নৰেন্দ্ৰ মোদীৰ মুখৰ গঠন সদৃশ গছৰ ছবি 'এআই-জেনেৰেটেড' হয়

লেখক: বিবেক জে
অক্টোবৰ 5 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নৰেন্দ্ৰ মোদীৰ মুখৰ গঠন সদৃশ গছৰ ছবি 'এআই-জেনেৰেটেড' হয়

কৰ্ণাটকৰ গোকৰ্ণাত এজন ফৰাচী পৰ্যটকে ক্লিক কৰা এখন ছবি বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ছবিখনৰ সৃষ্টিকৰ্তাই লজিকেলী ফেক্টছৰ আগত নিশ্চিত কৰিছিল যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ছবিখন নিৰ্মাণ কৰিবলৈ 'এআই' ব্যৱহাৰ কৰিছিল।

ক্লেইম আইডি 942e9141

দাবী কি?

এক্স (X) (পূৰ্বে টুইটাৰ) আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখৰ সদৃশ গছৰ এখন ছবি শ্বেয়াৰ কৰা হৈছে। এই পোষ্টবোৰৰ কিছুমানৰ কেপচনৰ পৰা বুজা গৈছিল যে এই ছবিখন কৰ্ণাটকৰ গোকৰ্ণাত এজন ফৰাচী পৰ্যটকে তুলিছে। X-ত শ্বেয়াৰ কৰা তেনে এটা পোষ্টত লিখা আছিল, “ৱাহ! প্ৰকৃতিও মোদীজীৰ লগত (sic)।” ব্য়ৱহাৰকাৰী গৰাকীয়ে পোষ্টটো পুনৰ শ্বেয়াৰ কৰি কেপচন দিছিল, “এই ফটোখন গোকৰ্ণা (কৰ্ণাটক)ত এজন ফৰাচী পৰ্যটকে ক্লিক কৰিছিল।” এনে ধৰণৰ এটা পোষ্ট হাৰিয়ানাৰ পঞ্চকুলাৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অফিচিয়েল একাউণ্টেও শ্বেয়াৰ কৰিছিল আৰু দাবী কৰিছিল যে উক্ত ফটোখন “গোকৰ্ণা (কৰ্ণাটক)ৰ ওচৰত এজন ফৰাচী পৰ্যটকে ক্লিক কৰিছিল।” এই পোষ্টটোৰ এটা আৰ্কাইভ ভাৰ্চন ইয়াত পোৱা যাব। একেধৰণৰ দাবী থকা আন পোষ্টো আছে, যাৰ আৰ্কাইভ ইয়াত আৰু ইয়াত পোৱা যাব।

ছ’চিয়েল মিডিয়াত প্ৰকাশিত পোষ্টৰ স্ক্ৰীণশ্বটত প্ৰধানমন্ত্ৰী মোদীৰ মুখৰ সদৃশ গছ এজোপা দেখা গৈছে। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ছবিখন এআই-জেনেৰেটেড আৰু প্ৰকৃত ছবি নহয়।

আমি কি পাইছিলোঁ?

আমি এই ছবিখনৰ এক অনুসন্ধান কৰিলোঁ আৰু একেখন ছবি থকা একাধিক বাতৰি বিচাৰি পালোঁ, য'ত ইয়াক এআই-জেনেৰেটেড বুলি উল্লেখ কৰা হৈছে।

২৩ ছেপ্টেম্বৰ তাৰিখে হিন্দুস্তান টাইমছৰ এনে এটা প্ৰবন্ধৰ শিৰোনাম আছিল, “এই এআই-জেনেৰেটেড ছবিখনত আপুনি পিএম মোদীৰ মুখ দেখিছেনে?” এই লেখাটোৰ এটা অংশত লিখা আছিল, “শিল্পীসকলে সৃষ্টিশীলতাৰ সীমাবদ্ধতাক ঠেলি দিবলৈ আৰু অবিশ্বাস্য় ছবি সৃষ্টি কৰিবলৈ বিভিন্ন এআই-চালিত সঁজুলি ব্যৱহাৰ কৰিব ধৰিছে। মাধৱ কোহলী এনে এজন শিল্পী যিয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত মন্ত্ৰমুগ্ধকৰ ভিজুৱেল শ্বেয়াৰ কৰে। তেওঁৰ এটা শেহতীয়া সৃষ্টিত এটা দ্বীপৰ ছবি দেখুওৱা হৈছে। অৱশ্যে আমোদজনক কথাটো হ’ল তেওঁ কেনেকৈ প্ৰযুক্তিৰ সৈতে নিজৰ কলাত্মক প্ৰকাশভংগী মিহলাই ফটোখন এনেদৰে সৃষ্টি কৰিলে যে ই পি এম নৰেন্দ্ৰ মোদীৰ মুখৰ আভাস দিয়ে।”

একেখন ছবি থকা আৰু ইয়াক এআই ছবি বুলি উল্লেখ কৰা বাতৰিৰ লেখাবোৰৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/হিন্দুস্তান টাইমছ/লাইভমিণ্ট)

আমি ইনষ্টাগ্ৰামত কোহলীৰ সৈতে যোগাযোগ কৰিলোঁ । তেওঁ আমাক ক’লে যে তেওঁ ছবিখন “ষ্টেবল ডিফিউজন নামৰ এআই ইমেজ জেনেৰেচন ছফ্টৱেৰ ব্যৱহাৰ কৰি” তৈয়াৰ কৰিছে। ষ্টেবল ডিফিউজন এপ্লিকেচনটোৱে নিজকে “যিকোনো টেক্সট ইনপুট দিলে ফটো-বাস্তৱিক ছবি সৃষ্টি কৰিব পৰা এটা টেক্সট-টু-ইমেজ ডিফ্লুচন মডেল” বুলি বৰ্ণনা কৰিছে।

মাধৱ কোহলীৰ পোষ্টৰ স্ক্ৰীণশ্বট আৰু এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ সঁহাৰি। (উৎস: স্ক্ৰীণশ্বট/এক্স/মাধৱ কোহলী)

কোহলীয়ে নিজৰ এক্স একাউণ্টতো এআই-জেনেৰেটেড আন ছবি শ্বেয়াৰ কৰিছে।

মাধৱ কোহলিয়ে শ্বেয়াৰ কৰা অন্যান্য এআই-জেনেৰেটেড ছবিৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/মাধৱ কোহলী)

সিদ্ধান্ত

ছ’চিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীৰ মুখৰ গঠন সদৃশ গছৰ ছবি বুলি দাবী কৰি শ্বেয়াৰ কৰা ছবিখন এআই-জেনেৰেটেড হয়। এইখন কোনো ফৰাচী পৰ্যটকে তোলা প্ৰকৃত ছবি নহয়। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।