোৱা এক প্ৰতিবাদত একাংশ লোকে এখন বাছত আক্ৰমণ চলোৱা দেখা গৈছে।

ক্লেইম আইডি 4a8bdabe

পৃষ্ঠভূমি

হাৰিয়ানাৰ নুহ জিলাত যোৱা ৩১ জুলাইত এদল লোকে হিন্দুত্ববাদী গোটৰ দ্বাৰা উলিওৱা এটা শোভাযাত্ৰা ৰোধ কৰাৰ চেষ্টা চলোৱাৰ পিছতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। বাতৰি অনুসৰি, ৰাজ্যখনৰ আন আন অঞ্চলতো অতি সোনকালেই এই হিংসা বিয়পে পৰে যাৰ ফলত ছয়জনৈ লোক নিহত হয়, আৰু কেইবাজনো লোক আহত হয়।

ৰাজ্যখনত এতিয়াও সাম্প্ৰদায়িক উত্তেজনাই বিৰাজ কৰি আছে, ইয়াৰ মাজতে একাংশ লোকে পাথৰ মাৰি এখন নীলা বাছৰ ভাঙি পেলোৱা এটা ভিডিঅ’ হাৰিয়ানাৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ১১৪ ছেকেণ্ডৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি এক্সত (আগতে টুইটাৰ) এজন ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে, “কৰদাতাৰ কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰা সম্পত্তি এটা শান্তিপ্ৰিয় সম্প্ৰদায়ে ভাঙি চুৰমাৰ কৰিলে।” পোষ্টটোত "#Gurugram", "#NuhVoilence", "#Haryana", "#Haryanaviolence" আৰু "#Gurgaon" আদি ভাইৰেল হেচটেগ ব্যৱহাৰ কৰা হৈছিল। 

অৱশ্যে এই ভিডিঅ’টো হাৰিয়ানাৰ নহয় আৰু ৰাজ্যখনত সূত্ৰপাত ঘটা শেহতীয়া হিংসাৰ আগৰে পৰা ইন্টাৰনেটত উপলব্ধ ।

প্ৰকৃত তথ্য

ভিডিঅ’টো ভালদৰে চালে ০:৫৪ টাইমষ্টাম্পৰ ওচৰত বাছখনৰ নম্বৰ প্লেটৰ আৰম্ভণিতে আৰম্ভণিতে পাতলকৈ ওলাই থকা ইংৰাজী ‘G’ আখৰটো দেখা পোৱা যায়। বাওঁফালে পিছৰ বাছখনত লিখা থোৱা  'চিটিলিংক' শব্দটোও তেতিয়া দেখা যায়। অনুসন্ধান কৰি আমি জানিব পাৰোঁ যে ‘চিটিলিংক’ শব্দটোৰ দ্বাৰা ‘চিটিলিংক লিমিটেড’ক বুজোৱা হৈছে, এইয়া হৈছে গুজৰাটৰ চুৰাট চহৰৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰা এটা প্ৰকল্পৰ অংশ—য’ত নম্বৰ প্লেটবোৰ ‘জিজে’(GJ)ৰে আৰম্ভ হয়।  গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী মিছন 'স্মাৰ্ট চিটি'ৰ ৱেবছাইটত উপলব্ধ এক নথি অনুসৰি চিটিলিংক লিমিটেড এক বিশেষ উদ্দেশ্যৰ বাহন (এছপিভি), চুৰাট পৌৰ নিগমৰ এটা সহায়ক কোম্পানী আৰু ইয়াক ২০১৩ চনত কোম্পানী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

আমি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বিভিন্ন ভিডিঅ’ প্ৰতিবেদন লাভ কৰিলো য’ত ভাইৰেল ভিডিঅ'টোত দেখা বাছখনৰ একেধৰণৰ দৃশ্য অন্তৰ্ভুক্ত আছিল। যদিও আমি কোনো এটা প্ৰতিবেদনত সঠিক ক্লিপটো দেখা নাপালো টিভি৯ গুজৰাটীৰ এটা ভিডিঅ' প্ৰতিবেদনৰ ৪:০৩ টাইমষ্টাম্পত ভাইৰেল ক্লিপটোৰ সৈতে যথেষ্টখিনি সাদৃশ্য থকা এখন নীলা ৰঙৰ ভঙা বাছ দেখিবলৈ পাওঁ। ভিডিঅ' প্ৰতিবেদনটো ২০১৯ চনৰ ৫ জুলাইত ইউটিউবত আপলোড কৰা হৈছিল, যাৰ শিৰোনাম আছিল, “চুৰাটত মব লিঞ্চিং কাণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ৰেলীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে, আৰক্ষী বাহিনী মোতায়েন”।

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ'টো কেমেৰাত বন্দী কৰা ঠাইখিনিৰ অৱস্থান (জিঅ’ ল’কেশ্য়ন) নিৰ্ণয় কৰিবলৈ সক্ষম হয়। ভিডিঅ'টোত গুগল ষ্ট্ৰীট ভিউ আৰু ভিজুৱেল সংকেত ব্যৱহাৰ কৰি - যেনে পৃষ্ঠভূমিত এটা অট্টালিকা আৰু এখন ছাদত এটা ঘূৰণীয়া ৰঙা ছাতিসদৃশ গাঁথনি - আমি নিৰ্ণয় কৰিছিলো যে ক্লিপটো চুৰাটৰ নানপুৰা অঞ্চলত অৱস্থিত স্বামী বিবেকানন্দ চক্ৰৰ আশে-পাশে কেমেৰাত আৱদ্ধ কৰা হৈছিল। এইটোৱে নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ'টো হাৰিয়ানাৰ নহয়, বৰঞ্চ চুৰাটৰহে হয়। 

দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ ৫ জুলাইত চুৰাটত মব লিঞ্চিঙৰ বৰ্ধিত ঘটনাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰা হৈছিল। প্ৰাপ্ত তথ্য মতে, সমদলটো হিংসাত্মক হৈ পৰাৰ লগতে নানপুৰা অঞ্চলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। যাৰ ফলত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ মাৰি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিছিল। সমদলটোৰ আয়োজকসকলকো জিম্মাত লোৱা হৈছিল বুলি প্ৰতিবেদনত লগতে কোৱা হৈছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনেও এই বিৱৰণবোৰৰ সমৰ্থন কৰিছে।

হাৰিয়ানাৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত ক’বলৈ গ’লে যোৱা ১১ আগষ্টত পিটিআইত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি উক্ত হিংসাৰ সৈতে জড়িত থকাৰ অভিযোগত ৩৯৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সিদ্ধান্ত

২০১৯ চনত চুৰাটত মব লিঞ্চিঙৰ বিৰুদ্ধে অনুষ্ঠিত এক প্ৰতিবাদী সমদলৰ সময়ত সংঘটিত সংঘৰ্ষৰ এটা পুৰণি ভিডিঅ’ক শেহতীয়াকৈ হাৰিয়ানাত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোঁহাই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।