জনজাতীয় লোকৰ ওপৰত একাংশ পুৰুষে প্ৰস্ৰাৱ কৰা ভিডিঅ'টো মণিপুৰৰ নহয়

লেখক: উজমা আফ্ৰিন
আগষ্ট 14 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
জনজাতীয় লোকৰ ওপৰত একাংশ পুৰুষে প্ৰস্ৰাৱ কৰা ভিডিঅ'টো মণিপুৰৰ নহয়

ফেক্ট চেক

ৰায়দান মিছা

এই কাণ্ড অন্ধ্ৰ প্ৰদেশৰ । ২০২৩ চনৰ জুন মাহত এজন জনজাতীয় লোকক প্ৰহাৰ আৰু প্ৰস্ৰাৱ কৰাৰ অভিযোগত ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।

ক্লেইম আইডি 44dec2bf

(সতৰ্কবাণী: এই লেখাটোত দুখজনক দৃশ্যৰ বৰ্ণনা আছে, আৰু শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ উল্লেখ আছে। পাঠকৰ বিবেচনা কৰি পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে।)

পৃষ্ঠভূমি

'মণিপুৰত এজন খ্ৰীষ্টান ব্যক্তি শাৰীৰিক আক্ৰমণৰ বলি হোৱা বুলি দাবী কৰি এজন ব্যক্তিক এদল পুৰুষে মাৰপিট কৰি গাৰ উপৰত প্ৰস্ৰাৱ কৰা এক ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

‘#মণিপুৰত হিন্দুত্ববাদী গুণ্ডাৰ এটা দলে এজন #খ্ৰীষ্টান লোকৰ উপৰত প্ৰস্ৰাৱ কৰি শাৰীৰিক নিৰ্যাতন চলাইছিল। তাৰ পিছত তেওঁলোকে তেওঁৰ পত্নী আৰু সন্তানক হত্যা কৰে।’ ভাইৰেল ভিডিঅ’টোৰ কেপচনত এইদৰে লিখা আছে।

মণিপুৰত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ মাজতে যোৱা সপ্তাহত ৰাজ্যখনৰ পৰা কুকি-জোমি জনগোষ্ঠীৰ মহিলাক যৌন নিৰ্যাতন চলোৱাৰ এটা ক্লিপ ভাইৰেল হোৱাৰ পিছতে এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে ।

প্ৰকৃত তথ্য

ভাইৰেল ভিডিঅ’টোৰ কিছু কিফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ চলোৱাৰ পাছত আমি দেখিলোঁ যে ২০২৩ চনৰ ১৯ জুলাইত নিউজ ৱেবছাইট এনডিটিভিয়ে একেটা আপলোড কৰিছিল । ২০২৩ চনৰ জুন মাহত এই কাণ্ড সংঘটিত হোৱাৰ বিপৰীতে কেইদিনমানৰ আগতে জুলাই ১৫ তাৰিখে আক্ৰমণৰ এই ভাইৰেল ভিডিঅ’টো প্ৰকাশ পাইছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অন্ধ্ৰ প্ৰদেশৰ অংগোলেত এই কাণ্ড সংঘটিত হৈছিল, য’ত অভিযোগ অনুসৰি এজন নাবালকৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ এজন জনজাতীয় লোকক মদ্যপান কৰা কিছু লোকে প্ৰথমে মৰিয়াই, পাছত গাৰ উপৰত প্ৰস্ৰাৱ কৰিছিল। ইণ্ডিয়া টুডে আৰু স্থানীয় সংবাদ সংস্থা হান্স ইণ্ডিয়াইও এই ঘটনা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে আৰু মণিপুৰত নহয়, অন্ধ্ৰ প্ৰদেশত উক্ত ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছে। অৱশ্য, লজিকেলি ফেক্টছে আক্ৰমণৰ ভিডিঅ’ দেখুওৱা লিংক যোগ কৰাৰ পৰা বিৰত আছে।

এই বিষয়ে লজিকেলী ফেক্টছে অংগোলেৰ উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) নাৰায়ণ স্বামী ৰেড্ডীৰ সৈতে কথা পাতিছিল যিয়ে এই কাণ্ড ঘটা বুলি নিশ্চিত কৰিছিল, আৰু লগতে ভুক্তভোগীজন জনজাতীয় বুলিও জনাইছিল। "২০২৩ চনৰ ১৯ জুনত বন্ধু-বান্ধৱীৰ সৈতে উক্ত ব্যক্তিজন মদ্যপান কৰিবলৈ ওলাই যোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল।" ডি এছ পিয়ে লগতে কয় যে আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে, কিন্তু ইয়াত প্ৰস্ৰাৱৰ কথা উল্লেখ কৰা হোৱা নাই।

ৰেড্ডীয়ে কয়, "১৫ জুলাইত আৰক্ষীয়ে ভিডিঅ’টো লাভ কৰাৰ পিছত আমি পুনৰ পৰীক্ষা কৰি হত্যাৰ চেষ্টা (ধাৰা ৩০৭ আইপিচি) আৰু অনুসূচিত জাতি/অনুসূচিত জনজাতি (এছচি/এছটি) অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিলোঁ ।"

তেওঁ আৰু কয় যে এজন নাবালককে ধৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত আৰক্ষীৰ উদ্ধৃতিৰে কোৱা হৈছে যে ভুক্তভোগী আৰু অভিযুক্ত সকলোৱে ইজনে সিজনৰ চিনাকি আছিল, অভিযুক্তসকলো অনুসূচিত জাতি/জনজাতিৰ সম্প্ৰদায়ৰ আছিল। টুইটাৰ পোষ্টটোত দাবী কৰা অনুসৰি ভুক্তভোগীৰ “পত্নী আৰু সন্তান”ক হত্যা কৰা বুলি প্ৰতিবেদন বা আৰক্ষীয়েও উল্লেখ কৰা নাই।

সিদ্ধান্ত

অন্ধ্ৰ প্ৰদেশৰ অংগোলে জিলাৰ এই ভিডিঅ’টোত এজন জনজাতীয় লোকক তেওঁৰ কিছু বন্ধুয়ে প্ৰহাৰ কৰিছিল বুলি সংবাদ মাধ্যম আৰু আৰক্ষীয়ে নিশ্চিত কৰিছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।