'হিন্দু পুৰোহিতৰ সৈতে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহৰ ভাৰ্চুৱেল সাক্ষাৎকাৰ' বুলি সম্পাদিত ভিডিঅ' প্ৰচাৰ

লেখক: ৰাজেশ্বৰী পৰাশা
ডিচেম্বৰ 19 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
'হিন্দু পুৰোহিতৰ সৈতে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহৰ ভাৰ্চুৱেল সাক্ষাৎকাৰ' বুলি সম্পাদিত ভিডিঅ' প্ৰচাৰ

হিন্দু পুৰোহিতৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ ভাৰ্চুৱেল সাক্ষাৎকাৰ বুলি সম্পাদিত ভিডিঅ' প্ৰচাৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

মূল ভিডিঅ’টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা জুন মাহত ওড়িশাত সংঘটিত বালাসোৰ ৰে’ল দুৰ্ঘটনা সম্পৰ্কে অনুষ্ঠিত কৰা এক পৰ্যালোচনা বৈঠকৰ হয়।

ক্লেইম আইডি beaa98cb

দাবী কি?

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য বিষয়াসকলে হিন্দু পুৰোহিত প্ৰেমানন্দ গোবিন্দ মহাৰাজৰ সৈতে এক টেলিকনফাৰেন্সত মনোযোগেৰে অংশগ্ৰহণ কৰা বুলি দাবীৰে এটা ভিডিঅ’ অনলাইন যোগে প্ৰচাৰিত হৈছে। এই ভিডিঅ’টো হিন্দী কেপচনৰ সৈতে শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “সম্পূৰ্ণ ভিডিঅ’টো শুনক আৰু দেশৰ লাভৰ বাবে শ্বেয়াৰ কৰক। মহাৰাজ শ্ৰীৰ কথালৈ মন কৰক! মোডীজীকে ধৰি সকলোৱে শুনি আছে। জয় শ্ৰী ৰাম।”

১৪ ডিচেম্বৰলৈকে এই পোষ্টটোৱে প্ৰায় ৩ লাখ ৪৮ হাজাৰ দৰ্শন লাভ কৰিছে আৰু ২৭০০ বাৰ শ্বেয়াৰ কৰা হৈছে। আন কেইবাটাও একাউণ্টেও একেধৰণৰ দাবীৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

কিন্তু ভিডিঅ’টো সম্পাদনা কৰা হৈছে, গতিকে এই দাবী বিভ্ৰান্তিকৰ।

ভাইৰেল দাবীৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

তথ্যবোৰ কি কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত ৩ জুনত অল ইণ্ডিয়া ৰেডিঅ’ নিউজৰ অফিচিয়েল একাউণ্টে পোষ্ট কৰা একেধৰণৰ এক ১৯ ছেকেণ্ডৰ ভিডিঅ’ বিচাৰি পোৱা গ'ল । উক্ত পোষ্টটো "#OdishaTrainAccident: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত #বালাসৌৰত সংঘটিত ৰেল দুৰ্ঘটনাৰ পিছৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক। আজি প্ৰধানমন্ত্ৰী মোডীয়ে ওড়িশা ভ্ৰমণ কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে।" কেপচন সহিত পোষ্ট কৰা হৈছে।  

মূল ভিডিঅ’টোত হিন্দু পুৰোহিতৰ সলনি কোঠাটোৰ টিভিৰ পৰ্দাত ৰে’লৰ সংকেতৰ ডিজিটেল ব্যৱস্থাৰ বিষয়ে এটা উপস্থাপন দেখা গৈছে ।

পৰ্যালোচনা সভাৰ বিষয়ে অল ইণ্ডিয়া ৰেডিঅ'ই কৰা পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X/স্ক্ৰীণশ্বট/অল ইণ্ডিয়া ৰেডিঅ')

এবিপি নিউজ লাইভেও এই বৈঠকখন সামৰি লৈছিল আৰু ২০২৩ চনৰ ৩ জুনত “কৰ’মেণ্ডেল এক্সপ্ৰেছ এক্সিডেণ্ট: পিএম মোদীয়ে পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান” শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছিল, য’ত একেধৰণৰ ছবি সন্নিবিষ্ট কৰা হৈছিল।

এবিপি নিউজ লাইভত প্ৰকাশিত বাতৰিৰ স্ক্ৰীণশ্বট (উৎস: এবিপি নিউজ লাইভ/স্ক্ৰীণশ্বট)

আমি কোনো বিশ্বাসযোগ্য সংবাদ মাধ্যমৰ বাতৰি পোৱা নাছিলো য'ত মোডী আৰু শ্বাহে প্ৰেমানন্দ গোবিন্দ মহাৰাজক কোনো চৰকাৰী পৰিৱেশত লগ পাইছিল বুলি উল্লেখ আছে।  

ইয়াৰ উপৰিও অধিক পৰীক্ষা কৰিলে ভাইৰেল ভিডিঅ’টোত টেলিভিছনৰ পৰ্দাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, পুৰোহিতজনৰ কাষত, প্ৰায় ২:১৪ত দেখা যায়। লগতে পুৰোহিতজনে ভাগৱতৰ দিশৰ ফালে মুখ কৰি থকা যেন লাগে, বিষয়াসকলৰ ফালে নহয়।

টিভিৰ পৰ্দাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক দেখাৰ সময়ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি পৰৱৰ্তী অনুসন্ধানে আমাক তেওঁলোকৰ প্ৰকৃত সাক্ষাৎকাৰৰ ভিজুৱেললৈ লৈ গ’ল। ভজন মাৰ্গ নামৰ এক ইউটিউব চেনেলে ২৯ নৱেম্বৰত তেওঁলোকৰ কথা-বতৰাৰ ভিডিঅ’ আপলোড কৰিছিল। ভাইৰেল ভিডিঅ’টোত দেখা ভাগৱতৰ একেখন ছবিও তেওঁলোকৰ শেহতীয়া বৈঠকৰ এই ভিডিঅ’টোত দেখা গৈছে।

সিদ্ধান্ত

এই দাবীত দুটা পৃথক অনুষ্ঠানৰ ভিজুৱেল ব্যৱহাৰ কৰা হৈছে – উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু এজন হিন্দু পুৰোহিতৰ মাজত হোৱা বৈঠক – আৰু দুইটা সম্পাদনা কৰি একত্ৰিত কৰা হৈছে। গতিকে আমি এই দাবীক মিছা বুলি শ্ৰেণীভুক্ত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।