ৰাহুল গান্ধীয়ে দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক মাহে ১ লাখ টকাৰ প্ৰতিশ্ৰুতি দিয়া নাই

লেখক: ৰাহুল অধিকাৰী
মে’ 17 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক মাহে ১ লাখ টকাৰ প্ৰতিশ্ৰুতি দিয়া নাই

ৰাহুল গান্ধীয়ে দৰিদ্ৰ মহিলাসকলক মাহে ১ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত দেশৰ দৰিদ্ৰ মহিলাসকলক মাহে ১ লাখ টকা দিয়াৰ কথা কোৱা নাছিল, বৰঞ্চ বছৰতহে ১ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

ক্লেইম আইডি 6138fe63

কি দাবী কৰা হৈছে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ আৰ্থিকভাৱে দুৰ্বল মহিলাসকলৰ বেংক একাউণ্টত প্ৰতিমাহে এক লাখ টকা জমা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰি এখন সভাত দিয়া এটা ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ১৯ ছেকেণ্ডৰ ভিডিঅ’টোত গান্ধীয়ে কয়, “প্ৰত্যেক মাহে ভাৰতৰ দুখীয়া মহিলাৰ বেংক একাউণ্টলৈ এক লাখ টকা ট্ৰেন্সফাৰ কৰা হ’ব।” 

কেইবাগৰাকী ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰিছে। এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, “ভাৰতৰ গৰিষ্ঠসংখ্যক মধ্যবিত্ত পৰিয়ালে বছৰি ₹১২ লাখ টকাৰ তলত উপাৰ্জন কৰে। ৰাহুল গান্ধীয়ে বিচাৰে যে তেওঁলোকে তেওঁক ভোট দিয়ক যাতে তেওঁলোকৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰাৰ পিছত, তেওঁ নিবনুৱাক বছৰি ১২ লাখ টকা দিব পাৰে।” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পোৱা যাব৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে এই দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণত দেখা গৈছে যে গান্ধীয়ে আৰ্থিকভাৱে দুৰ্বল মহিলাসকলৰ বেংক একাউণ্টত বছৰত সৰ্বমুঠ এক লাখ টকা জমা হোৱাৰ কথাহে কৈছিল।  

আমি সত্যটো কিদৰে বিচাৰি পালোঁ?

আমি দেখিলোঁ যে এই ভাইৰেল ক্লিপটো যোৱা ১৫ মে’ত ওড়িশাৰ বোলাংগীৰত অনুষ্ঠিত কংগ্ৰেছৰ এখন ৰেলীৰ পৰা লোৱা হৈছে। গান্ধীৰ ভাষণটো ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি)ৰ ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) লাইভষ্ট্ৰীম কৰা হৈছিল।

ভিডিঅ’টোত তেওঁ কয় যে ৪ জুনত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছত ভাৰতৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাসকলে তেওঁলোকৰ বেংক একাউণ্টত প্ৰতিমাহে ৮৫০০ টকা লাভ কৰিব, বছৰত সৰ্বমুঠ এক লাখ টকা। 

৩৯ মিনিটতকৈ অধিক দীঘলীয়া ভিডিঅ’টোৰ ২৯:১৫ মিনিটত ৰেলীত উপস্থিত থকা সুস্মিতা চাহু নামৰ এগৰাকী মহিলাৰ উদাহৰণ দি গান্ধীয়ে কয়, “৪ জুলাইত ইউ পি, ওড়িশা, তামিলনাডুকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যত থকা সুস্মিতা সাহুৰ দৰে কোটি কোটি মহিলাই ৰাতিপুৱা সাৰ পাই নিজৰ বেংক একাউণ্ট পৰীক্ষা কৰিব (২)। ৪ জুলাইত তেওঁলোকে বেংকৰ একাউণ্টত জমা হোৱা ৮৫০০ টকাৰ এমাহৰ কিস্তি পাব।"

তেওঁ আৰু কয় যে প্ৰতিমাহে একেখিনি টকা ট্ৰেন্সফাৰ কৰা হ’ব, আৰু এবছৰৰ পাছত চাহুৰ দৰে মহিলাসকলক এক লাখ টকা দিয়া হ’ব। “ ভাৰতৰ দৰিদ্ৰ মহিলাসকলৰ বেংক একাউণ্টলৈ প্ৰতিমাহে এক লাখ টকা ট্ৰেন্সফাৰ কৰা হ’ব ,” গান্ধীয়ে লগতে কয়। তেওঁ আৰু কয়, ‘ইয়াক প্ৰগতি বুলি কোৱা হয়।

৩০:৩৮ মিনিটৰ পৰা ৩০:৫০ মিনিটৰ মাজৰ এই অংশটো, য’ত গান্ধীয়ে “ভাৰতৰ দুখীয়া মহিলাসকলৰ বেংক একাউণ্টলৈ প্ৰতিমাহে এক লাখ টকা ট্ৰেন্সফাৰ কৰা হ’ব,” বুলি কৈছিল, ভুৱা দাবী কৰিবলৈ শ্বেয়াৰ কৰা হৈছে। 

আনকি তেওঁলোকৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰতো কংগ্ৰেছে মহালক্ষ্মী আঁচনিৰ অধীনত প্ৰতি বছৰে "প্ৰতিটো দৰিদ্ৰ ভাৰতীয় পৰিয়াল"লৈ এক লাখ টকা হস্তান্তৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। বোলাংগীৰত দিয়া ভাষণত গান্ধীয়ে তেওঁলোকৰ উক্ত প্ৰতিশ্ৰুতি পুনৰ দোহৰাইছিল, প্ৰতিমাহে দৰিদ্ৰ মহিলাৰ একাউণ্টত এক লাখ টকা ট্ৰেন্সফাৰ কৰা হ’ব বুলি তেওঁ কোনো নতুন প্ৰতিশ্ৰুতি দিয়া নাই।

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ স্ক্ৰীণশ্বট। (উৎস: ভাৰতীয় জাতীয় কংগ্ৰেছ/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

ৰাহুল গান্ধীৰ এটা ভিডিঅ’ প্ৰচাৰ কৰি তেওঁ দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক কংগ্ৰেছে মাহে এক লাখ টকা দিব বুলি কৈছিল বুলি দাবী কৰা হৈছে। কিন্তু ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণত দেখা যায় যে তেওঁ প্ৰকৃততে বছৰতহে এক লাখ টকা দিয়াৰ কথা কৈছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।