কংগ্ৰেছ চৰকাৰৰ দিনত ৰন্ধন গেছৰ দাম বেছি আছিল বুলি বিভ্ৰান্তিকৰ দাবী কৰা হৈছে

লেখক: ৰোহিত গুতা
ছেপ্তেম্বৰ 11 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছ চৰকাৰৰ দিনত ৰন্ধন গেছৰ দাম বেছি আছিল বুলি বিভ্ৰান্তিকৰ দাবী কৰা হৈছে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিষ্টাৰ সিনহাই কংগ্ৰেছৰ দিনত ৰন্ধন গেছৰ দাম বেছি আছিল বুলি দাবী কৰা X পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স, @himantabiswa, @MrSinha_)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভাইৰেল পোষ্টবোৰত উল্লেখ কৰা মূল্য় ৰাজসাহায্য বিহীন চিলিণ্ডাৰৰ। কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজসাহায্যযুক্ত গেছৰ দাম বৰ্তমানতৰ মূল্য়তকৈ কম আছিল।

ক্লেইম আইডি 010cd935

যোৱা ২৯ আগষ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২০০ টকাকৈ হ্ৰাস কৰিছিল। যিসকল হিতাধিকাৰীয়ে প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা (পি এম ইউ ৱাই)-ৰ অধীনত ২০০ টকাৰ ৰাজসাহায্য লাভ কৰি আহিছে তেওঁলোকে এতিয়াৰ পৰা প্ৰতিটো চিলিণ্ডাৰত মুঠ ৪০০ টকাকৈ ৰেহাই লাভ কৰিব।

কি দাবী কৰা হৈছে?

চৰকাৰৰ ঘোষণাৰ পিছতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অফিচিয়েল একাউণ্টকে ধৰি ছ'চিয়েল মিডিয়াত একাধিক ব্যৱহাৰকাৰীয়ে ১৪.২ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্য এতিয়া ৯০৩ টকা হ’ল বুলি উল্লেখ কৰি এইয়া ২০১৪ চনৰ জানুৱাৰীত কংগ্ৰেছ চৰকাৰৰ সময়তকৈ কম বুলি দাবী কৰে। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে এক্স (X) (পূৰ্বৰ টুইটাৰ)ত দিয়া পোষ্ট অনুসৰি, ন বছৰৰ আগতে কংগ্ৰেছ চৰকাৰৰ সময়ত ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ দাম আছিল ১২৪১ টকা।

এই লেখাটো প্ৰকাশৰ সময়ত শৰ্মাৰ পোষ্টটোৱে ১.৪ নিযুতৰো অধিক ভিউ আৰু ৫,১০০ তকৈও অধিক ৰিপোষ্ট লাভ কৰিছিল।

ভুল তথ্য প্ৰচাৰৰ বাবে পৰিচিত 'মিষ্টাৰ সিনহা' নামৰ আন এজন এক্স ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবী কৰি বিজেপি চৰকাৰৰ পদক্ষেপৰ পিছত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰায় ১০৫০টকালৈ হ্ৰাস হয় বুলি কয়। "৯ বছৰৰ পাছতো, বিজেপি চৰকাৰে কংগ্ৰেছতকৈ কম মূল্যত চিলিণ্ডাৰ দিছে!," তেওঁ Xত লিখে।

ভাইৰেল X পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X/@himantabiswa, @BJP4India, @MrSinha_/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এনে ভাইৰেল পোষ্টবোৰ বিভ্ৰান্তিকৰ হয়। 

চৰকাৰী তথ্যই কি কয়? 

ভাৰতৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড (আই অ’ চি এল)ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ভাইৰেল পোষ্টটোত ২০১৪ চনত ১,২৪১ টকা বুলি যিটো দাম উল্লেখ কৰা হৈছে সেয়া আছিল ২০১৪ চনৰ ১ জানুৱাৰীত দিল্লীত এটা ৰাজসাহায্যবিহীন এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য।  ২০১৪ চনৰ ১ জানুৱাৰীত দ্য টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে  ২০১৪ চনৰ জানুৱাৰীত দিল্লীত এটা ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰৰ দাম আছিল ৪১৪ টকা।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ পেট্ৰলিয়াম প্ৰাইচিং এণ্ড এনালাইছিছ চেল (পিপিএচি)ৰ ২০১৮ চনৰ প্ৰতিবেদনত প্ৰকাশ পোৱা চৰকাৰৰ নিজা তথ্যইও এই পৰিসংখ্যাক সমৰ্থন কৰে ।

পিপিএচিৰ প্ৰতিবেদন অনুসৰি ২০১৩ চনৰ ১১ ডিচেম্বৰত দিল্লীত ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰৰ মূল্য আছিল ১,০২১ টকা আৰু ২০১৪ চনৰ ৪ জানুৱাৰীত এই মূল্য আছিল ১,২৪১ টকা, আনহাতে গ্ৰাহকে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰত ৪১৪ টকা দিবলগীয়া হৈছিল। 

ভাৰত চৰকাৰে আই অ’ চি এলৰ দৰে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে সন্মুখীন হোৱা লোকচানৰ ক্ষতিপূৰণ হিচাপে ২০০২ চনৰ পৰা এল পি জি চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদান কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি বিগত বছৰসমূহত দেশত ৰাজসাহায্যৰ পৰিমাণ সলনি হৈ আহিছে।

কংগ্ৰেছ আৰু বিজেপিৰ অধীনত এলপিজিৰ ৰাজসাহায্য

২০০২ চনৰ পৰা প্ৰতিটো পৰিয়ালত বছৰি ছটা চিলিণ্ডাৰৰ বাবে এলপিজি ৰাজসাহায্য প্ৰদান কৰি অহা হৈছিল, কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৩ চনৰ জানুৱাৰীত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যাৰ ৯টালৈ বৃদ্ধি কৰিছিল। অৱশ্যে, ২০১৩ চনৰ জুন মাহৰ পৰা এল পি জি ৰাজসাহায্যৰ বাবে এক প্ৰত্যক্ষ লাভ স্থানান্তৰ (ডি বি টি) আঁচনি প্ৰৱৰ্তন কৰা হয়, ইয়াৰ অধীনত গ্ৰাহকসকলে খুচুৰা বিপণীত এটা চিলিণ্ডাৰৰ বাবদ সম্পূৰ্ণ ৰাজসাহায্যবিহীন মূল্য পৰিশোধ কৰিব লাগে আৰু পিছত ৰাজসাহায্যৰ ধনৰাশি চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টত জমা কৰি দিয়ে।

পিপিচিএৰ প্ৰতিবেদন অনুসৰি কংগ্ৰেছ শাসনৰ অধীনত ২০১৩ চনৰ জুনৰ পৰা কমেও ২০১৪ চনৰ জানুৱাৰীলৈকে প্ৰতিটো পৰিয়ালৰ প্ৰাপ্য ৯টা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য কাৰ্যত ৪১০ টকাৰ পৰা ৪১৪ টকাৰ ভিতৰত আছিল।

২০১৪ চনৰ মে’ মাহত বিজেপি ক্ষমতালৈ অহাৰ প্ৰায় দুবছৰৰ পাছত তেওঁলোকে পিএমইউৱাই আঁচনিৰ প্ৰৱৰ্তন কৰে যাৰ অধীনত উপাৰ্জন, ঠিকনা ইত্যাদি বিভিন্ন পৰিমাপৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্দিষ্ট হিতাধিকাৰীক বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰা হৈছিল। পি এম ইউ ৱাই হিতাধিকাৰীসকলে ডিবিটিৰ জৰিয়তে ৰাজসাহায্য লাভ কৰিব পৰা চিলিণ্ডাৰৰ সংখ্যা ৯টাৰ পৰা ১২টালৈ বৃদ্ধি কৰা হয়।
অৱশ্য, ২০২০ চনৰ জুনত চৰকাৰে এল পি জিৰ ৰাজসাহায্য প্ৰদান বন্ধ কৰি দিয়াৰ ফলত সকলো পৰিয়ালে বজাৰ মূল্যতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ বাধ্য হয়। ২০২২ চনৰ মে’ মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত ইন্ধনৰ মূল্যবৃদ্ধিৰ সময়ত কেৱল পি এম ইউ ৱাইৰ হিতাধিকাৰীসকলকহে ২০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছিল । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়ে যথেষ্ট বাতৰি প্ৰকাশ পাইছিল৷ 

এলপিজিৰ দাম কেনেকৈ গণনা কৰা হয়?

এল পি জি গেছ চিলিণ্ডাৰৰ মূল্যত প্ৰভাৱ পেলোৱা এটা ডাঙৰ কাৰক হৈছে ফ্ৰী-অন-বোৰ্ড (এফ অ’ বি) আৰব উপসাগৰীয় মূল্য, যিটো হৈছে উৎসত পৰিশোধ কৰিবলগা গেছৰ মূল্য (ভাৰতৰ এল পি জি মজুত যথেষ্ট পৰিমাণে আমদানি-চালিত)। ইয়াৰ লগত মালবাহী, বীমা, সংৰক্ষণ, বিতৰণ, বটলিং, আভ্যন্তৰীণ ডেলিভাৰী চাৰ্জ, ডিলাৰ কমিচন, আৰু জিএছটিৰ সৈতে জড়িত খৰচসমূহ বজাৰ বা খুচুৰা মূল্যত উপনীত হ’বলৈ যোগ কৰা হয়। চৰকাৰৰ যিকোনো ৰাজসাহায্য এই বজাৰ মূল্যৰ পৰা কৰ্তন কৰা হয়। বজাৰ মূল্য আৰু গ্ৰাহকে পৰিশোধ কৰা কাৰ্যকৰী ব্যয়ৰ মাজৰ এই পাৰ্থক্য চৰকাৰ আৰু তেল কোম্পানীয়ে বহন কৰে। আভ্যন্তৰীণ মালবাহী চাৰ্জ, ডেলিভাৰী চাৰ্জ, আৰু বিতৰকৰ কমিচন আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহকে ভৰিবলগা ব্যয় ৰাজ্য সাপেক্ষে ভিন্ন হয়। 

বিগত বছৰসমূহত এফ অ’ বি মূল্যৰ পৰিৱৰ্তন

পূৰ্বে উল্লেখ কৰা অনুসৰি এল পি জি চিলিণ্ডাৰৰ বজাৰ মূল্য নিৰ্ণয় কৰা এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে এফ অ’ বি। তলৰ তালিকাখনত ২০১২-২০১৩ চনৰ পৰা ২০২৩-২০২৪ (জুলাই) লৈ এফ অ’ বি মূল্যৰ তালিকা দিয়া হৈছে।

পেট্ৰলিয়াম প্ৰাইচিং এণ্ড এনালাইছিছ চেলৰ দ্বাৰা প্ৰকাশিত পিৰিয়ডিক ৰেডি ৰেক’নাৰ ৰিপ’ৰ্টৰ পৰা আহৰণ কৰা তথ্য।

এই তালিকাৰ পৰা স্পষ্ট যে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত, অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ শেষৰ দুটা বছৰত, এল পি জিৰ এফ অ’ বি মূল্য যথেষ্ট বেছি আছিল। তেতিয়াৰ পৰা এই ব্য়য়সমূহ তুলনামূলকভাৱে যথেষ্ট কম হৈ আছে। ২০২৩ চনৰ জুলাই মাহৰ এফ অ’ বি ২০১৩-১৪ চনৰ এফ অ’বিৰ মাত্ৰ ৪৩.৭ শতাংশ। এনেদৰে ২০১৪ চনৰ জানুৱাৰীত ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দাম ১,২৪১ টকা হৈছিল, যিটো ২০২৩ চনৰ জুলাই-আগষ্ট মাহত (চৰকাৰৰ শেহতীয়া ঘোষণাৰ পূৰ্বে) ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দামতকৈ (১,১০৩ টকা) অধিক আছিল।  

সিদ্ধান্ত

ভাইৰেল পোষ্টটোত উল্লেখ কৰা দামটো হৈছে দিল্লীত ২০১৪ চনৰ জানুৱাৰীত এটা ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰৰ মূল্য। ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ (৯টা ইউনিটত সীমাবদ্ধ)ৰ বাবে পৰিশোধ কৰিবলগীয়া মূল্য যথেষ্ট কম আছিল, প্ৰতিটো চিলিণ্ডাৰত মাত্ৰ ৪১৪ টকা। বৰ্তমান কিছুমান হিতাধিকাৰীৰ বাবে গেছৰ মূল্য ৭০৩ টকা আৰু বাকীসকলৰ বাবে ৯০৩ টকা, যিটো ২০১৪ চনৰ ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দামৰ তুলনাত কম। সেয়েহে, আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।