গুজৰাটৰ পুৰণি ভিডিঅ' দিল্লীৰ মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ সমৰ্থনত কৰা সমদলৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 5 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গুজৰাটৰ পুৰণি ভিডিঅ' দিল্লীৰ মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ সমৰ্থনত কৰা সমদলৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টো ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ, চুৰাটত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ৰ সময়ত ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল ।

ক্লেইম আইডি ff2b57a8

পৃষ্ঠভূমি

মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিৰুদ্ধে দেশৰ বহু কেইগৰাকী মল্লযোদ্ধাই বিগত এপ্ৰিল মাহৰ পৰা প্ৰতিবাদত বহি আছে । পি টি আইত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰতিবাদকাৰীসকলে ২১ মে’ৰ পূৰ্বে তেওঁলোকে দাবী কৰা ধৰণে যদি সিঙক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে তেওঁলোকৰ দাবীৰ সমৰ্থনত আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাসকলৰ কাষ চাপিব বুলি সকিয়াই দিছিল । ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত উক্ত প্ৰতিবাদৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰি বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ অগণন লোকৰ এটা পদযাত্ৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে ইয়াক মল্লযোদ্ধাসকলে চলাই অহা প্ৰতিবাদৰ সমৰ্থনত উলিওৱা এটা ৰেলীৰ দৃশ্য বুলি দাবী কৰে। টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ছ’চিয়েল মিডিয়াত ব্যয়ৱহাৰকাৰীয়ে এইদৰে লিখে, ‘’গোটেই দেশজুৰী সমৰ্থন’’। আন এগৰাকীয়ে লিখে, ‘‘যদি দেশৰ সন্মান ৰাস্তাত থাকে, তেতিয়া সমৰ্থনটো কৰিব লাগিব। মল্লযোদ্ধাসকলে সমগ্ৰ দেশৰ পৰা সমৰ্থন পাইছে।’’ একেটা ভিডিঅ’ ভাৰতীয় মল্লযোদ্ধা সাক্ষী মালিকে শ্বেয়াৰ কৰি এক অনুৰূপ দাবী কৰে। অৱশ্য যথেষ্ট ভাইৰেল হৈ পৰা টুইটটো পিছত আঁতৰাই দিয়া হয়।

প্ৰকৃত তথ্য

আমি মালিকৰ টুইটৰ এক আৰ্কাইভ ভাৰ্ছনত থকা কমেন্টসমূহ পঢ়িব সক্ষম হলো, ইয়াত এজন ব্যৱহাৰকাৰীয়ে এটা পুৰণি টুইট লিংক কৰি দিছিল । উক্ত টুইটটোত একেটা ভিডিঅ'ৰ অলপ দীঘলীয়া সংস্কৰণ এটা আছিল য'ত উক্ত ভিডিঅ’টো ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত অন্যান্য পিছপৰা শ্ৰেণীৰ এক ৰেলীৰ বুলি দাবী কৰা হৈছে। অৱশ্যে, সেই ভিডিঅ'টোৰ কমেন্টছত কেইবাজনো লোকে আঙুলিয়াই দিছিল যে ভিডিঅ'টো ৰাজস্থানৰ নহয়, ইয়াৰে এজনে ভিডিঅ’টো প্ৰকৃততে চুৰাটৰ বুলি উল্লেখ কৰিছিল।

ইয়াৰ ওপৰত ভিত্তি কৰি আমি ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বটত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোঁ আৰু ২০২২ চনৰ ৩০ ছেপ্টেম্বৰত আপলোড কৰা এটা 'ইউটিউব শ্বৰ্ট' বিচাৰি পাওঁ । ইয়াত উল্লেখ কৰা মতে সেই সময়ত চুৰাটত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডীৰ ৰোডশ্ব’ৰ সময়ত নীলগিৰি চাৰ্কোলত উক্ত ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল। 

তদুপৰি, ভিডিঅ’টোত যথেষ্ট মানুহৰ সমাগম হোৱা ঘূৰণীয়া ঠাইখিনিত এটা ঘোঁৰাৰ ওপৰত ব্যক্তি এজনৰ সৈতে এটা স্থাপত্য মূৰ্তি দেখা পোৱা যায়। আমি গুগল ষ্ট্ৰীট ভিউ ব্যৱহাৰ কৰি উক্ত ঠাইখিনি চুৰাটৰ নীলগিৰি চক্ৰৰ ৰুস্তম বাগ অঞ্চলৰ বুলি জানিব পাৰো। ঘূৰণীয়া ঠাইখিনিত থকা স্থাপত্যটো হৈছে ৰাণী লক্ষ্মীবাইৰ মূৰ্তি।

'Surat's Indian vlogger reeteeshraj' নামৰ এটা ইউটিউব একাউণ্টত ২০২২ চনৰ ২৮ ছেপ্টেম্বৰত আপলোড কৰা এটা ভিডিঅ'ও আমি দেখিবলৈ পাওঁ। ভিডিঅ'টোত ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীৰ পূৰ্বে চুৰাটত চলা প্ৰস্তুতি পৰ্ব দেখুওৱা হৈছে আৰু সুসজ্জিত নীলগিৰি চক্ৰৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’টোৰ ২:২৮ টাইমষ্টেম্পত ৰাণী লক্ষ্মীবাইৰ মূৰ্তি, গেৰুৱা পতাকা, আৰু ভাইৰেল ভিডিঅ’টোত দেখা বিজেপিৰ পতাকা দেখিবলৈ পোৱা যায়। একেটা ভিডিঅ’ৰ ২:৪০ টাইমষ্টেম্পত আমি ৰাস্তাত ওখ ওখ গেৰুৱা পতাকাৰ শাৰী দেখিবলৈ পাওঁ। ভাইৰেল ভিডিঅ’টোতো পতাকাৰ উক্ত শাৰীটো দেখিবলৈ পোৱা যায়।

আমি ঘূৰণীয়া ঠাইখিনিৰ সোঁফালে মোডীৰ এখন পোষ্টাৰ দেখিবলৈ পাওঁ, মলযোদ্ধাসকলৰ সমৰ্থনত অনুষ্ঠিত প্ৰতিবাদত এনে ফটো দেখাৰ সম্ভাৱনা নাথাকে। প্ৰধানমন্ত্ৰী মোডীৰ চুৰাট ভ্ৰমণ আৰু তেওঁৰ ৰোড শ্ব'ৰ এটা ভিডিঅ' তেওঁৰ ইউটিউব চেনেলত উপলব্ধ। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে ২৯ ছেপ্টেম্বৰত চুৰাটত বিজেপিৰ ৰেলী হৈছিল, আৰু ৰাজপথত বিশাল জনসমাগম হৈছিল। আমি উক্ত ভিডিঅ'টোত গেৰুৱা পতাকা, প্ৰধানমন্ত্ৰী মোডীৰ পোষ্টাৰ আৰু বিজেপিৰ পতাকাও দেখিবলৈ পাওঁ।

আমি "মাই চুৰাট" নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা আন এটা ভিডিঅ' দেখিবলৈ পাওঁ য'ত প্ৰধানমন্ত্ৰী মোডীয়ে ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত নীলগিৰি গ্ৰাউণ্ড লিম্বায়াতত সমবেত লোকসকলক সম্বোধন কৰিছিল বুলি কোৱা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছত ২০২২ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰধানমন্ত্ৰীয়ে ২৯ ছেপ্টেম্বৰত চুৰাটত ৩,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব বুলি কোৱা হৈছিল। প্ৰতিবেদনটেত লগতে কোৱা হৈছে যে পৌৰ নিগমৰ বিষয়া, আৰক্ষী বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে চুৰাটৰ লিম্বায়াত অঞ্চলৰ নীলগিৰি খেলপথাৰত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি নিৰীক্ষণ কৰিছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত দাবী কৰাৰ দৰে এইয়া মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ সমৰ্থনত উলিওৱা ৰাজহুৱা সমদল নহয়। এই ভিডিঅ'টো ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ইন্টাৰনেটত উপলব্ধ আৰু ইয়াত ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত চুৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোডশ্ব' দেখুওৱা হৈছে। গুগল ষ্ট্ৰীট ভিউৰ জৰিয়তে ভিডিঅ'টোৰ স্থান চুৰাটৰ নীলগিৰি চাৰ্কোল বুলি আমি জানিব পাৰো। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।