ছানী দেওল সুৰাসক্ত নাছিল, এইটো এক শ্বুটিংৰ সময়ৰ ভিডিঅ’ হয়

লেখক: ৰাহুল অধিকাৰী
ডিচেম্বৰ 8 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছানী দেওল সুৰাসক্ত নাছিল, এইটো এক শ্বুটিংৰ সময়ৰ ভিডিঅ’ হয়

বলিউড অভিনেতা তথা ৰাজনীতিবিদ ছানী দেওলক ৰাজহুৱা স্থানত সুৰাসক্ত অৱস্থাত দেখা পোৱা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্ট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ছানী দেওলৰ আগন্তুক ছবি ‘ছফৰ’ৰ শ্বুটিংৰ সময়ত এই ভিডিঅ’টো বন্দী কৰা হৈছিল ।

ক্লেইম আইডি be16f1d9

দাবী কি?

মুম্বাইৰ জুহু চাৰ্কল এলেকাত বন্দী কৰা ভাৰতীয় অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা ছানী দেওলৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে দেউলে এখন অটো ৰিক্সাৰ ফালে খোজ কাঢ়ি গৈ আছে কিন্তু অভিনেতাজনে পোনে পোনে খোজ কাঢ়িব নোৱাৰা যেন লাগিছে। তাৰ পিছত অটো চালকজনে তেওঁক গাড়ীৰ ভিতৰত বহিবলৈ কয়। দেওলে চালক জনৰ সহায়তহে সেইয়া কৰিবলৈ সক্ষম হৈছে যেন লাগিছে। 

কেইবাজনো ইউজাৰে এক্স (পূৰ্বৰ টুইটাৰ)ত এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰে যে এই ভিডিঅ’টোত মুম্বাইৰ ৰাজপথত বিজেপিৰ সংসদ সদস্যগৰাকীক সুৰাসক্ত অৱস্থাত দেখা গৈছে। এক্সত এনে এটা পোষ্টে এই বাতৰি লিখাৰ সময়লৈকে ৮৭০০ৰো অধিক ভিউ লাভ কৰিছিল। এই পোষ্টটোৰ ভিডিঅ’টোত লিখা আছিল, “ছানি দেওলে মদ খালে?” ভিডিঅ’টো শ্বেয়াৰ কৰি আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “#SunnyDeol ৰাতি ৰাস্তাত মদ্যপান কৰি নাচি থকা দেখা গৈছে 😂👇👇” “Sunny Deol ৰ কি হৈছে?” আন এটা পোষ্ট পঢ়ক। এইটো আৰু অনুৰূপ অন্যান্য পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰি।

ভাইৰেল এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইংগিত দিছিল যে এইয়া এজন সংসদ সদস্যৰ অনুপযুক্ত আচৰণ। ‘এইজন বিজেপিৰ সাংসদ ছানী দেওল... তেওঁ নিজৰ সমষ্টি গুৰদাসপুৰলৈও নাযায়, সংসদলৈও নাহে। অহাবাৰ বুদ্ধিমানভাৱে ভোট দিয়ক (sic),” এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) পঢ়িবলৈ পোৱা গৈছিল। ভাৰতৰ উত্তৰ ৰাজ্য পঞ্জাৱৰ এটা সমষ্টি গুৰদাসপুৰৰ বিজেপিৰ সাংসদ দেওলক শেষবাৰৰ বাবে হিন্দী ছবি ‘গদাৰ ২’ত দেখা গৈছিল।

অৱশ্যে অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ভাইৰেল ক্লিপটোত তেওঁক এখন ছবিৰ বাবে শ্বুটিং কৰি থকা অৱস্থাত বন্দী কৰা হৈছে আৰু তেওঁ প্ৰকৃততে সুৰাসক্ত নাছিল । 

তাৰ পিছত আগতে তেওঁৰ দায়িত্বহীন আচৰণৰ বাবে তেওঁক তীব্ৰ সমালোচনা কৰি ভিডিঅ’টো পোষ্ট কৰা আন কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এতিয়া ক্লিপটোৰ প্ৰসংগ সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

আমি কি পাইছিলোঁ?

এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত বহু জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল, কিছুমানে আশংকা প্ৰকাশ কৰিছিল যে পিছত এই ভিডিঅ’টো এক প্ৰচাৰৰ ষ্টাণ্ট বুলি গম পোৱা যাব।

৬ ডিচেম্বৰত দেওলে বিষয়টো স্পষ্ট কৰিবলৈ Xত এক পোষ্ট কৰে। তেওঁৰ পোষ্টৰ পৰা গম পোৱা যায় যে তেওঁ এজন মদ্যপান কৰা ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰা পৰ্দাৰ আঁৰৰ ফুটেজ পোষ্ট কৰিছিল। বেলেগ কোণৰ পৰা লোৱা তেওঁ পোষ্ট কৰা এক ক্লিপত তেওঁক কেমেৰাপাৰছনকে ধৰি কেইবাজনো ক্ৰু মেম্বাৰে আগুৰি থকা দেখা গৈছে। ইয়াৰে এজনে শ্বুটিংৰ টেকনিকেল ইংগিত দি থকা শুনা যায়। হিন্দী ভাষাত লিখা ভিডিঅ’টোৰ লগত দিয়া দেওলৰ পোষ্টটোৰ মোটামুটি অনুবাদ হৈছে, “উৰাবাতৰিৰ যাত্ৰা ইয়ালৈকেহে।” কেপচনত তেওঁ ইংগিত দিছিল যে এই দৃশ্য তেওঁৰ আগন্তুক ছবি ‘ছফৰ’ৰ হয়।

আমি ভাইৰেল ক্লিপটোক দেওলে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ সৈতে তুলনা কৰি লক্ষ্য কৰিলোঁ যে তেওঁ দুয়োটাতে একে কাপোৰ পিন্ধিছে। দুয়োটা ভিডিঅ’তে এহাতে বেণ্ড আৰু আনফালে ঘড়ীও পিন্ধিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভাইৰেল হোৱা ক্লিপটো ছবিৰ শ্বুটিঙৰ সময়ত লোৱা হৈছিল, যিটো দেওলৰ পোষ্টটোৱে স্পষ্ট কৰে।

ভাইৰেল ভিডিঅ’ আৰু ছানি দেউলে শ্বেয়াৰ কৰা পৰ্দাৰ আঁৰৰ ফুটেজৰ মাজত তুলনা। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দ্য প্ৰিণ্টে প্ৰকাশ কৰা পিটিআই নিউজ ৰিপৰ্ট অনুসৰি ‘ছফৰ’ ছবিখন ইচেলন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। প্ৰতিবেদনত প্ৰডাকচন হাউছৰ প্ৰতিষ্ঠাপক বিশাল ৰানাৰ উদ্ধৃতি দি স্পষ্ট কৰা হৈছে যে ভাইৰেল ক্লিপটো আগন্তুক ছবি ‘ছফৰ’ৰ এটা দৃশ্যৰ অংশ। খবৰ অনুসৰি ৰাণাই এক বিবৃতিত কয়, ‘আমাৰ আগন্তুক আংশিকভাৱে শিৰোনামযুক্ত ছবি ‘ছফৰ’ৰ এটা দৃশ্য আছিল, যাৰ বাবে ছানী পাজীয়ে নিশাৰ সূচী শ্বুটিং কৰি আছিল। ইণ্টাৰনেটত ভাইৰেল হৈ থকা এই ভিডিঅ’টোক কেন্দ্ৰ কৰি ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকলো অনুৰাগীক অনুৰোধ জনালোঁ।”

সিদ্ধান্ত

অভিনেতা তথা ৰাজনীতিবিদ ছানী দেওলে এটা ৰাস্তাত এটা দৃশ্যৰ চিত্ৰগ্ৰহণ কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে আৰু মুম্বাইৰ জুহু অঞ্চলত তেওঁক সুৰাসক্ত অৱস্থাত দেখা পোৱা বুলি ভুৱা দাবী কৰা হৈছে। অভিনেতাগৰাকীয়ে উক্ত ভিডিঅ'টোৰ বিষয়ে স্পষ্ট কৰি দিছে যে তেওঁ প্ৰকৃততে নিজৰ আগন্তুক ছবিখনৰ শ্বুটিং কৰি আছিল। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।