বিজেপিৰ দিনেশ লাল যাদৱে নিবনুৱা সমস্যাৰ বাবে জনসংখ্যা বৃদ্ধিক দোষাৰোপ কৰাৰ ভিডিঅ'টো ডিপফে’ক নহয়

লেখক: সোহম শ্বাহ
এপ্ৰিল 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিজেপিৰ দিনেশ লাল যাদৱে নিবনুৱা সমস্যাৰ বাবে জনসংখ্যা বৃদ্ধিক দোষাৰোপ কৰাৰ ভিডিঅ'টো ডিপফে’ক নহয়

ফেক্ট চেক

ৰায়দান মিছা

১৩ এপ্ৰলিত সন্তোষ কুশৱাহা নামৰ এজন স্থানীয় সাংবাদিকে ভিডিঅ' সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল, এইটো ডিপফে’ক ভিডিঅ’ নহয়।

ক্লেইম আইডি 3d2b77e6

কি দাবী কৰা হৈছে?

যোৱা ১৫ এপ্ৰিলত ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে এক্সত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ দীনেশ লাল যাদৱৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত যাদৱে এজন সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত জনসংখ্যা বৃদ্ধিৰ বাবে ভাৰতত নিবনুৱা সমস্যা বৃদ্ধি পাইছে বুলি কয়। 

উত্তৰ প্ৰদেশৰ আজমগড় আসনৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা যাদৱে হিন্দীত এইদৰে কোৱা শুনা যায়, “মোদীজী বা যোগীজীৰ এটাও সন্তান আছে কওক... যোগীজী মোদীজীয়ে নিবনুৱা সমস্যা বন্ধ কৰি দিছে। তেওঁলোকে আমি বৃদ্ধি নকৰো বুলি কৈছে। তেন্তে, নিবনুৱা সমস্যা কোনে বৃদ্ধি কৰিছে? যিসকলে সন্তান জন্ম দি আছে তেওঁলোকে।” 

উক্ত এক্স পোষ্টটো ভাইৰেল হৈ পৰাৰ লগে লগে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালভিয়া আৰু বিজেপি নেতা তাজিন্দৰ সিং বাগ্গাই এইটো এটা ডিপফে’ক ভিডিঅ’ বুলি দাবী কৰি “মানুহক বিপথে পৰিচালিত কৰিবলৈ, অশান্তি সৃষ্টি আৰু সমাজত বিভাজনৰ বীজ সিঁচিবলৈ” ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে বুলি কয়।

আনকি যাদৱে নিজেও এক্সত  ভিডিঅ’টো ভুৱা বুলি দাবী কৰে, তেওঁ কয় যে ভিডিঅ’টোত তেওঁৰ ওঁঠৰ সঞ্চালনৰ সৈতে কণ্ঠটোৰ মিল নাই আৰু এনে ‘ভুৱা ভিডিঅ’ৰ প্ৰচাৰ কৰাটো কংগ্ৰেছত থকাসকলৰ বাবে ‘ট্ৰেণ্ড’ত পৰিণত হৈছে। আটাই কেইজন নেতাই ক্লিপটো শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 

ভিডিঅ'টো ভুৱা বুলি দাবী কৰি মালভিয়া আৰু যাদৱে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

হিন্দী নিউজ চেনেল ইণ্ডিয়া টিভিয়েও ক্লিপটো সম্প্ৰচাৰ কৰিছিল আৰু ভিডিঅ'টোক এটা 'ডিপফে'ক' ভিডিঅ' বুলি অভিহিত কৰিছিল। 

অৱশ্যে আমি উক্ত ভিডিঅ’টো এটা ডিপফে’ক ভিডিঅ’ নহয় বুলি জানিব পাৰোঁ, সম্পাদনা নকৰা মূল ফুটেজটোত যাদৱে এই মন্তব্য কৰা দেখা গৈছে। উল্লেখযোগ্য যে মূল ক্লিপটোৰ দুটা অংশ সম্পাদনা কৰি ভাইৰেল ভিডিঅ’টো তৈয়াৰ কৰা হৈছে যদিও ইয়াৰ ফলত যাদৱৰ বক্তব্যৰ কোনো সাল-সলনি ঘটা নাছিল।  

 আমি কি বিচাৰি পালোঁ?

আমি দেখিলোঁ যে সম্পূৰ্ণ সাক্ষাৎকাৰটো ২০২৪ চনৰ ১৩ এপ্ৰিলত সাংবাদিক সন্তোষ কুশৱাহাৰ ইউটিউব চেনেল ‘ছৌল আপ হিন্দী’ত পোষ্ট কৰা হৈছিল। ভিডিঅ’টোৰ শিৰোনাম হৈছে “নিবনুৱা সমস্যাক লৈ প্ৰশ্ন কৰাত সাংসদ নিৰাহুৱাৰ উঠিল খং, ক’লে যোগী মোডীজী দৰে সন্তান জন্ম নিদিব।” ভিডিঅ'টোৰ শেষৰফালে, প্ৰায় ১১:০০ মিনিটত, ভাইৰেল ভিডিঅ’টোৰ কথাখিনি শুনা পোৱা যায়।

এক্সত শ্বেয়াৰ কৰা ক্লিপটো ৫৮ ছেকেণ্ডৰ, আনহাতে সম্পূৰ্ণ সাক্ষাৎকাৰটো ১১ মিনিটতকৈও অধিক। ইয়াত সাংবাদিকজনক এখন উৰণীয়া সেতুৰ তলৰ এটা পথৰ পৰা বাতৰি পৰিৱেশন কৰি থকা স্পষ্টকৈ দেখা যায় আৰু যাদৱৰ বাহনৰ কাষ চাপি তেওঁৰ সাক্ষাৎকাৰ লোৱাৰ সময়ত নেতাজনে গাড়ীখনৰ সন্মুখৰ আসনত বহি আছিল। আমি সম্পূৰ্ণ ভিডিঅ’টো ভালদৰে চাওঁ আৰু ইয়াত হেৰ-ফেৰ কৰাৰ কোনো লক্ষণ দেখা নাপালোঁ৷ 

ইয়াৰ উপৰিও আমি লক্ষ্য কৰিলোঁ যে ভাইৰেল অংশটো এই ইউটিউব ভিডিঅ’টোৰ প্ৰায় ১১ মিনিটত দেখা যায়। যাদৱে নিবনুৱা-সন্তান সন্দৰ্ভত কৰা মন্তব্যখিনি ইয়াত স্পষ্টকৈ দেখা আৰু শুনা যায়। তদুপৰি যাদৱৰ ওঁঠৰ সঞ্চালন অডিঅ’টোৰ সৈতে হুবহু মিলি যায়।

অৱশ্যে মন কৰিবলগীয়া যে এক্সত থকা ক্লিপটো সম্পাদনা কৰি দীঘলীয়া ভিডিঅ’টোৰ দুটা ভিন্ন অংশ যোগ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সন্তান নথকাৰ বিষয়ে যাদৱৰ মন্তব্য মূলতঃ তেওঁৰ বাকী মন্তব্যখিনিৰ পিছতহে কৰা হৈছিল যদিও ভাইৰেল ক্লিপটোত সেই অংশটো আৰম্ভণিতে দেখুওৱা হৈছে। কিন্তু ইয়াৰ দ্বাৰা যাদৱে কোৱা কথাখিনিৰ কোনো হেৰ-ফেৰ বা ভুলকৈ উপস্থাপন কৰা হোৱা নাই। 

লজিকেলী ফেক্টছে কুশ্বৱাহাৰ সৈতেও যোগাযোগ কৰে, তেওঁ নিশ্চিত কৰে যে সাক্ষাৎকাৰটো তেওঁৱে ৰেকৰ্ড কৰিছিল। ইয়াৰ উপৰি তেওঁ আমাৰ সৈতে মূল ভিডিঅ'টো শ্বেয়াৰ কৰে। আমি উক্ত ভিডিঅ’টোৰ মেটাডাটা পৰীক্ষা কৰি দেখিলোঁ যে ইউটিউব চেনেলত আপলোড কৰাৰ দিনাই অৰ্থাৎ ১৩ এপ্ৰিলৰ আৱেলি ৩.৩৮ বজাত ভিডিঅ’ ৰেকৰ্ড কৰা হৈছিল। 

ভিডিঅ’টোৰ মেটাডাটাত এইটো ২০২৪ চনৰ ১৩ এপ্ৰিলত ৰেকৰ্ড কৰা হৈছিল বুলি দেখা গৈছে।

ভিডিঅ’টো সন্দৰ্ভত বিশেষজ্ঞ আৰু টুলছে কি কয়?

মিছনফৰ্মেশ্যন কম্বেট এলায়েন্সৰ (এমচিএ) ডিপফে’কছ এনালাইছিছ ইউনিট (ডিএউ)-এ, যাৰ লজিকেলী ফেক্টছ এক অংশীদ্বাৰ হয়, ভিডিঅ’টো চাৰিটা টুলছত পৰীক্ষা কৰিছিল আৰু আটাইকেইটাতে ভিডিঅ’টো এআই-জেনেৰেটেড নহয় বুলি সিদ্ধান্তত উপনীত হৈছিল। 

ইয়াৰ উপৰিও লজিকেলী ফেক্টছে আই আই টি যোধপুৰৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক ড০ মায়ংক ভাট্ছাৰ সৈতে যোগাযোগ কৰে আৰু তেওঁ আমাক কয় যে এক্সত শ্বেয়াৰ কৰা ভিডিঅ’টো সম্পাদনা কৰা হৈছে যদিও ই কোনো ডিপফে’ক ভিডিঅ’ নহয়।  

সিদ্ধান্ত

আমি যাদৱৰ সম্পূৰ্ণ বক্তব্যটো থকা মূল ভিডিঅ’টো লাভ কৰাৰ লগতে ভালদৰে পৰীক্ষা কৰিলোঁ। ভিডিঅ’টোত কোনোধৰণৰ হেৰ-ফেৰ কৰাৰ চিন নাই এজন বিশেষজ্ঞই ভিডিঅ’টো সম্পাদনা কৰা হৈছে যদিও এইটো ডিপফে’ক নহয় বুলি নিশ্চিত কৰিছে।

(আপডেট: ইণ্ডিয়া টিভিৰ বুলেটিনৰ আৰ্কাইভ লিংক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতিবেদনটো আপডেট কৰা হৈছে)

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।