'সন্দেশখালি' ঘটনাৰ পিছতে 'পশ্চিমবংগৰ আৰক্ষীত ১০০% নিযুক্তিয়ে মুছলমান' বুলি মিছা দাবী পুনৰ প্ৰচাৰিত

লেখক: ৰাহুল অধিকাৰী
মাৰ্চ 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
'সন্দেশখালি' ঘটনাৰ পিছতে 'পশ্চিমবংগৰ আৰক্ষীত ১০০% নিযুক্তিয়ে মুছলমান' বুলি মিছা দাবী পুনৰ প্ৰচাৰিত

পশ্চিমবংগ আৰক্ষীত কেৱল মুছলমান প্ৰাৰ্থীক নিযুক্তি দিয়া বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

পশ্চিমবংগত ধৰ্মৰ ভিত্তিত আৰক্ষী বিভাগত নিযুক্তি প্ৰদান কৰা হোৱা নাছিল। তদুপৰি বিভিন্ন পদবীত নিৰ্বাচিত বেছিভাগ প্ৰাৰ্থীৰে হিন্দু নাম আছিল।

ক্লেইম আইডি e01253db

কি দাবী কৰা হৈছে?

পশ্চিমবংগত শেহতীয়াকৈ হৈ যোৱা আৰক্ষীৰ নিযুক্তিত মুছলমান প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছিল বুলি একাধিক লোকে ছ’চিয়েল মিডিয়াত দাবী কৰা দেখা গৈছে। এটা বিশেষ সম্প্ৰদায়ক অগ্ৰাধিকাৰ দিয়া বুলি অভিযোগ আনি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইয়াক শন্দেশখালিৰ গাৱঁৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সংযুক্ত কৰা দেখা গৈছে। উল্লেখযোগ্য যে বিগত জানুৱাৰী মাহৰ আৰম্ভণিতে আইন বলবৎকাৰী সঞ্চালকালয় (ইডি)-ৰ এটা দলে তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেখৰ বাসগৃহত অভিযান চলোৱাৰ পিছৰে পৰা পশ্চিমবংগৰ সন্দেশখালি গাঁওখন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

পশ্চিমবংগৰ শাসকীয় টিএমচি চৰকাৰৰ বিৰুদ্ধে ‘মুছলমান তুষ্টিকৰণ’ৰ অভিযোগ উত্থাপন কৰা ভাইৰেল পোষ্টসমূহে ভি কে নিউজ নামৰ এটা নিউজ পৰ্টেলৰ এক ভিডিঅ’ প্ৰতিবেদনৰ ক্লিপ শ্বেয়াৰ কৰিছে। প্ৰতিবেদনটোত নিউজ এংকৰ গৰাকীয়ে পশ্চিমবংগ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীৰ নামৰ তালিকা বুলি দাবী কৰি এখন তালিকা প্ৰদৰ্শন কৰে। এংকৰগৰাকীয়ে দাবী কৰা মতে নিৰ্বাচিত আটাইকেইগৰাকী প্ৰাৰ্থীয়ে মুছলমান আছিল। ভিডিঅ'টোত তেওঁ কৈছে, "এতিয়া প্ৰশ্ন হয় খালী পদৰ বাবে কেৱল মুছলমানেহে আবেদন কৰিছিল নেকি। যদি নহয় তেন্তে কেৱল মুছলমানকহে নিৰ্বাচিত কৰা হ'ল কিয়? পশ্চিমবংগত কেৱল মুছলমানহে বাস কৰে নেকি?" তেওঁ আৰু কয় যে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ পাৰবেশ ভাৰ্মাই এই তালিকাখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল আৰু এই বিষয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰশ্ন কৰিছিল। 

ভিডিঅ'টো শ্বেয়াৰ কৰি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে "এই তালিকাত এজনো হিন্দু নাই!" বুলি দাবী কৰে। তেওঁলোকে ইয়াক মমতা বেনাৰ্জী নেতৃত্বাধীন টিএমচি চৰকাৰৰ ‘তুষ্টিকৰণ’ ৰাজনীতিৰ আন এক উদাহৰণ বুলি অভিযোগ কৰাৰ লগতে তেওঁ দীৰ্ঘদিন ধৰি শ্বেখক সুৰক্ষা দি আহিছে বুলি কয়। ইডিৰ অভিযানৰ পিছতে শ্বেখ আৰু তেওঁৰ সহযোগীসকলে হিংসা আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি ব্যাপক প্ৰতিবাদ আৰু প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। 

"আৰক্ষীৰ নিযুক্তিত ১০০% মুছলমান প্ৰাৰ্থী নিৰ্বাচিত" বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ আৰ্কাইভ কৰা লিংক ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। এনে একাধিক পোষ্টে কেইবা হাজাৰ ভিউ আৰু শতাধিক লাইক লাভ কৰিছে।

ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবী মিছা কাৰণ শ্বেয়াৰ কৰা তালিকাখনত কেৱল এটা শ্ৰেণীৰ অন্তৰ্গত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাহে দেখা যায়। একেটা শিতানতে একাংশ অনা মুছলমান প্ৰাৰ্থীকো নিৰ্বাচিত কৰা হৈছিল, আৰু সামগ্ৰিকভাৱে আটাইকেইটা শিতানত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ অধিকাংশই হিন্দু। 

আমি লাভ কৰা তথ্য

ভাইৰেল ভিডিঅ’টো কম ৰিজ’লিউচনৰ হোৱাৰ বাবে উক্ত তালিকাখনত উল্লেখ কৰা নামসমূহ পঢ়িব পৰা অৱস্থাত নাছিল। ভি কে নিউজে শ্বেয়াৰ কৰা মূল বাতৰিটোও আমি বিচাৰি উলিয়াব পৰা নাছিলো। কিন্তু ভাইৰেল দাবী আৰু ভি কে নিউজৰ বাতৰিৰ ভিত্তিত আমি বিজেপিৰ সাংসদ পাৰৱেশ ভাৰ্মাই শ্বেয়াৰ কৰা বিশেষ তালিকাখনৰ এটা স্পষ্ট সংস্কৰণ লাভ কৰোঁ।

২০২১ চনৰ ১৯ ​​জুনত ভাৰ্মাই তেওঁৰ এক্স একাউণ্টত এই তালিকাখন শ্বেয়াৰ কৰিছিল। তেওঁৰ পোষ্টত ভাৰ্মাই মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ‘গণহত্যাৰ’ আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। একেখন তালিকা শ্বেয়াৰ কৰি কেইবাগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ২০২১ চনত এতিয়া ভাইৰেল হোৱা দাবীটোত উত্থাপন কৰা অভিযোগৰ দৰেই অভিযোগ উত্থাপন কৰিছিল, যিয়ে নিশ্চিত কৰিছিল যে এনে দাবীসমূহ কমেও তিনি বছৰ ধৰি প্ৰচাৰিত হৈ আছে।

২০২১ চনত বিজেপি সাংসদ পাৰৱেশ ভাৰ্মাই শ্বেয়াৰ কৰা পোষ্টটোৰ স্ক্ৰীণশ্বট।(উৎস: স্ক্ৰীণশ্বট/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ পিছত আমি তালিকাখন পৰ্যালোচনা কৰি দেখিলোঁ যে ইয়াত পশ্চিমবংগ আৰক্ষীৰ উপ-পৰিদৰ্শক (ইউবি পদ)ৰ বাবে খালী হোৱা ৫০টা ‘অ’বিচি-এ’ পদৰ বিপৰীতে সাময়িকভাৱে নিৰ্বাচিত প্ৰাৰ্থীৰ নাম দেখুওৱা হৈছে। এই পদসমূহৰ বিজ্ঞাপন ২০১৯ চনত লোৱা হৈছিল, আৰু ২০২১ চনৰ জুন মাহত পশ্চিমবংগ আৰক্ষী নিযুক্তি ব’ৰ্ডে আনুষ্ঠানিকভাৱে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। 

বিজেপি সাংসদ পাৰৱেশ ভাৰ্মাই শ্বেয়াৰ কৰা তালিকাত উপ-পৰিদৰ্শক (ইউ বি) পদৰ বাবে নিৰ্বাচিত হোৱা ৫০ গৰাকী ' অ' বি চি-এ' প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছে ৷ (উৎস: স্ক্ৰীণশ্বট/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ পিছত আমি ২০১৯ চনত উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে পশ্চিমবংগ আৰক্ষীয়ে প্ৰকাশ কৰা সকলো তালিকা পৰ্যালোচনা কৰিলোঁ। ইউবিৰ পদৰ বাবে নিৰ্বাচিত ‘অবিচি-এ’ প্ৰাৰ্থীৰ তালিকাত, ভাৰ্মাই শ্বেয়াৰ কৰা একেখন তালিকাত কমেও দুজন প্ৰাৰ্থীৰ (সৌমেন মৈতি আৰু হৃদয় বিশ্বাস) নাম উল্লেখ আছে যিকেইজন যে সম্ভৱতঃ মুছলমান নহয় সেয়া তেওঁলোকৰ নাম দুটা চালেই অনুমান কৰিব পাৰি। 

মন কৰিবলগীয়া যে ভাৰতত প্ৰায়বোৰ চৰকাৰী চাকৰিত (কেন্দ্ৰীয় বা ৰাজ্যিক) বিভিন্ন শ্ৰেণীৰ অধীনত নিযুক্তি দিয়া হয়, বেছিভাগতে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। ২০২২ চনলৈকে ভাৰতত অনুসূচিত জাতি (এছচি), অনুসূচিত জনজাতি (এছটি), আৰু অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি)ৰ বাবে চাকৰি সংৰক্ষিত আছিল। পশ্চিমবংগত পশ্চিমবংগ চৰকাৰৰ পিছপৰা শ্ৰেণী কল্যাণ বিভাগে কোৱাৰ দৰে অ'বিচি শ্ৰেণীটোক "অধিক পিছপৰা"ৰ বাবে অ'বিচি-এ আৰু "পিছপৰা"ৰ বাবে অ'বিচি-বি বুলি ভাগ কৰা হৈছে। 

অসংৰক্ষিতকে ধৰি বিভিন্ন শ্ৰেণীৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীৰ সকলো তালিকাৰ পৰ্যালোচনা কৰিলে দেখা যায় যে মুঠ ৬৬৮ জন প্ৰাৰ্থীৰ ভিতৰত কমেও ৫৬৭ জনৰ অনা মুছলমান (সম্ভৱতঃ হিন্দু) নাম আছিল।  

প্ৰতিটো শ্ৰেণীৰ বিপৰীতে দুই প্ৰকাৰৰ পদৰ অধীনত নিযুক্তি দিয়া হৈছিল - সশস্ত্ৰ শাখা (এবি) আৰু নিৰস্ত্ৰ শাখা (ইউবি)। পশ্চিমবংগ চৰকাৰে সেয়েহে ১০খন মেৰিট তালিকা প্ৰকাশ কৰিছিল, ইয়াৰে পাঁচখন সশস্ত্ৰ শাখাত ইউ আৰ, অ’বিচি-এ, অ’বিচি-বি, এছচি, আৰু এছটিৰ খালী পদৰ বাবে আৰু পাঁচখন নিৰস্ত্ৰ শাখাত আৰু ইউ আৰ, অ’বিচি-এ, অ’বিচি-বি, এছচি, আৰু এছটিৰ খালী পদৰ বাবে। 

দহখন নিযুক্তি তালিকাৰ ভিতৰত উপ-পৰিদৰ্শক (এবি)ৰ বাবে ১৮টা অ’বিচি-এ খালী পদৰ বিপৰীতে নিৰ্বাচিত নামবোৰহে মুছলমান আছিল। দৰাচলতে সশস্ত্ৰ শাখা (এবি) আৰু নিৰস্ত্ৰ শাখা দুয়োটাৰে অ’বিচি খালী পদকে ধৰি চাৰিবিধ খালী পদত কেৱল হিন্দু নামৰ প্ৰাৰ্থী আছিল।  

অ’বিচি-বি খালী পদৰ মেৰিট তালিকা সশস্ত্ৰ শাখা (এবি) (বাওঁফালে) আৰু নিৰস্ত্ৰ শাখা (ইউবি) (সোঁফালে)। (উৎস: পশ্চিম বংগ আৰক্ষী/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে পশ্চিমবংগত অ’বিচি-এ শিতানত তালিকাভুক্ত ৮১টা সম্প্ৰদায়ৰ ভিতৰত ৭৩টায়ে মুছলমান হয়৷ আটাইকেইটা জাতিৰ তালিকা পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ বিভাগীয় ৱেবছাইটত উপলব্ধ। অ’বিচি-বি শিতানত ৯৮টা জাতিৰ ভিতৰত ৪৫টা মুছলমান সম্প্ৰদায়ৰ হয়। সেয়েহে অ’বিচি শিতানৰ অধীনত থকা কিছুমান নিযুক্তি তালিকাত মুছলমানৰ আধিপত্য থকাটো অস্বাভাৱিক নহয়। 

পশ্চিমবংগ আৰক্ষীয়ে বিভিন্ন শ্ৰেণীত কৰা সকলো নিযুক্তিৰ ওপৰত চকু ফুৰালে ধৰ্মৰ ভিত্তিত যে প্ৰাৰ্থীৰ নিৰ্বাচন কৰা হোৱা নাছিল সেয়া স্পষ্ট হৈ পৰে। ভাৰতৰ সংবিধানৰ নিয়ম অনুযায়ী আৰ্থ-সামাজিক অৱস্থাৰ দ্বাৰা নিৰ্ধাৰিত শ্ৰেণীৰ ভিত্তিতহে অগ্ৰাধিকাৰ দিয়া হৈছিল।

সিদ্ধান্ত

২০১৯ চনত উপ-পৰিদৰ্শক (ইউবি) নিযুক্তিৰ বাবে অ’বিচি-এ মেৰিট লিষ্ট প্ৰসংগ সংগতি নোহোৱাকৈ শ্বেয়াৰ কৰি শেহতীয়াকৈ পশ্চিমবংগ আৰক্ষীয়ে কেৱল মুছলমানকহে নিযুক্তি দিছিল বুলি মিছাকৈ দাবী কৰা হৈছে। অ’বিচি-এ শ্ৰেণীত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা অধিক হোৱাৰ বাবে এই তালিকাত মুছলমানৰ সংখ্যাগৰিষ্ঠ আৰু দুই এজন হিন্দু আছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দহটা ভিন্ন শিতানত নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ অধিক সংখ্যকে আছিল হিন্দু। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।