২০২২ চনৰ ঈদৰ সমাৱেশৰ ভিডিঅ' উত্তৰাখণ্ডৰ শেহতীয়া অস্থিৰতাৰ সৈতে মিছাকৈ সংযোজিত কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ফেব্ৰুৱাৰী 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২২ চনৰ ঈদৰ সমাৱেশৰ ভিডিঅ' উত্তৰাখণ্ডৰ শেহতীয়া অস্থিৰতাৰ সৈতে মিছাকৈ সংযোজিত কৰা হৈছে

উত্তৰাখণ্ডৰ শেহতীয়া ঘটনাৰ সৈতে ভিডিঅ' মিছাকৈ সংযোজিত কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভিডিঅ'টো ২০২২ চনৰ মে মাহৰ পৰা ইণ্টাৰনেটত উপলব্ধ। সংবাদ মাধ্যম আৰু আৰক্ষীৰ মতে ইয়াত ঈদ-উল-ফিতৰৰ দিনা হৰিদ্বাৰৰ এটা ঈদগাহত হোৱা সমাগমৰ দৃশ্য দেখা গৈছে।

ক্লেইম আইডি 351f9eba

উত্তৰাখণ্ডৰ হালদ্বানিত যোৱা ৮ ফেব্ৰুৱাৰীত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত এটা মছজিদ আৰু এখন মাদ্ৰাছা ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক সংঘৰ্ষত পাঁচজন লোকে মৃত্যুক সাবটিব লগীয়া হয়। এনে এক পৰিস্থিতিৰ মাজতে ছ’চিয়েল মিডিয়াত একাধিক লোকে ৰাজ্যখনত সৃষ্টি হোৱা শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি দাবী কৰি বিভিন্ন ভিজুৱেল শ্বেয়াৰ কৰা দেখা যায়।

কি দাবী কৰা হৈছে?

ছচিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা এনে এটা ভিডিঅ’ত এটা ৰাজপথত বৃহৎ সংখ্যক লোকৰ এক সমাগমৰ দৃশ্য দেখা যায়। ইছলামধৰ্মী লোকে পিন্ধা টুপী পৰিহিত বৃহৎ সংখ্যক লোকৰ এটা ভিৰ দেখিবলৈ পোৱা উক্ত ভিডিঅ’টো বিভিন্নজনে সাম্প্ৰদায়িক উদ্দেশ্যৰে শ্বেয়াৰ কৰাৰ লগতে ইয়াক হালদ্ৱানিত সংঘটিত শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত কৰিছে।

এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "২০ বছৰৰ আগতে #হালদ্বানিত ১% মুছলমান জনসংখ্যা আছিল। এতিয়া এয়া প্ৰায় ২০% পিছলৈ বহুত পলম হোৱাৰ আগতেই হিন্দুসকল জাগ্ৰত হওক। #উত্তৰাখণ্ড (sic.)" পোষ্টটোৱে (ইয়াত আৰ্কাইভ কৰা হৈছে) এই প্ৰতিবেদন লিখাৰ সময়লৈ ৯৫,৫০০ৰো অধিক ভিউ লাভ কৰিছিল।

ইয়াৰ উপৰি ভিডিঅ’টো যোৱা ৭ ফেব্ৰুৱাৰীত উত্তৰাখণ্ড বিধানসভাই গৃহীত কৰা বিতৰ্কিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিলৰ সৈতেও জড়িত কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অসমীয়াত লিখা ফেচবুক পোষ্টত ইউচিচি বিধেয়কখনৰ বিৰোধিতা কৰা মুছলমান প্ৰতিবাদকাৰীয়ে উত্তৰাখণ্ডত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি দাবী কৰে। উক্ত ব্যৱহাৰকাৰী গৰাকীয়ে ভাইৰেল ভিডিঅ’ৰ সৈতে হালদ্বানিৰ শেহতীয়া হিংসাত্মক ঘটনাৰ কেতবোৰ ভিজুৱেলো শ্বেয়াৰ কৰে। 

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ’টো এতিয়াৰ নহয়। ২০২২ চনৰ মে’ মাহত লোৱা এই ভিডিঅ’টোত হৰিদ্বাৰত ঈদৰ সময়ত হোৱা এক সমাৱেশৰ দৃশ্য দেখা গৈছে। 

আমি কি বিচাৰি পালোঁ?

ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি প্ৰথমে ২০২২ চনৰ ৫ মে’ত ড০ বিজয় শৰ্মা নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এক্স পোষ্ট লাভ কৰোঁ। হিন্দীত লিখা উক্ত পোষ্টটোৰ মতে ভিডিঅ’টোত হৰিদ্বাৰৰ জ্ৱালাপুৰ ঈদগাহত নামাজৰ পিছত মানুহৰ ভিৰ দেখা গৈছে। অৱশ্যে, পোষ্টটোত তেওঁ সাম্প্ৰদায়িক আৰু ইছলাম বিদ্বেষী কথা লিখাৰ বাবে আমি পোষ্টটোৰ কথাখিনি ইয়াত অন্তৰ্ভুক্ত কৰা নাই।

একেটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি ২০২২ চনৰ ৩ মে’ত দিয়া এটা ফেচবুক পোষ্টো আমি লাভ কৰোঁ। উল্লেখযোগ্য যে ২০২২ চনত ঈদ-উল-ফিতৰ ২ মে’ৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছিল আৰু ৩ মে’ৰ সন্ধিয়া অন্ত পৰিছিল।

উক্ত তথ্য সমূহৰ ভিত্তিত আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি হিন্দীত গুগল চাৰ্চ কৰোঁ আৰু ভাৰতবৰ্ষ২৪x৭ নিউজ নামৰ এটা স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোৰ মতে ঈদ-উল-ফিতৰ উপলক্ষে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ জ্ৱালাপুৰ ঈদগাহত হাজাৰ হাজাৰ লোকে ঈদৰ নামাজ পঢ়িছিল। আমি মন কৰোঁ যে ২০২২ চনৰ ৩ মে’ত শ্বেয়াৰ কৰা উক্ত  প্ৰতিবেদনত দেখা গে’টখনৰ গঠন আৰু দেৱালখন ভাইৰেল ভিডিঅ’টোত দেখা গে’ট আৰু দেৱালৰ সৈতে মিলে।

ভাইৰেল ভিডিঅ' আৰু ভাৰতবৰ্ষ২৪x৭ নিউজৰ ভিডিঅ’ ৰিপ’ৰ্টৰ ভিজুৱেলৰ তুলনা। (উৎস: এক্স/ভাৰতভৰ্ষ২৪x৭ নিউজ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি হৰিদ্বাৰত অৱস্থিত জ্ৱালাপুৰ ঈদগাহৰ জিঅ’ল’কেশ্যন কৰি নিশ্চিত হ’লোঁ যে ভাইৰেল ভিডিঅ’টো সেই স্থানতে কেমেৰাত বন্দী কৰা হৈছিল। 

হৰিদ্বাৰ থানাৰ এজন আৰক্ষী বিষয়াই ভাইৰেল ভিডিঅ’টো জ্ৱালাপুৰ ঈদগাহৰ হয় আৰু ২০২২ চনৰ মে’ মাহত ভিডিঅ’টো লোৱা হৈছিল বুলি লজিকেলী ফেক্টছক নিশ্চিত কৰে। নিজৰ নাম প্ৰকাশত অনিচ্ছুক বিষয়া গৰাকীয়ে আমাক হৰিদ্বাৰ আৰক্ষীয়ে এটা এক্স পোষ্টত দিয়া কমেণ্টৰ বিষয়ে সদৰী কৰে য’ত ভিডিঅ’টো ২০২২ চনৰ ঈদৰ সময়ৰ বুলি উল্লেখ কৰা হৈছে।  'Kreately.in' নামৰ ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত এটা সোঁপন্থী এক্স একাউণ্টৰ পোষ্টত হৰিদ্বাৰ আৰক্ষীয়ে লিখে, ‘‘ছ’চিয়েল মিডিয়াত এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈ আছে যিটো ইউচিচিৰ সৈতে সম্পৰ্কিত বুলি কোৱা কৈছে। উক্ত ভিডিঅ’টো ২০২২ বৰ্ষৰ ঈদ উপলক্ষে ‘ঈদগাহ জ্বালাপুৰ’ হৰিদ্বাৰৰ হয়," (হিন্দীৰ পৰা অনূদিত)।

ভিডিঅ’টো ২০২২ চনৰ মে’ মাহৰ বুলি হৰিদ্বাৰ আৰক্ষীয়ে নিশ্চিত কৰে। (উৎস: এক্স/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো উত্তৰাখণ্ডত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ আগৰ হয়। ২০২২ চনৰ মে’ৰ পৰা ইণ্টাৰনেটত উপলব্ধ ভিডিঅ’টোত ঈদ-উল-ফিতৰ উপলক্ষে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ জ্ৱালাপুৰ ঈদগাহত মানুহৰ সমাগম দেখা গৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।