পুৰণি, অসংলগ্ন ছবি শেহতীয়াকৈ হাৰিয়ানাত সংঘটিত হিংসাৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
আগষ্ট 14 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পুৰণি, অসংলগ্ন ছবি শেহতীয়াকৈ হাৰিয়ানাত সংঘটিত হিংসাৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এই ফটোসমূহ হাৰিয়ানাৰ নুহ আৰু গুৰুগ্ৰাম জিলাত শেহতীয়াকৈ সংঘটিত সংঘৰ্ষৰ বহু পূৰ্বৰ হয়।

ক্লেইম আইডি 48a299f1

পৃষ্ঠভূমি

হাৰিয়ানাৰ নুহ জিলাত সোমবাৰে হিন্দুত্ববাদী সংগঠনে উলিওৱা এক শোভাযাত্ৰাত একাংশ লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰাক লৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত ৫জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় । নুহত সংঘটিত সংঘৰ্ষৰ বাতৰি চাৰিওপিনে বিয়পি পৰাৰ লগে লগে দাঁতি-কাষৰিয়া জিলা গুৰুগ্ৰামৰ বিভিন্ন ঠাইত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় ।

হাৰিয়ানা কৰ্তৃপক্ষই ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ চেষ্টা চলাই থকাৰ সময়তে ছ’চিয়েল মিডিয়াত একাংশ লোকে শেহতীয়া সংঘৰ্ষৰ বুলি দাবী কৰি বিভিন্ন পুৰণি আৰু অসংলগ্ন ফটো, ভিডিঅ’ আদি শ্বেয়াৰ কৰা দেখা হৈছে । টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে দিয়া এটা সাম্প্ৰদায়িক পোষ্টত চাৰিখন ফটোৰ এটা ক'লাজ শ্বেয়াৰ কৰিছিল— এখন ফটোত এজন আৰক্ষীক ৰাস্তাত জ্বলি থকা ধ্বংসাৱশেষ চাই থকা থকা দেখা যায়, দ্বিতীয়খন ফটোত লুটি খাই পৰি থকা এখন গাড়ী জ্বলি থকা দেখা গৈছে, তৃতীয় ফটোখনত পাথৰ সিঁচৰিত এটা ৰাস্তাৰ ওপৰত নিৰাপত্তা বাহিনীৰ এটা দল দেখিবলৈ পোৱা গৈছে, আৰু চতুৰ্থ ফটোখনত এজন লোকক এখন আৰক্ষীৰ বাহনৰ কাষত তিনিজন আৰক্ষীয়ে ঘেৰি লৈ প্ৰহাৰ কৰিবলৈ লোৱা দেখা গৈছে । একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইকেইখন হিংসা জৰ্জৰিত হাৰিয়ানাৰ ফটো বুলি শ্বেয়াৰ কৰা দেখা গৈছে ।

অৱশ্য, এই ফটোকেইখনৰ হাৰিয়ানাৰ শেহতীয়া পৰিস্থিতিৰ সৈতে কোনো সম্পৰ্ক নাই ।

প্ৰকৃত তথ্য

ৰিভাৰ্চ ইমেজ চাৰ্চৰ জৰিয়তে আমি উক্ত ফটোকেইখন পুৰণি তথা নুহ আৰু গুৰুগ্ৰামত সংঘটিত হিংসাৰ সৈতে সম্পৰ্কিত নহয় বুলি জানিব পাৰোঁ । 

এজন আৰক্ষীয়ে ৰাস্তাত জ্বলি থকা ধ্বংসাৱশেষৰ ফালে চাই থকা প্ৰথম ফটোখন ২০১৭ চনৰ ২৬ আগষ্টত দ্য টাইমছ অৱ ইণ্ডিয়া(টি অ’ আই)-ৰ এটা ভিডিঅ’ প্ৰতিবেদনত প্ৰকাশ পাইছিল। ফটোখনত থকা দৃশ্যটো ভিডিঅ’টোৰ ০:৩২ টাইমষ্টামত দেখিবলৈ পোৱা যায়। প্ৰতিবেদনটোৰ মতে, স্বয়ম্ভু গুৰু ৰাম ৰহিম সিঙক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে ডেৰা ছচ্চা সৌদা নামৰ ধৰ্মীয় সংগঠনটোৰ অনুগামীসকলে সমগ্ৰ হাৰিয়ানাতে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছিল । ভিডিঅ’টোৰ মতে উক্ত হিংসাত কমেও ৩০ জন লোক নিহত হোৱাৰ লগতে ২৫০ জনতকৈ অধিক লোক আহত হয় তথা হাৰিয়ানাৰ বিভিন্ন ঠাইত সান্ধ্য আইন জাৰি কৰা হয়। উক্ত ফটোখন ২০১৭ চনৰ ২৬ আগষ্টত নেচনেল হেৰাল্ডে ডেৰা সমৰ্থকে চলোৱা হিংসাৰ ওপৰত কৰা প্ৰতিবেদনতো ব্যৱহাৰ কৰা হৈছিল, প্ৰতিবেদনটোত পিটিআইক ফটোখনৰ কৃতিত্ব দিয়া হৈছিল। 

এজন আৰক্ষী বিষয়াই এখন জ্বলি থকা বাহনৰ দিশে চাই থকা দ্বিতীয়খন ফটো আমি ২০১৩ চনৰ ২০ ফেব্ৰুৱাৰিত ‘এনডিটিভি’ত প্ৰকাশিত এটা প্ৰতিবেদনত লাভ কৰোঁ।  অনলাইন যোগে শ্বেয়াৰ কৰা ছবিখন হৈছে এই ফটোখনৰ এক জুম-ইন সংস্কৰণ যিটো উত্তৰ প্ৰদেশৰ নয়ডাত ১১ টাকৈ ট্ৰেড ইউনিয়নে আহ্বান জনোৱা দুদিনীয়া ভাৰত বন্ধৰ (দেশব্যাপী ধৰ্মঘট) সময়ত তোলা হৈছিল। ইউনিয়ন কৰ্মীসকলে ধৰ্মঘটৰ সময়ত কেইবাটাও কাৰখানা আৰু বাহনৰ ওপৰত আক্ৰমণ কৰিছিল, আৰু ফটোখনত তেনে এটা মুহূৰ্ত ধৰা পৰিছে । "সংঘৰ্ষৰ স্থানত এজন আৰক্ষী" বুলি কেপচন দিয়া ফটোখনৰ কৃতিত্ব এএফপিক দিয়া হৈছিল। আমি গেটি ইমেজেছৰ ৱেবছাইটতো ফটোখন বিচাৰি পাওঁ । ফটোখনৰ কেপচনত এইদৰে লিখা আছে - "২০১৩ চনৰ ২০ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ উপকণ্ঠ নয়ডাত ট্ৰেড ইউনিয়নৰ ধৰ্মঘটৰ সময়ত এজন ভাৰতীয় আৰক্ষীয়ে জ্বলন্ত গাড়ীৰ ওচৰত ৰৈ চাই আছিল।" ফাইনেন্সিয়েল টাইমছ আৰু হিন্দুস্তান টাইমছেও এএফপিক কৃতিত্ব দি ফটোখন প্ৰকাশ কৰিছিল । 

পাথৰ সিঁচৰিত নগৰৰ এটা ৰাস্তাৰ ওপৰত কেইজনমান আৰক্ষীক দেখিবলৈ পোৱা তৃতীয়খন ফটো ২০১৯ চনত কানপুৰত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা এক প্ৰতিবাদৰ সময়ত লোৱা হৈছিল । ২০১৯ চনৰ ২৫ ডিচেম্বৰত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত ফটোখন ব্যৱহাৰ কৰা হৈছিল। ফটোখনৰ কেপচনত লিখা আছিল: "শনিবাৰে কানপুৰত নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) বিৰুদ্ধে এক সমদলৰ সময়ত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ লাগে।" ডেক্কান হেৰাল্ডেও নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ ওপৰত এক প্ৰতিবেদনত একে কেপচনৰ সৈতে ফটোখন প্ৰকাশ কৰিছিল। দুয়োটা প্ৰতিবেদনতে ফটোখনৰ কৃতিত্ব পিটিআইক দিয়া হৈছিল।

এখন আৰক্ষী বাহনৰ কাষত তিনিজন আৰক্ষীয়ে এজন ঘেৰি ধৰি লাঠিৰে প্ৰহাৰ কৰিবলৈ লোৱা দেখিবলৈ পোৱা চতুৰ্থ ফটোখন ২০১৯ চনত কানপুৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত লোৱা হৈছিল। আমি পিটিআইৰ ৱেবছাইটত ফটোখন বিচাৰি পাওঁ, ফটোখনৰ কেপচনত এইদৰে লিখা আছিল- "শুকুৰবাৰে কানপুৰৰ বাবু পুৰৱাত হিংসাত্মক ৰূপ ধাৰণ কৰা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে এজন অসামৰিক লোকক প্ৰহাৰ কৰে।" পিটিআইয়ে ফটোখন ২০১৯ চনৰ ১৯ ডিচেম্বৰত প্ৰকাশ কৰিছিল। পিটিআইক কৃতিত্ব দি নিউজ১৮য়ে সেইদিনা প্ৰকাশ কৰা এটা প্ৰতিবেদনত ফটোখন ব্যৱহাৰ কৰিছিল। 

ওপৰত উল্লেখিত প্ৰমাণসমূহৰ দ্বাৰা এইয়া নিশ্চিত হয় যে হাৰিয়ানাৰ শেহতীয়া পৰিস্থিতিৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত পুৰণি আৰু অসংলগ্ন ফটো শ্বেয়াৰ কৰা হৈছে । 

হাৰিয়ানাত কি ঘটিছিল?

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি, ৩১ জুলাইত নুহত হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদ (ভিএইচপি) আৰু বজৰং দলে উলিওৱা 'ব্ৰজ মণ্ডল জলঅভিষেক যাত্ৰা' নামৰ ধৰ্মীয় শোভাযাত্ৰাত একাংশ লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা চলোৱাৰ সময়ত উদ্ভৱ হোৱা হিংসাৰ ফলত দুজন গৃহৰক্ষী জোৱান নিহত হোৱাৰ লগতে প্ৰায় ১০ জন লোক আহত হয় । অভিযোগ অনুসৰি একাংশ উন্মত্ত লোকে শোভাযাত্ৰা উলিওৱা হিন্দুত্ববাদী গোট আৰু তেওঁলোকৰ লগত যোৱা আৰক্ষীৰ ওপৰত গুলীচালনা আৰু শিলগুটি নিক্ষেপ কৰিছিল । 

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি বজৰংগ দলৰ এজন কৰ্মীয়ে আপলোড কৰা এক আপত্তিজনক ভিডিঅ’ৰ ফলত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল।  শোভাযাত্ৰাটোত মনু মানেছাৰ নামৰ এজন স্বঘোষিত গোৰক্ষক উপস্থিত থাকিব বুলি ওলোৱা উৰাবাতৰিয়ে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিছিল যাৰ ফলত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। মানেছৰৰ বিৰুদ্ধে হাৰিয়ানাৰ ভীৱানী জিলাত ফেব্ৰুৱাৰী মাহত ভস্মিভূত অৱস্থাত উদ্ধাৰ হোৱা দুজন গৰু ব্যৱসায়ীৰ হত্যাৰ অভিযোগ আছে। অৱশ্যে পিটিআইৰ বাতৰি অনুসৰি মানেছাৰক শোভাযাত্ৰাৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল আৰু তেওঁ তাত অংশগ্ৰহণ কৰা নাছিল।  

সোমবাৰে নিশা, হিংসা গুৰুগ্ৰামলৈ বিয়পি পৰে, য'ত জিলাখনৰ ৫৭ নং চেক্টৰ একেলাত এটা মছজিদ জ্বলাই দিয়াৰ ফলত এজন ২৬ বছৰীয়া যুৱক নিহত হয়। শেহতীয়া প্ৰতিবেদন অনুসৰি, মৃত্যুৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে । 

নুহত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ লগতে সান্ধ্য আইন জাৰি কৰা হৈছে। নুহ, গুৰুগ্ৰাম, ফৰিদাবাদ, পালৱাল, আৰু ৰেৱাৰী জিলাতো সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এই হিংসাত্মক গৰিহণা দিছে আৰু হিংসাপীড়িত জিলাসমূহত শান্তি স্থাপনৰ আহ্বান জনাইছে।

সিদ্ধান্ত

২০১৩, ২০১৭, আৰু ২০১৯ চনৰ পুৰণি আৰু অসংলগ্ন ফটো হাৰিয়ানাত শেহতীয়াকৈ সংঘটিত সংঘৰ্ষৰ বুলি মিছাকৈ দাবী কৰা হৈছে । গতিকে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।