ইণ্ডোনেছিয়াৰ পুৰণি ভিডিঅ' মণিপুৰত কুকি লোকৰ প্ৰশিক্ষণৰ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: বিবেক জে
ছেপ্তেম্বৰ 29 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইণ্ডোনেছিয়াৰ পুৰণি ভিডিঅ' মণিপুৰত কুকি লোকৰ প্ৰশিক্ষণৰ বুলি শ্বেয়াৰ কৰা হৈছে

মণিপুৰত কুকি লোকৰ প্ৰশিক্ষণৰ ভিডিঅ' বুলি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস:ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ'টো ২০২০ চনৰ অক্টোবৰৰ পৰা ইন্টাৰনেটত উপলব্ধ আৰু ইয়াত ইণ্ডোনেছিয়াৰ সামৰিক বাহিনীৰ বিশেষ প্ৰশিক্ষণৰ দৃশ্য় দেখা গৈছে।

ক্লেইম আইডি 441f846f

কি দাবী কৰা হৈছে?

২০২৩ চনৰ মে মাহত মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা আৰু বিগত প্ৰায় ৫ মাহ ধৰি চলি থকা গোষ্ঠীগত সংঘৰ্ষত ৰাজ্য়খনত এইপৰ্যন্ত ডেৰ শতাধিকতকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবা শতাধিক লোক আহত হৈছে আৰু হাজাৰ হাজাৰ লোকে তেওঁলোকৰ ঘৰ এৰি যাবলৈ বাধ্য় হৈছে। আনহাতে, ইয়াৰ সমান্তৰালভাৱে উক্ত সংঘৰ্ষৰ সৈতে সম্পৰ্কিত বুলি মিছাকৈ দাবী কৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে।

অলপতে এক্স (X) (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা এটা ভিডিঅ’ই এই প্ৰতিবেদন লিখাৰ সময়ত ১৭৮০০তকৈ অধিক ভিউ আৰু ৩৫৪টা ৰিপ’ষ্ট লাভ কৰিছে। ইয়াৰ কেপচনত লিখা আছিল, “মণিপুৰৰ বাহিৰৰ ৯৯,৯% মানুহে নাজানে যে মোডী চৰকাৰে কুকিসকলক (COOKIES) মণিপুৰত এই ধৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ চলাবলৈ অনুমতি দিয়ে। মোডী চৰকাৰে ভাৰতৰ জনসাধাৰণক এইটো স্পষ্ট কৰিব লাগিব , কুকি (COOKIE)ৰ লগত শান্তি চুক্তিৰ নামত কি চলি আছে? আপুনি যিমানেই মিছা প্ৰচাৰ আৰু হিন্দুক ঠগিবলৈ চেষ্টা নকৰক কিয়, বিফল হ’ব।”

পোষ্টটোৰ জৰিয়তে ভিডিঅ’টোত কুকি সম্প্ৰদায়ৰ লোকে আগ্নেয়াস্ত্ৰ লৈ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দেখা গৈছে বুলি দাবী কৰা হৈছে। এক্স(X) আৰু ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ দুটা এনে পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

মণিপুৰৰ কুকি সম্প্ৰদায়ৰ লোকে অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ চলাই থকা বুলি দাবী কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/) 

অৱশ্যে, এইটো এটা পুৰণি ভিডিঅ' আৰু মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

আমি কি বিচাৰি পালো?

আমি ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলো যে একেটা ভিডিঅ' ২০২১ চনৰ ফেব্ৰুৱাৰীত ইউটিউবত শ্বেয়াৰ কৰা হৈছিল, অৰ্থাৎ চলিত বৰ্ষৰ মে’ মাহত মণিপুৰত সংঘৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় দুবছৰ পূৰ্বে। "আছেপ পূৰ্ণৱন" নামৰ এজন ব্যৱহাৰকাৰীয়ে আপলোড কৰা ভিডিঅ'টোৰ শিৰোনাম আছিল ‘‘ডপাৰ! কোনোবাই একে৪৭ৰ গুলীৰে গুলীবিদ্ধ হ’বলৈ দুঃসাহস কৰিব নেকি??? (“Dopper! Does anyone dare to be bombarded with AK47 fire??) #dopper #command #training #guts test #war।" অৱশ্যে, এই ভিডিঅ'টো কেতিয়াৰ আৰু ক'ৰ হয় সেয়া উল্লেখ কৰা হোৱা নাই। 

২০২১ চনৰ ফেব্ৰুৱাৰীত ইউটিউবত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

আমি ২০২০ চনৰ ২৬ অক্টোবৰত ইণ্ডোনেছিয়ান ভাষাত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ য’ত একেটা ভিডিঅ'ৰ স্ক্ৰীণশ্বট ব্য়ৱহাৰ কৰা হৈছে। মূল ভাষাৰ পৰা ইংৰাজীলৈ অনূদিত প্ৰতিবেদনটোৰ শিৰোনাম এনেধৰণৰ- "দুঃসাধ্য়! টিএনআই সদস্যই গুলীবৰ্ষণৰ মাজৰেৰে বগুৱা বাই যোৱাৰ প্ৰশিক্ষণৰ ভাইৰেল ভিডিঅ’।’’ প্ৰতিবেদনটোত উল্লেখ কৰা মতে ভিডিঅ'টোত ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ প্ৰশিক্ষণ দেখুওৱা হৈছে। 

উক্ত প্ৰতিবেদনটোক ইংগিত হিচাপে লৈ আমি অধিক অনুসন্ধান কৰোঁ আৰু ‘ট্ৰিবুন টাইমুৰ’ নামৰ ইণ্ডোনেছিয়াৰ নিউজ নেটৱৰ্কৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ' লাভ কৰোঁ, উক্ত ভিডিঅ’টোৰ দৃশ্য ভাইৰেল ক্লিপটোৰ সৈতে প্ৰায় একে। এই ভিডিঅ'টোৰ বৰ্ণনাত উল্লেখ কৰা মতে 'ডপাৰ' হৈছে ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ এক অন্য়তম নিৰ্মম প্ৰশিক্ষণ অনুশীলন, যাক টেন্টাৰা নেচনেল ইণ্ডোনেছিয়া (টিএনআই) বুলিও জনা যায়।

ভাইৰেল ভিডিঅ'টো আৰু ট্ৰিবুন টাইমুৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস:X(বাওঁফালে)/ইউটিউব(সোঁফালে)/স্ক্ৰীণশ্বট)

আমি ইন্টাৰনেটত ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ 'ডপাৰ' প্ৰশিক্ষণ অনুশীলনৰ একেধৰণৰ কেইবাটাও ভিডিঅ' লাভ কৰোঁ। 

ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ 'ডপাৰ' প্ৰশিক্ষণ অনুশীলনৰ একেধৰণৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বটত। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

ভাইৰেল ভিডিঅ'টো কেতিয়া কেমেৰাত বন্দী কৰা হৈছিল সেয়া আমি নিৰ্ণয় কৰিব নোৱাৰিলো যদিও অন্ততঃ ২০২০ চনৰ অক্টোবৰৰ পৰা ভিডিঅ’টো ইন্টাৰনেটত আছে আৰু ইয়াত ইণ্ডোনেছিয়াৰ সামৰিক বাহিনীৰ আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণৰ দৃশ্য় দেখা গৈছে। লজিকেলী ফেক্টছে ইয়াৰ পূৰ্বেও মণিপুৰ সংঘৰ্ষৰ সৈতে সম্পৰ্কিত বিভিন্ন ভুল তথ্যৰ ফেক্ট-চেক কৰিছে। ইয়াত আৰু ইয়াত  পঢ়িব পাৰে। 

সিদ্ধান্ত

ভিডিঅ'টোত মণিপুৰৰ কুকি সম্প্ৰদায়ৰ লোকে আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা দেখুওৱা হোৱা নাই। এইটো এটা পুৰণি ভিডিঅ', আৰু অন্ততঃ ২০২০ চনৰ অক্টোবৰৰ পৰা ইন্টাৰনেটত উপলব্ধ। প্ৰাপ্ত তথ্য় মতে ভিডিঅ’টো ইণ্ডোনেছিয়াৰ হয়। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।