২০২১ চনৰ হাৰিয়ানাৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ ভিডিঅ' শেহতীয়া কৃষক প্ৰতিবাদ হিচাপে প্ৰচাৰিত

লেখক: উম্মে কুলচুম
ফেব্ৰুৱাৰী 23 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ চনৰ হাৰিয়ানাৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ ভিডিঅ' শেহতীয়া কৃষক প্ৰতিবাদ হিচাপে প্ৰচাৰিত

দিল্লী অভিমুখে কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ ভিডিঅ’ বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো চলিত কৃষক প্ৰতিবাদৰ ভিডিঅ' নহয়, ২০২১ চনৰ পৰা এইটো ইণ্টাৰনেটত উপলব্ধ। ভিডিঅ’টোত হাৰিয়ানাৰ এক্সপ্ৰেছৱেত উলিওৱা এক ট্ৰেক্টৰ ৰেলী দেখা গৈছে।

ক্লেইম আইডি 4aef3631

পৃষ্ঠভূমি

২০২০-২০২১ চনৰ বৃহৎ কৃষক আন্দোলনৰ পুনৰাবৃত্তিত দেশৰ ৰাজধানী দিল্লীত বৰ্তমান চলি থকা কৃষক আন্দোলনে ইতিমধ্যে দহ দিন অতিক্ৰম কৰিলে। "কৃষক প্ৰতিবাদ ২.০" হিচাপে পৰিচিত হৈ পৰা এই আন্দোলনত প্ৰতিবাদী কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ অধিক মূল্য আৰু নূন্যতম সমৰ্থন মূল্য (এমএছপি) দাবীত দিল্লী সীমান্তত ব্যাপক প্ৰতিবাদ গঢ়ি তুলিছে। সংবাদ মাধ্যম ৰয়টাৰৰ মতে, আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰিছে।

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে এটা টোল প্লাজাৰ ওচৰত বহু ট্ৰেক্টৰ গোট খোৱা এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাধিক লোকে এইটো শেহতীয়া প্ৰতিবাদৰ দৃশ্য বুলি দাবী কৰিছে। এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ভাৰত - কৃষক!! এইমাত্ৰ এজন ভাৰতীয় ফ’ল’ৱাৰে এইটো প্ৰেৰণ কৰি কেপচনত লিখিছে: 'ভাৰতীয় কৃষকসকলে নতুন দিল্লী দখল কৰিবলৈ গৈ আছে' ই হৈছে ৰাষ্ট্ৰক হস্তান্তৰ কৰাৰ বাবে ভূমিকে ধৰি সকলো সম্পদ কব্জা কৰি ৰখাৰ বাবে প্ৰস্তুত কৰা বিশ্বায়নবাদী আৰু জলবায়ু সাম্যবাদৰ বিৰুদ্ধে এক বিশ্বজোৰা যুঁজ।’’ পোষ্টটোৱে ২ লাখ ২৯ হাজাৰ ভিউ আৰু প্ৰায় ৫ হাজাৰ ৰিশ্বেয়াৰ লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি বিচাৰি পালোঁ?

আমাৰ অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে এই ভাইৰেল ভিডিঅ’টো তিনিখন বিতৰ্কিত কৃষি আইনৰ (পিছত বাতিল কৰা হয়) প্ৰতিবাদত ২০২১ চনত হোৱা কৃষক আন্দোলনৰ সময়ৰ হয়।

আমি ভাইৰেল ভিডিঅ'টোত "৫৬০৫০৫৪৫" আইডি নম্বৰৰ এটা ‘শ্বেয়াৰ চেট’ ৱাটাৰমাৰ্ক দেখা পাওঁ। আমি ‘শ্বেয়াৰ চেট’ত একেটা আইডি নম্বৰ থকা এটা সম্পূৰ্ণ একে ভিডিঅ’ লাভ কৰোঁ। যদিও ইয়াত নিৰ্দিষ্ট তাৰিখটো উল্লেখ কৰা হোৱা নাই, ভিডিঅ’টো যে তিনি বছৰ আগতে পোষ্ট কৰা হৈছিল সেই কথা গম পোৱা যায়।

ভিডিঅ'টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২১ চনৰ ২৪ জানুৱাৰীত "True Line ਸੱਚੀ ਲਾਈਨ" নামৰ এটা প্ৰফাইলৰ পৰা শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্ট লাভ কৰোঁ। ইয়াৰ উপৰি আমি ২০২১ চনৰ ৫ জানুৱাৰীৰ এটা ফেচবুক পোষ্ট লাভ কৰোঁ য’ত এতিয়া ভাইৰেল হোৱা ক্লিপটো শ্বেয়াৰ কৰা হৈছিল। উক্ত পোষ্টটোৰ মতে, ভিডিঅ’টোত ২০২১ চনৰ গণৰাজ্য দিৱসৰ পূৰ্বৰ এক কৃষক ৰেলীৰ দৃশ্য দেখা গৈছে। ইয়াৰ দ্বাৰা ভিডিঅ’টো যে এতিয়াৰ নহয় সেয়া নিশ্চিত হোৱা যায়। 

অধিক অনুসন্ধানৰ পিছত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা দৃশ্যৰ সৈতে মিল থকা এখন প্ৰতিনিধিত্বমূলক ফটো থকা দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা প্ৰতিবেদন পোৱা গ’ল। প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ২০২১ চনৰ ৭ জানুৱাৰীত কেএমপি এক্সপ্ৰেছৱে বুলিও জনাজাত ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত ফটোখন তোলা হৈছিল। তদুপৰি ‘পাঞ্জাব নিউজ’ নামৰ স্থানীয় পাঞ্জাবী সংবাদ প্ৰতিষ্ঠান এটাই একেখন ফটো ব্যৱহাৰ কৰিছে।

ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেল আৰু পঞ্জাব নিউজৰ এখন ছবিৰ মাজত তুলনা। (উৎস: এক্স/পাঞ্জাৱ নিউজ/স্ক্ৰীণশ্বট)

আমি ‘কিছান একতা মৰ্চা’ৰ ফেচবুক পেজত ২০২১ চনৰ ৮ জানুৱাৰী তাৰিখে পোষ্ট কৰা কিছু ফটো বিচাৰি পাওঁ য’ত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ দৃশ্য দেখা যায়। ইয়াৰে এখন ফটোত টোল প্লাজাটোৰ সন্মুখৰ ভাগ দেখুওৱা হৈছে, য’ত টোল গেটখনৰ মাজেৰে ট্ৰেক্টৰসমূহ পাৰ হৈ অহা দেখা পোৱা যায়।

কিষাণ একতা মৰ্চাই পোষ্ট কৰা ট্ৰেক্টৰ ৰেলীৰ এখন ছবি। (উৎস: ফেচবুক/কিষাণ একতা মৰ্চা)

ইয়াৰ দ্বাৰা আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰো যে ২০২১ চনত কেএমপি এক্সপ্ৰেছৱেত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ এটা পুৰণি ভিডিঅ’ এতিয়াৰ বুলি প্ৰচাৰ কৰা হৈছে।

আমি কৰা অনুসন্ধানৰ মতে ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত কেএমপি এক্সপ্ৰেছৱেৰ সমীপত কৃষকসকলে কোনোধৰণৰ ট্ৰেক্টৰ ৰেলী বাহিৰ কৰা নাছিল। ২০২৪ চনত কৃষকসকলে উলিওৱা ‘দিল্লী চালো’ পদযাত্ৰা হাৰিয়ানাৰ আম্বালাৰ সমীপৰ শম্ভু সীমান্তত ৰখাই দিয়া হৈছিল।

২০২১ চনৰ কৃষকৰ ট্ৰেক্টৰ ৰেলী

২০২১ চনৰ জানুৱাৰীত বহু সংখ্যক কৃষকে দিল্লী আৰু হাৰিয়ানা সংযোগী সিংঘু সীমান্তৰ সমীপত ট্ৰেক্টৰ ৰেলীৰ আয়োজন কৰিছিল। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ভাৰত চৰকাৰে সেই সময়ত গৃহীত কৰা (আৰু পিছত বাতিল কৰা) তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 

বিশেষ চৰ্চাৰ কেন্দ্ৰ হৈ পৰা উক্ত ট্ৰেক্টৰ ৰেলীয়ে সেই সময়ত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাতৰিৰ শিৰোনাম দখল কৰিছিল।

সিদ্ধান্ত

ভাইৰে ভিডিঅ’টো ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা ইণ্টাৰনেটত আছে আৰু ইয়াত সেইটো বছৰতে গণৰাজ্য দিৱসৰ পূৰ্বে উলিওৱা এটা ট্ৰেক্টৰ ৰেলী দেখা গৈছে। এইটো শেহতীয়া কৃষক প্ৰতিবাদৰ ভিডিঅ’ নহয়। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।