ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত দৰ্শকে ষ্টেডিয়ামত হনুমান চালিছা পাঠ কৰা বুলি সম্পাদিত ভিডিঅ' ভাইৰেল

লেখক: মহম্মদ চলমান
নৱেম্বৰ 23 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত দৰ্শকে ষ্টেডিয়ামত হনুমান চালিছা পাঠ কৰা বুলি সম্পাদিত ভিডিঅ' ভাইৰেল

বিশ্বকাপ ফাইনেলত দৰ্শকে হনুমান চালিছা পাঠ কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/জি নিউজ/অ’প ইণ্ডিয়া/এছিয়া নেট নিউজ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো বিশ্বকাপ ফাইনেলৰ পূৰ্বে অনুষ্ঠিত ভাৰত-পাকিস্তানৰ খেলৰ সময়ৰ ভিডিঅ' হয়, আৰু ইয়াত শুনিবলৈ পোৱা অডিঅ'টো সম্পাদনা কৰি যোগ কৰা হৈছে।

ক্লেইম আইডি d4c21e34

কি দাবী কৰা হৈছে?

যোৱা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখনৰ সৈতে দৰ্শকেৰে ভৰি থকা এটা ষ্টেডিয়ামৰ ভিডিঅ' সংযুক্ত কৰি শ্বেয়াৰ কৰি থকা হৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে ইয়াত খেলখন চলি থকাৰ সময়ত প্ৰায় ১,৫০,০০০ দৰ্শকে হিন্দুৰ পবিত্ৰ মন্ত্ৰ হনুমান চালিছা আবৃত্তি কৰা দেখা গৈছে। 

যথেষ্ট সংখ্যক সোঁপন্থী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে। ১৯ নৱেম্বৰত আৰএছএছৰ আলোচনী ‘পাঞ্চজন্য’ই এক্সত একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰে, উক্ত পোষ্টটোৱে ১ লাখ ১০ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাওক । ইয়াত, ইয়াত আৰু ইয়াত একেধৰণৰ পোষ্টৰ আৰ্কাইভ সংস্কৰণ চাব পাৰে।

ভাইৰেল ভিডিঅ'টোৰ ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স, ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সংবাদ মাধ্যম জি নিউজ, এছিয়ানেট নিউজ, সোঁপন্থী ৱেবছাইট অ’প ইণ্ডিয়া আৰু ছকাল মিডিয়াইও একে দাবীৰে প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে ভিডিঅ’টো শ্বেয়াৰ কৰিছে। অৱশ্যে পিছত অ’প ইণ্ডিয়া তেওঁলোকৰ প্ৰতিবেদনটো আপডেট কৰে, আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব৷ অন্য প্ৰতিবেদনসমূহৰ আৰ্কাইভ কৰা সংস্কৰণসমূহ য়াত, ইয়াত আৰু য়াত চাওক।

ভাইৰেল ভিডিঅ'টোক লৈ প্ৰকাশিত বাতৰি প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: জি নিউজ/অ’প ইণ্ডিয়া/এছিয়া নেট নিউজ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমতো বিভিন্নজনে ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা যায়। ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এনে এটা ফেচবুকৰ পোষ্টৰ কেপচনত লিখিছে, ‘‘১.৫ লাখ লোকে হনুমান চালিচা জপ কৰিলে🔥🔥 #জয়শ্রীৰাম 🙏🚩’’

ভাইৰেল ভিডিঅ'টোৰ অসমীয়া ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভিডিঅ’টোৰ সৈতে কৰা এনে দাবীসমূহ সঁচা নহয় কাৰণ মূল ভিডিঅ’টোত থকা অডিঅ’টো সম্পাদনা কৰি তাক বিকৃত কৰা হৈছে। মূল ভিডিঅ’টোত কণ্ঠশিল্পী দৰ্শন ৰাভালে ‘চোগাড়া’ গীতটো গোৱা শুনা যায় আৰু ভাইৰেল ভিডিঅ’টোৰ অডিঅ’ জয়পুৰত অনুষ্ঠিত এক ৰাজহুৱা হনুমান চলিছা পাঠৰ ভিডিঅ’ৰ পৰা লোৱা হৈছে।  

সত্যটো কেনেদৰে বিচাৰি উলিয়ালো?

প্ৰাসঙ্গিক কীৱৰ্ড ব্যৱহাৰ কৰি আমি গুগল চাৰ্চ কৰোঁ আৰু ২০২৩ চনৰ ২৭ অক্টোবৰত সদাশিৱ (সদাশিৱ৫২৮২৫) নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা এটা ‘শ্বৰ্ট’ ভিডিঅ' লাভ কৰোঁ। এই ভিডিঅ'টোত ভাইৰেল ক্লিপটোৰ দৰে একে দৃশ্য দেখিবলৈ পোৱা যায়, আৰু একেধৰণে হনুমান চালিছা পাঠ কৰি থকা শুনিবলৈ পোৱা যায়। উক্ত ইউটিউব শ্বৰ্টটোৰ শিৰোনামটোত ভাৰত-পাকিস্তান ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত হেচটেগ ব্যৱহাৰ কৰা হৈছে।

যিহেতু ১৯ নৱেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ ফাইনেল মেচ অনুষ্ঠিত হৈছিল আৰু অক্টোবৰৰ পৰাই এই ভিডিঅ’টো ইণ্টাৰনেটত উপলব্ধ, সেয়েহে এইটো নিশ্চিতভাৱে ক’ব পাৰি যে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত খেলা চূড়ান্ত খেলখনৰ সৈতে এই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই। 

সদাশিৱ৫২৮২৫ নামৰ ইউটিউব চেনেলটোত অধিক অনুসন্ধান কৰিলত আমি জানিব পাৰোঁ যে এই একেটা ভিডিঅ’ চেনেলটোত ১৬ অক্টোবৰতো আপলোড কৰা হৈছিল। অৱশ্যে মন কৰিবলগীয়া যে উক্ত ভিডিঅ'টোত হনুমান চলিছা পাঠ কৰি থকা শুনা নাযায়, বৰঞ্চ কণ্ঠশিল্পী দৰ্শন ৰাৱলে ‘চোগাড়া’ গীতটো বেকগ্ৰাউণ্ডত বাজি থকা শুনা যায়। ভিডিঅ'টোৰ বৰ্ণনাত লিখা আছে, "নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দৰ্শন ৰাভাল", লগতে "ভাৰত বনাম পাকিস্তান"ৰ দৰে হেচটেগ। 

ইয়াৰ পিছত আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি ইউটিউবত দৰ্শকে শ্বুট কৰা ভাৰত-পাকিস্তানৰ মেচৰ দৃশ্যৰ ভিডিঅ’ বিচাৰিলোঁ। অংশু কাশ্যপ ব্লগ নামৰ এটা ইউটিউব চেনেলত আন এটা কোণৰ পৰা ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা দৃশ্য এটা দেখুওৱা ভিডিঅ’ পোৱা গ’ল। উক্ত ভিডিঅ’টোৰ শিৰোনাম হ’ল, “নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দৰ্শন ৰাৱলৰ লাইভ প্ৰদৰ্শন | ভাৰত বনাম পাকিস্তান | ক্ৰিকেট বিশ্বকাপ।” তদুপৰি এই ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত ৩ মিনিট টাইমষ্টেম্পত দৰ্শন ৰাৱলৰ গীত "চোগাড়া" বাজি থকা শুনা যায়, আৰু দৰ্শনক খেলপথাৰত গীত পৰিবেশন কৰি থকা দেখা যায়। 

উক্ত ভিডিঅ’টো আৰু ভাইৰেল ভিডিঅ’টোৰ তুলনা কৰিলে আমি দুয়োটাৰে মাজত সাদৃশ্য দেখিবলৈ পাওঁ। 

ভাইৰেল ভিডিঅ'টো আৰু ভাৰত-পাকিস্তান মেচৰ সময়ত অনুষ্ঠিত দৰ্শন ৰাৱলৰ সংগীতানুষ্ঠানৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: এক্স, ইউটিউব/স্ক্ৰীণশ্বট)  

ভাইৰেল ভিডিঅ' আৰু ভাৰত-পাকিস্তানৰ মেচৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: এক্স, ইউটিউব/স্ক্ৰীণশ্বট)  

দৰ্শন ৰাৱলে যোৱা ১৫ অক্টোবৰত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ গীত পৰিৱেশনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ১৪ অক্টোবৰত গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ উক্ত খেলখন অনুষ্ঠিত হৈছিল।

হনুমান চালিছা অডিঅ' ক্লিপৰ উৎস

আনহাতে হনুমান চলিছা পাঠ কৰাৰ অডিঅ’ থকা ভিডিঅ’টো শ্বেয়াৰ কৰা ইউটিউব চেনেলটোত ভিডিঅ’টোৰ সোঁফালে তলত “জয়পুৰত হনুমান চলিছা পাঠ” বুলি অডিঅ’টো উৎসৰ কথা উল্লেখ কৰা আছে।

অডিঅ'টোৰ মূল উৎস উল্লেখ কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও আমি “জয়পুৰ ৱালে” নামৰ এটা ইউটিউব চেনেল দেখিবলৈ পাওঁ য’ত ২০২৩ চনৰ ৩ জুনত আপলোড কৰা এটা ভিডিঅ’ত শ শ লোকে এটা মন্দিৰৰ চৌহদত বহি হনুমান চলিছা পাঠ কৰি আছে। আমিও “জয়পুৰৱালে”ৰ ইনষ্টাগ্ৰাম একাউণ্টতো উক্ত ভিডিঅ’ দেখিবলৈ পাওঁ য’ত এই একেটা অডিঅ’ আছে। 

জয়পুৰত এই হনুমান চালিছা পাঠ অনুষ্ঠানটোৰ বিষয়ে অধিক তথ্য বিচাৰোঁতে আমি ২০২৩ চনৰ ৪ জুনত এবিপি নিউজে প্ৰকাশ কৰা এটা ফেচবুক পোষ্ট লাভ কৰোঁ। উক্ত পোষ্টটোৰ সৈতে থকা এটা বাতৰি বুলেটিনত জয়পুৰত অনুষ্ঠিত হনুমান চালিছা পাঠৰ বিশাল অনুষ্ঠানটোত কিদৰে কিদৰে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল তাৰ বৰ্ণনা দিয়া হৈছে।

সিদ্ধান্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ সময়ত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দৰ্শকে “হনুমান চলিছা” পাঠ কৰা বুলি দাবী কৰা ভিডিঅ’টো সম্পাদিত আৰু বিভ্ৰান্তিকৰ। এই ভিডিঅ’টো প্ৰথমে যোৱা ১৪ অক্টোবৰত একেখন ষ্টেডিয়ামতে অনুষ্ঠিত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত শ্বুট কৰা হৈছিল আৰু ইয়াত থকা অডিঅ’টো ক্ৰীড়া অনুষ্ঠানটোৰ সৈতে সম্পৰ্ক নথকা এটা ভিডিঅ’ৰ পৰা লোৱা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো। 

(অনুবাদ: চন্দন বৰগোঁহাই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।