চন্দ্ৰপৃষ্ঠৰ এনিমেশ্যন ভিডিঅ’ চন্দ্ৰযান-৩ পৰা প্ৰেৰণ কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
আগষ্ট 24 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চন্দ্ৰপৃষ্ঠৰ এনিমেশ্যন ভিডিঅ’ চন্দ্ৰযান-৩ পৰা প্ৰেৰণ কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এই ক্লিপটোত চন্দ্ৰৰপৃষ্ঠৰ প্ৰকৃত ফুটেজ দেখুওৱা হোৱা নাই। এইটো এটা থ্ৰীডি এনিমেশ্যন ভিডিঅ’ আৰু ভাৰতৰ চন্দ্ৰ অভিযানৰ সৈতে ইয়াক মিছাকৈ সংযুক্ত কৰা হৈছে।

ক্লেইম আইডি 45ef7552

পৃষ্ঠভূমি

চন্দ্ৰৰ বুকুত ভাৰতত নিৰ্মিত চন্দ্ৰযান-৩ৰ অৱতৰণক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক উচ্ছ্বাস দেখিবলৈ পোৱাৰ মাজতে ছ’চিয়েল মিডিয়াত বিভিন্ন পুৰণি আৰু অসংলগ্ন ভিডিঅ’ প্ৰচাৰ হৈ থকা পৰিলক্ষিত হৈছে। চন্দ্ৰপৃষ্ঠ দেখুওৱা ২০ ছেকেণ্ডৰ এনে এটা ভাইৰেল ভিডিঅ’ চন্দ্ৰযান-৩ৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি দাবী কৰা হৈছে।

এক্স (X) (পূৰ্বতে টুইটাৰ)-ত এটা পোষ্টত ভিডিঅ'টো শ্বেয়াৰ কৰি এইদৰে লিখা হৈছে- "চন্দ্ৰযান-৩ৰ পৰা (প্ৰেৰণ কৰা) চন্দ্ৰৰ দৃশ্য কি অপূৰ্ব! শান্তিত থাকিব পৰা নাই, তাৰিখটো ৰাখি থ’ব! চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ মাত্ৰ ৩টা দিন বাকী আছে - ২৩ আগষ্ট ভাৰতীয় সময় অনুসৰি ১৭.৪৫ বজাত। লগতে ৰাছিয়াৰ লুনা ২৫ উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰিছো!" প্ৰকাশৰ সময়লৈকে পোষ্টটোয়ে ৪০০,৫০০ ৰো অধিক ভিউ আৰু ৯৭৫টা ৰিপোষ্ট লাভ কৰিছিল।

(উৎস: X/@VishalVerma_9/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেতা ভিডিঅ’ অসমৰ একাংশ সংবাদ মাধ্যমতো শ্বেয়াৰ কৰা দেখা গৈছে। টাইম৮ নামৰ নিউজ পৰ্টেলটোৰ ফেচবুক পে’জত ২০ আগষ্টত ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে লিখা হৈছে- “২৫ কিলোমিটাৰ দূৰৈৰ পৰা চন্দ্ৰযান-৩য়ে প্ৰেৰণ কৰিলে চন্দ্ৰৰ ভিডিঅ'। কক্ষপথৰ পৰা ২৫ কিলোমিটাৰ দূৰৈৰ পৰা চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰিলে ফুটেজ।”

অসমৰ সংবাদ মাধ্য়মতো ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে (উৎস: ফেচবুক/@TIME8 Assamese/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩এ সংগ্ৰহ কৰা পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহৰ দৃশ্য শ্বেয়াৰ কৰাৰ মাত্ৰ কেইদিনমান পিছতে এই ভাইৰেল ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল।

অৱশ্যে, এই ভিডিঅ’টো ভাৰতৰ শেহতীয়া চন্দ্ৰ অভিযানৰ সময়ত লোৱা ফুটেজৰ ভিডিঅ’ নহয়।

প্ৰকৃত তথ্য

ৰিভাৰ্চ ইমেজ চাৰ্চৰ জৰিয়তে আমি শ্বাটাৰষ্টক নামৰ ষ্টক ফটো আৰু ভিডিঅ' বিক্ৰী কৰা ৱেবছাইটটোত একেটা ভিডিঅ' বিচাৰি পাইছিলো। ক্লিপটোৰ বিৱৰণিত এইদৰে লিখা আছিল, "ক্লজ-আপত চন্দ্ৰপৃষ্ঠৰ গতিশীল দৃশ্য। থ্ৰীডি এনিমেশ্যন। এই ছবিখনৰ উপাদানসমূহ নাছাৰ দ্বাৰা যোগান ধৰা হৈছে।" ৱেবছাইটটোত 'ফ্লেছ মুভি'ক ভিডিঅ'টোৰ কৃতিত্ব দিয়া আছে।

পিছত আমি একেটা ভিডিঅ’ 'flashmovies.art' ৱেবছাইটত লাভ কৰোঁ। ভিডিঅ'টোৰ শিৰোনামটোত এইদৰে লিখা আছিল- "ক্লজ-আপত চন্দ্ৰপৃষ্ঠৰ গতিশীল দৃশ্য।" ভিডিঅ’টোৰ বিৱৰণি শ্বাটাৰষ্টকত উল্লেখিত বিৱৰণিৰ সৈতে একেই।

শ্বাটাৰষ্টক আৰু ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীনশ্বটৰ তুলনা (উৎস: শ্বাটাৰষ্টক, X/@VishalVerma_9)

ৱেবছাইটটোৰ ‘ষ্ট’ৰৰ বিষয়ে’ অংশত ইয়াৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ লিংক দিয়া আছে: টুইটাৰ আইকনটো ক্লিক কৰাত ই আমাক ‘এণ্ড্ৰে মাছলভ’ নামৰ X একাউণ্টলৈ লৈ যায়। এই একাউণ্টোৰ বায়'ত এইদৰে লিখা আছিল, "থ্ৰীডি, চিজি, মোচন ডিজাইন।" ৱেবছাইটটো আৰু ইয়াৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহত এবাৰ চকু ফুৰালে দেখা যায় যে ৱেবছাইটটোৱে প্ৰায়ে থ্ৰীডি এনিমেশ্যন আৰু ডিজিটেল ভিডিঅ’ আৰ্ট প্ৰকাশ কৰে। ইয়াৰ দ্বাৰা ভাইৰেল পোষ্টটোত ব্যৱহৃত ভিডিঅ’টো যে থ্ৰীডি এনিমেশ্যন হে হয় আৰু চন্দ্ৰযানৰ সৈতে যে ইয়াৰ কোনো সম্পৰ্ক নাই সেয়া নিশ্চিত হ’ব পৰা যায়।

ভাইৰেল ভিডিঅ'টোৰ সৈতে সাদৃশ্য থকা পথালিকৈ ‘ফ্লিপ’ কৰা এখন ছবি আন এটা ষ্টক ফটো ৱেবছাইট ‘আই-ষ্টক’ত ২০২০ চনৰ ৩ ডিচেম্বৰত পোষ্ট কৰা হৈছিল। ইয়াতো, ফ্লেছ মুভিক কৃতিত্ব দিয়া হৈছিল।

সিদ্ধান্ত

চন্দ্ৰপৃষ্ঠৰ এটা পুৰণি থ্ৰীডি এনিমেশ্যন ভিডিঅ' ইন্টাৰনেটত শ্বেয়াৰ কৰি ইয়াত চন্দ্ৰযান-৩ ৰ দ্বাৰা প্ৰেৰণ কৰা দৃশ্য দেখুওৱা হৈছে বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়ে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।