চন্দ্ৰযান-৩ৰ অৱতৰণৰ পিছৰ বুলি ইছৰ'ৰ মুৰব্বীৰ পুৰণি নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
আগষ্ট 29 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চন্দ্ৰযান-৩ৰ অৱতৰণৰ পিছৰ বুলি ইছৰ'ৰ মুৰব্বীৰ পুৰণি নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টো জুলাই মাহত বেংগালুৰুত ইছৰ'ৰ উদ্যোগত আয়োজন কৰা এক অনুষ্ঠানৰ সময়ত ৰেকৰ্ডিং কৰা হৈছিল। চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ সৈতে কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি 1a3722c7

পৃষ্ঠভূমি

বুধবাৰে সন্ধিয়া ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ চন্দ্ৰত সফল অৱতৰণ কৰাৰ পিছতে ইছৰ'ৰ মুৰব্বী এছ সোমনাথৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে। ভিডিঅ’টোত মহাকাশ সংস্থাটোৰ শেহতীয়া কৃতিত্বৰ আনন্দত এছ সোমনাথে নৃত্য কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে। ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা কিছুমান পোষ্টে এক্স (পূৰ্বৰ টুইটাৰ)ত লাখ লাখ ভিউ লাভ কৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে দেশলৈ সন্মান কঢ়িয়াই অনা ইছৰ'ৰ অধ্যক্ষ আৰু তেওঁৰ দলটোক তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰি একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে উক্ত কেপচনসহ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছে।

দাবীৰ সৈতে এটা অনলাইন পোষ্টৰ স্ক্ৰীণগ্ৰেব (উৎস: X/@aestheticayush6)

অৱশ্যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পূৰ্বেই কেমেৰাত বন্দী কৰা হৈছিল।

প্ৰকৃত তথ্য

লজিকেলী ফেক্টছে জানিব পাৰিলে যে ভিডিঅ’টো প্ৰথমে এক্স ব্যৱহাৰকাৰী সিদ্ধাৰ্থ এম পি (@sdhrthmp)য়ে শ্বেয়াৰ কৰিছিল, তেওঁ নিজকে ইংৰাজী ভাষাৰ ৰাষ্ট্ৰীয় নিউজ চেনেল উইয়নৰ সাংবাদিক বুলি পৰিচয় দিছিল। তেওঁ ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ডা: এচ সোমনাথ আৰু টিম #ইছৰ' আজিৰ ৰাতিটো হৃদয়ৰ পৰা নাচক আৰু উদযাপন কৰক। পৃথিৱীৰ কিমানজন মানুহৰ হাতত ১.৪+ বিলিয়ন হৃদয় গৌৰৱেৰে ফুলি উঠাব পৰা শক্তি আৰু জ্ঞান আছে! (sic)"

কিন্তু ভিডিঅ’টো ভাইৰেল হ’বলৈ ধৰাত তেওঁ ৰিপ্লাই হিচাপে এটা মন্তব্য পোষ্ট কৰি কয় যে ভিডিঅ’টো শেহতীয়া নহয়। " অনুগ্ৰহ কৰি মন কৰিব: এইটো এই বছৰৰ আৰম্ভণিৰ এটা ভিডিঅ', আৰু এই সমগ্ৰ অনুষ্ঠানটোত মোৰ আনুষ্ঠানিক প্ৰৱেশৰ অনুমতি প্ৰাপ্ত আছিল, আৰু মই ইয়াৰ চিত্ৰগ্ৰহণ কৰিছিলোঁ। এই ভিডিঅ'টো আজি ৰাতিৰ নহয়!।" সিদ্ধাৰ্থৰ এক্স প্ৰফাইল অনুসৰি তেওঁ ইছৰ', প্ৰতিৰক্ষা, প্ৰযুক্তি, ষ্টাৰ্টআপ, আদিৰ ৰিপৰ্টিঙৰ সৈতে জড়িত।

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ'টোৰ বিষয়ে অধিক তথ্যৰ বাবে সিদ্ধাৰ্থৰ সৈতে যোগাযোগ কৰিছিল, আৰু তেওঁ ভিডিঅ'টো "২০২৩ চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহত" কেমেৰাত বন্দী কৰিছিল আমাক জানিবলৈ দিয়ে।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ লগতে কয় যে, "এই (ভিডিঅ') জুলাই মাহত (যোৱা মাহত) বেংগালুৰুত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ হয়। এইটো জি-২০ মহাকাশ অৰ্থনীতিৰ নেতাসকলে সাক্ষাৎ কৰা সাংস্কৃতিক নিশাৰ অনুষ্ঠান আছিল।"

ইছৰ'ৰ অফিচিয়েল ৱেবছাইট অনুসৰি ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ অধীনত ৬ জুলাইত বেংগালুৰুত স্পেছ ইকনমি লিদাৰছ মিটিং (SELM)ৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত হৈছিল য'ত ১৮খন জি-২০ দেশ, ৮খন আমন্ত্ৰিত দেশ, আৰু ১টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ছিনিয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।’- ৱেবছাইটটোৱে লগতে কয়। ৱেবছাইটটোৱে লগতে উল্লেখ কৰিছে যে "দিনটোৰ অনুষ্ঠানসমূহৰ সামৰণি মাৰিবলৈ ভাৰতৰ চহকী ঐতিহ্য আৰু আতিথ্য প্ৰদৰ্শন কৰি এক আনন্দদায়ক সাংস্কৃতিক অনুষ্ঠান আৰু ডিনাৰৰ আয়োজন কৰা হৈছিল।"

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ দিনা এছ সোমনাথৰ সাজ-পোছাক আৰু ভাইৰেল ভিডিঅ’টোত তেওঁৰ সাজ-পোছাকৰ তুলনা (উৎস: ইউটিউব/ইছৰ', X/@aestheticayush6/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

এইটোও মন কৰিবলগীয়া যে চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পিছত যেতিয়া ইছৰ'ৰ মুৰব্বীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিছিল তেতিয়া সোমনাথে ব্লেজাৰ নহয় গাঢ় ৰঙৰ এক চোলা পিন্ধিছিল, যিটো ভাইৰেল ভিডিঅ’টোত দেখা গৈছে ।

সিদ্ধান্ত

ইছৰ'ৰ মুৰব্বী এছ সোমনাথে নৃত্য কৰা এই ভিডিঅ’টো এতিয়াৰ নহয় বৰঞ্চ বিগত জুলাই মাহত আয়োজন কৰা ইছৰ'-জি-২০ অনুষ্ঠানৰ হয়। গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।