অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলা হকী দলৰ ‘প্ৰতিশোধ' বুলি দাবী কৰি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই
ডিচেম্বৰ 1 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলা হকী দলৰ ‘প্ৰতিশোধ' বুলি দাবী কৰি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ বিজয় উদযাপন বুলি অসংলগ্ন ভিডিঅ' শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে অসংলগ্ন ভিডিঅ’টো শ্বেয়াৰ কৰি ভাৰতীয় মহিলা হকী দলে আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ ‘প্ৰতিশোধ’ লোৱা বুলি দাবী কৰিছে।

ক্লেইম আইডি f6c4d9e4

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত এটা ২৬ ছেকেণ্ডৰ ভিডিঅ’ই যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে। ভিডিঅ’টোত প্ৰথমে নীলা ৰঙৰ জাৰ্ছি পৰিহিত মহিলা হকী খেলুৱৈয়ে হাতত ট্ৰফী লৈ বিজয়-উল্লাস কৰা আৰু তাৰ পিছত ভাৰতীয় মহিলা হকী দলৰ কেইগৰাকীমান খেলুৱৈয়ে খেলপথাৰত বিজয়ৰ আনন্দ প্ৰকাশ কৰা দেখা গৈছে। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এই ভিডিঅ'টোত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে "মহিলা হকী বিশ্ব চেম্পিয়নশ্বিপ"ত জয়লাভ কৰা দেখুওৱা হৈছে। আনহাতে, আন একাধিক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি এইয়া যোৱা ১৯ ​​নৱেম্বৰত অনুষ্ঠিত আইচিচিৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ ‘প্ৰতিশোধ’ বুলি কোৱা দেখা যায়।

২৪ নৱেম্বৰত ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ক্ৰিকেট বিশ্বকাপ হাৰি গলো, বহুত বেয়া লাগিছে ঠিকেই। কিন্তু এই সময়ত আৰু এটা ভাল খবৰ ভাৰতীয় হকি দল "ৱমেন হকি দল ৱৰ্ল্ড চেম্পি়নশ্বিপত" জিকিল অষ্ট্ৰেলিয়া ৰ লগত।" পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব৷

আন এজন ফেচবুক ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “অৱশেষত আমাৰ ভাৰতীয় মহিলা হকী দলে অষ্ট্ৰেলিয়াক হৰুৱাই ১৪০ কোটি মানুহৰ প্ৰতিশোধ পূৰণ কৰিলে।” পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল ক্লিপটো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবী শুদ্ধ নহয়। ক্লিপটোত থকা ভিডিঅ’ আৰু ফটোবোৰ যোৱা ১৯ নৱেম্বৰত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ আগৰ হয়। তদুপৰি, শেহতীয়াকৈ ভাৰতীয় মহিলা হকী দলটোৱে অষ্ট্ৰেলিয়াক নহয়, জাপানকহে পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী দখল কৰিছিল।

ভিডিঅ’টোত কি দেখুওৱা হৈছে?

ভাইৰেল ভিডিঅ’টোৰ ০:১২ টাইমষ্টাম্পত খেলুৱৈসকলৰ পিছফালে “ঝাৰখণ্ড মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী” শব্দকেইটা দেখা যায়। ইয়াৰ ভিত্তিত অনুসন্ধান কৰি আমি ২০২৩ চনৰ ৫ নৱেম্বৰত হিন্দুস্তান টাইমছত ভাৰতে ঝাৰখণ্ডৰ ৰাঞ্চিত অনুষ্ঠিত মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত জলয়াভ কৰাক লৈ প্ৰকাশিত এটা বাতৰি লাভ কৰোঁ। ভাৰতে জাপানক ৪-০ গ’লত পৰাস্ত কৰিছিল।

৬ নৱেম্বৰত প্ৰকাশিত দ্য ইকনমিক টাইমছৰ এই সম্পৰ্কীয় এটা ইউটিউব শ্বৰ্ট ভিডিঅ’ত ভাৰতীয় দলটোৱে মঞ্চত বিজয় উদযাপন কৰা দেখা গৈছে। “এছিয়ান চেম্পিয়নছ ট্ৰফী: জাপানক ৪-০ গ’লত পৰাস্ত কৰি ভাৰতীয় মহিলা হকী দলে বিজয় উদযাপন কৰে” শীৰ্ষক ভিডিঅ’টোৰ সৈতে ভাইৰেল ভিডিঅ’টোৰ ০:০১ৰ পৰা ০:১৯ টাইমষ্টাম্পলৈ মিল আছে।

ভাইৰেল ভিডিঅ’ আৰু ইকনমিক টাইমছৰ ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ দ্বাৰা নিশ্চিত হয় যে ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নহয়, জাপানৰ বিৰুদ্ধেহে ভাৰতীয় দলটোৰ বিজয় উদযাপন দেখুওৱা হৈছে। এই কথাও স্পষ্ট হৈছে যে উক্ত খেলখন আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেই অনুষ্ঠিত হৈছিল।

ফটোকেইখন কেতিয়াৰ হয়?

আমি ভিডিঅ’টোৰ শেষৰ ফালে ক’লাজ আকাৰে ব্যৱহৃত ফটো দুখনৰ অনুসন্ধান কৰি দেখিলোঁ যে উক্ত ফটো দুখনো এতিয়াৰ নহয়। ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে দুয়োখন ফটো ২০২১ চনৰ আগষ্টৰ হয়। 

২০২১ চনৰ ২ আগষ্টত দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনত ইয়াৰে এখন ফটো সন্নিবিষ্ট কৰা হৈছে, প্ৰতিবেদনটোৰ মতে ইয়াত ভাৰতৰ ৰাষ্ট্ৰীয় দলটোৰ খেলুৱৈ নৱনীত কৌৰ আৰু নেহা গোৱালক দেখুওৱা হৈছে। ফটোখনৰ কেপচনত উল্লেখ কৰা মতে ২০২১ চনৰ ২ আগষ্টত অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলা হকী দলে জয়লাভ কৰাৰ সময়ত এএফপি/গেট্টি ইমেজৰ বাবে চাৰ্লি ট্ৰাইবেলোৱে উক্ত ফটোখন কেমেৰাত আৱদ্ধ কৰিছিল। ‘অই হকী ষ্টেডিয়াম’ত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰিছিল।

ক’লাজখনত থকা আনখন ফটোও একেখন খেলতে লোৱা হৈছিল আৰু গেট্টি ইমেজৰ ৱেবছাইটত ফটোখন উপলব্ধ হয়। বুডা মেণ্ডেছে তোলা ফটোখনৰ কেপচনত লিখা আছে, “২০২১ চনৰ ০২ আগষ্টত অই হকী ষ্টেডিয়ামত অনুষ্ঠিত টকিঅ’ অলিম্পিক গে’মছৰ দশম দিনটোত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত মহিলা কোৱাৰ্টাৰ ফাইনেল মেচৰ পিছত ভাৰতীয় দলৰ নৱনীত কৌৰ, নেহা নেহা আৰু লালৰেমছিয়ামীয়ে সতীৰ্থৰ সৈতে তেওঁলোকৰ ১-০ বিজয় উদযাপন কৰাৰ বিপৰীতে কেৰী ছমাৰভিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।”

২০২১ চনৰ আগষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত জয়ৰ পিছত ভাৰতৰ মহিলা হকী খেলুৱৈৰ বিজয় উদযাপন। (উৎস: গেট্টি ইমেজ/স্ক্ৰীণশ্বট)

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা হকী দল দুটাৰ মাজত শেহতীয়াকৈ কোনো খেল অনুষ্ঠিত হোৱা নাই, ২০২৩ চনৰ মে’ত দুয়োটা দলৰ মাজত অন্তিমখন অনুষ্ঠিত হৈছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত ভাৰতীয় মহিলা হকী দলটোৱে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰি উদযাপন কৰা দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে। ইয়াত যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত ‘এছিয়ান চেম্পিয়নছ ট্ৰফী’ৰ ফাইনেলত ভাৰতে জাপানক পৰাস্ত কৰাৰ পিছত বিজয় উদযাপন কৰা দেখা হৈছে। ভিডিঅ’টোত থকা ফটো দুখন ২০২১ চনৰ আগষ্টত অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰা খেলখনৰ ফটো হয়। সেয়েহে, এই দাবীটো আমি মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।