শ্বাহজাহানৰ পত্নী মমতাজ মহল হিচাপে ভূপালৰ বেগমৰ ছবি শ্বেয়াৰ কৰা হৈছে

লেখক: আজৰা আলী
মাৰ্চ 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
শ্বাহজাহানৰ পত্নী মমতাজ মহল হিচাপে ভূপালৰ বেগমৰ ছবি শ্বেয়াৰ কৰা হৈছে

মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজৰ ছবি বুলি মিছাকৈ দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ছবিখনত প্ৰকৃততে ভূপালৰ শাসক চুলতান শ্বাহজাহান বেগমক দেখুওৱা হৈছে, এয়া মমতাজ মহলৰ ছবি নহয়, যাৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰা হৈছিল।

ক্লেইম আইডি 1683e537

কি দাবী কৰা হৈছে?

ৰাজকীয় সাজ-পোছাক পৰিহিত আৰু এটা ফুলদানি সজাই থোৱা এখন টেবুলৰ কাষত থিয় হৈ থকা এগৰাকী মহিলাৰ এখন ছবি এক্স (পূৰ্বৰ টুইটাৰ), ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত যথেষ্ট প্ৰচাৰিত হৈছে। ভাইৰেল ছবিখনৰ সৈতে দিয়া কেপচনসমূহত ছবিখনত মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজ মহল (যাৰ স্মৃতিত পৃথিৱী বিখ্যাত স্মৃতিসৌধ তাজমহল নিৰ্মাণ কৰা হৈছিল)-ক দেখুওৱা হৈছে বুলি দাবী কৰা হৈছে। 

ছবিখন শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ফ্ৰেমত দেখা পোৱা মহিলাগৰাকীক লক্ষ্য কৰি বিভিন্ন অপমানজনক মন্তব্য কৰা দেখা গৈছে। এনে দাবীৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব । একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

 ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াতো একাংশ লোকে একেধৰণৰ দাবীৰে ফটোখন শ্বেয়াৰ কৰা দেখা যায়। এনে এটা ফেচবুক পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

অৱশ্যে ভাইৰেল ছবিখনত থকা মহিলাগৰাকী হৈছে ভোপালৰ শাসক তথা তৃতীয় বেগম (উচ্চ পদবীৰ মুছলমান মহিলা) চুলতান শ্বাহজাহান বেগম।

আমি কি বিচাৰি পালো?

আমি ৰিভাৰ্ছ ইমেজ চাৰ্চৰ লগতে ঐতিহাসিক তথ্য উপলব্ধ বিভিন্ন ৱেবছাইটত ফটোখনৰ বিষয়ে অনুসন্ধান কৰোঁ। আমি ইতিহাস বিষয়ক কেইবাটাও ৱেবছাইট চালোঁ য’ত বিতৰ্কিত ছবিখন সন্নিবিষ্ট কৰা হৈছে আৰু ছবিখনত থকা মহিলাগৰাকীক মধ্যপ্ৰদেশৰ এজন বিশিষ্ট ব্যক্তি ভোপালৰ চুলতান শ্বাহজাহান বেগম বুলি চিনাক্ত কৰা হৈছে।

আমি ছবিখন বৃটেইনৰ ৰয়েল কালেকচন ট্ৰাষ্টৰ অফিচিয়েল ৱেবছাইটত বিচাৰি পাওঁ। ব্ৰিটিছ ৰয়েল ফেমিলিৰ ৰয়েল কলেকচন ট্ৰাষ্ট হৈছে বিশ্বৰ সৰ্ববৃহৎ ব্যক্তিগত শিল্প সংগ্ৰহালয়।

ৱেবছাইটত দিয়া ছবিখনৰ বৰ্ণনা অনুসৰি ভোপালৰ চুলতান শ্বাহজাহান বেগমে এটা ফুলদানি সজাই ৰখা এখন টেবুলৰ কাষত থিয় হৈ থকা এই ফটোখন ১৮৭৫-৭৬ চনৰ ভিতৰত তোলা হৈছিল। 

 ৰয়েল কলেকচন ট্ৰাষ্ট ইউ কে ৱেবছাইটৰ স্ক্ৰীণশ্বট। (উৎস: ৰয়েল কলেকচন ট্ৰাষ্ট ইউ কে)

১৮৭৫-৭৬ চনৰ ভিতৰত ৱেলছৰ ৰাজকুমাৰ এলবাৰ্ট এডৱাৰ্ডৰ ভাৰত উপমহাদেশ ভ্ৰমণৰ সময়ত প’ট্ৰেইট, গ্ৰোপ ফটো আদিৰ ফটোগ্ৰাফিক এলবাম সংকলন কৰা হৈছিল আৰু চুলতান শ্বাহজাহান বেগমৰ ফটো এই সংগ্ৰহৰ বাবে লোৱা হৈছিল।

আমি ভাৰত চৰকাৰৰ অধীনস্থ ইণ্ডিয়ান কালচাৰ ৱেবছাইটতো উক্ত ফটোখন লাভ কৰোঁ, ফটোখনৰ কেপচনত লিখা আছিল, “হাৰ হাইনেছ শ্বাহজাহান বেগম, ভোপালৰ তৃতীয় বেগম।” ৱেবছাইটটোৰ শেষৰ এটা টোকাত উল্লেখ কৰা মতে উক্ত ৱেবছাইটটো সাংস্কৃতিক মন্ত্ৰালয়ৰ এক পদক্ষেপ য’ত “সমগ্ৰ ভাৰতৰ বিভিন্ন ৰেপজিটৰি আৰু প্ৰতিষ্ঠানৰ পৰা সাংস্কৃতিক বিষয়ক তথ্য সংগ্ৰহ কৰি ৰখা হয়।”

ইণ্ডিয়ান কালচাৰ ৱেবছাইটটোৰ মতে, ছবিখনত ১৯ শতিকাত ভূপালত শাসন কৰা চুলতান শ্বাহজাহান বেগম (১৮৩৮- ১৯০১)ক দেখুওৱা হৈছে। ৱেবছাইটটোত থকা এটা চমু বৰ্ণনাত “ৰাণীয়ে নিজৰ প্ৰজাৰ উন্নতিৰ বাবে বহু নীতিৰ নেতৃত্ব দিছিল’’ বুলি উল্লেখ কৰা হৈছে।

ইণ্ডিয়ান কালচাৰ ৱেবছাইটৰ স্ক্ৰীণশ্বট। (উৎস: indianculture.gov.in)

২০২৩ চনৰ ১১ আগষ্টৰ টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি বেগম শ্বাহজাহানে ১৮৭১ চনত ভোপালত তেওঁৰ বাসগৃহ হিচাপে এটা ৰাজপ্ৰসাদ নিৰ্মাণৰ দায়িত্ব দিছিল। ৰাজমহল নামেৰে পৰিচিত এই ৰাজপ্ৰসাদটোৰ স্থাপত্য শৈলীত মুগ্ধ হৈ ইংৰাজে পিছলৈ ইয়াৰ তাজমহল দুৰ্গ হিচাপে নামাংকিত কৰে। 

সিদ্ধান্ত

ভোপালৰ চুলতান শ্বাহজাহান বেগমৰ এখন ছবি তাজমহল নিৰ্মাণ কৰা মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজ মহলৰ বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।