অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

লেখক: ৰাজেশ্বৰী পৰাশা
জানুৱাৰী 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

ৰাম মন্দিৰৰ উদ্বোধণৰ পূৰ্বে অযোধ্যাত উলিওৱা শোভাযাত্ৰা বুলি পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভিডিঅ’টোত দেখা দৃশ্য ২০২৩ চনৰ জুলাইত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানৰ সময়ত আৱদ্ধ কৰা হৈছিল।

ক্লেইম আইডি c49c1831

কি দাবী কৰা হৈছে?

উত্তৰ প্ৰদেশৰ অযোধ্যাত অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ৰাম মন্দিৰটো উদ্বোধন কৰিব। মন্দিৰ উদ্বোধনৰ প্ৰাকক্ষণত অযোধ্যাত এক ধৰ্মীয় শোভাযাত্ৰা (কলহ যাত্ৰা ) আয়োজন কৰা হৈছে বুলি দাবী কৰি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। 

২.৩৬ মিনিটৰ এই ভিডিঅ’টোত একাধিক লোকক গেৰুৱা ৰঙৰ কাপোৰ আৰু পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ভগৱান ৰামৰ বন্দনাত শ্লোগান দি থকা দেখা গৈছে। ক্লিপটোত কিছুমান মহিলাই মূৰত কলহ লৈ থকা দেখা যায়। ভিডিঅ’টো ফেচবুকত এজন ব্যৱহাৰকাৰীয়ে তেলেগু ভাষাত কেপচন দি শ্বেয়াৰ কৰিছিল যাৰ অসমীয়া অনুবাদ হৈছে, “বিমনা কলহ পূজাৰ বাবে অযোধ্যাৰ ৰামালয়ত মানুহৰ চুনামী, জয় শ্ৰীৰাম।” পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব ৷ একেধৰণৰ দাবীৰে ভিডিঅ'টো শ্বেয়াৰ কৰা আন কিছুমান পোষ্ট ইয়াত আৰু ইয়াত পোৱা যাব ৷

ইণ্টাৰনেটত উপলব্ধ ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি একাংশ লোকে ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি "নেপালৰ পৰা বৃহৎ সংখ্যক লোকে শ্ৰীৰামলৈ উপহাৰ মাইলজুৰি খোজ কাঢ়ি আহিছে’’ বুলিও দাবী কৰিছে। এনে এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। আন এজন লোকে ভাইৰেল ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ অসমীয়াত লিখিছে, ‘‘ৰামলালাৰ জীৱন পৱিত্ৰকৰণ সন্দর্ভত চৌদিশে উৎসৱমুখৰ পৰিৱেশ। ✌✌❤ নেপালৰ পৰা বৃহৎ সংখ্যক লোকে উপহাৰ লৈ অযোধ্যাত উপস্থিত হৈছে আজি।’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এয়া এক বিভ্ৰান্তিকৰ দাবী, কাৰণ ভিডিঅ'টো অযোধ্যাৰ নহয়। ক্লিপটো ২০২৩ চনৰ জুলাইত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত এক শোভাযাত্ৰাৰ সময়ত লোৱা হৈছিল।

প্ৰকৃত সত্য কি?

ভিডিঅ’টোৰ কীফ্ৰেমসমূহত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ জুলাইত এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত লাভ কৰোঁ য’ত একেটা ভিজুৱেল শ্বেয়াৰ কৰা হৈছিল। ইয়াৰ কেপচনত লিখা আছিল: “নয়ডাত বাগেশ্বৰ ধাম সৰকাৰ কলহ যাত্ৰা।”

ইয়াৰ পিছত আমি ২০২৩ চনৰ ৯ জুলাইত ইটিভি ভাৰত দিল্লীয়ে প্ৰকাশ কৰা এটা হিন্দী বাতৰি প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে একে ভিজুৱেল আছিল। প্ৰতিবেদনটোত কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত ‘বাগেশ্বৰ ধাম সৰকাৰ’ৰ দ্বাৰা ২০২৩ চনৰ ১০ৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া ‘ভাগৱত কথা’ নামৰ এক হিন্দু ধৰ্মীয় অনুষ্ঠানৰ পূৰ্বে ‘কলহ যাত্ৰা’ অনুষ্ঠিত কৰা হৈছিল। ৯ জুলাইত অনুষ্ঠিত এই অনুষ্ঠানৰ পূৰ্বে ভক্তসকলে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘কলহ যাত্ৰা’ত অংশগ্ৰহণ কৰিছিল।

অধিক অনুসন্ধান কৰাত আমি মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাত অৱস্থিত ‘বাগেশ্বৰ ধাম সৰকাৰ’ মন্দিৰৰ অফিচিয়েল ইউটিউব চেনেলটো বিচাৰি পালোঁ। “জেইথপুৰ গ্ৰেটাৰ নয়দা শোভাযাত্ৰা আৰু কলহ যাত্ৰা” শীৰ্ষক শিৰোনামেৰে ২০২৩ চনৰ ৯ জুলাইত চেনেলটোত উক্ত শোভাযাত্ৰাৰ ভিডিঅ’টো আপলোড কৰা হৈছিল। ভাইৰেল ক্লিপটোৰ সৈতে মিলা ভিজুৱেল ইউটিউব ভিডিঅ’টোতৰ ০:৫৭ টাইমষ্টেম্পৰ আশে-পাশে দেখা যায়।

বাগেশ্বৰ ধাম সৰকাৰ’ৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/বাগেশ্বৰ ধাম সৰকাৰ/স্ক্ৰীণশ্বট)

প্ৰাপ্ত তথ্য মতে, অযোধ্যাত যোৱা ৪ জানুৱাৰীত সঁচাকৈয়ে ‘কলহ যাত্ৰা’ অনুষ্ঠিত হৈছিল। নিউজ ১৮-এ তেওঁলোকৰ ইউটিউব চেনেল ‘নিউজ ১৮ ডিবেটছ এণ্ড ইন্টাৰভিউ’ত এই অনুষ্ঠানটো লাইভ ষ্ট্ৰীম কৰিছিল। অনুষ্ঠানটোৰ শিৰোনাম আছিল, “লাইভ: অযোধ্যা ৰাম মন্দিৰ, অক্ষত কলহ যাত্ৰা।” আমি ইয়াত মানুহক পৰম্পৰাগত পোছাক পিন্ধি মূৰত কলহ লৈ থকা দেখিবলৈ পাওঁ, অৱশ্যে ইয়াৰ ভিজুৱেলসমূহ ভাইৰেল পোষ্টত দেখা দৃশ্যবোৰতকৈ বেলেগ। ভাইৰেল পোষ্টটোত দুয়োফালে গছ-গছনি থকা এটা পথত মানুহে খোজকাঢ়ি আহি থকা দেখা যায়, ইয়াৰ বিপৰীতে ৪ জানুৱাৰীৰ শোভাযাত্ৰাৰ ভিজুৱেলত একাধিক বিল্ডিং আৰু পথত একাধিক বাহন দেখিবলৈ পোৱা যায়।

ভাইৰেল ভিডিঅ'টো আৰু যোৱা ৪ জানুৱাৰীত কলহ যাত্ৰাৰ ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক/নিউজ ১৮/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সিদ্ধান্ত

২০২৩ চনত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত এক ধৰ্মীয় শোভাযাত্ৰাৰ ভিডিঅ’ অযোধ্যাত শেহতীয়াকৈ উলিওৱা এক শোভাযাত্ৰাৰ ভিডিঅ’ হিচাপে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।