উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাত নিয়োজিত উদ্ধাৰকাৰী দলৰ ফটো বুলি সংবাদ মাধ্যমত এআই-জেনেৰেটেড ছবি প্ৰচাৰ

লেখক: ৰজনী কে জি
নৱেম্বৰ 30 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাত নিয়োজিত উদ্ধাৰকাৰী দলৰ ফটো বুলি সংবাদ মাধ্যমত এআই-জেনেৰেটেড ছবি প্ৰচাৰ

ভাইৰেল ছবিখন ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এক্সত শ্বেয়াৰ কৰিছিল আৰু পিছত বিভিন্ন সংবাদ মাধ্যমে ইয়াক প্ৰকাশ কৰে। (উৎস: এক্স/দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

ভাইৰেল ছবিখনত কেইবাটাও বিসংগতি আছে। ছবিখন প্ৰথমে শ্বেয়াৰ কৰা এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে এইখন এআই-জেনেৰেটেড ছবি বুলি ছ'চিয়েল মিডিয়াত স্পষ্ট কৰি দিছে।

ক্লেইম আইডি aa193b01

পৃষ্ঠভূমি

উত্তৰাখণ্ডত এটা নিৰ্মীয়মান সুৰংগত সংঘটিত দুৰ্ঘটনাত আৱদ্ধ হৈ পৰা ৪১ জন শ্ৰমিকক সোতৰ দিনৰ পাছত অৱশেষত যোৱা ২৮ নৱেম্বৰত সুস্থ শৰীৰেৰে উদ্ধাৰ কৰা হয় I ইয়াৰ লগে-লগে ৪০০ ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্ত পৰে।

আনহাতে, তেওঁলোকক সুৰংগৰ পৰা উলিয়াই অনাৰ এদিন পিছতে উদ্ধাৰ অভিযানটোৰ নেতৃত্ব দিয়া বিষয়াসকলৰ ফটো বুলি দাবী কৰা এখন ছবিয়ে ইণ্টাৰনেটত যথেষ্ট চৰ্চা লাভ কৰিছে। ছবিখনত থকা দলটোৱে ভাৰতৰ পতাকা লৈ গ্ৰুপ ফটোৰ বাবে প’জ দিয়া দেখা গৈছে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অফিচিয়েল এক্স একাউণ্টত উদ্ধাৰ কৰা শ্ৰমিকসকলৰ এখন ফটোৰ সৈতে এই ছবিখন শ্বেয়াৰ কৰা হৈছে।

উক্ত ছবিখন সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই (পিটিআই)ও উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত ব্যৱহাৰ কৰিছে (ইয়াত আৰ্কাইভ কৰা হৈছে)। ইয়াৰ উপৰি গুৱাহাটীস্থিত নৰ্থইষ্ট লাইভকে ধৰি দেশৰ আন বহুকেইটা সংবাদ মাধ্যম যেনে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, মাথ্ৰুভূমি, নিউজ ১৮ ইত্যাদিয়ে ছবিখন প্ৰকাশ কৰা দেখা যায়৷ ছবিখন এক্স (পূৰ্বতে টুইটাৰ)তো শ্বেয়াৰ কৰা হৈছিল, অৱশ্যে কিছুমান এনে পোষ্টত কোনোধনৰ কেপচন দিয়া নাই (ইয়াত আৰ্কাইভ কৰা হৈছে)। এআইএডিএমকেৰ নেতা তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এদাপ্পাদি কে পালানিস্বামী (ইয়াত আৰ্কাইভ কৰা হৈছে), আৰু ৰেল মন্ত্ৰী অশ্বনী বৈষ্ণৱেও (ইয়াত আৰ্কাইভ কৰা হৈছে) ছবিখন শ্বেয়াৰ কৰিছিল। 

ভাইৰেল ফটোখন প্ৰকাশ কৰা সংবাদ মাধ্যমৰ বাতৰি আৰু আৰু ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণস্বটত। (উৎস: এক্স/দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ/টাইমছ অৱ ইণ্ডিয়া/ইণ্ডিয়া টুডে/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আন-আন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ছবিখন দ্ৰুতগতিত ভাইৰেল হৈ পৰে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে উদ্ধাৰ অভিযানৰ সময়ৰ আন দুখন ফটোৰ সৈতে এই ভাইৰেল ছবিখন শ্বেয়াৰ কৰি অসমীয়াত লিখে, ‘‘উত্তৰাখণ্ডত নিৰ্মীয়মান টানেলত আবদ্ধ ৪১ জন শ্ৰমিক  সুকলমে উদ্বাৰ হোৱাটো এক ভাললগা খবৰ ৷ ১৭ টা দিনৰ এই জীৱন যুদ্ধৰ পাছত এই উদ্ধাৰ এক আশাব্যঞ্জক খবৰ। উদ্ধাৰকাৰী দললৈ কৃতজ্ঞতা।’’ ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

কিন্তু এইখন এখন এআই-জেনেৰেটেড ছবিহে, উদ্ধাৰকাৰী বিষয়াসকলৰ বাস্তৱ ফটো নহয়। 

প্ৰকৃত তথ্য

ছবিখন ভালদৰে চালে বিভিন্ন বিসংগতি দেখা যায়, যাৰ দ্বাৰা অনুমান কৰিব পাৰি যে ছবিখন ডিজিটেলভাৱে প্ৰস্তুত কৰা হৈছে। ছবিখনত থকা মুখবোৰ, বিশেষকৈ চকুৰ কাষৰ অংশখিনিত কিছু বিকৃতি থকা যেন লাগে, তদুপৰি ছবিখনত থকা কেইজনমান লোকৰ পাঁচটাতকৈও অধিক আঙুলি দেখা যায়— যাৰ দ্বাৰা ছবিখন এআই-জেনেৰেটেড বুলি অনুমান কৰিব পাৰি। এআই এপসমূহৰ ক্ষেত্ৰত পৰিলক্ষিত এক লক্ষণীয় বিসংগতি হৈছে যে এই এপসমূহে মানুহৰ আঙুলিৰ সংখ্যা প্ৰায়ে সঠিকৰূপত দেখুওৱাব নোৱাৰে।

ছবিখনত থকা কিছুমান বিংসগতি স্পষ্টকৈ দেখা যায়, যাৰ দ্বাৰা এইখন এআই-জেনেৰেটেড বুলি ধৰিব পাৰি। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি এটা এক্স পোষ্টত "এক্সক্লুছিভ মাইণ্ডছ" বুলি লিখা এটা ৱাটাৰমাৰ্ক লক্ষ্য কৰোঁ। এই ক্ষেত্ৰত অধিক অনুসন্ধান কৰাত আমি জানিব পাৰোঁ যে মূল ছবিখন '@Exclusive_Minds' নামৰ এটা এক্স একাউণ্টত শ্বেয়াৰ কৰা হৈছিল।

একাউণ্টটোৱে নিজকে "ছ'চিয়েল মিডিয়াত ভুল তথ্য আৰু বিভ্ৰান্তিকৰ বিষয়বস্তুৰ বিৰুদ্ধে নাগৰিকৰ সামূহিক যুঁজ" বুলি বৰ্ণনা কৰিছে। একাউণ্টটোত উদ্ধাৰকাৰী বিষয়াসকলক চিত্ৰিত কৰা একাধিক অন্য ছবিও দেখিবলৈ পোৱা যায়। এনেধৰণৰ ছবিসমূহ শ্বেয়াৰ কৰা এটা থ্ৰেডৰ ৰিপ্লাইত ব্যৱহাৰকাৰীগৰাকীয়ে "ডিছক্লেইমাৰ: এইখন এখন এআই জেনেৰেটেড ফটো" বুলি উল্লেখ কৰিছে।

এক্স ব্যৱহাৰকাৰী 'এক্সক্লুছিভ মাইণ্ডছ'-ৰ পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

উক্ত ছবিসমূহ এইগৰাকী এক্স ব্যৱহাৰকাৰীয়ে সৃষ্টি কৰা হয় নে নহয় সেইটো আমি নিজাববীয়াকৈ পৰীক্ষা কৰিব পৰা নাই যদিও ওপৰৰ প্ৰমাণসমূহে দেখুৱাইছে যে ছবিখন এআই-জেনেৰেটেড আৰু ইয়াক উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা দলটোৰ প্ৰকৃত ফটো হিচাপে শ্বেয়াৰ কৰা হৈছে।

পিটিআইৰ সম্পাদকীয় দলৰ এগৰাকী জ্যেষ্ঠ সদস্যই আমাক জনোৱা মতে, ভাইৰেল ছবিখন এগৰাকী সাংসদৰ ছ’চিয়েল মিডিয়া হেণ্ডেলকে ধৰি বিশ্বাসযোগ্য উৎসৰ পৰা লোৱা হৈছিল। “ভৱিষ্যতে আমি ছবি সংগ্ৰহ কৰাৰ সময়ত অধিক সাৱধান হ’ম, আনকি বিশ্বাসযোগ্য উৎসৰ পৰা লোৱাৰ সময়তো,” তেওঁ কয়।

সিদ্ধান্ত

একাধিক সংবাদ মাধ্যমে এখন এআই-জেনেৰেটেড ছবি উত্তৰাখণ্ডৰ নিৰ্মীয়মান সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা দলটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ প’জ দিয়া এখন বাস্তৱ ফটো হিচাপে শ্বেয়াৰ কৰিছিল। সেয়েহে আমি এই দাবীটো ভুৱা বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।