‘মণিপুৰত কুকি ছোৱালীক প্ৰহাৰ কৰি হত্যা’ কৰা বুলি ম্যানমাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
আগষ্ট 31 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
‘মণিপুৰত কুকি ছোৱালীক প্ৰহাৰ কৰি হত্যা’ কৰা বুলি ম্যানমাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টো ম্যানমাৰৰ হয় আৰু ২০২২ চনৰ ডিচেম্বৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ আছে।

ক্লেইম আইডি 902936e2

পৃষ্ঠভূমি

মণিপুৰত ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত প্ৰায় ১০০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ সমান্তৰালভাৱে মণিপুৰৰ হিংসাৰ পটভূমিত অনলাইন যোগে বহুতো বিভ্ৰান্তিকৰ ভিডিঅ’ আৰু ছবি প্ৰচাৰিত হৈছে। 

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ২০২৩ চনৰ জুন মাহত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি হিন্দীত লিখিছিল, "এই ভিডিঅ'টো ভাৰত গণতান্ত্ৰিক দেশৰ। এইয়া মণিপুৰত কুকি খ্ৰীষ্টান ছোৱালীক নিৰ্মম আক্ৰমণ আৰু হত্যাৰ চাঞ্চল্যকৰ ভিডিঅ', চৰকাৰে সংখ্যাগৰিষ্ঠ সমাজক খ্ৰীষ্টানসকলক নিৰ্মূল কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিছে"। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলাক তিনি-চাৰিজন লোকে মিলি আক্ৰমণ কৰিছে, ইয়াৰে কিছুমানে সেনাৰ দৰে ইউনিফৰ্ম পিন্ধি আছে। 

বহু লোকে একেধৰণৰ দাবীৰে এই ভিডিঅ’টো টুইটাৰ আৰু ফেচবুকত প্ৰচাৰ কৰিছিল। এই ভাইৰেল ভিডিঅ'টোৰ এটা স্ক্ৰীনশ্বট অসমৰ দৈনিক কাকত ‘আমাৰ অসম’তো ১৯ জুনত "মণিপুৰ জ্বলিছে ৰাজপথত কিশোৰীক গুলীয়াই হত্যা" শিৰোনামেৰে প্ৰকাশ পাইছিল। 

অৱশ্যে, এই দাবী মিছা।

প্ৰকৃত তথ্য

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ভিডিঅ'টো ২০২২ চনৰ হয়। আমি ইউটিউবত একেটা ভিডিঅ’ ২০২২ চনৰ ৮ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'নন-প্ৰফিট' ৰেডিঅ’ সেৱা, ‘আৰ এফ এ ইণ্ডিপেণ্ডেণ্ট ভইচ অৱ এছিয়া’ই আপলোড কৰা দেখা পাইছিলোঁ। ০:২৮ ছেকেণ্ডত একেটা ভাইৰেল ভিডিঅ’ দেখা যায়। ভিডিঅ’টোৰ বৰ্ণনাত বাৰ্মিজ ভাষাত লিখা আছে, "সামৰিক পৰিষদে ডাগন বিশ্ববিদ্যালয়ৰ সাতজন ছাত্ৰকে ধৰি ১২ জন যুৱকক মৃত্যুদণ্ড দিয়াৰ মাত্ৰ কেইদিনমান পিছতে তামু চহৰৰ এগৰাকী মহিলাক যুৱক-যুৱতীয়ে মাজ ৰাস্তাত হত্যা কৰাৰ ভিডিঅ' ছ'চিয়েল নেটৱৰ্কিং চাইট বোৰত বিয়পি পৰিছে।"

ইয়াৰ পিছত আমি এই সন্দৰ্ভত বাতৰিৰ প্ৰতিবেদন বিচাৰিলোঁ আৰু ২০২২ চনৰ ৩ ডিচেম্বৰত ম্যানমাৰৰ নিউজ ৱেবছাইট ‘এন পি নিউজ’ত লিখা এটা প্ৰতিবেদন দেখা পালোঁ। এন পি নিউজে ভাইৰেল ভিডিঅ’টোৰ পৰা কেইখনমান ছবি প্ৰকাশ কৰি এগৰাকী ২৪ বছৰীয়া মহিলাক হাতত মাৰনাস্ত্ৰ লৈ থকা এটা দলে হেণ্ডকাফ লগোৱা, সোধা-পোছা কৰা, আৰু অত্যাচাৰ কৰা বাতৰি প্ৰকাশ কৰে । ম্যানমাৰৰ তামু চহৰত তেওঁ এগৰাকী শিক্ষয়িত্ৰী আছিল।

ম্যানমাৰৰ এটা নিউজ ৱেবছাইট ‘ম্যানমাৰ নাও’ৱেও ২০২২ চনৰ ৬ ডিচেম্বৰত এই বাতৰি প্ৰকাশ কৰিছিল। ‘ম্যানমাৰ নাও’ৰ তথ্য অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয় - নেচনেল ইউনিটি গৱৰ্ণমেণ্ট (এন ইউ জি)য়ে এই ঘটনাৰ তদন্ত চলাইছিল আৰু এজন বিষয়াই কয় যে, "এই ঘটনাটো ২০২২ চনত জুন মাহত টামু চহৰত সংঘটিত হৈছিল আৰু অন্ততঃ কিছুমান আক্ৰমণকাৰী জুন্টা বিৰোধী পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ)ৰ টামু জিলা অধ্যায়ৰ ৪ৰ্থ বেটেলিয়নৰ আছিল।" জানিব পৰা মতে, মহিলাগৰাকীক মায়ানমাৰৰ সামৰিক জুন্টাৰ চোৰাংচোৱা বুলি অভিযোগ উত্থাপন কৰি ফাঁচী দিয়া হৈছিল।

নেচনেল ইউনিটি গৱৰ্ণমেণ্টৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি ‘পিপলছ ডিফেন্স ফৰ্চ’ (পিডিএফ) হৈছে ২০২১ চনৰ মে’ মাহত এনইউজি'য়ে সৃষ্টি কৰা এক মিলিটেৰী বাহিনী। কিন্তু ম্যানমাৰ মিলিটেৰীয়ে (মিলিটেৰী জুন্টা) পিডিএফক এক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। বাৰ্মা নিউজ ইণ্টাৰনেশ্যনেল (বিএনআই) নিউজ ৱেবছাইটত একেই বাতৰি প্ৰকাশ পাইছে। কোনো এটা প্ৰতিবেদনতে ভুক্তভোগীৰ ধৰ্মৰ কথা উল্লেখ কৰা হোৱা নাই।

ম্যানমাৰৰ নেচনেল ইউনিটি গৱৰ্ণমেণ্টে ২০২২ চনৰ ৫ ডিচেম্বৰত ফেচবুকত ভাইৰেল ভিডিঅ’টোৰ বিষয়ে এটা আপডেট প্ৰকাশ কৰিছিল। ইয়াত কোৱা হৈছে যে উক্ত ঘটনাটো গ্ৰহণযোগ্য নহয় আৰু সামৰিক নৈতিকতাৰ বিৰুদ্ধে, গতিকে এনইউজি'য়ে তদন্ত চলাই আছে।

ম্যানমাৰত বন্দী হোৱা এই ভিডিঅ’ৰ পৰা লোৱা এখন ফটো মণিপুৰৰ বুলি ভুলকৈ এক বাতৰিত প্ৰকাশ কৰাৰ বাবে অসমৰ বাতৰি কাকত 'আমাৰ অসম'-এ ক্ষমাপ্ৰাৰ্থনা বিচাৰিছে। কাকতখনৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে ২০২৩ চনৰ ১৯ জুনত নিজৰ ফেচবুক পেজত লিখিছে, "আজি "আমাৰ অসম"ত মনিপুৰ সংক্ৰান্তীয় বাতৰিটোত ফটো এখন ভুলকৈ প্ৰকাশ পালে তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। বাতৰি কাকতখনতো  ইয়াৰ বাবে ৰাজহুৱাকৈ দুঃখ প্ৰকাশ কৰা হব।"

সিদ্ধান্ত

এগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা কৰা ভাইৰেল ভিডিঅ’টো ম্যানমাৰৰ হয়, মণিপুৰৰ নহয়। ভাইৰেল ভিডিঅ’টো ২০২২ চনৰ ডিচেম্বৰৰ পৰা অনলাইন যোগে প্ৰচাৰ হৈ আছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।