আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই আৱদ্ধ কৰা পুৰণি ভিজুৱেল চন্দ্ৰযান-৩য়ে পঠোৱা ভিডিঅ’ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: বিবেক জে
ছেপ্তেম্বৰ 1 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই আৱদ্ধ কৰা পুৰণি ভিজুৱেল চন্দ্ৰযান-৩য়ে পঠোৱা ভিডিঅ’ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এইটো এতিয়াৰ ভিডিঅ’ নহয়। ২০২২ চনতে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই এই ভিডিঅ’টো আৱদ্ধ কৰিছিল।

ক্লেইম আইডি dc24c113

পৃষ্ঠভূমি

২০২৩ চনৰ ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিক'টাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণ কৰা হৈছিল। যোৱা ২৩ আগষ্টত মহাকাশযানখনে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰে।
চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ পিছতে মহাকাশৰ পৰা দেখা পৃথিৱীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভিডিঅ’টো চন্দ্ৰযান ৩য়ে সংগ্ৰহ কৰা বুলি দাবী কৰা হৈছে। এক্স (X) (পূৰ্বৰ টুইটাৰ)-ত ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া এটা পোষ্টৰ কেপচনত এইদৰে লিখা আছে, “Amezing view (অপূৰ্ব দৃশ্য) #Chandrayaan3 #ISRO #isroindia #MOONLANDING #VikramLander @isro. [sic]” ইয়াৰ দ্বাৰা চন্দ্ৰযান ৩য়ে এই দৃশ্য সমূহ আবদ্ধ কৰা বুলি বুজোৱা হৈছে।

অৱশ্যে, এই ভিডিঅ'টো পুৰণি আৰু চন্দ্ৰযান ৩ উৎক্ষেপণৰ কেইবা মাহৰ আগৰে পৰা ইন্টাৰনেটত উপলব্ধ।

প্ৰকৃত তথ্য

ভিডিঅ’টোৰ প্ৰায় ২৩ ছেকেণ্ডত লিখা কথাখিনিয়ে ভিজুৱেলসমূহ আইঅ’ৱা বিশ্ববিদ্যালয়ৰ বুলি কয়। ভিডিঅ’ ক্ৰেডিটত লিখা আছিল, “ছম ইটি - ক্ৰেডিট: ইউনিভাৰ্চিটি অৱ আইঅ’ৱা, ছবিৰ সৌজন্য আৰ্থ ছায়েন্স এণ্ড ৰিম’ট চেন্সিং ইউনিট, নাছা জনছন স্পেচ চেণ্টাৰ (আইএছএছ০৬৭-ই-৩৫৭০৯১-৩৫৭৭৫৬)।”

ভিডিঅ’টোৰ শেষত দেখা পোৱা ক্ৰেডিটবোৰৰ স্ক্ৰীণশ্বট। (উৎস: X / @Badalka24453653)

ইয়াৰ পৰা বুজা যায় যে ভিডিঅ’টো সম্ভৱতঃ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ)ৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছিল - ভিডিঅ’টোৰ শেষত থকা আলফানিউমেৰিক ক’ডটোৱে আইএছএছৰ সৈতে সংযোগ থকাৰ কথা সূচায়। এই ক্ৰমটো বিচাৰি আমি "ছম ইটি" (Som ET) নামৰ ইউটিউব চেনেল এটাত ভিডিঅ'টো লাভ কৰোঁ। ইউটিউব চেনেলটোৱে নিজকে "শিল্পী, গান, বিজ্ঞান আৰু প্ৰযুক্তি" পেজ বুলি বৰ্ণনা কৰিছে। ২০২৩ চনৰ ১৩ এপ্ৰিলত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। 

Som ETৰ ফেচবুক আৰু ইউটিউবৰ “এবাউট” পেজৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/@Som ET, ফেচবুক/Som ET)

ইয়াৰ পিছত আমি ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু দ্য ইউৰোপিয়ান স্পেচ এজেন্সীৰ (ই এছ এ) ৱেবছাইটত ২০২২ চনৰ ১৩ অক্টোবৰৰ এটা ভিডিঅ’ লাভ কৰোঁ। ভিডিঅ’টোৰ বিৱৰণিত এইদৰে লিখা আছে - "ইএছএ মহাকাশচাৰী সামান্থা ক্ৰিষ্টোফৰেটিৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ দ্বিতীয়টো অভিযান "মিনাৰ্ভা"ৰ সময়ত তৈয়াৰ কৰা টাইমলেপছ ভিডিঅ।''

সামান্থাই এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কেপচনত এনেদৰে লিখিছে: “শেষবাৰৰ বাবে, মোৰ সৈতে উৰা মাৰিব! বিদায়! আৰু সদায়ৰ দ্বৰে মাছবোৰৰ বাবে ধন্যবাদ"

ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে ডিঅ'টো ইএছএৰ মহাকাশচাৰী ক্ৰিষ্টোফৰেটিয়ে বন্দী কৰিছিল আৰু ২০২২ চনৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে ইয়াক শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ'টো চন্দ্ৰযান ৩ৰ উৎক্ষেপণৰ কেইমাহমানৰ আগৰে পৰা ইন্টাৰনেটত উপলব্ধ আৰু চন্দ্ৰযান ৩ৰ দৃশ্যৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

২০২৩ চনৰ ১০ আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ’) ক্ৰমে লেণ্ডাৰ ইমেজাৰ (এলআই) কেমেৰা আৰু লেণ্ডাৰ হৰাইজণ্টেল ভেলোচিটি কেমেৰা (LHVC) দ্বাৰা বন্দী কৰা দুখন ছবি প্ৰকাশ কৰে। ইছৰ’ই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা এই ছবিসমূহ দেখাত ভাইৰেল ভিডিঅ’টোতকৈ পৃথক।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ'টো ২০২২ চনত এজন মহাকাশচাৰীয়ে বন্দী কৰিছিল আৰু একেটা বছৰৰ অক্টোবৰত ইয়াৰ দৃশ্যসমূহ প্ৰথমবাৰৰ বাবে ইন্টাৰনেটত শ্বেয়াৰ কৰা হৈছিল। চন্দ্ৰযান ৩য়ে সংগ্ৰহ কৰা পৃথিৱীৰ দৃশ্যৰ সৈতে ইয়াৰ পাৰ্থক্য আছে। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।