প্ৰাক্তন গৃহমন্ত্ৰী এল কে আদৱানীয়ে ৰাহুল গান্ধীৰ প্ৰশংসা কৰা বুলি ভুৱা উক্তি প্ৰচাৰ কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী
মে’ 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
প্ৰাক্তন গৃহমন্ত্ৰী এল কে আদৱানীয়ে ৰাহুল গান্ধীৰ প্ৰশংসা কৰা বুলি ভুৱা উক্তি প্ৰচাৰ কৰা হৈছে

এল কে আদৱানীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰিছিল বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীনশ্বট । (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

লজিকেলী ফেক্টছৰ সৈতে কথা পাতি এল.কে. আদৱানীৰ ঘনিষ্ঠ সহায়ক দীপক চোপ্ৰাই এই দাবী খাৰিজ কৰি ইয়াক 'ভুৱা' বুলি অভিহিত কৰে।

ক্লেইম আইডি fe0641b5

দাবী কি?

ছ’চিয়েল মিডিয়াত এটা পোষ্টত দাবী কৰা হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “ভাৰতীয় ৰাজনীতিৰ ভৱিষ্যত” বুলি কয়।

অৰুণাচল কংগ্ৰেছৰ অফিচিয়েল একাউণ্টকে ধৰি কেইবাজনো X ব্যৱহাৰকাৰীয়ে পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘*ফ্লেচ নিউজ* *ভাৰতীয় ৰাজনীতিৰ নায়ক ৰাহুল গান্ধীঃ লাল কৃষ্ণ আদৱানী (LK Advani)।* *(http://avadhbhoomi.com)* *৭ মে। ২০২৪.* *ৰাহুল গান্ধী সন্দৰ্ভত দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী ভাৰতৰত্ন শ্ৰী লাল কৃষ্ণ আদৱানীয়ে ডাঙৰ বক্তব্য দিলে। @INCIndia.“ পোষ্টটোৰ লগত (avadhbhoomi.com) অৱধভূমি নামৰ এক পৰ্টেলৰ লিংক দিয়া হৈছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি এই দাবী মিছা বুলি গম পালোঁ। এই দাবীৰ উৎপত্তি হৈছে এটা সন্দেহজনক ছাইটে প্ৰকাশ কৰা এটা বাতৰিৰ পৰা আৰু আদৱানীয়ে এনে কোনো মন্তব্য কৰাৰ কোনো প্ৰমাণ নাই।

আমি কেনেকৈ সত্য বিচাৰি পালোঁ?

ভাইৰেল পোষ্টটোৰ কেপচনত এই বক্তব্যৰ উৎস avadhbhumi.com নামৰ এটা পৰ্টেল বুলি উল্লেখ কৰা হৈছে। আমি চাইটটো চাই হিন্দীত প্ৰকাশিত এটা লেখা পালোঁ, যাৰ শিৰোনাম আছিল, "ৰাহুল গান্ধী ভাৰতীয় ৰাজনীতিৰ নায়ক: এল কে আদৱানী"। প্ৰথমতে ২০২৪ চনৰ ৮ মে’ত প্ৰকাশিত প্ৰবন্ধটো এতিয়া ডিলিট কৰা হৈছে যদিও ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব।

প্ৰতিবেদনত উল্লেখ আছে যে আদৱানীয়ে প্ৰশংসা কৰি কয় যে তেওঁ ৰাহুল গান্ধীৰ দৰে প্ৰভাৱশালী নেতাক কেতিয়াও দেখা নাই। লেখাটোত ক’ত কেতিয়া মন্তব্য কৰা হৈছিল সেই সম্পৰ্কে সবিশেষ উল্লেখ কৰা হোৱা নাই। ইয়াৰ উপৰিও ৱেবছাইটটোৰ এটা স্পষ্টিকৰণত (ইয়াত আৰ্কাইভ)ত কোৱা হৈছে যে, "avadhbhumi.com এ এই তথ্যৰ সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা আৰু সঠিকতাৰ বিষয়ে কোনো ৱাৰেণ্টী নিদিয়ে।"

ইয়াৰ পিছত আমি ৱেবছাইটটোৰ সৈতে লিংক কৰা ছ’চিয়েল মিডিয়া হেণ্ডেলবোৰ পৰীক্ষা কৰিলোঁ আৰু দেখিলোঁ যে ফেচবুক পেজটোত (ইয়াত আৰ্কাইভ কৰা হৈছে) ৩ মাৰ্চ, ২০২৪ৰ পিছত কোনো আপডেট নাই। তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত (ইয়াত আৰ্কাইভ) অসংলগ্ন আৰু আপাত দৃষ্টিত ব্যক্তিগত ভিডিঅ' হ'ষ্ট কৰা হয়, আনহাতে তেওঁলোকৰ ইউটিউব চেনেলটো (ইয়াত আৰ্কাইভ) কমিউনিটিৰ নিৰ্দেশনা উলংঘা কৰাৰ বাবে প্লেটফৰ্মে আঁতৰাই পেলাইছে। আমি পৰ্টেলটোৰ সৈতে এই সম্পৰ্কে যোগাযোগ কৰিছোঁ আৰু যেতিয়াই সঁহাৰি পাওঁ, এই  সম্পৰ্কে আপডেট কৰা হ’ব।

লজিকেলী ফেক্টছৰ সৈতে হোৱা কথা-বতৰাত আদৱানীৰ ঘনিষ্ঠ সহায়ক দীপক চোপ্ৰাই এই দাবীক খাৰিজ কৰি কয়, "সম্পূৰ্ণ ভুৱা। ইয়াৰ লগত আদৱানীজীৰ কোনো সম্পৰ্ক নাই।" উক্ত বিবৃতিটোৰ ওপৰত আমি কোনো বিশ্বাসযোগ্য বাতৰিও পোৱা নাছিলো।

সিদ্ধান্ত

বিজেপিৰ জ্যেষ্ঠ নেতা এল. আদৱানীয়ে ৰাহুল গান্ধী ভাৰতীয় ৰাজনীতিৰ ভৱিষ্যত বুলি কোৱা নাছিল। এই দাবীৰ উৎপত্তি হৈছে এটা পৰ্টেলৰ দ্বাৰা প্ৰকাশিত, এতিয়া ডিলিট হোৱা, এটা লেখাৰ পৰা। সেয়েহে আমি দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।